অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

তাপাঘাত

তাপাঘাত বা হিট ষ্ট্ৰ'ক এক গুৰুতৰ তাপজনিত ৰোগ যাৰ ফলত শৰীৰৰ তাপমাত্ৰা ৪০° চেণ্টিগ্ৰেডতকৈ অধিক হয় হিট ষ্ট্ৰ'কৰ আৰম্ভণি আকস্মিক বা ক্ৰমান্বয়ে হ'ব পাৰে। ইয়াৰ ফলত বহু-অংগ বিকল হৈ জীৱনলৈ ভাবুকি আহিব পাৰে আৰু চিজাৰ বা বৃক্ক অসাৰৰ দৰে জটিলতা হ’ব পাৰে৷ উচ্চ বাহ্যিক উষ্ণতা আৰু/বা শাৰীৰিক শ্ৰমৰ বাবে…

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১৯৩ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

তাপাঘাত বা হিট ষ্ট্ৰ'ক এক গুৰুতৰ তাপজনিত ৰোগ যাৰ ফলত শৰীৰৰ তাপমাত্ৰা ৪০° চেণ্টিগ্ৰেডতকৈ অধিক হয় লগতে ছাল ৰঙা পৰা, মূৰৰ বিষ, মূৰ ঘূৰণি আৰু বিভ্ৰান্তিৰ সৃষ্টি হয়। সাধাৰণতে শ্ৰমজনিত তাপাঘাতত ঘাম ওলায়, কিন্তু দ্ৰুপদী তাপাঘাতত নহয়।১ হিট ষ্ট্ৰ'কৰ আৰম্ভণি আকস্মিক বা ক্ৰমান্বয়ে হ'ব পাৰে। ইয়াৰ ফলত বহু-অংগ বিকল হৈ জীৱনলৈ ভাবুকি আহিব পাৰে২ আৰু চিজাৰ বা বৃক্ক অসাৰৰ দৰে জটিলতা হ’ব পাৰে৷

উচ্চ বাহ্যিক উষ্ণতা আৰু/বা শাৰীৰিক শ্ৰমৰ বাবে তাপাঘাত হয়। ই সাধাৰণতে প্ৰতিৰোধযোগ্য অত্যাধিক পৰিৱেশগত বা অত্যাধিক শ্ৰমজনিত তাপৰ দীৰ্ঘম্যাদী সংস্পৰ্শত সংঘটিত হয়।২ অৱশ্যে, কিছুমান স্বাস্থ্যজনিত অৱস্থাই তাপাঘাতৰ আশংকা বৃদ্ধি কৰিব পাৰে বিশেষকৈ কিছুমান জিনগত প্ৰবৃত্তি থকা শিশু তুলনামূলকভাৱে মৃদু পৰিস্থিতিত তাপাঘাতৰ প্ৰতি সংবেদনশীল হয়।৩

প্ৰতিৰোধমূলক ব্যৱস্থাসমূহৰ ভিতৰত আছে পৰ্যাপ্ত পৰিমাণৰ তৰল পদাৰ্থ সেৱন কৰা আৰু অত্যাধিক তাপ পৰিহাৰ কৰা।৪ শৰীৰটোৰ দ্ৰুত শীতলতা আৰু সহায়ক যত্ন ইয়াৰ চিকিৎসা। ব্যক্তিজনক পানী ছটিয়াই দিয়া আৰু ফেন ব্যৱহাৰ কৰা, ব্যক্তিক বৰফৰ পানীত ভৰাই দিয়া, বা চেঁচা আন্তঃশিৰা তৰল দিয়া আদি কামৰ পৰামৰ্শ দিয়া হয়। এজন ব্যক্তিৰ চাৰিওফালে বৰফৰ পেক যোগ কৰাটো যুক্তিসংগত কিন্তু ই নিজেই দ্ৰুততম শীতলীকৰণ কৰিব নোৱাৰে।

২০১২ চনৰ পৰা ২০২১ চনলৈকে ভাৰতত হিট ষ্ট্ৰ’কৰ ফলত ১১০০০ৰো অধিক লোকৰ মৃত্যু হৈছে৷ কেৱল ২০১৫ চনতে ১,৯০৮ গৰাকী লোকৰ এই কাৰণত মৃত্যু হৈছিল৷৫ সম্পূৰ্ণৰূপে ব্যায়াম-প্ৰণোদিত হিট ষ্ট্ৰ'ক যদিও এক চিকিৎসা জৰুৰীকালীন অৱস্থা, ই স্ব-সীমিত হোৱাৰ প্ৰৱণতা থাকে (ৰোগীয়ে ক্ৰেম্প বা ক্লান্তিৰ বাবে ব্যায়াম কৰা বন্ধ কৰে আৰু ৫% তকৈ কম ক্ষেত্ৰত মাৰাত্মক হয়। ক্লান্তি নোহোৱা হিট ষ্ট্ৰ'ক মাৰাত্মক৷ আনকি স্বাস্থ্যৱান ব্যক্তিজনক যদি চিকিৎসাৰ সহায় অবিহনে হিট ষ্ট্ৰ’ক হ’ব পৰা পৰিৱেশত এৰি দিয়া হয়, তেন্তে স্বাস্থ্যৰ অৱনতি হৈ থাকিব আৰু গুৰুতৰ ৰোগীৰ ৬৫%ই চিকিৎসা লাভ কৰিলেও মৃত্যু হ’ব৷

চিহ্ন আৰু লক্ষণ

হিট ষ্ট্ৰ'কত সাধাৰণত ৪০.৬°C (১০৫ °F) ৰ অধিক হাইপাৰথাৰ্মিয়াৰ লগতে ব্যক্তিজনে হিতাহিত জ্ঞান হেৰুৱাই পেলায়৷১৬ সাধাৰণতে ক্লাছিক হিট ষ্ট্ৰ'কত ঘাম নোলায়, আনহাতে সাধাৰণতে শ্ৰমজনিত হিট ষ্ট্ৰোকত প্ৰচুৰ ঘাম ওলায়৷১

হিট ষ্ট্ৰ'কৰ প্ৰাৰম্ভিক লক্ষণসমূহৰ ভিতৰত আছে আচৰণগত পৰিৱৰ্তন, বিভ্ৰান্তি, অস্থিৰতা, মূৰ ঘূৰোৱা, দুৰ্বলতা, উত্তেজনা, অস্পষ্ট কথা, বমি বমি ভাব আৰু বমি।১ শ্ৰমজনিত হিট ষ্ট্ৰ'কত ভোগা কিছুমান ব্যক্তিৰ ক্ষেত্ৰত ছিজাৰ আৰু প্ৰস্ৰাৱ বা শৌচ ওলোৱাৰো তথ্য আছে।১ ইয়াৰ উপৰিও শ্ৰমজনিত হিট ষ্ট্ৰ'কত আক্ৰান্ত ব্যক্তিজনৰ অত্যাধিক ঘাম ওলাব পাৰে।৭ পেশী বিকল হৈ ওলোৱা উপাদানবোৰ ৰক্ত প্ৰৱাহত সোমাই অংগৰ বিকলতা সৃষ্টি কৰিব পাৰে৷ ৰেব্‌ড’মায়’লাইছিছ বোলা এই অৱস্থা শ্ৰমজনিত হিট ষ্ট্ৰ’কত দেখা যায়।১

যদি চিকিৎসা বিলম্বিত হয়, ৰোগীৰ গুৰুত্বপূৰ্ণ অংগৰ ক্ষতি, অচেতনতা আৰু আনকি অংগ বিকল হ’ব পাৰে। দ্ৰুত আৰু পৰ্য্যাপ্ত চিকিৎসাৰ অভাৱত হিট ষ্ট্ৰ’ক মাৰাত্মক হ’ব পাৰে৷৮

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (June 2019). Heatstroke. The New England Journal of Medicine. পৃ. 2449–2459
  2. ↑ (June 2002). Heat stroke. The New England Journal of Medicine. পৃ. 1978–1988
  3. ↑ (October 2020). Adaptive thermogenesis enhances the life-threatening response to heat in mice with an Ryr1 mutation. Nature Communications. পৃ. 5099
  4. ↑ (19 June 2017). Tips for Preventing Heat-Related Illness · Extreme Heat. www.cdc.gov
  5. ↑ 23 June 2023. In numbers: Heat strokes killed more than 2,500 people in UP, Bihar in 10 years. India Today
  6. ↑ (March 2001). Hyperpyrexia in the emergency department. Emergency Medicine. পৃ. 116–120
  7. ↑ (2011). InfoSheet: Protecting Workers from Heat Illness. OSHA–NIOSH
  8. ↑ Fauci, Anthony. (2008). Harrison's Principles of Internal Medicine. McGraw-Hill Professional. পৃ. 117–121. ISBN 978-0-07-146633-2

সম্পৰ্কিত শ্ৰেণী

চিকিৎসা বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তাপাঘাত” প্ৰবন্ধৰ সংশোধন ৬৩১৫২৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।