ছালৰ কৰ্কট ৰোগ (Skin cancer) হৈছে ছালৰপৰা উৎপত্তি হোৱা কৰ্কট ৰোগ। শৰীৰৰ অন্যান্য অংশলৈ বিয়পি পৰাৰ বা আক্ৰমণ কৰাৰ ক্ষমতাসম্পন্ন অস্বাভাৱিক কোষৰ বিকাশৰ ফলত এই ৰোগ হয়।১ যেতিয়া ছালৰ কোষবোৰ অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি পাই মেলিগনেণ্ট টিউমাৰ (মাৰাত্মক টিউমাৰ) গঠন কৰে, তেতিয়াই এই ৰোগৰ সৃষ্টি হয়। ছালৰ কৰ্কট ৰোগৰ প্ৰাথমিক কাৰণ হৈছে সূৰ্য্য বা টেনিঙ সঁজুলিৰপৰা নিৰ্গত হোৱা অতিবেঙুনীয়া বিকিৰণৰ সংস্পৰ্শত দীৰ্ঘসময় থকা। মানুহৰ শৰীৰত আটাইতকৈ বেছি ধৰা পৰা কৰ্কট ৰোগৰ প্ৰকাৰটোৱেই হৈছে ছালৰ কৰ্কট ৰোগ।২৩৪ ছালৰ কৰ্কট ৰোগ প্ৰধানকৈ তিনিপ্ৰকাৰৰ: বেছাল-চেল স্কিন কেন্সাৰ, স্কুৱামাছ-চেল স্কিন কেন্সাৰ আৰু মেলানোমা। প্ৰথম দুয়োটা প্ৰকাৰ আৰু আন কিছুমান কম পৰিমাণে দেখা পোৱা ছালৰ কৰ্কট ৰোগক একেলগে নন-মেলানোমা স্কিন কেন্সাৰ বুলি জনা যায়।৫৬ বেছাল-চেল কেন্সাৰ ধীৰ গতিত বৃদ্ধি পায় আৰু ইয়াৰ আশে-পাশে থকা কলা ধ্বংস কৰিব পাৰে, কিন্তু ই শৰীৰৰ দূৰৱৰ্তী অংশলৈ বিয়পি পৰাৰ বা মৃত্যু ঘটোৱাৰ সম্ভাৱনা কম থাকে।৫ ই প্ৰায়ে ছালৰ ওপৰত এক বিষহীন ফুলি থকা অংশ হিচাপে দেখা দিয়ে, যাৰ উপৰিভাগ চিকমিকিয়া হ’ব পাৰে আৰু তাত ক্ষুদ্ৰ ৰক্তবাহী নলীবোৰ স্পষ্টকৈ দেখা যাব পাৰে; অথবা ই এটা আলচাৰ বা ঘাঁ যুক্ত ফুলি থকা অংশ হিচাপেও প্ৰকাশ পাব পাৰে। স্কুৱামাছ-চেল স্কিন কেন্সাৰ শৰীৰত বিয়পি পৰাৰ সম্ভাৱনা অধিক।৫ ই সাধাৰণতে বাকলিযুক্ত বা খহটা উপৰিভাগ থকা এটা কঠিন টেমুনা হিচাপে দেখা দিয়ে, কিন্তু ইয়াৰপৰাও আলচাৰ বা ঘাঁৰ সৃষ্টি হ’ব পাৰে। মেলানোমা হৈছে আটাইতকৈ আক্ৰমণাত্মক। ইয়াৰ লক্ষণসমূহৰ ভিতৰত আছে তিল বা দাগৰ আকাৰ, আকৃতি বা ৰঙৰ পৰিৱৰ্তন হোৱা, ইয়াৰ সীমা বা কাষবোৰ অনিয়মিত হোৱা, এটাতকৈ অধিক ৰং থকা, খজুৱতি হোৱা বা তেজ ওলোৱা।
৯০% তকৈও অধিক ক্ষেত্ৰত সূৰ্য্যৰ অতিবেঙুনীয়া বিকিৰণৰ সংস্পৰ্শলৈ অহাৰ বাবেই এই ৰোগ হয়। এই বিকিৰণে ছালৰ কৰ্কট ৰোগৰ তিনিওটা প্ৰধানপ্ৰকাৰৰে বিপদাশংকা বৃদ্ধি কৰে। ঔদ্যোগিক বিপ্লৱৰ আৰম্ভণিৰেপৰা এনে বিকিৰণৰ প্ৰভাৱ বৃদ্ধি পাইছে, যাৰ এটা কাৰণ হৈছে অ’জন স্তৰৰ অৱক্ষয়।৫৭ টেনিং বেড হৈছে অতিবেঙুনীয়া বিকিৰণৰ আন এক সাধাৰণ উৎস। মেলানোমা আৰু বেছাল-চেল কৰ্কট ৰোগৰ ক্ষেত্ৰত বাল্যকালত হোৱা অতিবেঙুনীয়া বিকিৰণৰ প্ৰভাৱ বিশেষভাৱে ক্ষতিকাৰক।৮ স্কুৱামাছ-চেল কৰ্কট ৰোগৰ ক্ষেত্ৰত, জীৱনৰ যিকোনো সময়তে হোৱা সামগ্ৰিক বিকিৰণৰ প্ৰভাৱহে অধিক গুৰুত্বপূৰ্ণ। ২০% ৰপৰা ৩০% মেলানোমা ছালৰ তিল বা দাগৰপৰা বিকশিত হয়।৮ যিসকল লোকৰ ছালৰ ৰং বগা বা পাতল, তেওঁলোকৰ ক্ষেত্ৰত ইয়াৰ আশংকা বেছি থাকে,৯ ঠিক যেনেকৈ ঔষধ বা HIV/AIDS ৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পোৱা লোকসকলৰ ক্ষেত্ৰতো এই আশংকা অধিক হয়।৫১০ এই ৰোগৰ ৰোগনিৰ্ণয় বায়’প্সি পদ্ধতিৰদ্বাৰা কৰা হয়।
অতিবেঙুনীয়া বিকিৰণৰ প্ৰভাৱ হ্ৰাস কৰা আৰু ছানস্ক্ৰীন ব্যৱহাৰ কৰাটো মেলানোমা আৰু স্কুৱামাছ-চেল স্কিন কেন্সাৰ প্ৰতিৰোধ কৰাৰ কাৰ্যকৰী উপায় হিচাপে বিবেচিত হৈছে।৮১১ ছানস্ক্ৰীনে বেছাল-চেল কেন্সাৰৰ আশংকা হ্ৰাস কৰে নে নকৰে সেয়া স্পষ্ট নহয়।১১ নন-মেলানোমা ছালৰ কৰ্কট ৰোগ সাধাৰণতে সম্পূৰ্ণ নিৰাময়যোগ্য।৫ ইয়াৰ চিকিৎসা সাধাৰণতে অস্ত্ৰোপচাৰৰদ্বাৰা কৰা হয়, কিন্তু কিছু কম ক্ষেত্ৰত ৰেডিয়েচন থেৰাপী (বিকিৰণ চিকিৎসা) বা ফ্ল’ৰ’ইউৰেচিলৰ দৰে টপিকেল মেডিকেচন (ছালত লগোৱা ঔষধ) অন্তৰ্ভুক্ত হ’ব পাৰে। মেলানোমাৰ চিকিৎসাত অস্ত্ৰোপচাৰ, কেমʼথেৰাপী, ৰেডিয়েচন থেৰাপী আৰু টাৰ্গেটেড থেৰাপীৰ সংমিশ্ৰণ ব্যৱহাৰ কৰিব পাৰি। যিসকল লোকৰ দেহত এই ৰোগ শৰীৰৰ অন্যান্য অংশলৈ বিয়পি পৰিছে, তেওঁলোকৰ জীৱনৰ মানদণ্ড উন্নত কৰিবলৈ পেলিএটিভ কেয়াৰ (উপশমমূলক যত্ন) প্ৰদান কৰা হ’ব পাৰে। কৰ্কট ৰোগসমূহৰ ভিতৰত মেলানোমাৰ জীয়াই থকাৰ হাৰ অন্যতম সৰ্বাধিক, য’ত যুক্তৰাজ্যৰ ৮৬% তকৈও অধিক আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৯০% তকৈও অধিক লোক ৫ বছৰতকৈ অধিক সময় জীয়াই থাকে।১২১৩
ছালৰ কৰ্কট ৰোগ হৈছে আটাইতকৈ সুলভ কৰ্কট ৰোগ, যি বিশ্বজুৰি মুঠ কৰ্কট ৰোগৰ অন্ততঃ ৪০% অংশ অধিকাৰ কৰে।৫১৪ ইয়াৰ আটাইতকেই সাধাৰণ প্ৰকাৰটো হৈছে নন-মেলানোমা স্কিন কেন্সাৰ, যি বছৰি অন্ততঃ ২০ থেকে ৩০ লাখ (২-৩ নিযুত) লোকৰ গাত দেখা দিয়ে।৮১৫ এয়া এক অনুমাণিক হিচাপহে; কাৰণ ইয়াৰ সঠিক পৰিসংখ্যা সংৰক্ষণ কৰা নহয়। নন-মেলানোমা ছালৰ কৰ্কট ৰোগৰ ভিতৰত প্ৰায় ৮০% বেছাল-চেল কেন্সাৰ আৰু ২০% স্কুৱামাছ-চেল স্কিন কেন্সাৰ।৬ বেছাল-চেল আৰু স্কুৱামাছ-চেল স্কিন কেন্সাৰৰ ফলত মৃত্যু হোৱাৰ সম্ভাৱনা অতি বিৰল।৮ আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ্কট ৰোগজনিত মুঠ মৃত্যুৰ ভিতৰত ইয়াৰ হাৰ ০.১% তকৈও কম আছিল। ২০১২ চনত বিশ্বজুৰি ২,৩২,০০০ গৰাকী লোক মেলানোমাত আক্ৰান্ত হৈছিল আৰু ৫৫,০০০ গৰাকী লোকৰ মৃত্যু হৈছিল।৮ অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ শ্বেতাংগ লোকসকলৰ মাজত বিশ্বৰ ভিতৰতে মেলানোমাৰ হাৰ আটাইতকৈ বেছি।৮১৬ বিংশ শতিকাৰ শেষৰফালৰপৰা ছালৰ কৰ্কট ৰোগৰ এই তিনিওটা প্ৰধান প্ৰকাৰ অধিক বৃদ্ধি পাইছে, বিশেষকৈ যিবোৰ অঞ্চলত শ্বেতাংগ জনসংখ্যা প্ৰধান।৫৮
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (17 September 2007). Defining Cancer. National Cancer Institute
- ↑ (April 2017). Epidemiological trends in skin cancer. Dermatology Practical & Conceptual. পৃ. 1–6
- ↑ (July 2022). Changing trends in the disease burden of non-melanoma skin cancer globally from 1990 to 2019 and its predicted level in 25 years. BMC Cancer
- ↑ Lyakhov, Pavel A.; Lyakhova, Ulyana A.; Kalita, Diana I. (2023). Multimodal Analysis of Unbalanced Dermatological Data for Skin Cancer Recognition. IEEE Access. পৃ. 131487–131507
- ↑ (November 2012). Epidemiology and economic burden of nonmelanoma skin cancer. Facial Plastic Surgery Clinics of North America. পৃ. 419–422
- ↑ (2008). ABC of skin cancer. Blackwell Pub. পৃ. 5–6. ISBN 978-1-4443-1250-8
- ↑ (May 2010). Light, including ultraviolet. Journal of Autoimmunity. পৃ. J247–J257
- ↑ (2014). World Cancer Report 2014.. World Health Organization. পৃ. Chapter 5.14. ISBN 978-92-832-0429-9
- ↑ (2008). Sunlight, Vitamin D and Skin Cancer. Advances in Experimental Medicine and Biology. পৃ. 89–103. ISBN 978-0-387-77573-9
- ↑ (September 2003). Update on non-acquired immunodeficiency syndrome-defining malignancies. Current Opinion in Oncology. পৃ. 389–397
- ↑ (June 2012). UV protection and sunscreens: what to tell patients. Cleveland Clinic Journal of Medicine. পৃ. 427–436
- ↑ SEER Stat Fact Sheets: Melanoma of the Skin. NCI
- ↑ (15 November 2011). Release: Cancer Survival Rates, Cancer Survival in England, Patients Diagnosed 2005–2009 and Followed up to 2010. Office for National Statistics
- ↑ (February 2013). Nonmelanoma skin cancer. Facial Plastic Surgery Clinics of North America. পৃ. 43–53
- ↑ How common is skin cancer?. World Health Organization
- ↑ (2013). Epidemiology of Chronic Disease. Jones & Bartlett Publishers. পৃ. 271. ISBN 978-0-7637-8047-0
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছালৰ কৰ্কট ৰোগ” প্ৰবন্ধৰ সংশোধন ৬৩৮৪৮০ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।