বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস (WSPD) প্ৰতিবছৰে ১০ ছেপ্টেম্বৰ তাৰিখে পালিত এক সজাগতা জাগৰণমূলক দিৱস। ২০০৩ চনৰ পৰা বিভিন্ন কৰ্মসূচীৰ জৰিয়তে আত্মহত্যাৰ সম্পৰ্কে জনসচেতনতা সৃষ্টি কৰি আত্মহত্যাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত বিশ্বব্যাপ্ত প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰকাশ কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হৈ আহিছে। ১ আন্তঃৰাষ্ট্ৰীয় আত্মহত্যা প্ৰতিৰোধ সংস্থা(IASP)-ই বিশ্ব স্বাস্থ্য সংস্থা(WHO) আৰু বিশ্ব মানসিক স্বাস্থ্য ফেডাৰেছন(WFMH)-ৰ সহযোগত বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস পালন কৰাত অগ্ৰণী ভূমিকা লৈ আহিছে। ২ ২০১১ চনত প্ৰায় ৪০খন দেশে এই আত্মহত্যা প্ৰতিৰোধ দিৱসৰ অংগীকাৰবদ্ধতা দোহাৰিবলৈ সজাগতা কাৰ্য্যসূচী গ্ৰহণ কৰিছিল। ৩ ২০১৪ চনত মুক্তিপ্ৰাপ্ত WHO-ৰ মানসিক স্বাস্থ্য এটলাছ (Mental Health Atlas)-ৰ তথ্য অনুসৰি, নিম্ন আয়সম্পন্ন কোনো দেশতেই আত্মহত্যা প্ৰতিৰোধৰ কোনো ৰাষ্ট্ৰীয় নীতি বা কৰ্মপন্থা নাছিল। অন্যহাতে, নিম্ন-মধ্য আয়সম্পন্ন দেশসমূহৰ ১০%-তকৈ কম, আৰু উচ্চ-মধ্য আয়সম্পন্ন আৰু উচ্চ আয়সম্পন্ন দেশসমূহৰ প্ৰায় দুই তৃতীয়াংশৰে আত্মহত্যা প্ৰতিৰোধৰ ক্ষেত্ৰত সুস্পষ্ট ৰাষ্ট্ৰীয় নীতি আছিল। ৪
২০০৩ চনত পালিত বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱসৰ প্ৰথম কাৰ্য্যসূচীত, ১৯৯৯ চনৰ বিশ্ব স্বাস্থ্য সংস্থাই এই বিষয়ত গ্ৰহণ কৰা কিছু পদক্ষেপৰ সম্পৰ্কে আলোকপাত কৰা হয় য'ত প্ৰধান কৌশলসমূহ নিৰ্ধাৰণ কৰা হৈছিল: ৫
- "আত্মহত্যাৰ প্ৰৱণতা ৰোধ আৰু এই সম্পৰ্কীয় সচেতনতা সৃষ্টিৰ বাবে বৈশ্বিক এটি সংস্থাৰ লগতে আঞ্চলিক আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ত বহুমুখী কৰ্মসূচী গ্ৰহণ, আৰু আত্মহত্যাৰ ঘটনাসমূহ ফলপ্ৰসূভাৱে প্ৰতিৰোধ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান।"
- "বিভিন্ন দেশৰ আত্মহত্যা প্ৰতিৰোধৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নীতি, কৰ্মসূচী আৰু পৰিকল্পনাসমূহৰ বিকাশ আৰু মূল্যায়ণ, আৰু সেই সম্পৰ্কীয় দক্ষতাৰ শক্তিশালীকৰণ।"
বিশ্ব স্বাস্থ্য সংস্থাৰ সাম্প্ৰতিক বিজ্ঞপ্তিসমূহৰ বক্তব্য অনুসৰি, আত্মহত্যাৰ বিষয়ে মুকলিভাৱে আলোচনা-বিলোচনাক লৈ থকা সামাজিক দ্বিধাবোধ বা বাধা-নিষেধ, আৰু আত্মহত্যাৰ সম্পৰ্কে বিৰাজমান সামাজিক মালিন্য ইত্যাদিৰ দৰে প্ৰত্যাহ্বানে আত্মহত্যাৰ প্ৰতিৰোধ জটিলতৰ কৰি তোলে। ইয়াৰ লগতে, আত্মহত্যা সম্পৰ্কীয় ঘটনাসমূহৰ সঠিক তথ্যৰ অভাৱেও এই সমস্যাক মোকাবিলা কৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে: "আত্মহত্যাৰ সংবেদনশীলতা আৰু কিছুমান দেশত আত্মঘাতী মনোভাৱক অবৈধ হিচাপে গৃহীত স্বীকৃতিৰ কাৰণেই বহু সময়ত আত্মহত্যাৰ ঘটনাসমূহৰ তথ্য সঠিকভাৱে উপস্থাপন নোহোৱাৰ উপৰিও আত্মহত্যাৰ ঘটনাসমূহ স্বাভাৱিক মৃত্যুৰ বিষয় ৰূপে শ্ৰেণীভুক্ত হোৱাটোয়ে, মৃত্যুৰ আন কাৰকসমূহৰ তুলনাত আত্মহত্যাৰ ক্ষেত্ৰত অধিক সমস্যাৰ সৃষ্টি কৰে।" "৬৭
আত্মহত্যাৰ সৈতে বহুতো জটিল আৰু আন্তঃসম্পৰ্কিত অন্তৰ্নিহিত অৱদানকাৰী কাৰক জড়িত হৈ থাকে... এই বিষয়সমূহে বেদনা বা ব্যথা আৰু হতাশাৰৰ অনুভূতি সৃষ্টি কৰি আত্মহত্যাৰ প্ৰৱণতা গঢ় দিব পাৰে। নিজকে হত্যা কৰি নিঃশেষ কৰি দিয়াকৈ আগ্নেয়াস্ত্ৰ, ঔষধ আৰু বিঁহৰ দৰে প্ৰয়োজনীয় উপাদানৰ উপলব্ধতাও আত্মহত্যাৰ ক্ষেত্ৰত প্ৰভাৱী হানিকাৰক। ১
— প্ৰচাৰ অভিযানৰ বিজ্ঞপ্তি
পটভূমি
আত্মহত্যাৰ সৈতে উপলব্ধ তথ্য অনুসৰি প্ৰতি বছৰে প্ৰায় এক মিলিয়ন লোকৰ আত্মহত্যাৰ জৰিয়তে মৃত্যু হয় বুলি অনুমান কৰা হৈছে। প্ৰতি ১০,০০০ জনৰ মাজত ১জন (সকলো মৃত্যুৰ ১.৪%), বা "প্ৰতি ৪০ ছেকেণ্ডত এজন বা প্ৰতিদিনে প্ৰায় ৩,০০০ জন" লোকৰ আত্মহত্যাৰ দ্বাৰা জীৱন নাশ হয়। ২০০৪ চনৰ তথ্যৰ পৰা এইটো অনুমান কৰা হৈছে যে, ২০২০ চনৰ ভিতৰত প্ৰতিবছৰে প্ৰায় ১.৫ মিলিয়ন লোকৰ আত্মহত্যাৰে মৃত্যু ঘটিব। ৮
পৰিসংখ্যাৰ পৰা দেখা যায় যে, পৃথিৱীৰ প্ৰায় সকলো দেশতে যিকোনো বয়স গোটৰ ব্যক্তিৰ ক্ষেত্ৰত গড় হিচাপত প্ৰতিগৰাকী মহিলাৰ আত্মহত্যাৰ বিপৰীতে তিনিগৰাকী পুৰুষে আত্মহত্যা সংঘটিত কৰে। "অন্যহাতে, আত্মহত্যাৰ চেষ্টাৰ ক্ষেত্ৰত পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত হাৰ ২ ৰ পৰা ৩ গুণ বেছি হোৱা যেন লাগে। অৱশ্যে, এইক্ষেত্ৰত থকা লিংগ বৈষম্য শেহতীয়া বছৰবোৰত হ্ৰাস পাইছে। "৯ পৰিসংখ্যাই দেখুৱায় যে, হত্যা আৰু যুদ্ধতকৈ আত্মহত্যাৰ জৰিয়তে মৃত্যু হোৱা লোকৰ সংখ্যা অধিক। বিশ্বব্যাপী, মৃত্যুৰ অগ্ৰণী কাৰকসমূহৰ ভিতৰত আত্মহত্যা হৈছে ত্ৰয়োদশ স্থানৰ কাৰক। ১৮ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, আত্মহত্যাৰ দ্বাৰা প্ৰাণনাশ হোৱা প্ৰতিটো ঘটনাৰ বিপৰীতে প্ৰায় ২০জন মানুহে আত্মহত্যাৰে স্ব-প্ৰাণ নাশৰ প্ৰচেষ্টা চলায়। এই হাৰ প্ৰতি তিনি ছেকেণ্ডত এটাৰ সমতুল্য। ১০ ১৫ ৰ পৰা ২৪ বছৰ বয়সৰ ব্যক্তিসকলৰ ক্ষেত্ৰত আত্মহত্যা হৈছে মৃত্যুৰ সৰ্বাধিক সংঘটনৰ কাৰক। ১১
তথ্যসূত্ৰ
- ↑ (11 September 2004). Alaska Observes World Suicide Prevention Day and Alaska Suicide Prevention Month. SitNews
- ↑ Suicide in the U.S.A. Based on Current (2007) Statistics. American Association of Suicidology
- ↑ QMI Agency. (10 September 2011). Inuit youth celebrate life on World Suicide Day. London Free Press
- ↑ (2015). 2014 Mental health Atlas. World Health Organization
- ↑ Celebrating the 1st World Suicide Prevention Day 10 September 2003. Press Release. International Association for Suicide Preventionadapted from the chapter on "Self-Directed Violence" from the World Report on Violence and Health, বিশ্ব স্বাস্থ্য সংস্থা, Geneva, 2002
- ↑ (August 2017). Suicide - Challenges and obstacles. www.who.int. World Health Organization
- ↑ WHO. (2002). Self-directed violence. www.who.int
- ↑ (10 September 2004). World Suicide Prevention Day is marked. Raidió Teilifís Éireann
- ↑ World Suicide Prevention Day - 10 September, 2012. Press Release. International Association for Suicide Prevention
- ↑ Melnick, Meredith. (10 September 2010). It's World Suicide Prevention Day: What You Can Do to Help. Time
- ↑ Fierheller, Lorel. (2009). Suicide Prevention Day coming up. The Beausejour Review
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস” প্ৰবন্ধৰ সংশোধন ৬০৬৫৮৭ (১৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।