অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বন্ধুত্ব দিৱস

আন্তৰ্জাতিক বন্ধুত্ব দিৱস (International Friendship Day) প্ৰতি বছৰৰ আগষ্ট মাহৰ প্ৰথম দেওবাৰে বিশ্বব্যাপি পালন কৰা হয়।

হালনাগাদ: ৩ আগষ্ট ২০২৬ ১৭২ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

আন্তৰ্জাতিক বন্ধুত্ব দিৱস (International Friendship Day) প্ৰতি বছৰৰ আগষ্ট মাহৰ প্ৰথম দেওবাৰে বিশ্বব্যাপি পালন কৰা হয়।১

ইতিহাস

১৯১৯ চনত হলমাৰ্ক কাৰ্ডৰ প্ৰতিষ্ঠাতা জয়েচ হলে বন্ধুত্ব দিৱস আৰম্ভ কৰিছিল। বহুতে আগষ্টৰ প্ৰথম দেওবাৰে বন্ধুসকললৈ কাৰ্ড পঠাইছিল। কিন্তু বন্ধুত্ব দিৱসৰ ইতিহাস আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা আৰম্ভ হয়। ১৯৩৫ চনত আমেৰিকান কংগ্ৰেছে ঘোষণা কৰে যে প্ৰতি আগষ্টৰ প্ৰথম ৰবিবাৰ বন্ধুত্ব দিৱস হিচাপে পালন কৰা হ’ব। সেইদিনাৰ পৰা বন্ধুত্ব দিৱস জাতীয় উদ্‌যাপিত দিনবোৰৰ ভিতৰত অন্যতম ৰূপে স্বীকৃতি পায়। অতি শীঘ্ৰে ই জনপ্ৰিয় হৈ পৰে আৰু আন্তৰ্জাতিক বন্ধুত্ব দিৱসৰ ৰূপ লাভ কৰে। আন্তৰ্জাতিক বন্ধুত্ব দিৱসৰ ধাৰণা ১৯৫৮ চনৰ ২০ জুলাই ড॰ আৰ্তেমিঅ’ ব্ৰাচ’ (Artemio Bracho)ৰ দ্বাৰা প্ৰস্তাৱিত হয়। তেওঁ তেতিয়া তেওঁৰ বন্ধুসকলৰ লগত পুৱেৰ্তো পিনাক্স’ত (আছুনচিয়ন, পাৰাগুৱেৰ পৰা প্ৰায় ২০০ মাইল দূৰত নদীৰ পাৰত অৱস্থিত এখন চহৰ)ত ৰাতিৰ আহাৰ খাই আছিল। বন্ধুত্ব দিৱস বিভিন্ন দেশত বিভিন্ন তাৰিখে পালন কৰা হয়। ১৯৫৮ চনত প্ৰথম আন্তৰ্জাতিক বন্ধুত্ব দিৱস ৩০ জুলাই কৰাৰ বাবে প্ৰস্তাৱিত হৈছিল। ২৭ এপ্ৰিল ২০১১ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিৱেশনত ৩০ জুলাই Official International Friendship Day ঘোষিত হয়। ভাৰতসহ কিছু দেশত আগষ্টৰ প্ৰথম ৰবিবাৰ বন্ধুত্ব দিৱস হিচাপে উদ্‌যাপন কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ বিশ্ব বন্ধুত্ব দিৱস

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বন্ধুত্ব দিৱস” প্ৰবন্ধৰ সংশোধন ৬২২৯৪১ (৩ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।