হাওঁফাওঁৰ কৰ্কট ৰোগ (Lung cancer) হৈছে হাঁওফাঁওৰ কলাত উৎপত্তি হোৱা এবিধ মাৰাত্মক টিউমাৰ। শ্বাসনলীৰ কোষবোৰৰ ডি.এন.এ. জিনীয়ভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ ফলত হাওঁফাওঁৰ কৰ্কট ৰোগ হয়। এই ৰোগ প্ৰায়ে ছিগাৰেট সেৱন বা উশাহত ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ গ্ৰহণ কৰাৰ বাবে হয়। ক্ষতিগ্ৰস্ত শ্বাসনলীৰ কোষবোৰে অনিয়ন্ত্ৰিতভাৱে বংশবৃদ্ধি কৰাৰ ক্ষমতা লাভ কৰে, যাৰ ফলত টিউমাৰৰ বৃদ্ধি ঘটে। চিকিৎসা নকৰিলে, এই টিউমাৰবোৰ সমগ্ৰ হাওঁফাওঁতে বিয়পি পৰে আৰু হাওঁফাওঁৰ কাৰ্যক্ষমতা নষ্ট কৰে। অৱশেষত, হাওঁফাওঁৰ টিউমাৰবোৰ মেটাষ্টেচাইজ হয়, অৰ্থাৎ শৰীৰৰ অন্যান্য অংশলৈ বিয়পি পৰে।
প্ৰাৰম্ভিক পৰ্যায়ৰ হাওঁফাওঁৰ কৰ্কট ৰোগৰ প্ৰায়ে কোনো লক্ষণ দেখা নাযায় আৰু ইয়াক কেৱল মেডিকেল ইমেজিং বা স্কেনিং কৰিলেহে ধৰা পেলাব পাৰি। কৰ্কট ৰোগ বৃদ্ধি পোৱাৰ লগে লগে, বেছিভাগ মানুহৰে কিছুমান অ-নিৰ্দিষ্ট শ্বাস-প্ৰশ্বাসজনিত সমস্যায় দেখা দিয়ে; যেনে: কাহ, উশাহ চুটি হোৱা বা বুকৰ বিষ। অন্যান্য লক্ষণসমূহ টিউমাৰটোৰ অৱস্থান আৰু আকাৰৰ ওপৰত নিৰ্ভৰ কৰে। হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত বুলি সন্দেহ কৰা লোকসকলৰ সাধাৰণতে কোনো টিউমাৰৰ অৱস্থান আৰু ইয়াৰ বিস্তৃতি নিৰ্ধাৰণ কৰিবলৈ ধাৰাবাহিকভাৱে কিছুমান প্ৰতিচ্ছবি পৰীক্ষা কৰা হয়। হাওঁফাওঁৰ কৰ্কট ৰোগৰ চূড়ান্ত আৰু নিশ্চিত নিদানৰ বাবে সন্দেহযুক্ত টিউমাৰটোৰ বায়’প্সী কৰা আৰু তাক এজন ৰোগতত্ত্ববিদে অণুবীক্ষণ যন্ত্ৰৰ তলত পৰীক্ষা কৰাটো প্ৰয়োজনীয়। কৰ্কট কোষ চিনাক্ত কৰাৰ উপৰি, এজন ৰোগবিজ্ঞানীয়ে টিউমাৰটো যি কোষৰপৰা উৎপত্তি হৈছে, সেই অনুসৰি ইয়াক শ্ৰেণীভুক্ত কৰিব পাৰে। প্ৰায় ১৫% ক্ষেত্ৰত এই ৰোগ স্মল-চেল লাং কেন্সাৰ বা ক্ষুদ্ৰ-কোষযুক্ত হাওঁফাওঁৰ কৰ্কট ৰোগ (SCLC) হয়, আৰু অৱশিষ্ট ৮৫% (নন-স্মল-চেল লাং কেন্সাৰ বা অ-ক্ষুদ্ৰ-কোষযুক্ত হাওঁফাওঁৰ কৰ্কট ৰোগ বা NSCLC) হৈছে এডিন’কাৰ্চিন’মা (adenocarcinomas), স্কুৱামাছ-চেল কাৰ্চিন’মা (squamous-cell carcinomas) আৰু লাৰ্জ-চেল কাৰ্চিন’মা (large-cell carcinomas)। ৰোগ নিৰ্ণয়ৰ পিছত, কৰ্কট ৰোগটো কিমানদূৰলৈ বিয়পি পৰিছে তাৰ ওপৰত ভিত্তি কৰি ইয়াৰ পৰ্যায় নিৰ্ধাৰণ কৰিবলৈ অধিক প্ৰতিচ্ছবি পৰীক্ষা (imaging) আৰু বায়’প্সী কৰা হয়।
প্ৰাৰম্ভিক পৰ্যায়ৰ হাওঁফাওঁৰ কৰ্কট ৰোগৰ চিকিৎসাত টিউমাৰটো আঁতৰাবলৈ অস্ত্ৰোপচাৰ কৰা হয়। অৱশিষ্ট কৰ্কট কোষবোৰ ধ্বংস কৰিবলৈ কেতিয়াবা ইয়াৰ পিছত বিকিৰণ চিকিৎসা (radiation therapy) আৰু কেম’থেৰাপী প্ৰয়োগ কৰা হয়। পৰৱৰ্তী বা শেষৰ পৰ্যায়ৰ কৰ্কট ৰোগৰ ক্ষেত্ৰত নিৰ্দিষ্ট কৰ্কট উপ-প্ৰকাৰসমূহক লক্ষ্য কৰি কৰা ঔষধ চিকিৎসাৰ লগতে বিকিৰণ চিকিৎসা আৰু কেম’থেৰাপীৰ সহায়ত চিকিৎসা কৰা হয়। চিকিৎসাৰ পিছতো, ৰোগ নিৰ্ণয় হোৱাৰপৰা মাত্ৰ প্ৰায় ২০% মানুহহে পাঁচ বছৰ পৰ্যন্ত জীৱিত থাকে।১ যিসকল লোকৰ কম বয়সতে বা প্ৰাৰম্ভিক পৰ্যায়তে ৰোগ ধৰা পৰে, তেওঁলোকৰ জীৱন ৰক্ষাৰ হাৰ অধিক হয়; আৰু পুৰুষৰ তুলনাত মহিলাৰ ক্ষেত্ৰতো এই হাৰ বেছি।
হাওঁফাওঁৰ কৰ্কট ৰোগৰ বেছিভাগ ঘটনাই ধঁপাত সেৱনৰ বাবে হয়। বাকী থকা অংশ এছবেষ্টছ (asbestos) আৰু ৰেডন গেছৰ দৰে বিপদজ্জনক পদাৰ্থৰ সংস্পৰ্শলৈ অহাৰ বাবে অথবা আকস্মিকভাৱে ঘটা জিনীয় উৎপৰিৱৰ্তনৰ বাবে হয়। ফলস্বৰূপে, হাওঁফাওঁৰ কৰ্কট ৰোগ প্ৰতিৰোধৰ প্ৰচেষ্টাসমূহে মানুহক বিপদজ্জনক ৰাসায়নিক পদাৰ্থসমূহ পৰিহাৰ কৰিবলৈ আৰু ধূমপান ত্যাগ কৰিবলৈ উৎসাহিত কৰে। ধূমপান ত্যাগ কৰিলে হাওঁফাওঁৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা হ্ৰাস পোৱাৰ লগতে ইতিপূৰ্বে এই ৰোগত আক্ৰান্ত হোৱাসকলৰ চিকিৎসাৰ ফলাফলৰো উন্নতি ঘটে।
হাওঁফাওঁৰ কৰ্কট ৰোগ হৈছে বিশ্বজুৰি আটাইতকৈ বেছি ধৰা পৰা আৰু আটাইতকৈ মাৰাত্মক কৰ্কট ৰোগ। ২০২০ চনত ইয়াৰ ২২ লাখ ঘটনা পোহৰলৈ আহিছিল, যাৰ ফলত ১৮ লাখ লোকৰ মৃত্যু হৈছিল।২ ৪০ বছৰতকৈ কম বয়সৰ লোকৰ ক্ষেত্ৰত হাওঁফাওঁৰ কৰ্কট ৰোগ বিৰল; ৰোগ নিৰ্ণয়ৰ গড় বয়স হৈছে ৭০ বছৰ, আৰু মৃত্যুৰ গড় বয়স ৭২ বছৰ।৩ ধঁপাত ব্যৱহাৰৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰি বিশ্বজুৰি ইয়াৰ প্ৰাদুৰ্ভাৱ আৰু ফলাফলৰ যথেষ্ট তাৰতম্য দেখা যায়। বিংশ শতিকাত ছিগাৰেট সেৱনৰ প্ৰচলন হোৱাৰ আগতে, হাওঁফাওঁৰ কৰ্কট ৰোগ এক বিৰল ব্যাধি আছিল। ১৯৫০ আৰু ১৯৬০ ৰ দশকত, ক্ৰমবৰ্ধমান প্ৰমাণে হাওঁফাওঁৰ কৰ্কট ৰোগ আৰু ধঁপাতৰ ব্যৱহাৰৰ মাজত সম্পৰ্ক থকাটো প্ৰতিষ্ঠা কৰিলে, যাৰ ফলশ্ৰুতিত বেছিভাগ ডাঙৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাই ধঁপাতৰ ব্যৱহাৰক নিৰুৎসাহিত কৰি ঘোষণা জাৰি কৰিলে।
তথ্য উৎস
উদ্ধৃত
গ্ৰন্থৰাজি
- (1912). Primary Malignant Growths of the Lungs and Bronchi. Longmans, Green, and Company
- (2022). Murray & Nadel's Textbook of Respiratory Medicine. Elsevier. ISBN 978-0323655873
- (2022). Murray & Nadel's Textbook of Respiratory Medicine. Elsevier. পৃ. 1423–1434
- (2022). Murray & Nadel's Textbook of Respiratory Medicine. Elsevier. পৃ. 1018–1028
- (2022). Murray & Nadel's Textbook of Respiratory Medicine. Elsevier. পৃ. 1005–1017
- (2022). Murray & Nadel's Textbook of Respiratory Medicine. Elsevier. পৃ. 1039–1051
- (2022). Murray & Nadel's Textbook of Respiratory Medicine. Elsevier. পৃ. 1052–1065
- (2022). Murray & Nadel's Textbook of Respiratory Medicine. Elsevier. পৃ. 1029–1038
- European Commission. Directorate General for Research and Innovation.; European Commission Group of Chief Scientific Advisors. (2022). Cancer screening in the European Union. Publications Office of the European Union. ISBN 978-92-76-45603-2
- (2022). ((Harrison's Principles of Internal Medicine)). McGraw Hill. ISBN 978-1264268504
- (April 2023). Holland-Frei Cancer Medicine. Wiley. ISBN 978-1-119-75068-0
- (2023). Fishman's Pulmonary Diseases and Disorders. McGraw Hill. ISBN 978-1260473988
জাৰ্নেলৰ প্ৰবন্ধ
- (December 2020). Update 2020: Management of Non-Small Cell Lung Cancer. Lung. পৃ. 897–907
- (March 2018). Global surveillance of trends in cancer survival 2000–14 (CONCORD-3): analysis of individual records for 37,513,025 patients diagnosed with one of 18 cancers from 322 population-based registries in 71 countries. Lancet. পৃ. 1023–1075
- (June 2020). Palliative Care in Lung Cancer. Clin Chest Med. পৃ. 281–293
- (August 2022). Tobacco control: the FCTC provides the route to the finish line. Lancet. পৃ. 427
- (March 2020). Lung Cancer 2020: Epidemiology, Etiology, and Prevention. Clin Chest Med. পৃ. 1–24
- (February 2021). Current clinical trials and patent update on lung cancer: a retrospective review. Lung Cancer Management
- (July 1999). Alton ochsner, MD, 1896–1981 anti-smoking pioneer. Ochsner J. পৃ. 102–105
- (March 2021). Vaping and lung cancer – A review of current data and recommendations. Lung Cancer. পৃ. 11–20
- (January 2012). Inventing conflicts of interest: a history of tobacco industry tactics. Am J Public Health. পৃ. 63–71
- Canadian Task Force on Preventive Health Care. (April 2016). Recommendations on screening for lung cancer. CMAJ. পৃ. 425–432
- (January 2016). The IASLC Lung Cancer Staging Project: Proposals for Revision of the TNM Stage Groupings in the Forthcoming (8th) ed. of the TNM Classification for Lung Cancer. J Thorac Oncol. পৃ. 39–51
- (December 2022). The 1964 US Surgeon General's report on smoking and health. Addiction. পৃ. 3170–3175
- (July 2008). Evarts A. Graham and the first pneumonectomy for lung cancer. Journal of Clinical Oncology. পৃ. 3268–3275
- (May 2019). Tobacco smoking after diagnosis of cancer: clinical aspects. Translational Lung Cancer Research. পৃ. S50–S58
- (March 2021). Screening for Lung Cancer With Low-Dose Computed Tomography: Updated Evidence Report and Systematic Review for the US Preventive Services Task Force. JAMA. পৃ. 971–987
- (December 2013). Whence lepidic?: the history of a Canadian neologism. Arch Pathol Lab Med. পৃ. 1822–1824
- (July 2019). Comparison of Cancer Burden and Nonprofit Organization Funding Reveals Disparities in Funding Across Cancer Types. J Natl Compr Canc Netw. পৃ. 849–854
- (October 2016). End-of-life care in patients with advanced lung cancer. Ther Adv Respir Dis. পৃ. 455–467
- (August 2018). The 8th lung cancer TNM classification and clinical staging system: review of the changes and clinical implications. Quantitative Imaging in Medicine and Surgery. পৃ. 709–718
- (8 June 2023). Sex Differences in Lung Cancer. Cancers. পৃ. 3111
- (July 2003). Endocrine paraneoplastic syndromes in lung cancer. Current Opinion in Pulmonary Medicine. পৃ. 313–320
- (November 2012). An historical overview of radon and its progeny: applications and health effects. Radiat Prot Dosimetry. পৃ. 2–8
- (May 2019). Lung Cancer. Med Clin North Am. পৃ. 463–473
- (December 2018). Management of malignant airway obstruction. AME Medical Journal. পৃ. 115
- (March 2020). The other Surgeon General's report: history of the U.S. public health response to air pollution, cigarette smoking, and lung cancer. Annals of Cancer Epidemiology. পৃ. 3
- (March 2021). Tobacco control policies in the 21st century: achievements and open challenges. Mol Oncol. পৃ. 744–752
- (March 2012). The history of the discovery of the cigarette-lung cancer link: evidentiary traditions, corporate denial, global toll. Tob Control. পৃ. 87–91
- (January 2021). Small-cell lung cancer. Nat Rev Dis Primers
- (October 2019). Cancer Progress and Priorities: Lung Cancer. Cancer Epidemiol Biomarkers Prev. পৃ. 1563–1579
- (March 2018). Palliative radiotherapy. BMJ. পৃ. k821
- (September 2005). One hundred years of lung cancer. American Journal of Respiratory and Critical Care Medicine. পৃ. 523–529
- (May 2021). Global Cancer Statistics 2020: GLOBOCAN Estimates of Incidence and Mortality Worldwide for 36 Cancers in 185 Countries. CA: A Cancer Journal for Clinicians. পৃ. 209–249
- (February 2022). Patient-Centered Palliative Care for Patients With Advanced Lung Cancer. J Clin Oncol. পৃ. 626–634
- (August 2021). Lung cancer. Lancet. পৃ. 535–554
- (8 December 2016). The history of pulmonary lobectomy: Two phases of innovation. CTSNet
- (November 2001). A short history of lung cancer. Toxicological Sciences. পৃ. 4–6
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাওঁফাওঁৰ কৰ্কট ৰোগ” প্ৰবন্ধৰ সংশোধন ৬৩৫৬৩৭ (১৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।