বিশ্ব পশু চিকিৎসা দিৱস প্ৰতি বছৰে এপ্ৰিলৰ শেষৰটো শনিবাৰে পালন কৰা হয়।২০০০চনত বিশ্ব পশু চিকিৎসা সংঘই এই দিৱসৰ আৰম্ভণি কৰিছিল আৰু ২০০১চনৰ পৰা পালন কৰা হৈছিল।এই দিৱসৰ মূল উদ্দেশ্য হৈছে পশু চিকিৎসা বৃত্তিটোক সমগ্ৰ বিশ্বত আগবঢ়াই নিয়াৰ লগতে পশুপালকসকলক বিভিন্ন বিষয়ত সজাগ কৰা১।দিৱসৰ লগত সংগতি ৰাখি প্ৰতি বছৰে পশুপালনৰ লগত জড়িত বা জীৱ-জন্তুৰ হিতকাৰী হোৱাকৈ এটা বিষয়বস্তু নিৰ্ধাৰণ কৰা হয় আৰু সেই বিষয়বস্তুটো সকলোতে প্ৰচাৰ কৰা হয়।সেই দিনটোত পশু চিকিৎসা প্ৰতিষ্ঠান, পশু চিকিৎসা শিক্ষানুষ্ঠান, পশু চিকিৎসাৰ সৈতে জড়িত স্বেচ্ছাসেৱী সংগঠনসমূহে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰে।তদুপৰি বিশ্ব পশু চিকিৎসা সংঘৰ দ্বাৰা পশু চিকিৎসা ক্ষেত্ৰখনত নিৰলসভাৱে ব্ৰতী হৈ থকা ব্যক্তি বা সংগঠনক পুৰস্কৃত কৰা হয়২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব পশু চিকিৎসা দিৱস” প্ৰবন্ধৰ সংশোধন ৪০২৫১৩ (১৬ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।