বিশ্ব হাঁহি দিৱস প্ৰতিবছৰে মে' মাহৰ প্ৰথম দেওবাৰে পালন কৰা হয়।১ ১৯৯৮ চনৰ ১০ মে' তাৰিখে মুম্বাইত পোনপ্ৰথম বাৰৰ বাবে বিশ্বব্যাপী হাস্য যোগ আন্দোলনৰ প্ৰতিষ্ঠাপক ড° মদন কাটাৰীয়ায়ে এই দিৱস উদযাপন কৰিছিল।২ ফেচিয়েল ফিডবেক হাইপ’থেচিছ'ৰ দ্বাৰা তেওঁ অনুপ্ৰাণিত হৈ লাফটাৰ যোগ বা হাস্য যোগ আন্দোলন আৰম্ভ কৰিছিল। ফেচিয়েল ফিডবেক হাইপ’থেচিছ'ৰ ধাৰণা অনুসৰি মানুহ এজনৰ মুখৰ অভিব্যক্তিয়ে তেওঁৰ আবেগক প্ৰভাৱিত কৰিব পাৰে। বিশ্ব হাঁহি দিৱসৰ উদ্দেশ্য হৈছে হাঁহিৰ জৰিয়তে ভাতৃত্ব আৰু বন্ধুত্বৰ বিশ্বজনীন সজাগতা সৃষ্টি কৰা। এই দিৱসটো সাধাৰণতে ৰাজহুৱা স্থানত হঁহাৰ উদ্দেশ্যে মানুহ একত্ৰিত হৈ পালন কৰে।
বৰ্তমান গোটেই বিশ্বতে এই দিৱস পালন কৰা হয়।২৩
ইতিহাস
১৯৯৮ চনত ভাৰতৰ মুম্বাই চহৰত ডাঃ মদন কটাৰিয়াই বিশ্ব হাস্য দিৱসৰ পাতনি মেলিছিল। ফেচিয়েল ফিডবেক হাইপ’থেচিছ'ৰ দ্বাৰা তেওঁ অনুপ্ৰাণিত হৈ “লাফটাৰ যোগ” আন্দোলন আৰম্ভ কৰিছিল।২৪ ফেচিয়েল ফিডবেক হাইপ’থেচিছ'ৰ ধাৰণা অনুসৰি মানুহ এজনৰ মুখৰ অভিব্যক্তিয়ে তেওঁৰ আবেগক প্ৰভাৱিত কৰিব পাৰে। বৰ্তমান গোটেই বিশ্বৰ ১০৫খন দেশৰ লাফিং ক্লাৱে লাফটাৰ যোগ আন্দোলনৰ লগত জড়িত।
উদযাপন
বিশ্ব হাস্য দিৱস উদযাপন সাধাৰণ নিয়ম অনুসৰি উক্ত দিনটোত লাফটাৰ ক্লাৱৰ সদস্যসকলে পৰিয়াল আৰু বন্ধু-বান্ধৱৰ সৈতে চহৰৰ কোনো এক গুৰুত্বপূৰ্ণ স্থান যেনে ৰাজহুৱা উদ্যান অথবা প্ৰেক্ষাগৃহ আদিত লগ হৈ একেলগে হাঁহে। সেইদিনা তেওঁলোকে বিশ্বশান্তিৰ বাবে প্ৰাৰ্থনা কৰে আৰু ডাঃ কটাৰিয়াৰ বাৰ্তা পঢ়ে।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (2009-05-01). আৰ্কাইভ কপি. Seattle Post-Intelligencer
- ↑ Nerenberg, Albert. World Laughter Day: How a Laughing Fit Sparked an International Movement. Huffingtonpost.com
- ↑ Ritman, Alex. (May 6, 2012). It's World Laughter Day. The National
- ↑ Grinnell, Renee. Facial Feedback Hypothesis. psychcentral.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব হাঁহি দিৱস” প্ৰবন্ধৰ সংশোধন ৪৬৩৭২৫ (১৪ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।