অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

পৰ্তুগালৰ নাৰী

১৯৭৬ চনৰ পৰ্তুগালৰ সংবিধান অনুসৰি পৰ্তুগালৰ মহিলাসকলে পৰ্তুগীজ পুৰুষৰ সৈতে সম্পূৰ্ণ আইনী সমতা লাভ কৰিছিল, যিটো হৈছিল ১৯৭৪ চনৰ বিপ্লৱৰ ফলত। ১৯৩১ চনত পৰ্তুগালত প্ৰথমবাৰৰ বাবে ছালাজাৰৰ ইষ্টাডো নভোৰ অধীনত মহিলাসকলক ভোটদানৰ অনুমতি দিয়া হৈছিল যদিও পুৰুষৰ সৈতে সমান চৰ্ত তাত প্ৰযোজ্য নাছিল।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩৭৯ শব্দ · ২ মিনিট সংগৃহীত ৫৬
সংশোধনৰ পৰামৰ্শ

১৯৭৬ চনৰ পৰ্তুগালৰ সংবিধান অনুসৰি পৰ্তুগালৰ মহিলাসকলে পৰ্তুগীজ পুৰুষৰ সৈতে সম্পূৰ্ণ আইনী সমতা লাভ কৰিছিল, যিটো হৈছিল ১৯৭৪ চনৰ বিপ্লৱৰ ফলত। ১৯৩১ চনত পৰ্তুগালত প্ৰথমবাৰৰ বাবে ছালাজাৰৰ ইষ্টাডো নভোৰ অধীনত মহিলাসকলক ভোটদানৰ অনুমতি দিয়া হৈছিল যদিও পুৰুষৰ সৈতে সমান চৰ্ত তাত প্ৰযোজ্য নাছিল। প্ৰথমবাৰৰ বাবে ১৯৪৬ চনত আৰু দ্বিতীয়বাৰৰ বাবে ১৯৬৮ চনত মাৰ্চেলো কেটানোৰ অধীনত ২১৩৭ নং আইনখনে নিৰ্বাচনী উদ্দেশ্যত পুৰুষ আৰু মহিলাৰ সমতা ঘোষণা কৰিছিল।১

নাৰীৰ আচৰণৰ ধাৰণাত প্ৰভাৱ পেলোৱা সামাজিক আৰু ধৰ্মীয় নীতি-নিয়মসমূহ নাৰীৰ সামাজিক শ্ৰেণীৰ ওপৰত নিৰ্ভৰশীল আছিল৷ সমাজে তেওঁলোকৰ পৰা কৰা আশাৰ ক্ষেত্ৰতে এই নিৰ্ভৰশীলতা নাছিল৷ কাৰণ তেওঁলোকৰ স্বায়ত্ত্বশাসন আৰু বাছনি কৰাৰ ক্ষমতা, আইনী সুৰক্ষা আৰু মৰ্যাদাৰ বিশেষাধিকাৰ প্ৰদান কৰা হৈছিল, আৰু সকলো মহিলাৰ বাবে শিক্ষাৰ সুবিধা উপলব্ধ নাছিল। সমাজত বৈষম্য কেৱল পুৰুষ-মহিলাৰ মাজতেই নাছিল, সামাজিক আৰু অৰ্থনৈতিক অৱস্থাৰ ভিন্ন নাৰীৰ মাজতো আছিল। এই বিষয়বোৰে সামাজিক বক্তৃতাত ১৭০০ চনৰ আৰম্ভণিতহে নিজৰ স্থান লাভ কৰিছিল আৰু "নাৰীৰ ওপৰত হোৱা বিতৰ্ক"ই জনচেতনাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল এনেধৰণৰ চিন্তা-চৰ্চাবোৰ ১৮শতিকাৰ পূৰ্বত হৈছিল বুলি জনা নাযায়৷২

পুৰুষৰ তুলনাত মহিলাৰ সাক্ষৰতাৰ হাৰ এতিয়া বেছি৷ মহিলাৰ (১৫ বছৰ বা তাতকৈ অধিক বয়সৰ) সাক্ষৰতাৰ হাৰ ৯৬%, আনহাতে পুৰুষৰ ক্ষেত্ৰত সেই পৰিসংখ্যা হৈছে ৯৫%। ৩ ১৯ শতিকাত অৱশ্যে এই সংখ্যাটো অধিক বেয়া আছিল। পৰ্তুগালৰ শিক্ষাৰ সুযোগ উন্নত কৰাৰ ক্ষেত্ৰত অগ্ৰণী মহিলাসকলৰ ভিতৰত আছিল কেৰ'লিনা মিচালিছ ডি ভাস্কনচেলছ, মাৰিয়া কাৰ্ভালো, এলিছ পেষ্টানা, এলিছ মডাৰ্নো, এণ্টনিয়া পুচিচ আৰু গুইওমাৰ টৰেজাও।৪ পৰ্তুগালত প্ৰথমখন নাৰীবাদী কাকত সৃষ্টি কৰাৰ কৃতিত্ব ফ্ৰান্সিস্কা উডক দিয়া হয়৷ তেওঁ উপলব্ধি কৰিছিল যে বহু মহিলাই সমতাৰ প্ৰতি আগ্ৰহী নহয়৷ তেওঁলোকৰ উচ্চাকাংক্ষাৰ অভাৱৰ বাবে তেওঁ মহিলাসকলৰ শিক্ষাৰ অনুপলব্ধতাক দোষাৰোপ কৰিছিল।

পৰ্তুগালত ঘৰুৱা হিংসা অবৈধ। ইয়াক বিশেষভাৱে পৰ্তুগালৰ ফৌজদাৰী আইনৰ ১৫২ নং অনুচ্ছেদত উল্লেখ কৰা হৈছে।৫ বছৰ বছৰ ধৰি কেইবাবাৰো সংশোধন কৰা প্ৰবন্ধটোত লিখা আছে- "যি কোনোৱে, পুনৰাবৃত্তি হওক বা নহওক, শাৰীৰিক বা মানসিক দুৰ্ব্যৱহাৰ, শাৰীৰিক শাস্তি, স্বাধীনতা বঞ্চনা আৰু যৌন নিৰ্যাতনকে ধৰি: ক) পত্নী বা প্ৰাক্তন-পত্নী খ) একে বা আন লিংগৰ ব্যক্তিৰ ওপৰত, যাৰ সৈতে অপৰাধীয়ে সহবাস অবিহনেও একেলগে আছে বা থাকে, গ) প্ৰথম ডিগ্ৰীত সাধাৰণ বংশধৰৰ পূৰ্বপুৰুষৰ ওপৰত;বা ঘ) বিশেষভাৱে অসহায় ব্যক্তিৰ ওপৰত বয়স, অক্ষমতা, ৰোগ, গৰ্ভাৱস্থা বা অৰ্থনৈতিক নিৰ্ভৰশীলতাৰ কাৰণে হোৱা ব্যক্তি, যিয়ে অপৰাধীৰ সৈতে সহবাস কৰে; তেওঁলোকে শাস্তি পাব (...)"।৬ পৰ্তুগালে মহিলাৰ বিৰুদ্ধে হিংসা তথা ঘৰুৱা হিংসা প্ৰতিৰোধ আৰু প্ৰতিহত কৰাৰ চুক্তিখনকো অনুমোদন জনাইছে।৭ মহিলাৰ বিৰুদ্ধে হোৱা হিংসাৰ সঠিক তথ্য পোৱাটো কঠিন, কিন্তু ২০০৮ চনত প্ৰকাশিত এক অধ্যয়ন অনুসৰি ৩৮% মহিলাই ১৮ বছৰ বয়সৰ পৰাই শাৰীৰিক, মানসিক আৰু/বা যৌন হিংসাৰ সন্মুখীন হৈছে।৮

তথ্যসূত্ৰ

  1. ↑ Portugal-Women (data as of 1993). Mongabay.com
  2. ↑ Johnson, R. (2018). A New History of Iberian Feminisms. United Kingdom: University of Toronto Press
  3. ↑ Country Fact Sheet · UN Women Data Hub. data.unwomen.org
  4. ↑ Bermudez, Silvia; Johnson, Roberta. (2018-02-05). A New History of Iberian Feminisms. University of Toronto Press. ISBN 978-1-4875-1029-9
  5. ↑ Ministry of Justice. "Breaking the silence – united against domestic violence": 29th Council of Europe Conference of Ministers of Justice - Report from Portugal. Direção-Geral da Política de Justiça. পৃ. 2
  6. ↑ Article 152 reads in Portuguese: Artigo 152.º Violência doméstica 1 — Quem, de modo reiterado ou não, infligir maus tratos físicos ou psíquicos, incluindo castigos corporais, privações da liberdade e ofensas sexuais: a) Ao cônjuge ou ex -cônjuge; b) A pessoa de outro ou do mesmo sexo com quem o agente mantenha ou tenha mantido uma relação análoga à dos cônjuges, ainda que sem coabitação; c) A progenitor de descendente comum em 1.º grau; ou d) A pessoa particularmente indefesa, em razão de idade, deficiência, doença, gravidez ou dependência económica, que com ele coabite; é punido (...)
  7. ↑ Liste complète. coe.int
  8. ↑ WAVE Network. wave-network.org

সম্পৰ্কিত শ্ৰেণী

দেশভেদে নাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰ্তুগালৰ নাৰী” প্ৰবন্ধৰ সংশোধন ৩৮১৮৭৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।