গায়েনাৰ নাৰীসকল (Women in Guyana) হৈছে গায়েনাৰ সমাজৰ এক অন্তৰ-শাখা, যাৰ সংখ্যা বিগত সময়ত পৰিৱৰ্তন ঘটি আছে। মূলতঃ ভাৰত-গায়েনী, আফ্ৰিকান-গায়েনী আৰু আমেৰিকীয় ভাৰতীয় নাৰীৰ দেশ গায়েনা ইউৰোপীয় বা চীনা বংশৰ মহিলাৰো বাসস্থান হৈ আহিছে। দেশৰ এগৰাকী মহিলা ৰাষ্ট্ৰপতি হৈছে জেনেট জগান। যদিও ই দক্ষিণ আমেৰিকাৰ অংশ, গায়েনাৰ সাংস্কৃতিক আৰু ঐতিহাসিকভাৱে কমনৱেলথ কেৰিবিয়ানৰ সৈতে মিল আছে আৰু ইয়াক প্ৰায়ে ট্ৰিনিদাদ আৰু ট'বাগোৰ সৈতে তুলনা কৰা হয়।১
বহুতো নগৰীয়া গিয়েনাৰ নাৰীয়ে বিশেষকৈ শ্ৰমিক শ্ৰেণীৰ পৰিয়ালত জীৱিকাৰ যোগান ধৰে। গায়েনাৰ ছাত্ৰীসকলে আঞ্চলিক পৰীক্ষাত পুৰুষ সমকক্ষতকৈ ভাল ফলাফল দেখুৱাইছে আৰু পুৰুষতকৈ অধিক মহিলাই বিশ্ববিদ্যালয়ত পঢ়ে। ওবেয়া মহিলাসকল লোক-ধৰ্মীয় নেতা।২
ভাৰত-গায়েনী আৰু আফ্ৰিকান-গায়েনী লোকৰ মাজত বৰ্ণবাদী পাৰ্থক্যই দেশখনৰ সমাজত প্ৰায়ে নাৰীৰ ভূমিকাক সংজ্ঞায়িত কৰি আহিছে। ব্ৰিটিছ সাম্ৰাজ্যৰ অৰ্থনীতিক শক্তিশালী কৰিবলৈ শ্ৰমৰ বাবে গায়েনালৈ অনা ভাৰতীয় মহিলাসকলৰ বিষয়ে প্ৰাৰম্ভিক ৰেকৰ্ডসমূহে "barbaric other"ৰ সংজ্ঞা দিছিল যিয়ে কেতিয়াবা সাম্ৰাজ্যৰ অ-ইউৰোপীয় প্ৰজাৰ পৰিচয় ম্লান কৰি পেলাইছিল। ঔপনিৱেশিক যুগৰ চৰকাৰী নথি-পত্ৰসমূহে প্ৰায়ে "লিবিডিনাছ, অনৈতিক মহিলা" বা মহিলা ভুক্তভোগীৰ চিত্ৰণৰ সূচনা কৰিছিল।৩
কেৰিবিয়ানত লিংগৰ প্ৰাৰম্ভিক অধ্যয়নত পৰিয়ালসমূহক "ইউৰো-আমেৰিকান পাৰমাণৱিক পৰিয়াল"ৰ দ্বাৰা সংজ্ঞায়িত কৰা হৈছিল, আৰু মহিলাৰ ঘৰুৱা-কেন্দ্ৰিক ধাৰণাটোৱে পৰিয়ালৰ বাহিৰৰ মহিলাৰ ভূমিকাক অৱজ্ঞা কৰিছিল। মহিলাৰ নেতৃত্বত আফ্ৰিকান-কেৰিবিয়ান পৰিয়ালসমূহক "বিচ্যুত, বিচ্ছিন্ন, নগ্ন আৰু অসম্পূৰ্ণ" হিচাপে প্ৰতিষ্ঠাপিত কৰা হৈছিল৷৪
১৯৭০ আৰু ১৯৮০ চনৰ ভিতৰত ৱমেন ইন দ্য কেৰিবিয়ান প্ৰজেক্ট (WICP)-এ নাৰীবাদী গৱেষণাৰ পোহৰত মহিলাসকল সম্পৰ্কে জৰীপ চলাইছিল। ১৯৯০ চনত গৱেষণাই দৃশ্যমানতা সৃষ্টিৰ পৰা অধিক "লিংগ সম্পৰ্কৰ বাবে ব্যাখ্যামূলক কাঠামো"লৈ স্থানান্তৰিত হয়। গৱেষণাৰ এটা ডাঙৰ অসুবিধা হৈছে ইয়াৰ প্ৰায় একছেটিয়াভাৱে কম আয়ৰ মহিলাসকলৰ ওপৰত গুৰুত্ব দিয়া, যাৰ ফলত কু-সংস্কাৰ আৰু সিদ্ধান্তৰ সৃষ্টি হৈছে যিয়ে সামগ্ৰিকভাৱে কেৰিবিয়ান মহিলাসকলক প্ৰতিনিধিত্ব কৰিব নোৱাৰে।১এই দিশত কিছু অগ্ৰগতি লাভ কৰা হৈছিল যদিও ২০১৯ চনৰ ভিতৰত মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত "লিংগ দৃষ্টিকোণৰ পৰা SDGসমূহ নিৰীক্ষণ কৰিবলৈ প্ৰয়োজনীয় সূচকৰ মাত্ৰ ২৪.৫%হে উপলব্ধ";৫ ইয়াৰ ফলত লিংগভিত্তিক লক্ষ্যত উপনীত হ'বলৈ গুৰুত্বপূৰ্ণ তথ্যৰ জ্ঞানৰ ব্যৱধানৰ সৃষ্টি হয়।
গায়েনাৰ ইতিহাসৰ প্ৰধান সময়ছোৱাত মহিলাৰ উপস্থিতি আৰু জনগাঁথনিৰ পাৰ্থক্য আছে। গায়েনাৰ বৈচিত্ৰ্যৰ উৎপত্তি হৈছে ইউৰোপীয় ঔপনিৱেশিকভাৱে "স্তৰীয়, ৰঙৰ সংকেতযুক্ত সামাজিক শ্ৰেণী"ৰ সৃষ্টি।১ বাগিচাৰ সমাজত মহিলাৰ ভূমিকাই তেওঁলোকৰ বৰ্ণগত পৰিচয় আৰু "সংস্কৃতিৰ ৰক্ষক" হিচাপে তেওঁলোকৰ ধাৰণাক প্ৰতিফলিত কৰিছিল। দাসত্বই আফ্ৰিকান পৰিয়ালৰ গাঁথনি ধ্বংস কৰি পেলালে-যাৰ ফলত আফ্ৰিকাত কেৱল পৰিয়ালৰ পৰা পৃথক হোৱাই নহয়,পৰৱৰ্তী প্ৰজন্মত পৰিয়ালৰ পৰা ব্যক্তিক বিক্ৰী কৰাও সূচায়।৬
তথ্যসূত্ৰ
- ↑ Peake, Linda; Trotz, D. Alissa. (1999). Gender, Ethnicity and Place: Women and Identities in Guyana. Psychology Press. ISBN 978-0-415-15004-0
- ↑ Seecharan, Clem. Guyana. Advameg, Inc
- ↑ Chatterjee, Sumita. (1997). Indian women's lives and labor: the indentureship experience in Trinidad and Guyana, 1845-1917. University of Massachusetts Amherst
- ↑ Trotz, D. Alissa. (2003-01-01). Behind the banner of culture? Gender, 'race,' and the family in Guyana. New West Indian Guide / Nieuwe West-Indische Gids. পৃ. 5–29
- ↑ Country Fact Sheet · UN Women Data Hub. UN Women
- ↑ Gafar, John. (2003). Guyana: From State Control to Free Markets. Nova Publishers. পৃ. 27. ISBN 978-1-59033-647-2
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গায়েনাৰ নাৰী” প্ৰবন্ধৰ সংশোধন ৫৩৬৪৫০ (৩১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।