অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

কংগো গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ দেশৰ নাৰীসকল

কংগো গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ দেশৰ নাৰীসকলে এতিয়াও পুৰুষসকলৰ সমানে অধিকাৰ পোৱাৰ বাবে সংগ্ৰম কৰি থাকিব লগীয়া হৈছে। যদিও কংগো দেশৰ বিগত ৰাষ্ট্ৰপতি মুবুতুৰ শাসন কালত মুখেৰে (lip talk) সমাজত নাৰীসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা, নাৰীসকলে কিদৰে আইনৰ অধিকাৰ উপভোগ কৰিব পাৰে (যেনে: সম্পত্তিৰ মালিকীস্বত্ব বা…

হালনাগাদ: ২৪ মাৰ্চ ২০২৪ ৩২৮ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

কংগো গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ দেশৰ নাৰীসকলে এতিয়াও পুৰুষসকলৰ সমানে অধিকাৰ পোৱাৰ বাবে সংগ্ৰম কৰি থাকিব লগীয়া হৈছে। যদিও কংগো দেশৰ বিগত ৰাষ্ট্ৰপতি মুবুতুৰ শাসন কালত মুখেৰে (lip talk) সমাজত নাৰীসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা, নাৰীসকলে কিদৰে আইনৰ অধিকাৰ উপভোগ কৰিব পাৰে (যেনে: সম্পত্তিৰ মালিকীস্বত্ব বা ৰাজনৈতিক ক্ষেত্ৰৰ অধিকাৰ) তাৰ বাবে প্ৰতিশ্ৰুতি দিছিল যদিও সামাজিক প্ৰথা আৰু আইনৰ সীমাৰ বাবে নাৰী স্বাধীনতা এতিয়াও সীমিত।১

আদিম জনজাতীয় প্ৰথা আৰু নিয়ম নীতি বোৰটো নাৰীসকলক গভিৰভাৱে হীনমান্য কৰা হৈছে। উপনিবেশীয় কালতো পুনৰ এই সামাজিক নীতিসমূহক পুনৰ ব্যাধিকৰন কৰা হ'ল। উপনিবেশীয় কালত নগৰীয়া অঞ্চলত নাৰীসকলৰ স্থান একেবাৰে নগণ্য। প্ৰাপ্তবয়স্কা মহিলাসকল বৈধ নগৰবাসী বুলি গণ্য কৰা হয় যদিহে তেওঁ বিয়া হোৱা, বিধবা বা বৃদ্ধা হয়। অন্যথা মুক্ত নাৰী (ফেমিচ্ লিব্ৰে) বা বেশ্যা হওক বা নহওক বেশ্যা হিচাবে গণ্য কৰি উপাৰ্জন কৰা বুলি ধৰি লৈ চৰকাৰে কৰ আদায় কৰে। ১৯৩৯ ৰ পৰা ১৯৪৩ লৈ ৩০% প্ৰাপ্তবয়স্কাী ষ্টেনলিভিল (বৰ্তমানৰ কিচাংগানি) ৰ কংগোবাসী মহিলাৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল। ষ্টেনলিভিলৰ সকলো কৰআয়তকৈ এই কৰআয় দ্বিতীয় বৃহত্ত্বম উপাৰ্জন আছিল।

সামাজিক বিবাদ

নাৰী ধৰ্ষণ

কংগো দেশত চলি থকা অন্তৰ্যুদ্ধৰ ফলত ইয়াৰ নাৰীসকলে এক অনিশ্চিত জীৱন অতিভাঁহিত কৰিছে। সমাজৰ বৃহত্তৰ ক্ষেত্ৰখনত মহিলাৰ প্ৰতি হিংসা আৰু বলাৎকাৰক সচৰাচৰ বুলি গণ্য কৰা হয়।২ ২০০৭ চনৰ জুলাই মাহত আন্তৰ্জাতিক ৰেড ক্ৰচ্ সমিতিয়ে এই বিষয়টোৰ ওপৰত গুৰুত্ব দিয়াৰ ইচ্ছা প্ৰকাশ কৰিছিল।৩

অনিষ্যতাৰ মাজেৰে পাৰ হোৱা দিনবোৰত মহিলাসকলে কেতিয়াবা ৰাতি পুৱাৰ আগতেই লৰালৰিকৈ ঠাই সলনি কৰি ৰাতিটোৰ ভিতৰতে নিৰাপদ ঠাইলৈ যাব লগিয়া হয়।৪ ২০০৭ চনৰ জুলাই মাহত ৰাস্ত্ৰসংঘৰ বিশেষ সাংবাদিক ইয়াকিন এৰটোৰ্কে কংগো দেশৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰি 'নাৰী ধৰ্ষণ'ৰ ওপৰত দিয়া সংবাদটোত উল্লেখ কৰিছিল যে উত্তৰ আৰু দক্ষিণ কিভু (Kivu)-ত ভাৱিব নোৱাৰাকৈ মহিলাসকলৰ ওপৰত নিৰ্মম পাশৱিকতা চলি আছে। সশস্ত্ৰ বাহিনীয়ে সৰ্বসাধাৰণ লোকসকলক ৰক্ষ্যা কৰাৰ সলনি গাঁৱৰ মহিলাসকৰ পৰা হঠাৎ আক্ৰমণ কৰিযোৰ কৰি বস্তু বাহনী লৈ যায়, মহিলাসকল আৰু কণ কণ লৰা ছোৱালীক অপহৰণ কৰি পাসৱিক যৌন নিৰ্যাতন কৰে আৰু বন্দী বনাই যৌন ব্যৱহায়ত লগায়।৫৬

মহিলাৰ স্বাস্থ্য

যিহেতু মাতৃৰ স্বাস্থ্যসেৱা অতি দুখলগা ধৰণে কম সেইবাবে কংগো দেশত মাতৃমৃতুৰ হাৰ ইয়াত যথেষ্ট বেচি। ইয়াৰ উপৰিও এগৰাকী মহিলাই স্বামীৰ অনুমতি অনুসাৰেহে গৰ্ভনিৰোধক ব্যৱহাৰ কৰিব পাৰে। ই অতি দুখজনক যে এইচ্ আই ভি থকা স্বামীৰ পৰাও নিজক বছোৱাৰ উপায় নাথাকে।৭

মানৱ সৰবৰাহ

বিশেষকৈ বাধ্যতামূলক শ্ৰম আৰু বাধ্যতামূলক বেশ্যাবৃত্তিৰ বাবে সুচল হোৱাৰ বাবে কংগো দেশ পুৰুষ, মহিলা আৰু লৰা-ছোৱালীৰ মানুহ বেছা-কিনাৰ উৎস আৰু গন্তব্যস্থান হৈছে হৈ পৰিছে।৮

তথ্যসূত্ৰ

  1. ↑ www.loc.gov/resource/frdcstdy.zairecountrystud00
  2. ↑ UN expert on violence against women expresses serious concerns following visit to Democratic Republic of Congo
  3. ↑ DRC: 'Civilians bearing brunt of South Kivu violence'
  4. ↑ www.thenewhumanitarian.org/report/73524/drc-pend
  5. ↑ DRC: 'Pendulum displacement' in the Kivus
  6. ↑ আৰ্কাইভ কপি
  7. ↑ www.womanstats.org/
  8. ↑ "Democratic Republic of the Congo". Trafficking in Persons Report 2010. U.S. Department of State (June 14, 2010)

সম্পৰ্কিত শ্ৰেণী

দেশভেদে নাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কংগো গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ দেশৰ নাৰীসকল” প্ৰবন্ধৰ সংশোধন ৪১৩৯৮১ (২৪ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।