দেশভেদে নাৰী
৮৬ প্ৰবন্ধ
-
চাদৰ নাৰী
মধ্য আফ্ৰিকাৰ ভূমি আৱদ্ধ দেশ চাদৰ মহিলা (Women in Chad) প্ৰধানকৈ গ্ৰাম্যভিত্তিক অৰ্থনীতিৰ মূল ভেটি আৰু তেওঁলোকৰ সংখ্যা পুৰুষতকৈ বেছি।চাড এখন বৈচিত্ৰ্যময় আৰু সমৃদ্ধিশালী সাংস্কৃতিক পদ্ধতিৰে গঠিত দেশ৷ মহিলাৰ দ্বাৰা বিচাৰকাৰ্য সম্পাদিত হোৱা পুৰুষৰ সৌন্দৰ্য প্ৰতিযোগিতা আৰু দীৰ্ঘদিন ধৰি গোপনে ৰখা চুলিৰ…
-
চেক গণৰাজ্যৰ নাৰী
চেক গণৰাজ্যই মহিলা নাগৰিকসকলক বিভিন্ন ধৰণৰ নাগৰিক অধিকাৰ প্ৰদান কৰে৷ উল্লেখযোগ্য যে, চেক মহিলাসকলে চেক সমাজত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ ইতিহাস বহু পুৰণি। কিন্তু চেক গণৰাজ্যৰ মহিলাসকলে বিশেষকৈ কৰ্মশক্তি আৰু ৰাজনৈতিক ক্ষেত্ৰত লিংগ বৈষম্যৰ সন্মুখীন হৈয়েই আছে।
-
ছান মেৰিনোৰ নাৰী
ছান মেৰিনোৰ নাৰী (Women of San Marino) ৰ জৰিয়তে সাধাৰণতে ইউৰোপীয় মহিলাকে বুজোৱা হয়, যিসকল মহিলাই ছান মেৰিনো ৰিপাব্লিকত বাস কৰে অথবা তেওঁলোক ইয়াৰ পৰা আহিছে।
-
ছিচেলছৰ নাৰী
ছিচেলছৰ নাৰীসকলে (Women in Seychelles) পুৰুষৰ দৰেই আইনী, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক অধিকাৰ লাভ কৰে।
-
ছিয়েৰা লিয়নৰ নাৰী
ছিয়েৰা লিয়ন, আনুষ্ঠানিকভাৱে ছিয়েৰা লিয়ন ৰিপাব্লিক, পশ্চিম আফ্ৰিকাৰ এখন সাংবিধানিক গণৰাজ্য। ১৭৯২ চনত প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা ছিয়েৰা লিয়নৰ মহিলাসকলে জাতিটোৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক উন্নয়নত গুৰুতৰ প্ৰভাৱ পেলাইছে।
-
ছেনেগালৰ নাৰী
স্থানীয় ৰীতি-নীতি আৰু ধৰ্মৰ দ্বাৰা গঢ় লৈ উঠা ছেনেগালৰ মহিলাসকলৰ পৰম্পৰাগত সামাজিক মৰ্যাদা আছে। ২০০৫ চনৰ সমীক্ষা অনুসৰি ছেনেগালৰ ১৫ৰ পৰা ৪৯ বছৰৰ ভিতৰৰ সকলো মহিলাৰ ভিতৰত মহিলাৰ যৌনাংগ বিকৃতিৰ (female genital mutilation) প্ৰাদুৰ্ভাৱৰ হাৰ ২৮%।
-
ছোমালিয়াৰ নাৰী
ছোমালিয়াৰ নাৰী (Women in Somalia) ছোমালি সমাজৰ এক মূল অংশ। পৰিয়াল তথা সামাজিক গাঁথনিত তেওঁলোকৰ কিছুমান স্পষ্টভাৱে নিৰ্ধাৰিত আৰু গুৰুত্বপূৰ্ণ ভূমিকা আছে। ইয়াৰ ভিতৰত ছমালিলেণ্ডৰ সোমালি মহিলাসকলো অন্তৰ্ভুক্ত।
-
টিউনিছিয়াৰ মহিলা
২০১০ চনৰ ডিচেম্বৰ মাহত টিউনিছিয়াৰ বিপ্লৱ আৰু সমগ্ৰ মধ্যপ্ৰাচ্য তথা উত্তৰ আফ্ৰিকাত প্ৰতিবাদ আৰম্ভ হোৱাৰ পিছৰে পৰা টিউনিছিয়াৰ মহিলাসকলে প্ৰতিবাদী কাৰ্যত অভূতপূৰ্ব ভূমিকা পালন কৰিছে।
-
ট্ৰেন্সনিষ্ট্ৰিয়াৰ নাৰী
ট্ৰেন্সনিষ্ট্ৰিয়াৰ মহিলাসকল (Women in Transnistria) হৈছে ট্ৰেন্সনিষ্ট্ৰিয়াত বাস কৰা বা তাৰ পৰা অহা মহিলা (ট্ৰেন্সনিষ্ট্ৰিয়া বুলিও বানানটো লিখা হ'ব পাৰে; আৰু ইয়াক প্ৰিডনেষ্ট্ৰ'ভিয়ান মল্ডাভিয়ান ৰিপাব্লিক বুলিও কোৱা হয়, আৰু সংক্ষিপ্তভাৱে কোৱা হয় পিএমআৰ)।
-
তাজিকিস্তানৰ নাৰী
তাজিকিস্তান মধ্য এছিয়াৰ এখন দেশ, ইয়াৰ জনসংখ্যা প্ৰধানকৈ তাজিকিস্তানী (৮৪.৩%), উল্লেখযোগ্য উজবেক সংখ্যালঘু ১৩.৮% আৰু কম সংখ্যক কিৰ্গিজ, ৰাছিয়ান, তুৰ্কমেন, টাটাৰ আৰু আৰব। তাজিকিস্তান পূৰ্বৰ ছোভিয়েট ক্ষেত্ৰৰ অন্যতম দৰিদ্ৰ ৰাজ্য।
-
তুৰ্কমেনিস্তানৰ নাৰী
তুৰ্কমেনিস্তানৰ নাৰীসকলে (Women in Turkmenistan) দেশৰ জনসংখ্যাৰ ৫০.৮% অধিকাৰ কৰি আছে। সাধাৰণতে তেওঁলোকৰ ভূমিকা সমাজত নিৰ্ধাৰিত আৰু পুৰুষৰ তুলনাত অধিকাৰ কম। চৰকাৰী চেন্সৰশ্বিপ আৰু নিৰ্ভৰযোগ্য চৰকাৰী তথ্যৰ অভাৱৰ বাবে দেশত মহিলাৰ অধিকাৰৰ অধ্যয়ন কঠিন হৈ পৰিছে।
-
দক্ষিণ ছুদানৰ নাৰী
দক্ষিণ চুডানৰ নাৰীসকল হৈছে দক্ষিণ চুডানত বাস কৰা দক্ষিণ চুডানৰ মহিলা। ২০১১ চনৰ ৯ জুলাইত দক্ষিণ চুডানৰ স্বাধীনতাৰ পিছত এইসকল নাৰীয়ে অধিক ক্ষমতা লাভ কৰিছে যদিও বৈষম্যজনিত সমস্যাৰ সন্মুখীন নোহোৱাকৈ থকা নাই।
-
নেপালৰ নাৰী
ইতিহাসৰ পাতত নেপালৰ নাৰীৰ মৰ্যাদা ভিন্ন সময়ত ভিন্ন হৈ অহা দেখা গৈছে। ১৯৯০ চনৰ আৰম্ভণিতে এছিয়াৰ আন কিছুমান দেশৰ দৰেই নেপালৰ মহিলাসকলো সাধাৰণতে জীৱনৰ প্ৰায় প্ৰতিটো দিশতে পুৰুষৰ অধীন আছিল। ঐতিহাসিকভাৱেও নেপাল প্ৰধানকৈ পিতৃতান্ত্ৰিক সমাজ আছিল।
-
পানামাৰ নাৰী
পানামাৰ নাৰীসকল হ’ল পানামাত বাস কৰা বা পানামাৰ পৰা অহা মহিলা। পানামাৰ মহিলাসকল পৰম্পৰা অনুসৰি হিস্পানিক আৰু তেওঁলোকক পুৰুষৰ সমান বুলি গণ্য কৰা হয়, তেওঁলোকক "শ্ৰদ্ধা আৰু সন্মান"ৰে চোৱা হয়।
-
পূব টিমৰৰ নাৰী
পূব টিমৰৰ লোকসকলে বৰ্ণগতভাৱে মেলানেছিয়ান আৰু মালয়ৰ সৈতে জিনীয়ভাৱে মিহলি হৈছিল। ইষ্ট টিমোৰৰ জনসংখ্যাৰ অধিকাংশই ৰোমান কেথলিক। ইষ্ট টিমৰ মহিলাসকলৰ সাধাৰণতে গড়ে ৬ৰ পৰা ৭টা সন্তান হয় আৰু ৰাষ্ট্ৰসংঘৰ এক অধ্যয়নৰ ভিত্তিত দেখা গৈছে যে ২০ৰ পৰা ২৪ বছৰৰ ভিতৰত যিসকল মহিলাৰ ভিতৰত প্ৰায় আধাতকৈ অধিক লোকৰ…
-
পেৰাগুৱেৰ নাৰী
পেৰাগুৱেৰ মহিলাসকল হৈছে এনে একাংশ মহিলাৰ গোট, যাৰ অধিকাৰক পেৰাগুৱেত প্ৰত্যাহ্বান জনোৱা হৈছে। আৰ্থ-সামাজিক বৈষম্য আৰু লিংগ দৰমহাৰ ব্যৱধানৰ ফলত তেওঁলোকে নাৰীৰ অধিকাৰৰ সাংবিধানিক আৰু আইনী সম্প্ৰসাৰণ তথা বিকশিত সংস্কৃতিৰ এক মনোভাৱ-সৃষ্ট উল্লেখযোগ্য সাংস্কৃতিক পৰিৱৰ্তনৰ সন্মুখীন হৈছিল।
-
ফিলিপাইনছৰ নাৰী
"ফিলিপাইনছৰ নাৰী"ৰ (women in the Philippines) ভূমিকা এওঁলোকৰ সংস্কৃতি, মান আৰু মানসিকতাৰ প্ৰেক্ষাপটৰ ওপৰত ভিত্তি কৰি ব্যাখ্যা কৰা হৈছে। ফিলিপাইনছক দেশখনক শক্তিশালী নাৰীৰ দেশ হিচাবে জনা যায়, কিয়নো নাৰীসকলে প্ৰত্যক্ষ বা পৰোক্ষ্য ভাৱে পৰিয়ালবোৰ, ব্যৱহায়, চৰকাৰী সংস্থা বা বৃহৎ কৃষিভৃত্তিক অংশবোৰ…
-
বাহৰেইনৰ নাৰী
বাহৰেইনৰ মহিলাসকলে জীৱনৰ প্ৰতিটো দিশতে বৈষম্যৰ সমুখীন হৈছে আৰু তেওঁলোকৰ ব্যক্তিগত স্বাধীনতা বাহৰেইনৰ আইন আৰু বাহৰেইনৰ সমাজৰ দ্বাৰা গুৰুতৰভাৱে বাধাপ্ৰাপ্ত। বাহৰেইনৰ মাত্ৰ এক চতুৰ্থাংশ মহিলাইহে ঘৰৰ বাহিৰত চাকৰি কৰে। বাহৰেইনৰ মহিলা দিৱস প্ৰতি বছৰে ১ ডিচেম্বৰত পালন কৰা হয়।
-
ব্ৰুনেইৰ নাৰী
ব্ৰুনাইৰ মহিলা হৈছে ব্ৰুনাই দাৰুছালামত বাস কৰা মহিলা।ব্ৰুনাইত মহিলাসকলক "অতি উচ্চ মৰ্যাদাৰ" ব্যক্তি হিচাপে গণ্য কৰা হয়। আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে কয় যে ব্ৰুনাইত মহিলাৰ বিৰুদ্ধে বৈষম্য এক সমস্যা।
-
মংগোলিয়াৰ নাৰী
এছিয়াৰ আন বহু সমাজৰ মহিলাতকৈ মংগোলীয় নাৰীৰ সামাজিক মৰ্যাদা বেছি আছিল যদিও তেওঁলোকক গৰু আৰু সম্ভৱতঃ ঘোঁৰা চৰাবলৈ অক্ষম বুলি গণ্য কৰা হৈছিল। মংগোলিয়াৰ মহিলাসকলে পৰিয়াল আৰু অৰ্থনৈতিক জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
-
মণ্টেনেগ্ৰোৰ নাৰী
মণ্টেনেগ্ৰোৰ মহিলাসকলে দক্ষিণ-পূব ইউৰোপৰ এখন দেশ মণ্টেনেগ্ৰোত বাস কৰে৷ এই অঞ্চলটোক সাধাৰণতে বাল্কন নামেৰে জনা যায়। তেওঁলোক দক্ষিণ স্লাভ নামেৰে জনাজাত এটা গোটৰ অন্তৰ্গত বুলি ঠাৱৰ কৰা হৈছে।মণ্টেনেগ্ৰোৰ মহিলাসকলৰ প্ৰাৰম্ভিক বৰ্ণনা ১৮৮০ চনৰ ৫ নৱেম্বৰত নিউয়ৰ্ক টাইমছৰ এটা স্তম্ভৰ পৰা আহিছে, য'ত কাকতখনে…
-
ম্যানমাৰৰ নাৰী
ঐতিহাসিক ভাবে, ম্যানমাৰৰ (বাৰ্মা বুলিও জনা যায়) নাৰীসকলক(women in the Myanmar) সামাজিকভাৱে যথেষ্ট মৰ্যাদা আৰু সন্মান দিয়া হয়। মিয়া সৈনে(Mya Sein) কৰা গবেষণা অনুসাৰে ম্যানমাৰৰ নাৰী সকল এক শতিকাৰ পূৰ্বৰে পৰা স্বাধীনভাৱে জীৱন নিৰ্বাহ কৰিছিল।
-
মৰিচাছৰ নাৰী
মৰিচাছৰ নাৰীয়ে (Women in Mauritius) মৰিচাছৰ নাৰীৰ সামাজিক জনগাঁথনিৰ কথা সূচায়। মৰিচাছ সমাজত নাৰীৰ ভূমিকা ২০ শতিকাত সলনি হৈছিল। ঐতিহাসিকভাৱে মৰিচাছ সংস্কৃতিয়ে পিতৃতান্ত্ৰিক ক্ষমতাৰ গাঁথনি বজাই ৰাখিছিল, যিয়ে পৰিয়াল আৰু কৰ্মজীৱনকো সামৰি লৈছিল।
-
লাটভিয়াৰ নাৰী
লাটভিয়াৰ মহিলাসকলক লাটভিয়াত বাস কৰা, লাটভিয়াৰ পৰা অহা আৰু জন্মগ্ৰহণ কৰা সকলো মহিলাকে বুজায়। লাটভিয়াৰ সমাজত নাৰীৰ সামাজিক আৰু আইনী মৰ্যাদা ইয়াৰ ইতিহাস, ভূ-ৰাজনৈতিক অৱস্থান আৰু সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিত হৈছে।
-
লেচোথোৰ নাৰী
২০১৭ চনত লেচোথোত ১১ লাখ মহিলাই বাস কৰিছিল আৰু তেওঁলোকে ৫১.৪৮% জনসংখ্যাক প্ৰতিনিধিত্ব কৰে। ৩৩% মহিলাৰ বয়স ১৫ বছৰৰ তলৰ, ৬১.৪% মহিলা ১৫ৰ পৰা ৬৪ বছৰৰ ভিতৰত আৰু ৫.৩% মহিলাৰ বয়স ৬৪ বছৰৰ ঊৰ্দ্ধৰ। ২০০৮ চনৰ লেচোথো বেংক চেভিংছ এণ্ড ডেভেলপমেণ্ট এক্ট গৃহীত হোৱাৰ লগে লগে তেওঁলোকে সম্পূৰ্ণ আইনী মৰ্যাদা লাভ কৰে।
-
ৰাছিয়াৰ নাৰী
শতিকাজুৰি অসংখ্য শাসন ব্যৱস্থা অতিক্ৰম কৰি অহা ৰাছিয়ান সমাজত মহিলাৰ এক চহকী আৰু বৈচিত্ৰ্যময় ইতিহাস আছে। মন কৰিবলগীয়া কথা যে ৰাছিয়া বহুসংস্কৃতিৰ সমাজ হোৱা হেতু ৰাছিয়াৰ মহিলাসকলৰ অভিজ্ঞতা জাতিগত, ধৰ্মীয় আৰু সামাজিক ৰেখাৰ মাজত যথেষ্ট ভিন্ন।