অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

মেক্সিকোৰ নাৰী

মেক্সিকোত নাৰীৰ মৰ্যাদা পৰিৱৰ্তনশীল সময়ৰ সমান্তৰালভাৱে যথেষ্ট সলনি হোৱা দেখা গৈছে। বিংশ শতিকালৈকে মেক্সিকো আছিল এখন গ্ৰাম্য দেশ; য'ত গ্ৰাম্য মহিলাৰ মৰ্যাদা পৰিয়াল আৰু স্থানীয় সম্প্ৰদায়ৰ পৰিসৰৰ ভিতৰত সংজ্ঞায়িত কৰি থোৱা হৈছিল।

হালনাগাদ: ৯ ছেপ্তেম্বৰ ২০২৬ ৩০২ শব্দ · ২ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

মেক্সিকোত নাৰীৰ মৰ্যাদা পৰিৱৰ্তনশীল সময়ৰ সমান্তৰালভাৱে যথেষ্ট সলনি হোৱা দেখা গৈছে। বিংশ শতিকালৈকে মেক্সিকো আছিল এখন গ্ৰাম্য দেশ; য'ত গ্ৰাম্য মহিলাৰ মৰ্যাদা পৰিয়াল আৰু স্থানীয় সম্প্ৰদায়ৰ পৰিসৰৰ ভিতৰত সংজ্ঞায়িত কৰি থোৱা হৈছিল। ষোড়শ শতিকাত নগৰায়ন আৰম্ভ হোৱাৰ লগে লগে আৰু স্পেইনৰ এজটেক সাম্ৰাজ্য বিজয়ৰ পিছত চহৰসমূহে নাৰীক গ্ৰামাঞ্চলৰ ভিতৰত দৃষ্টিগোচৰ নোহোৱা আৰু সম্ভৱ নোহোৱা অৰ্থনৈতিক আৰু সামাজিক সুযোগ প্ৰদান কৰিছে। মেক্সিকোৰ ৰোমান কেথলিক ধৰ্মই নাৰীৰ সামাজিক ভূমিকা সম্পৰ্কে সমাজৰ মনোভাৱ গঢ়ি তুলিছে৷ পৰিয়ালৰ লালন-পালনকাৰী ব্যক্তি হিচাপে মহিলাৰ ভূমিকাক গুৰুত্ব আৰোপ কৰিছে৷ ইয়াৰ বাবে ভাৰ্জিন মেৰীক আৰ্হি হিচাপে লোৱা হৈছে। মাৰিয়ানিজমক এটা আদৰ্শ হিচাপে বিবেচনা কৰা হৈছে৷ মহিলাৰ ভূমিকা পুৰুষৰ কৰ্তৃত্বত পৰিয়ালৰ অধীন হিচাপে গ্ৰহণ কৰা হৈছে। বিংশ শতিকাত মেক্সিকান মহিলাসকলে আইনী আৰু সামাজিক মৰ্যাদাৰ দিশত যথেষ্ট অগ্ৰগতি লাভ কৰিছিল। ১৯৫৩ চনত মেক্সিকোৰ মহিলাসকলক ৰাষ্ট্ৰীয় নিৰ্বাচনত ভোটাধিকাৰ প্ৰদান কৰা হয়।

মেক্সিকোৰ নগৰীয়া মহিলাসকলে কাৰখানাত কাম কৰিছিল৷ ইয়াৰ ভিতৰত সবাতোকৈ প্ৰাচীন আছিল মেক্সিকোৰ প্ৰধান চহৰসমূহত লাভজনক ধঁপাতৰ একচেটিয়া অধিকাৰৰ অংশ হিচাপে স্থাপন কৰা ধঁপাতৰ কাৰখানা। ঔপনিৱেশিক যুগত মহিলাসকলে বিভিন্ন ধৰণৰ উদ্যোগ চলাইছিল৷ অভিজাত ব্যৱসায়ীৰ বিধৱাসকলে পৰিয়ালৰ ব্যৱসায়বোৰ চলাই গৈছিল। প্ৰাকহিস্পানিক আৰু ঔপনিৱেশিক যুগত সাধাৰণ মহিলাসকল বজাৰত ক্ষুদ্ৰ বিক্ৰেতা আছিল। ঊনবিংশ শতিকাৰ শেষৰ ফালে মেক্সিকোৱে ঔদ্যোগিক ক্ষেত্ৰত বিদেশী বিনিয়োগৰ অনুমতি দিয়াৰ লগে লগে মহিলাসকলৰ মাজত ঘৰৰ বাহিৰলৈ গৈ কাম কৰাৰ সুযোগ বৃদ্ধি পাইছিল। মহিলাসকলক এতিয়া কাৰখানাত কাম কৰা, পৰ্টেবল ফুড কৰ্টত কাম কৰা, নিজা ব্যৱসায়ৰ মালিক হোৱা দেখা যায়। “১৯১০ চনত মহিলাসকলে কৰ্মশক্তিৰ ১৪% অংশ দখল কৰিছিল৷ ২০০৮ চনত সেই শতাংশ গৈ ৩৮ হৈছিল৷”।১

মেক্সিকান মহিলাসকল পুৰুষসকলৰ পৰা বৈষম্য আৰু কেতিয়াবা হাৰাশাস্তিৰ সন্মুখীন হয়। মেক্সিকোৰ মহিলাসকলে যথেষ্ট অগ্ৰগতি লাভ কৰিছে যদিও তেওঁলোক ঘৰৰ মুৰব্বী হোৱাৰ পৰম্পৰাগত প্ৰত্যাশাটোৰ মুখামুখি হ'বলগীয়া হৈছে৷ গৱেষক মাৰ্গাৰিটা ভালডেছে লক্ষ্য কৰিছে যে মেক্সিকোত আইন বা নীতিৰ দ্বাৰা জাপি দিয়া বৈষম্য কম যদিও সামাজিক গাঁথনি আৰু মেক্সিকান সাংস্কৃতিক প্ৰত্যাশাৰ দ্বাৰা নিৰ্দিষ্ট কৰা লিংগ বৈষম্যই মেক্সিকান মহিলাসকলৰ সামৰ্থ্য সীমিত কৰি আহিছে।২

২০১৪ চনৰ পৰিসংখ্যা মতে, নাৰীহত্যাৰ হাৰৰ তালিকাত মেক্সিকোৰ স্থান বিশ্বৰ ভিতৰতে ১৬৷৩

তথ্যসূত্ৰ

  1. ↑ Mexican women - then and now - International Viewpoint - online socialist magazine. www.internationalviewpoint.org
  2. ↑ Valdés, Margarita M. (1995). Inequality in capabilities between men and women in Mexico.. পৃ. 426–433
  3. ↑ Femicide and Impunity in Mexico: A context of structural and generalized violence

সম্পৰ্কিত শ্ৰেণী

নাৰীৰ অধিকাৰদেশভেদে নাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেক্সিকোৰ নাৰী” প্ৰবন্ধৰ সংশোধন ৬৩৪৭৬০ (৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।