কাটাৰৰ নাৰীৰ(Women in Qatar) অধিকাৰ দেশখনৰ পুৰুষ অভিভাৱকত্ব আইন অনুসৰি সীমাবদ্ধ হৈ আছে১। বৰ্তমান কাটাৰ হৈছে উপসাগৰীয় অঞ্চলৰ একমাত্ৰ দেশ য'ত এনে আইন আছে২। কাটাৰ ইছলামৰ ৱাহাবী ব্যাখ্যাৰ দ্বাৰাও প্ৰভাৱিত।৩ দেশত মহিলা আৰু পুৰুষ উভয়কে একে সময়তে, ১৯৯৯ চনত ভোটাধিকাৰ প্ৰদান কৰা হৈছিল।৪ কাটাৰী মহিলাসকলৰ ৪৫ শ্ৰমিক শক্তিত অংশগ্ৰহণৰ হাৰ বিশ্বৰ গড়তকৈ উচ্চ আৰু আৰবীয় ক্ষেত্ৰসমূহৰ ভিতৰত অন্যতম। ৬ শৈক্ষিক ডিগ্ৰী লাভ কৰা কাটাৰী মহিলাৰ ক্ৰমবৰ্ধমান সংখ্যাৰ ফলতেই এনে হৈছে বুলি ঠাৱৰ কৰিব পাৰি।৭
লিংগৰ মাজত মিশ্ৰণ সীমিত। ৰাজহুৱা স্থানত কাটাৰী মহিলাসকলে পৰম্পৰাগত কাপোৰ পিন্ধিব বুলি বহুলাংশে আশা কৰা হয়-যি পৰিধান সাধাৰণতে আবায়া আৰু শ্বায়লাৰে সমৃদ্ধ। এই দুয়োটাই আংশিকভাৱে নাৰীক লুকুৱাই ৰাখে। মনোবিজ্ঞানী মৌজা আল মালকিয়ে দাবী কৰে যে লিংগ পৃথকীকৰণ ধৰ্মীয় কাৰকতকৈ সাংস্কৃতিক কাৰকৰ দ্বাৰা বেছি প্ৰভাৱিত হয়।৮কাটাৰৰ মহিলাসকলে পুৰুষ অভিভাৱকৰ পৰা বিবাহ, চৰকাৰী বৃত্তিত বিদেশত অধ্যয়ন, চৰকাৰী চাকৰিত কাম কৰা, নিৰ্দিষ্ট বয়সলৈকে বিদেশ ভ্ৰমণ, প্ৰজননগত স্বাস্থ্যৰ যত্ন পাবলৈ আৰু শিশুৰ প্ৰাথমিক অভিভাৱক হিচাপে কাম কৰিবলৈ অনুমতি ল'ব লাগে। আনকি তেওঁলোকৰ বিবাহ বিচ্ছেদ হোৱাৰ পাছতো এইদৰে অনুমতি লৈ থাকিব লাগে।৯
১৯৫১ চনত কাটাৰ চৰকাৰে খালিদ বিন এল ৱালিদ বয়ছ স্কুল প্ৰতিষ্ঠা কৰাৰ সময়ত আমনা মাহমুদ আল-জৈদা নামৰ এগৰাকী মহিলাই চৰকাৰক ছোৱালীৰ বাবে আন এখন স্কুল খুলিবলৈ অনুৰোধ কৰিছিল। কাটাৰৰ সমাজে নাৰী শিক্ষাৰ ধাৰণাটোৰ তীব্ৰ বিৰোধিতা কৰাৰ বাবে তেওঁৰ অনুৰোধ নাকচ কৰা হয়। অসুবিধা থকাৰ পিছতো আমনা মাহমুদে নিজৰ ঘৰৰ ভিতৰতে নিজাকৈ আকস্মিক বিদ্যালয়ৰ সৃষ্টি কৰি পঢ়িবলগীয়া ছোৱালীকেইজনীক পঢ়াই দিলে। ১৯৫৩ চনত কাটাৰ চৰকাৰে আমনা মাহমুদৰ বিদ্যালয়খনক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়ে, যাৰ ফলত তেওঁ ছোৱালীৰ বাবে কাটাৰী বিদ্যালয়ৰ কাটাৰী শিক্ষয়িত্ৰী হিচাপে কাম কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়।১০
কাটাৰৰ বেছিভাগ মহিলাই নাৰী শিক্ষাক বিভিন্ন কাৰণত গুৰুত্বপূৰ্ণ বুলি ভাবে। ইয়াৰে গুৰুত্বপূৰ্ণ বিষয়টো হ’ল বিবাহ বিচ্ছেদৰ পৰা নিজকে ৰক্ষা কৰা। দেশখনত বৃদ্ধি পোৱা বিবাহ বিচ্ছেদৰ হাৰত বহু কাটাৰী যুৱতী চিন্তিত হৈ পৰিছে। এই হাৰ বিগত বছৰসমূহত যথেষ্ট বৃদ্ধি পাইছে।১১আৰু ২০০৭ চনৰ পৰা প্ৰায় ৭০% বৃদ্ধি পাইছে।১২শৈক্ষিক ডিগ্ৰী লাভ কৰাটো মহিলাসকলে প্ৰায়ে এনে এটা পদ্ধতি বুলি ধৰি লয় যাতে বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত তেওঁলোকে আৰ্থিক আত্মনিৰ্ভৰশীলতা অৰ্জন কৰিব পাৰে।১৩আন এটা কাৰণ হ’ল কাটাৰৰ মহিলাসকলে শিক্ষাক মহিলা সৱলীকৰণৰ এক প্ৰকাৰ হিচাপে গ্ৰহণ কৰাৰ ক্ৰমবৰ্ধমান ধাৰণা। এই ধাৰণাটোক তেওঁলোকৰ গুৰুত্ব প্ৰমাণ কৰা আৰু নিজৰ বাবে প্ৰকৃত স্বাধীনতা লাভ কৰাৰ সুযোগ হিচাপে গণ্য কৰা হয়।১৪
মহিলা আৰু পুৰুষক বিনয়ী সাজ-পোছাক পৰিধান কৰাটো বাঞ্ছা কৰা হয়। সাজ-পোছাক সাধাৰণতে সামাজিক ৰীতি-নীতিৰ দ্বাৰা পৰিচালিত আৰু আন দেশৰ তুলনাত কিছু শিথিল। কাটাৰী মহিলাসকলে সাধাৰণতে প্ৰথাগত সাজ-পোছাক পিন্ধে য'ত "দীঘল ক'লা চোলা" আৰু ক'লা মূৰৰ আৱৰণ "হিজাব" অন্তৰ্ভুক্ত হৈ আছে, যাক স্থানীয়ভাৱে ব'ছিয়া বুলি কোৱা হয়।১৫১৬কিন্তু মহিলাসকলৰ বাবে অধিক পৰম্পৰাগত চুন্নী মুছলমান সাজ-পোছাক হ'ল আবায়াহ নামেৰে জনাজাত ক'লা ৰঙৰ শৰীৰ আৱৰণ আৰু শ্বায়লা নামেৰে জনাজাত মূৰ ঢাকিবলৈ ব্যৱহাৰ কৰা ক'লা স্কাৰ্ফ।১৭
তথ্যসূত্ৰ
- ↑ World Report 2019: Qatar – Human Rights Watch. www.hrw.org
- ↑ (2019-08-04). Qatar only remaining GCC country restricting travel for women. Al Arabiya English
- ↑ Qatar's Challenge to Saudi Arabia: An alternative view of Wahhabism. academia.edu
- ↑ Lambert, Jennifer. (2011). Political Reform in Qatar: Participation, Legitimacy and Security. Middle East Policy. Middle East Policy Council
- ↑ Miles, Hugh. (2005). Al-Jazeera
- ↑ Labor force participation rate, female (% of female population ages 15+) (modeled ILO estimate). The World Bank
- ↑ Qazi, Shereena. (10 August 2015). In Qatar, Education Drives Workforce Shifts for Women. Al Fanar Media
- ↑ King, Courtney. (11 April 2003). For Qatari Women, Change Slow in Coming. ABC News
- ↑ Qatar: Male Guardianship Severely Curtails Women’s Rights. Human Rights Watch
- ↑ Al-Ammari, Badreya Mubarak Sultan. (5 September 2017). Amna Mahmoud Al-Jaydah, a Pioneer in the Struggle for Female Education in Qatar: A Biographical Research Study. History of Education. পৃ. 674–691
- ↑ Ibrahim, Menatalla. (5 July 2021). 88% surge in Qatar's divorce rate in just one year. DohaNews
- ↑ Bhaumik, Gayatri. (8 January 2022). An expat guide to getting a divorce in Qatar. Expatica
- ↑ (18 June 2021). Girls' education: facts and how to help. World Vision Canada
- ↑ James-Hawkins, Laurie. (August 2017). The Patriarchal bargain in a Context of Rapid Changes to Normative Gender Roles: Young Arab Women's Role Conflict in Qatar. Sex Roles. পৃ. 155–168
- ↑ Abu Saud 1984, পৃ. 39
- ↑ King, Courtney. (11 April 2003). For Qatari Women, Change Slow in Coming. ABC News
- ↑ The Culture of Qatar. HilalPlaza
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাটাৰৰ নাৰী” প্ৰবন্ধৰ সংশোধন ৬২৮৬৯৩ (১৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।