অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

পাকস্থলীৰ কৰ্কট ৰোগ

পাকস্থলীৰ কৰ্কট ৰোগ (Stomach cancer), যাক গেষ্ট্ৰিক কেন্সাৰ বুলিও জনা যায়, হৈছে পাকস্থলীৰ এক মাৰাত্মক টিউমাৰ। পাকস্থলীৰ আৱৰণীত অস্বাভাৱিক কোষৰ বৃদ্ধিৰ ফলত এই কৰ্কট ৰোগৰ সৃষ্টি হয়।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ৩৩৩ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

পাকস্থলীৰ কৰ্কট ৰোগ (Stomach cancer), যাক গেষ্ট্ৰিক কেন্সাৰ বুলিও জনা যায়, হৈছে পাকস্থলীৰ এক মাৰাত্মক টিউমাৰ। পাকস্থলীৰ আৱৰণীত অস্বাভাৱিক কোষৰ বৃদ্ধিৰ ফলত এই কৰ্কট ৰোগৰ সৃষ্টি হয়।১ পাকস্থলীৰ কৰ্কট ৰোগৰ সৰহভাগ গোচৰেই হৈছে গেষ্ট্ৰিক কাৰ্চিনোমা, যাক গেষ্ট্ৰিক এডেনোকাৰ্চিনোমাকে ধৰি কেইবাটাও উপ-প্ৰকাৰত বিভক্ত কৰিব পাৰি। পাকস্থলীত লিম্ফোমা আৰু মেচেনকাইমেল টিউমাৰৰো বিকাশ ঘটিব পাৰে। ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহৰ ভিতৰত বুকু জ্বলা-পোৰা কৰা, পেটৰ ওপৰৰ অংশত বিষ হোৱা, বমিভাৱ হোৱা আৰু ভোক কমি যোৱা আদি অন্তৰ্ভুক্ত হ’ব পাৰে। পৰৱৰ্তী সময়ৰ লক্ষণ আৰু প্ৰক্ৰিয়াসমূহৰ ভিতৰত ওজন হ্ৰাস পোৱা, ছাল আৰু চকুৰ বগা অংশ হালধীয়া পৰা (জণ্ডিচ), বমি হোৱা, খাদ্য গিলিবলৈ কষ্ট হোৱা আৰু শৌচৰ সৈতে তেজ যোৱা আদি হ’ব পাৰে। এই কৰ্কট ৰোগ পাকস্থলীৰপৰা শৰীৰৰ অন্যান্য অংশলৈ, বিশেষকৈ যকৃত, হাওঁফাওঁ, হাড়, পেটৰ আৱৰণী আৰু লসিকা গ্ৰন্থিলৈ বিয়পি পৰিব পাৰে।২

হেলিক’বেকটাৰ পাইলোৰি (Helicobacter pylori) নামৰ বেক্টেৰিয়াটোক পাকস্থলীৰ কৰ্কট ৰোগৰ ৬০%-তকৈও অধিক গোচৰৰ বাবে দায়ী বুলি গণ্য কৰা হয়।৩ এইচ. পাইলোৰিৰ কিছুমান নিৰ্দিষ্ট প্ৰজাতি বা ষ্ট্ৰেইনৰ আশংকা অন্যান্যসমূহৰ তুলনাত অধিক হয়। ধুমপান, খাদ্যাভ্যাসৰ কাৰক যেনে আচাৰ বা নিমখত দিয়া শাক-পাচলি খোৱা আৰু মেদবহুলতা হৈছে ইয়াৰ অন্যান্য আশংকা বৃদ্ধিকাৰী কাৰক।৪ প্ৰায় ১০% গোচৰ পৰিয়ালত বংশানুক্ৰমিকভাৱে চলি আহে, আৰু ১% ৰপৰা ৩% গোচৰ পুৰুষানুক্ৰমিকভাৱে প্ৰাপ্ত বা জেনেটিক চিণ্ড্ৰম (জিনীয় লক্ষণ)ৰ বাবে হয়, যেনে— বংশগত বিস্তাৰিত গেষ্ট্ৰিক কেন্সাৰ। বেছিভাগ সময়তে, পাকস্থলীৰ কৰ্কট ৰোগ বছৰ বছৰ ধৰি বিভিন্ন পৰ্যায়ৰ মাজেৰে বিকশিত হয়। সাধাৰণতে এণ্ড’স্কপীৰ সময়ত কৰা বায়’প্সীৰদ্বাৰা ইয়াৰ ৰোগ নিৰ্ণয় কৰা হয়। ইয়াৰ পিছত কৰ্কট ৰোগ শৰীৰৰ অন্যান্য অংশলৈ বিয়পি পৰিছে নেকি তাক নিশ্চিত কৰিবলৈ মেডিকেল ইমেজিং বা চিকিৎসা প্ৰতিচ্ছবি কৰা হয়। এই ৰোগৰ উচ্চ হাৰ থকা জাপান আৰু দক্ষিণ কোৰিয়া নামৰ দেশ দুখনে পাকস্থলীৰ কৰ্কট ৰোগৰ বাবে স্ক্ৰীনিং বা প্ৰাৰম্ভিক পৰীক্ষণ চলায়।

ধুমপান নকৰাৰ দৰেই মেডিটেৰেনিয়ান ডায়েট বা ভূমধ্যসাগৰীয় খাদ্যাভ্যাসেও পাকস্থলীৰ কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰে।৫ কিছুমান সাময়িক প্ৰমাণে ইংগিত দিয়ে যে এইচ. পাইলোৰিৰ চিকিৎসা কৰিলে ভৱিষ্যতৰ আশংকা হ্ৰাস পায়।৫ যদি পাকস্থলীৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক পৰ্যায়তে চিকিৎসা কৰা হয়, তেন্তে ইয়াক সম্পূৰ্ণৰূপে নিৰাময় কৰিব পৰা যায়। ইয়াৰ চিকিৎসাত অস্ত্ৰোপচাৰ, কেম’থেৰাপী, ৰেডিয়েচন থেৰাপী আৰু টাৰ্গেটেড থেৰাপীৰ যিকোনো সংমিশ্ৰণ অন্তৰ্ভুক্ত হ’ব পাৰে।৬ গেষ্ট্ৰিক কেন্সাৰৰ কিছুমান নিৰ্দিষ্ট উপ-প্ৰকাৰৰ বাবে কেন্সাৰ ইমিউন’থেৰাপীও এটা বিকল্প।৭ যদি পলমকৈ চিকিৎসা কৰা হয়, তেন্তে পেলিয়েটিভ কেয়াৰ বা উপশমমূলক শুশ্ৰূষাৰ পৰামৰ্শ দিয়া হ’ব পাৰে। এইচ. পাইলোৰি ধবংস কৰি কিছুমানপ্ৰকাৰৰ লিম্ফোমা নিৰাময় কৰিব পৰা যায়৮। ইয়াৰ ফলাফল বা পৰিণাম প্ৰায়েই আশাব্যঞ্জক নহয়; উন্নত তথা জটিল গোচৰসমূহৰ বাবে পশ্চিমীয়া বিশ্বত পাঁচবছৰীয়া জীৱন-ধাৰণৰ হাৰ ১০%-তকৈও কম।৯ এই স্থিতি থকা বেছিভাগ লোকেই জটিল ৰোগৰ লক্ষণ লৈ চিকিৎসাধীন হ’বলৈ আহে।৯ আমেৰিকা যুক্তৰাষ্ট্ৰত পাঁচবছৰীয়া জীৱন-ধাৰণৰ হাৰ ৩৯.৮%,১০ আনহাতে দক্ষিণ কোৰিয়াত ই ৬৫%-ৰো অধিক আৰু জাপানত ৭০%-ৰো অধিক, যাৰ মুখ্য কাৰণ হৈছে স্ক্ৰীনিং বা প্ৰাৰম্ভিক পৰীক্ষণৰ প্ৰচেষ্টা।১১

গোলকীয়ভাৱে, পাকস্থলীৰ কৰ্কট ৰোগ হৈছে পঞ্চম সৰ্বাধিক প্ৰচলিত কৰ্কট ৰোগ আৰু কৰ্কট ৰোগজনিত মৃত্যুৰ তৃতীয় প্ৰধান কাৰণ, যি কেন্সাৰৰ মুঠ গোচৰৰ ৭% আৰু মৃত্যুৰ ৯% গঠন কৰে।১২ ২০১৮ চনত, ১০.৩ লাখ মানুহৰ শৰীৰত এই ৰোগ নতুনকৈ ধৰা পৰিছিল আৰু ইয়াৰ ফলত ৭,৮৩,০০০ লোকৰ মৃত্যু হৈছিল।১৩ ১৯৩০ চনৰ পূৰ্বে পশ্চিমীয়া বিশ্বত কৰ্কট ৰোগজনিত মৃত্যুৰ ই এক প্ৰধান কাৰণ আছিল; পশ্চিমৰ যুৱ প্ৰজন্মৰ মাজত ইয়াৰ হাৰ তীব্ৰভাৱে হ্ৰাস পাইছে, যদিও পূব এছিয়াত বসবাস কৰা লোকসকলৰ মাজত ইয়াৰ হাৰ এতিয়াও উচ্চ হৈয়েই আছে।১৪১৫১৬ খাদ্য সংৰক্ষণৰ পদ্ধতি হিচাপে ৰেফ্ৰিজাৰেচন বা শীতলীকৰণৰ বিকাশৰ ফলত নিমখত দিয়া আৰু আচাৰজাতীয় খাদ্যৰ ব্যৱহাৰ হ্ৰাস পোৱাৰ বাবেই পশ্চিমীয়া দেশসমূহত এই ৰোগ হ্ৰাস পাইছে বুলি বিশ্বাস কৰা হয়।১৭ পাকস্থলীৰ কৰ্কট ৰোগ আটাইতকৈ বেছিকৈ পূব এছিয়াত দেখা যায়, আৰু ইয়াৰ পিছতেই পূব ইউৰোপৰ স্থান। মহিলাৰ তুলনাত পুৰুষৰ ক্ষেত্ৰত এই ৰোগ দুগুণ বেছিকৈ হোৱা দেখা যায়।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (January 1980). Stomach (Gastric) Cancer. NCI
  2. ↑ (2007). Cancer biology. Oxford University Press. পৃ. 223. ISBN 978-0-19-517543-1
  3. ↑ (2011). Issues in public health. Open University Press. পৃ. 74. ISBN 978-0-335-24422-5
  4. ↑ (September 2013). Gastric cancer: epidemiologic aspects. Helicobacter. পৃ. 34–38
  5. ↑ (27 February 2014). Stomach (Gastric) Cancer Prevention (PDQ®). NCI
  6. ↑ (August 2017). Chemotherapy for advanced gastric cancer. The Cochrane Database of Systematic Reviews
  7. ↑ (August 2021). Targeting the Myeloid-Derived Suppressor Cell Compartment for Inducing Responsiveness to Immune Checkpoint Blockade Is Best Limited to Specific Subtypes of Gastric Cancers. Gastroenterology. পৃ. 727
  8. ↑ (September 2010). Treatment of gastric marginal zone lymphoma of MALT type. Expert Opinion on Pharmacotherapy. পৃ. 2141–2152
  9. ↑ (February 2014). Treatment of gastric cancer. World Journal of Gastroenterology. পৃ. 1635–1649
  10. ↑ Cancer of the Stomach - Cancer Stat Facts. SEER
  11. ↑ がん診療連携拠点病院等院内がん登録生存率集計: (国立がん研究センター がん登録・統計). ganjoho.jp
  12. ↑ (2014). World Cancer Report 2014. World Health Organization. ISBN 978-92-832-0429-9
  13. ↑ (November 2018). Global cancer statistics 2018: GLOBOCAN estimates of incidence and mortality worldwide for 36 cancers in 185 countries. CA: A Cancer Journal for Clinicians. পৃ. 394–424
  14. ↑ (2010). Cancer and its management. Wiley-Blackwell. পৃ. 259. ISBN 978-1-4443-0637-8
  15. ↑ (2011). Handbook of cancer chemotherapy. Wolter Kluwer. পৃ. 127. ISBN 978-1-60831-782-0
  16. ↑ (2010). Human Longevity: The Major Determining Factors. Author House. পৃ. 339. ISBN 978-1-4520-6722-3
  17. ↑ (2004). Cancer, culture, and communication. Kluwer Academic. পৃ. 139. ISBN 978-0-306-47885-7

সম্পৰ্কিত শ্ৰেণী

কৰ্কট ৰোগচিকিৎসা বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাকস্থলীৰ কৰ্কট ৰোগ” প্ৰবন্ধৰ সংশোধন ৬৩৮৪৮৯ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।