অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

স্তন কেন্সাৰ সজাগতা মাহ

স্তন কেন্সাৰ সজাগতা মাহ (Breast Cancer Awareness Month or BCAM) বা ৰাষ্ট্ৰীয় স্তন কেন্সাৰ সজাগতা মাহ (National Breast Cancer Awareness Month or NBCAM) হৈছে প্ৰতি অক্টোবৰ মাহত স্তন কেন্সাৰৰ প্ৰধান দাতব্য সংস্থাসমূহে স্তন কেন্সাৰ সজাগতা, এই ৰোগৰ প্ৰতি সজাগতা বৃদ্ধি আৰু ইয়াৰ কাৰণ, প্ৰতিৰোধ, নিদান,…

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৮০০ শব্দ · ৪ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

স্তন কেন্সাৰ সজাগতা মাহ (Breast Cancer Awareness Month or BCAM) বা ৰাষ্ট্ৰীয় স্তন কেন্সাৰ সজাগতা মাহ (National Breast Cancer Awareness Month or NBCAM) হৈছে প্ৰতি অক্টোবৰ মাহত স্তন কেন্সাৰৰ প্ৰধান দাতব্য সংস্থাসমূহে স্তন কেন্সাৰ সজাগতা, এই ৰোগৰ প্ৰতি সজাগতা বৃদ্ধি আৰু ইয়াৰ কাৰণ, প্ৰতিৰোধ, নিদান, চিকিৎসা আৰু নিৰাময়ৰ ক্ষেত্ৰত গৱেষণাৰ বাবে ধন সংগ্ৰহৰ বাবে আয়োজন কৰা এক বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান।

এই অনুষ্ঠানৰ পৰ্যবেক্ষণসমূহেৰে ঔষধ কোম্পানীসমূহৰ কৰ্পৰেট খণ্ডৰ জড়িততাৰ বাবে সমালোচনাৰ সন্মুখীন হোৱাৰ লগতে অনুষ্ঠানসমূহৰ সৈতে জড়িত পিংকৱাছিঙৰ দৃষ্টান্তও দেখা গৈছে। ১

ইতিহাস

২০১৭ চনত ৰাষ্ট্ৰীয় স্তন কেন্সাৰ সজাগতা মাহৰ সন্মানত হোৱাইট হাউছ গোলাপী ৰঙেৰে আলোকিত হৈছিল
২০১৭ চনত ৰাষ্ট্ৰীয় স্তন কেন্সাৰ সজাগতা মাহৰ সন্মানত হোৱাইট হাউছ গোলাপী ৰঙেৰে আলোকিত হৈছিলছবি: The White House from Washington, DC · Public domain

১৯৮৫ চনত আমেৰিকান কেঞ্চাৰ ছচাইটি আৰু ইম্পেৰিয়েল কেমিকেল ইণ্ডাষ্ট্ৰীজৰ ফাৰ্মাচিউটিকেল বিভাগৰ (বৰ্তমান এষ্ট্ৰাজেনেকা অংশ, কেইবাটাও স্তনৰ কৰ্কট ৰোগৰ ঔষধৰ উৎপাদক) অংশীদাৰিত্বত এন. বি. চি. এ. এম. প্ৰতিষ্ঠা কৰা হৈছিল। আৰম্ভণিৰে পৰাই এন. বি. চি. এ. এম.-ৰ লক্ষ্য হৈছে স্তনৰ কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজত মেম'গ্ৰাফীক আটাইতকৈ ফলপ্ৰসূ অস্ত্ৰ হিচাপে প্ৰচাৰ কৰা।২

১৯৯৩ চনত এষ্টি ল'ডাৰ কোম্পানীসমূহৰ জ্যেষ্ঠ কৰ্পৰেট উপ-সভানেত্ৰী ইভেলিন ল'ডাৰে স্তন কেন্সাৰ গৱেষণা ফাউণ্ডেশ্যন প্ৰতিষ্ঠা কৰে আৰু গোলাপী ৰঙৰ ফিতাক ইয়াৰ প্ৰতীক হিচাপে প্ৰতিষ্ঠা কৰে যদিও স্তন কেন্সাৰৰ প্ৰতীক হিচাপে প্ৰথমবাৰ ফিতা ব্যৱহাৰ কৰা হোৱা নাছিল: ৩ কেলিফৰ্ণিয়াৰ ৬৮ বছৰীয়া চাৰ্লট হেলী নামৰ মহিলাগৰাকীয়ে, যাৰ ভগ্নী, কন্যা আৰু নাতিনীয়েকৰ স্তন কেন্সাৰ আছিল, তেওঁ গৱেষণাৰ বাবে পৰ্যাপ্ত ধন নথকা কথাটোৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিবলৈ পীচ ৰঙৰ ফিতা বিতৰণ কৰিছিল।৪ ১৯৯১ চনৰ অন্তত চুজান জি কোমেন ফাউণ্ডেচনে স্তন কেন্সাৰৰ পৰা ৰক্ষা পোৱা লোকসকলৰ বাবে নিউয়ৰ্ক চহৰত অনুষ্ঠিত হোৱা দৌৰত অংশগ্ৰহণকাৰীসকলৰ মাজত গোলাপী ৰঙৰ ফিতা বিতৰণ কৰে। ৫

২০১০ চনত ডেল্টা এয়াৰ লাইন্সে "ব্ৰেষ্ট কেন্সাৰ ৰিচাৰ্চ ফাউণ্ডেচন" বিশেষ ৰঙেৰে বয়িং ৭৬৭ -৪৩২ইআৰ N845MH ৰ ৰং কৰিছিল। ২০১৫ চনৰ ছেপ্টেম্বৰ মাহত একেখন বিমানতে লিভাৰীৰ নতুন সংস্কৰণটো পুনৰ ৰং কৰা হয়।

কাৰ্য্যকলাপ আৰু অনুষ্ঠান

বিশ্বজুৰি বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা হয়, এইসমূহৰ বেছিভাগেই অক্টোবৰ মাহত পালন কৰা হয়, য’ত খোজ কঢ়া, দৌৰা, আৰু ল্যাণ্ডমাৰ্ক অট্টালিকাসমূহৰ গোলাপী আলোকসজ্জা আদি অন্তৰ্ভুক্ত হৈ আছে।

Pink Ribbon BCA with shadow (8100459383).png
ছবি: K B · CC BY 2.0

অষ্ট্ৰেলিয়া

পশ্চিম অষ্ট্ৰেলিয়াৰ ৰয় হিল ৰেলৱেই ইয়াৰ ইঞ্জিন আৰু অন্যান্য সঁজুলিবোৰ উজ্জ্বল গোলাপী ৰঙেৰে ৰং কৰে।

পাকিস্তান

লেজাৰ লীগৰ পাকিস্তানী শাখাই কৰাচীত অনুষ্ঠিত হোৱা ২০২০ চনৰ লেজাৰ লীগ মহিলা ফুটবলৰ পিংক কাপ ২০২০ৰ আয়োজন কৰিছিল, য'ত আঠটা মহিলা দলে খেলিছিল আৰু দিয়া ডব্লিউ এফ চি জয়ী হৈছিল ৬

আমেৰিকা যুক্তৰাষ্ট্ৰ

আমেৰিকা যুক্তৰাষ্ট্ৰত, নেচনেল ফুটবল লীগে খেলপথাৰৰ ভিতৰত আৰু বাহিৰত গুলপীয়া ৰঙ ব্যৱহাৰ কৰি স্তনৰ কৰ্কট ৰোগৰ প্ৰতি সজাগতা বৃদ্ধি কৰে, আৰু অক্টোবৰত এদিনত কমিক ষ্ট্ৰিপ শিল্পীসকলেও গুলপীয়া ৰং ব্যৱহাৰ কৰে।৭

স্তন কেন্সাৰ কাৰ্যসূচীৰ বাবে ধন সংগ্ৰহৰ উদ্দেশ্যে খোজকাঢ়ি সমদল উলিওৱা হয়। কাকতলীয়াভাৱে প্ৰথম এনবিচিএএম প্ৰতিষ্ঠা হোৱাৰ দুবছৰ আগতে ১৯৮৩ চনৰ অক্টোবৰ মাহত প্ৰথম কোমেন ৰেচ ফৰ দ্য কিউৰ অনুষ্ঠিত হয় ৮ আৰু এয়া এতিয়া বছৰজুৰি চলি থকা এক অনুষ্ঠান।

পুৰুষৰ স্তন কেন্সাৰ

পুৰুষৰ স্তন কেন্সাৰ বিৰল। ইয়াক সাধাৰণতে উপেক্ষা কৰা হয়। ২০০৯ চনত পুৰুষ স্তন কেন্সাৰৰ পোষকতাকাৰী গোট আউট অৱ দ্য শ্বেড' অৱ পিংক, এ মেনছ পিংক আৰু ব্ৰেণ্ডন গ্ৰীনিং ফাউণ্ডেশ্যন ফৰ ব্ৰেষ্ট কেন্সাৰ ইন মেনএ যোগদান কৰি অক্টোবৰৰ তৃতীয় সপ্তাহটোক "পুৰুষ স্তন কেন্সাৰ সজাগতা সপ্তাহ" হিচাপে বিশ্বজুৰি স্থাপন কৰে। ৯

সমালোচনা

এনবিচিএএম প্ৰতিষ্ঠা কৰাৰ প্ৰেৰণা ১৯৮৯ চনত জেনেকা ইনকৰ্পৰেশ্যনৰ জৰিয়তে আহিছিল। তেওঁলোকে নিজৰ কোম্পানীটোৰ ভিতৰতে স্তন কেন্সাৰ পৰীক্ষাৰ কাৰ্যসূচী আৰম্ভ কৰিছিল। ১৯৯৬ চনত স্ক্ৰীনিং প্ৰগ্ৰেম আৰু অধ্যয়ন সম্পূৰ্ণ হোৱাৰ লগে লগে জেনেকা ইনকৰ্পৰেশ্যনে প্ৰদান কৰা স্বাস্থ্যসেৱা বৃদ্ধিৰ ফলত হেৰুৱা মুঠ আৰ্থিক পৰিমাণৰ সৈতে কোম্পানীয়ে প্ৰগ্ৰেমটো বাতিল কৰিবলগীয়া হ’লে হেৰুৱা মুঠ আৰ্থিক পৰিমাণৰ তুলনা কৰিলে। আগতীয়াকৈ ধৰা পেলোৱা কাৰ্যসূচী চলাই নিবৰ বাবে কোম্পানীটোৰ মুঠ খৰচ ৪ লাখ ডলাৰ বুলি অনুমান কৰা হৈছিল। যদি তেওঁলোকে এই কাৰ্যসূচী চলাব নোৱাৰে তেন্তে কোম্পানীটোৰ মুঠ খৰচ প্ৰায় ১৫ লাখ ডলাৰ হ’ব বুলি অনুমান কৰা হৈছিল। ১০

সমালোচকসকলে কৈছে যে "বিচিএএমৰ ধাৰণাটো 'এটা ব্ৰিটিছ ৰাসায়নিক কোম্পানীৰ আছিল আৰু ইয়াৰ বাবে উক্ত কোম্পানীটোৱ আৰ্থিক অনুদান দিছিল। এই প্ৰতিষ্ঠানটো এই ৰোগ প্ৰক্ৰিয়াৰ পৰা লাভৱান হয় আৰু ৰোগ সৃষ্টিৰ কাৰক হিচাপেও অৰিহণা যোগায়...'।" ১১

কেতিয়াবা ইয়াক ৰাষ্ট্ৰীয় স্তন কেন্সাৰ উদ্যোগ মাহ বুলিও কোৱা হয়, এনবিচিএএমৰ সমালোচকসকলে স্তন কেন্সাৰ সজাগতাৰ পৃষ্ঠপোষকতা কৰা নিগমসমূহৰ মাজত স্বাৰ্থৰ সংঘাতৰ কথা আঙুলিয়াই দিয়ে আৰু লগতে এইসমূহ ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ পৰা লাভৱান হয় বুলিও মত পোষণ কৰে। স্তন কেন্সাৰ পোষকতা সংস্থা Breast Cancer Action য়ে বাতৰি কাকত আৰু অন্যান্য তথ্যৰ উৎসত বাৰে বাৰে কৈছে যে অক্টোবৰ মাহত স্তন কেন্সাৰৰ কাৰণ আৰু প্ৰতিৰোধৰ বিষয়ে আলোচনা এৰাই চলি তাৰ পৰিৱৰ্তে উৎসাহিত কৰাৰ উপায় হিচাপে "সজাগতা"ৰ ওপৰত গুৰুত্ব আৰোপ কৰা এক জনসংযোগ অভিযানত পৰিণত হৈছে আৰু মহিলাসকলক মেম’গ্ৰাম কৰিবলৈ প্ৰৰোচিত কৰা হৈছে। স্তন কেন্সাৰ একচনে স্তন কেন্সাৰৰ সৈতে সম্পৰ্ক দেখুৱাই দিয়া ৰাসায়নিক পদাৰ্থ প্ৰস্তুত আৰু ব্যৱহাৰ কৰা কোম্পানীসমূহৰ কাৰ্য্যক বৰ্ণনা কৰিবলৈ পিংকৱাছিং শব্দটো ব্যৱহাৰ কৰিছে আৰু একে সময়তে ৰোগ নিৰাময়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা দাতব্য সংস্থাসমূহক ৰাজহুৱাভাৱে সমৰ্থন কৰে। ১২ আন আন সমালোচনাসমূহে "গোলাপী ৰঙৰ সামগ্ৰী" আৰু টাই-ইনৰ বিপণনক কেন্দ্ৰ কৰি এই অভিযানসমূহৰ বিপণনত অধিক ধন ব্যয় কৰা হয় বুলি উল্লেখ কৰে। ১৩ ২০১৫ চনৰ অক্টোবৰ মাহত নিউয়ৰ্ক টাইমছৰ মতে ডিকছ স্প’ৰ্টছ গুডছে বিক্ৰী কৰা গোলাপী ৰঙৰ সামগ্ৰীৰ ওপৰত ফাইন প্ৰিণ্টৰ ডিচক্লেইমাৰত প্ৰকাশ পাইছে যে কিছুমান ক্ষেত্ৰত স্তন কেন্সাৰৰ গৱেষণাৰ বাবে একেবাৰেই কোনো ধন দান কৰা নহয়। ১৪ আন কোম্পানীয়ে প্ৰতি অক্টোবৰৰ "পিংক" অভিযানৰ সময়ত গৱেষণাৰ বাবে দিয়া ধনৰ সীমা নিৰ্ধাৰণ কৰে যদিও সেয়া কেতিয়া পোৱা গৈছে সেই কথা গ্ৰাহকক কোৱা নাই। ১৪

উদযাপন

১৯৮৫ চনত, "ৰাষ্ট্ৰীয় স্তন কেন্সাৰ সজাগতা মাহ" (এনবিচিএএম) আমেৰিকান একাডেমী অৱ ফেমিলি ফিজিচিয়ানছ, এষ্ট্ৰাজেনেকা হেল্থকেয়াৰ ফাউণ্ডেশ্যন, কেন্সাৰকেয়াৰ, ইনকৰ্পৰেটেড, আৰু অন্যান্য বিভিন্ন পৃষ্ঠপোষকৰ মাজত সহযোগিতামূলক প্ৰচেষ্টা হিচাপে সৃষ্টি কৰা হৈছিল যাতে সজাগতা বৃদ্ধি আৰু ইয়াৰ নিৰাময়ৰ বাবে গৱেষণাৰ বাবে ধন আহৰণ কৰা হয়।" ১৫

বাহ্যিক সংযোগসমূহ

তথ্যসূত্ৰ

  1. ↑ Breast Cancer Awareness Month 2022. www.breastcancer.org
  2. ↑ About Us. National Breast Cancer Awareness Month
  3. ↑ Estée Lauder Official Site. Esteelauder.com
  4. ↑ Kolata, Gina. (October 30, 2015). A Growing Disenchantment With October 'Pinkification'. The New York Times
  5. ↑ History of the Pink Ribbon. Think Before You Pink
  6. ↑ (2020-10-27). Diya FC crowned Leisure Leagues Women Football's PINK CUP 2020 Champions!. Khilari
  7. ↑ (2010-10-10). Comic strips go pink for breast-cancer awareness. Richmond Times-Dispatch
  8. ↑ Susan G. Komen Race for the Cure Susan G. Komen for the Cure website. Retrieved November 9, 2007
  9. ↑ Male Breast Cancer Awareness Week
  10. ↑ Pezzullo. (November 2003). Resisting "National Breast Cancer Awareness Month": The Rhetoric of Counterpublics and their Cultural Performances. Quarterly Journal of Speech. পৃ. 345–365
  11. ↑ Janette D. Sherman, M.D.(New York and London: Taylor and Francis, 2000). . Life's Delicate Balance THE CANCER MOVEMENT: Independent, Sold-Out, or Bought Up?
  12. ↑ Focus on Pinkwashers, Breast Cancer Action's think before you pink campaign site. Retrieved November 9, 2007
  13. ↑ Who's Really Cleaning Up Here Breast Cancer Action's think before you pink campaign site. Retrieved November 9, 2007
  14. ↑ (October 30, 2015). A Growing Disenchantment With October 'Pinkification'Kolata, Gina (October 30, 2015). "A Growing Disenchantment With October 'Pinkification'". The New York Times. Retrieved October 30, 2015
  15. ↑ October is National Breast Cancer Awareness Month. www.apa.org

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্তন কেন্সাৰ সজাগতা মাহ” প্ৰবন্ধৰ সংশোধন ৬২৪৯৪৩ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।