সংবিধান দিৱস প্ৰতি বছৰে ২৬ নৱেম্বৰত ভাৰতত পালন কৰা হয়। ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে ভাৰতীয় সংবিধান সভায়ে ভাৰতৰ সংবিধান গৃহীত কৰিছিল আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে ই কাৰ্যকৰী হৈছিল।১ সংবিধান দিৱসক ৰাষ্ট্ৰীয় আইন দিৱস হিচাপেও জনা যায়। ভাৰত চৰকাৰে ২০১৫ চনৰ ১৯ নৱেম্বৰ তাৰিখে অধিসূচনাৰ জৰিয়তে ২৬ নৱেম্বৰক সংবিধান দিৱস হিচাপে ঘোষণা কৰিছিল। ২০১৫ চনৰ ১১ অক্টোবৰ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ায়ে মহাৰাষ্ট্ৰৰ মুম্বাইত ভীমৰাও ৰামজী আম্বেদকাৰৰ স্মৃতিত নিৰ্মাণ কৰা সমতাৰ মূৰ্তিৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত ২৬ নৱেম্বৰ তাৰিখে সংবিধান দিৱস পালন কৰাৰ ৰাজহুৱা ঘোষণা কৰিছিল।২ ২০১৫ বৰ্ষটো সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি আৰু সংবিধানৰ খচৰা প্ৰস্তুতকৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ভীমৰাও ৰামজী আম্বেদকাৰৰ ১২৫তম জন্মবাৰ্ষিকী আছিল।১ পূৰ্বতে এই দিনা ৰাষ্ট্ৰীয় আইন দিৱস হিচাপে উদযাপন কৰা হৈছিল।৩ ২৬ নৱেম্বৰক সংবিধানৰ গুৰুত্ব বিস্তাৰ কৰিবলৈ আৰু আম্বেদকাৰৰ চিন্তা আৰু ধাৰণা বিস্তাৰ কৰিবলৈ বাছনি কৰা হৈছিল।৪
পটভূমি
ভাৰত চৰকাৰে ২০১৫ চনত ভাৰতীয় সংবিধানৰ জনক ভীমৰাও ৰামজী আম্বেদকাৰৰ (১৪ এপ্ৰিল ১৮৯১ – ৬ ডিচেম্বৰ ১৯৫৬) ১২৫তম জন্মজয়ন্তী বৰ্ষজুৰা কাৰ্যসূচীৰে পালন কৰিছিল।৫৬৭ বৰ্ষজুৰা উদযাপনৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত এখনি বিশেষ সমিতি ঘোষণা কৰা হৈছিল। বিভিন্ন মন্ত্ৰালয় আৰু বিভাগে গোটেই বছৰ বিভিন্ন কাৰ্য্যসূচী অনুষ্ঠিত কৰিবলৈ আৰু আম্বেদকাৰ চিন্তা-ধাৰণা আৰু দৰ্শন বিস্তাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।৬৮ ২০১৫ চনৰ অক্টোবৰ মাহত মুম্বাইৰ ইন্দু মিলচ কম্পাউণ্ডত আম্বেদকাৰ স্মাৰকৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৬ নৱেম্বৰক "সংবিধান দিৱস" হিচাপে পালন কৰিবলৈ ঘোষণা কৰে।৯১০১১১২ ২০১৫ চনৰ নৱেম্বৰত চৰকাৰে আনুষ্ঠানিকভাৱে এই দিৱস উদযাপনৰ ঘোষণা কৰে।১৩
উদযাপন
ভাৰত চৰকাৰৰ বিভিন্ন বিভাগ আৰু মন্ত্ৰালয়ে সংবিধান দিৱস পালন কৰিছিল। শিক্ষা আৰু স্বাক্ষৰতা বিভাগৰ অনুসৰি প্ৰথম সংবিধান দিৱসত সংবিধানৰ প্ৰস্তাৱনা সকলো শিক্ষাৰ্থীয়ে সকলো বিদ্যালয়ত পঢ়িছিল। ইয়াৰ উপৰিও ভাৰতৰ সংবিধানৰ বিষয়ত অনলাইন আৰু অফলাইন পদ্ধতিৰে কুইজ আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। প্ৰতিখন বিদ্যালয়ত সংবিধানৰ বিশেষত্বৰ ওপৰত আলোচনাচক্ৰ অনুষ্ঠিত কৰা হৈছিল। উচ্চ শিক্ষা বিভাগে বিভিন্ন বিশ্ববিদ্যালয়ক কলেজসমূহত সংসদীয় বিতৰ্ক আৰ্হি ব্যৱস্থা অনুষ্ঠিত কৰিবলৈ অনুৰোধ কৰিছিল। বিশ্ববিদ্যালয় অনুদান আয়োগে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অৱস্থিত আম্বেদকাৰ বিশ্ববিদ্যালয়ত সকলো ৰাজ্যৰ কুইজ বিজেতাসকলে অংশগ্ৰহণ কৰা সৰ্বভাৰতীয় পৰ্যায়ৰ কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল।১৩
বিদেশ মন্ত্ৰালয়ে সকলো বিদেশী ভাৰতীয় বিদ্যালয়ক ২৬ নৱেম্বৰত সংবিধান দিৱস হিচাপে উদযাপন কৰিবলৈ নিৰ্দেশ দিছিল আৰু দূতাবাস সমূহক সংবিধানক সেই দেশৰ স্থানীয় ভাষালৈ অনুবাদ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। ভাৰতীয় সংবিধানক আৰবী ভাষালৈ ৰূপান্তৰ কৰাৰ কাম সম্পূৰ্ণ হৈছে।১৩১৪ প্ৰতি বছৰে সংবিধান দিৱসত ক্ৰীড়া বিভাগে "সমতাৰ বাবে দৌৰ" নামেৰে সজাগতামূলক দৌৰ আৰম্ভ কৰিছে।১৩১৫ সংবিধান আৰু আম্বেদকাৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিবলৈ ২০১৫ চনৰ ২৬ নৱেম্বৰত সংসদৰ এক বিশেষ অধিবেশন অনুষ্ঠিত কৰা হৈছিল।১৩
তথ্যসূত্ৰ
- ↑ Government of India formally notifies November 26 as Constitution Day. onelawstreet.com
- ↑ (11 October 2015). Govt. to observe November 26 as Constitution Day. The Hindu
- ↑ Law Day Speech. Supreme Court of India
- ↑ (12 October 2015). November 26 to be observed as Constitution Day: Facts on the Constitution of India. India Today
- ↑ PTI. (30 May 2015). Modi government to observe BR Ambedkar's 125th birth anniversary in a big way. The Economic Times
- ↑ (30 May 2015). Government to observe BR Ambedkar's 125th birth anniversary in a big way. IBNLive
- ↑ (30 May 2015). Government to observe Ambedkar's 125th birth anniversary in a big way. The Indian Express
- ↑ Shishir Sinha. PM to head panel on Ambedkar's 125th birth anniversary celebrations. Thehindubusinessline.com
- ↑ India, Press Trust of. (11 October 2015). Nov 26 to be observed as 'Samvidhan Divas': Modi. Business Standard News
- ↑ (11 October 2015). Govt. to observe November 26 as Constitution Day. The Hindu
- ↑ (11 October 2015). PM Narendra Modi Lays Foundation Stone of Ambedkar Memorial in Mumbai. Ndtv.com
- ↑ (11 October 2015). PM Narendra Modi to lay foundation stone of Ambedkar memorial today. The Indian Express
- ↑ 26th November to be observed as 'Constitution Day'. Pib.nic.in
- ↑ First Arabic translation of Indian constitution launched in Egypt. Firstpost
- ↑ Mass Run Held on Constitution Day. The New Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সংবিধান দিৱস (ভাৰত)” প্ৰবন্ধৰ সংশোধন ৪২৬৯১৫ (২৭ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।