অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

নিকটদৃষ্টি

নিকটদৃষ্টি চকুৰ দৃষ্টিশক্তিৰ এনে এক ত্ৰুটি য'ত দৃষ্টি ৰেখাৰ সমান্তৰাল ভাৱে আঁতৰৰ কোনো উৎসৰ পৰা অহা পোহৰ চকুৰ পৰ্দা (ৰেটিনা)ৰ সলনি পৰ্দাৰ সন্মুখত আপাতিত হয়। তাৰ ফলত আঁতৰৰ উৎসটো স্পষ্টকৈ দেখা পোৱা নাযায়। নিকটদৃষ্টিত আক্ৰান্ত লোকে সাধাৰণতে ওচৰৰ বস্তু স্পষ্টকৈ দেখা পায়।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ৩০৭ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

নিকটদৃষ্টি চকুৰ দৃষ্টিশক্তিৰ এনে এক ত্ৰুটি য'ত দৃষ্টি ৰেখাৰ সমান্তৰাল ভাৱে আঁতৰৰ কোনো উৎসৰ পৰা অহা পোহৰ চকুৰ পৰ্দা (ৰেটিনা)ৰ সলনি পৰ্দাৰ সন্মুখত আপাতিত হয়। তাৰ ফলত আঁতৰৰ উৎসটো স্পষ্টকৈ দেখা পোৱা নাযায়। নিকটদৃষ্টিত আক্ৰান্ত লোকে সাধাৰণতে ওচৰৰ বস্তু স্পষ্টকৈ দেখা পায়।

চকু চিকিৎসকসকলে চশমা বা কন্‌টেক্ট লেন্সৰ সহায়ত নিকটদৃষ্টি শুধৰায়। প্ৰতিসাৰক শল্য চিকিৎসাৰেও নিকটদৃষ্টি ঠিক কৰিব পাৰি কিন্তু ইয়াৰ কিছুমান কু-প্ৰভাৱ থাকিব পাৰে। শুধৰণি কৰা লেন্সৰ প্ৰতিসাৰক ক্ষমতা ঋণাত্মক (অৱতল লেন্স) যাতে ই মায়'পিক চকুৰ অতিমাত্ৰা ধনাত্মক ডায়'প্টাৰৰ মোকাবিলা কৰিব পাৰে। ঋণাত্মক ডায়'প্টাৰ নিকটদৃষ্টিৰ মাত্ৰা বুজাবলৈকো উল্লেখ কৰা হয় কাৰণ লেন্সৰ এই নিৰ্দিষ্ট ক্ষমতাইহে অৱস্থাটোৰ শুধৰণি কৰে। উচ্চ মাত্ৰাৰ নিকটদৃষ্টি বুলিলে -৬ ডায়'প্টাৰ বা তাতকৈ বেয়া অৱস্থাক বুজায়।১

নিকটদৃষ্টিৰ প্ৰতিৰূপ অৱস্থাক "দূৰদৃষ্টি" বোলে।

লক্ষণসমূহ

নিকটদৃষ্টি বা মায়'পিয়াত আক্ৰান্তজনে খুব কাষৰ বস্তু ভালকৈ দেখিলেও দূৰৰ বস্তু ভালকৈ নেদেখে। এনে চকুৰ নিকটবিন্দু ২৫ ছে:মি:তকৈও কম হব পাৰে।

কাৰণ

এই বিকাৰৰ পৰম্পৰাগতভাৱে মানি লোৱা কিছুমান কাৰণ: (ক) চকুৰ লেন্সৰ অত্যধিক বক্ৰতা (খ) অক্ষিগোলকৰ দীঘল অৱস্থা।২

২০১২ চনত কৰা এক পৰ্যালোচনাত নিকটদৃষ্টিৰ বাবে জগৰীয়া কোনো কাৰণৰে পক্ষত শক্তিশালী প্ৰমাণ পোৱা নাই।৩ যঁজা সন্তান আৰু তেজৰ সম্পৰ্ক থকা আত্মীয়সকল সমুহীয়াকৈ নিকটদৃষ্টিত ভোগাৰ বেছিকৈ উদাহৰণ থকাৰ বাবে বংশগত কাৰকৰ কথা ভবা হৈছে। আকৌ উন্নত দেশসমূহত এই বিকাৰ বেছিকৈ হোৱাৰ বাবে পৰিবেশজনিত কাৰকো জড়িত থাকিব পাৰে।৪

প্ৰতিকাৰ

উপযুক্ত ক্ষমতাৰ অৱতল লেন্সৰ ব্যৱহাৰ কৰি এই বিকাৰ প্ৰতিকাৰ কৰিব পাৰি ৷৫৬

প্ৰতিকাৰৰ বাবে ব্যৱহাৰ কৰা অৱতল চশমা
প্ৰতিকাৰৰ বাবে ব্যৱহাৰ কৰা অৱতল চশমাছবি: Thor Erik M. Hansen · Public domain

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ Etiopathogenesis and management of high-degree myopia. Part I
  2. ↑ মায়'পিয়া সৃষ্টিৰ কাৰণ
  3. ↑ Sivak, Jacob. (2012). The cause(s) of myopia and the efforts that have been made to prevent it. Clinical and Experimental Optometry. পৃ. 572–582
  4. ↑ Nature News Feature: The myopia boom. Short-sightedness is reaching epidemic proportions. Some scientists think they have found a reason why. Elie Dolgin. Nature, 519:276–278. 19 March 2015. doi:10.1038/519276a
  5. ↑ নিকটদৃষ্টিৰ প্ৰভাৱ
  6. ↑ ৰেটিনা আৰু চকু বিষয়ক বৈজ্ঞানিক অগ্ৰগতি

সম্পৰ্কিত শ্ৰেণী

চিকিৎসা বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিকটদৃষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৮৫৬১ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।