অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ইকুৱেডৰৰ নাৰী

ইকুৱেডৰৰ নাৰীসকলে (Women in Ecuador) সাধাৰণতে শিশু আৰু পৰিয়ালৰ লালন-পালন আৰু যত্নত জড়িত হয়৷ এই কাৰ্যত পৰম্পৰাগতভাৱে পুৰুষে সক্ৰিয় ভূমিকা গ্ৰহণ কৰা নাই।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৪২৪ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ইকুৱেডৰৰ নাৰীসকলে (Women in Ecuador) সাধাৰণতে শিশু আৰু পৰিয়ালৰ লালন-পালন আৰু যত্নত জড়িত হয়৷ এই কাৰ্যত পৰম্পৰাগতভাৱে পুৰুষে সক্ৰিয় ভূমিকা গ্ৰহণ কৰা নাই। ইকুৱেডৰত ক্ৰমান্বয়ে অধিক মহিলাই কৰ্মশক্তিত যোগদান কৰি আহিছে, যাৰ ফলত পুৰুষে কিছু ঘৰুৱা কাম কৰি আছে, আৰু নিজৰ সন্তানৰ যত্নৰ লগত অধিক জড়িত হৈ পৰিছে। এই পৰিৱৰ্তন ১৯০৬ চনত এলয় আলফাৰোৰ উদাৰ বিপ্লৱৰ দ্বাৰা বহু পৰিমাণে প্ৰভাৱিত হৈছে, য'ত ইকুৱেডৰৰ মহিলাসকলক কাম কৰাৰ অধিকাৰ প্ৰদান কৰা হৈছিল।১১৯২৯ চনত মহিলাৰ ভোটাধিকাৰ প্ৰদান কৰা হয়।

পৰম্পৰাগত সামাজিক গাঁথনিৰ বাবে ছোৱালীবোৰক ল’ৰাতকৈ পিতৃ-মাতৃৰ দ্বাৰা অধিক সুৰক্ষা দিয়াৰ প্ৰৱণতা থাকে। আনহাতে ইকুৱেডৰৰ মহিলাসকলে কম সুৰক্ষা পোৱা যেন লাগে কাৰণ তেওঁলোকে ঘৰুৱা হিংসা, দৰিদ্ৰতা আৰু স্বাস্থ্যসেৱাৰ সঠিক সুবিধাৰ অভাৱকে ধৰি বহু সমস্যাৰ সন্মুখীন হ’ব।

দৰিদ্ৰতা

বিশেষকৈ গ্ৰাম্য মহিলাসকল দৰিদ্ৰতাৰ দ্বাৰা অসমতাপূৰ্ণভাৱে প্ৰভাৱিত হয়। মহিলাসকল নিবনুৱা হোৱাৰ সম্ভাৱনা বেছি। ২০১৯ চনত ইকুৱেডৰত মহিলাৰ নিবনুৱাৰ হাৰ আছিল ৫.০%, আৰু পুৰুষৰ নিবনুৱাৰ হাৰ আছিল ৩.৩%।২২০১২ চনত মুঠ শ্ৰমিক শক্তি আছিল প্ৰায় ৭৩.৯ লাখ লোক।৩তুলনামূলকভাৱে ইয়াৰ অৰ্থ হ’ল প্ৰায় ১ লাখ ২৫ হাজাৰ ৬৩০ গৰাকী অধিক মহিলা নিবনুৱা হৈ পৰিছে।

২০১৩ চনত চিডিটিয়ে কয় যে গ্ৰাম্য অঞ্চলত মহিলাসকলে মাহিলী ২১৯ ডলাৰ উপাৰ্জন কৰে৷ পুৰুষৰ তুলনাত তেওঁলোকে মাহিলী ২৯৩ ডলাৰ উপাৰ্জন কৰে আৰু চহৰ অঞ্চলত মহিলাসকলে মাহিলী ৪২১ ডলাৰ উপাৰ্জন কৰে আৰু পুৰুষে মাহে ৫২৪ ডলাৰ উপাৰ্জন কৰে।৪ এই পৰিসংখ্যা অনুসৰি মহিলাসকলে মাহিলী পুৰুষতকৈ প্ৰায় ১৩-২৬% কম উপাৰ্জন কৰিছে। ইকুৱেডৰত শ্ৰমিক শক্তিৰ অংশগ্ৰহণো অসমতাপূৰ্ণ৷ মহিলাসকলে ৫৬% আৰু পুৰুষে প্ৰায় ৮৩% কৰ্মত অংশগ্ৰহণ কৰে, যিয়ে লিংগৰ মাজত থকা ২৭% ব্যৱধানৰ ইংগিত দিয়ে।২

দৰিদ্ৰতা আৰু পুষ্টিহীনতাই মহিলাৰ লগতে সৰু ল’ৰা-ছোৱালী আৰু খিলঞ্জীয়া জনসাধাৰণকো প্ৰভাৱিত কৰাৰ সম্ভাৱনা বেছি। ২০১৪ চনত কৰা এক অধ্যয়নত দেখা গৈছে যে ৫ বছৰৰ তলৰ প্ৰায় ২৩.৯% শিশু অপুষ্টিৰ বৃদ্ধিৰ দ্বাৰা প্ৰভাৱিত হৈছে।৫জাতিগত ভিত্তিত হোৱা বৈষম্যই লিংগভিত্তিক বৈষম্যৰ সৈতে ক্ৰিয়া কৰে, যাৰ ফলত খিলঞ্জীয়া আৰু কৃষ্ণাংগ মহিলাসকলৰ দৰিদ্ৰতাৰ মাত্ৰা অতি উচ্চ।

শিক্ষা

পৰম্পৰাগতভাৱে ছোৱালীৰ আনুষ্ঠানিকভাৱে শিক্ষিত হোৱাৰ সম্ভাৱনা পুৰুষতকৈ কম হৈ আহিছে। পৰম্পৰাগত লিংগ ভূমিকাই মহিলাসকলক 'মহিলাৰ চাকৰি'ৰ দিশে লৈ যায়, যেনে: নাৰ্চিং আৰু শিক্ষকতা৷ যিবোৰৰ দৰমহা কম আৰু স্বীকৃতিসূচক প্ৰশংসাও কম।৬মহিলাৰ সাক্ষৰতাৰ হাৰ এতিয়াও পুৰুষতকৈ কম: ২০১১ চনলৈকে সাক্ষৰতাৰ হাৰ ৯০.২% মহিলা আৰু ৯৩.১% হাৰ পুৰুষৰ আছিল।৭শেহতীয়া বছৰবোৰত কেইবাটাও কাৰ্যসূচীয়ে খিলঞ্জীয়া ছোৱালী আৰু মহিলাসকলৰ বাবে শিক্ষাৰ প্ৰসাৰ ঘটাইছে।৮

ঘৰুৱা হিংসা

ইকুৱেডৰৰ নাৰীৰ ক্ষেত্ৰত ঘৰুৱা হিংসা অতি গুৰুতৰ সমস্যা।৬ লা লে কনট্ৰা লা ভায়লেন্সিয়া এ লা মুজেৰ ৱাই লা ফেমিলিয়া৯(La Ley Contra la Violencia a la Mujer y la Familia, মহিলা আৰু পৰিয়ালৰ বিৰুদ্ধে হিংসাৰ আইন) ঘৰুৱা হিংসাৰ বিষয়ে ব্যাখ্যা কৰে। এই আইনখন কনচেজো নেচনেল দে লাছ মুজেৰেছ ক’নামু (Consejo Nacional de las Mujeres CONAMU, মহিলাৰ ৰাষ্ট্ৰীয় পৰিষদ) আৰু তেওঁলোকে কি বিশ্বাস কৰে আৰু কিহৰ বাবে থিয় দিছে-তাৰ দ্বাৰা বহু পৰিমাণে প্ৰভাৱিত হৈছিল। তেওঁলোকৰ মিছন ষ্টেটমেণ্টৰ এটা মোটামুটি অনুবাদ হ’ল:'মহিলাসকলৰ বাবে সমতাৰ পৰিস্থিতি সৃষ্টিৰ বাবে আমাৰ প্ৰচেষ্টা আৰু সম্পদসমূহক অধিক সমৰ্থৱান কৰা আৰু এনে এখন সমাজ গঢ়ি তোলা য’ত নাৰীক অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক, আৰু সাংস্কৃতিক জীৱনশৈলীত অন্তৰ্ভুক্ত কৰা হয়। পৰিষদে এখন হিংসামুক্ত সমাজ গঢ়ি তোলাত গুৰুত্ব দিয়ে, এনে এখন সমাজ য’ত মহিলাৰ শাৰীৰিক আৰু মানসিক সুস্থতা সুৰক্ষিত হয়।

তথ্যসূত্ৰ

  1. ↑ Hazelton, Alan Weaver. (1943). Eloy Alfaro, apostle of pan Americanism
  2. ↑ Gender Data Portal. datatopics.worldbank.org
  3. ↑ Ecuador Labor Facts & Stats. www.nationmaster.com
  4. ↑ Ecuador. UN Women · Americas and the Caribbean
  5. ↑ Ecuador Nutrition Profile - Global Nutrition Report. globalnutritionreport.org
  6. ↑ www.un.org/womenwatch/daw/Review/responses/ECUAD 2021}}
  7. ↑ The World Factbook — Central Intelligence Agency. www.cia.gov
  8. ↑ BBC NEWS - In pictures - School for Ecuador indigenous women. news.bbc.co.uk
  9. ↑ pdba.georgetown.edu/Security/citizensecurity/ecu 2021}}

সম্পৰ্কিত শ্ৰেণী

দেশভেদে নাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইকুৱেডৰৰ নাৰী” প্ৰবন্ধৰ সংশোধন ৩৮০০৬৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।