অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

শল্য−মুখা

শল্য−মুখা বা ছাৰ্জিকেল মাস্ক হৈছে চিকিৎসা সম্পৰ্কীয় কাৰ্যত ব্যৱহাৰ কৰিবৰ বাবে স্বাস্থ্য কৰ্মীসকলৰ বাবে নিৰ্মাণ কৰা বিশেষ ধৰণৰ মুখা। ইয়াক মুখ−আৱৰণ (Face mask) বুলিও কোৱা হয়।

হালনাগাদ: ৮ জুলাই ২০২৬ ২৩৫ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

শল্য−মুখা বা ছাৰ্জিকেল মাস্ক হৈছে চিকিৎসা সম্পৰ্কীয় কাৰ্যত ব্যৱহাৰ কৰিবৰ বাবে স্বাস্থ্য কৰ্মীসকলৰ বাবে নিৰ্মাণ কৰা বিশেষ ধৰণৰ মুখা।১২ ইয়াক মুখ−আৱৰণ (Face mask) বুলিও কোৱা হয়। এই মাস্ক পিন্ধোতাজনৰ নাক আৰু মুখৰ পৰা ওলোৱা শ্বসন কণিকা আৰু থু−খেকাৰ টোপালত থকা বেক্টেৰিয়াৰ পৰা ৰোগী নাইবা চিকিৎসা কৰ্মীৰ সংক্ৰমণ ৰোধ কৰিবলৈ নিৰ্মাণ কৰা হয়।৩৪৫ বায়ুৰ ক্ষুদ্ৰ বেক্টেৰিয়া বা ভাইৰাছক শ্বাস−প্ৰশ্বাসৰ জৰিয়তে প্ৰৱেশ কৰাত বাধা দিব পৰাকৈ এই মুখাবোৰ সক্ষম নহয়। অবশ্যে N95 বা FFP ৰ দৰে মুখাই ইণফ্লুৱেঞ্জাৰ দৰে ৰোগৰ বীজাণুক বাধা দিব পাৰে;৬ আনহাতে পিছৰবিধ মুখাৱৰণ নিৰ্মাণ কৰা পদাৰ্থ, গঠন আৰু কঠিন ৰোধকৰ বাবে পৰীক্ষাগাৰৰ প্ৰয়োগসমূহত ব্যৱহাৰৰ বাবে অধিক কাৰ্যকৰী।৭৮

সুৰক্ষা আৰু গুণগত দিশ অনুসৰি বিভিন্ন প্ৰকাৰৰ শল্য−মুখা পোৱা যায়। যদিও এই মুখাৰ নাম শল্য−মুখা, তথাপি সকলো শল্য−মুখা শল্য চিকিৎসা সময়ত পিন্ধাৰ বাবে উপযোগী নহয়। এনে মাস্কত ছাৰ্জিকেল, আইছ'লেচন, ডেণ্টেল, বা মেডিকেল আদি লেবেল লগোৱা থাকিবও পাৰে।৯ চীনত চিকিৎসা মুখা (অ-শল্য) আৰু শল্য-মুখাৰ মাজত পাৰ্থক্য থকা দেখা যায়।১০

শল্য−মুখাসমূহ মেল্ট ব্লৌয়িং পদ্ধতিত ঊণ-বিহীন কাপোৰৰ পৰা প্ৰস্তুত কৰা হয়। প্ৰায় ১৯৬০ চনৰ পৰা এনে মাস্কৰ ব্যৱহাৰ আৰম্ভ হৈছিল উন্নত দেশ বিলাকক বৃহৎ পৰিমাণত কাপোৰৰ মাস্কৰ সলনি ব্যৱহাৰ হৈছিল। ক'ভিড-১৯ বৈশ্বিক মহামাৰীৰ সময়ত শল্য-মুখাৰ ব্যৱহাৰ এটা বিতৰ্কৰ বিষয় হিচাপে পৰিগণিত হৈছিল,১১ কিয়নো এই সময়ত এনে মাস্কৰ খুব অভাব ঘটিছিল।১২১৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Smith; MacDougall, Colin C.; Johnstone, Jennie. (17 May 2016). Effectiveness of N95 respirators versus surgical masks in protecting health care workers from acute respiratory infection: a systematic review and meta-analysis. CMAJ: Canadian Medical Association Journal. পৃ. 567–574
  2. ↑ Advice on the use of masks the community, during home care and in health care settings in the context of the novel coronavirus (2019-nCoV) outbreak. www.who.int
  3. ↑ (2016-01-07). Transmission-Based Precautions. U.S. Centers for Disease Control and Prevention
  4. ↑ Prevention of hospital-acquired infections. World Health Organization (WHO). পৃ. 45
  5. ↑ (December 2019). Clinical Educators Guide: Australian Guidelines for the Prevention and Control of Infection in Healthcare. Australian National Health and Medical Research Council. পৃ. 20
  6. ↑ Long; Hu, T; Liu, L. (13 March 2020). Effectiveness of N95 respirators versus surgical masks against influenza: A systematic review and meta-analysis.. Journal of Evidence-based Medicine
  7. ↑ (2009-10-14). N95 Respirators and Surgical Masks - Blogs - CDC. CDC Blogs
  8. ↑ Smith; MacDougall, CC; Johnstone, J. (17 May 2016). Effectiveness of N95 respirators versus surgical masks in protecting health care workers from acute respiratory infection: a systematic review and meta-analysis.. CMAJ: Canadian Medical Association Journal (Journal de l'Association Medicale Canadienne). পৃ. 567–574
  9. ↑ N95 Respirators and Surgical Masks (Face Masks). FDA
  10. ↑ (7 February 2020). For different groups of people: how to choose masks. NHC.gov.cn. National Health Commission of the People's Republic of China
  11. ↑ Ting, Victor. (4 April 2020). To mask or not to mask: WHO makes U-turn while US, Singapore abandon pandemic advice and tell citizens to start wearing masks. South China Morning Post
  12. ↑ (2020-03-05). Not Enough Face Masks Are Made In America To Deal With Coronavirus. NPR.org
  13. ↑ (2020-04-01). Chinese mask makers use loopholes to speed up regulatory approval. Financial Times

সম্পৰ্কিত শ্ৰেণী

চিকিৎসা বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শল্য−মুখা” প্ৰবন্ধৰ সংশোধন ৬১৬১৩৯ (৮ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।