অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

প্ৰষ্টেট কেন্সাৰ

প্ৰষ্টেট কেন্সাৰ (Prostate cancer) হ’ল পুৰুষ প্ৰজনন তন্ত্ৰৰ মূত্ৰাশয়ৰ তলত অৱস্থিত এক গ্ৰন্থি, অৰ্থাৎ প্ৰষ্টেটত কোষৰ অনিয়ন্ত্ৰিত বৃদ্ধি। প্ৰষ্টেট কলাৰ অস্বাভাৱিক বৃদ্ধি সাধাৰণতে স্ক্ৰীনিং পৰীক্ষাৰ জৰিয়তে ধৰা পৰে, যিবোৰ সাধাৰণতে তেজৰ পৰীক্ষা যিয়ে প্ৰষ্টেট-স্পেচিফিক এণ্টিজেন (PSA)ৰ মাত্ৰা পৰীক্ষা…

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ৯৮৩ শব্দ · ৫ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

প্ৰষ্টেট কেন্সাৰ (Prostate cancer) হ’ল পুৰুষ প্ৰজনন তন্ত্ৰৰ মূত্ৰাশয়ৰ তলত অৱস্থিত এক গ্ৰন্থি, অৰ্থাৎ প্ৰষ্টেটত কোষৰ অনিয়ন্ত্ৰিত বৃদ্ধি। প্ৰষ্টেট কলাৰ অস্বাভাৱিক বৃদ্ধি সাধাৰণতে স্ক্ৰীনিং পৰীক্ষাৰ জৰিয়তে ধৰা পৰে, যিবোৰ সাধাৰণতে তেজৰ পৰীক্ষা যিয়ে প্ৰষ্টেট-স্পেচিফিক এণ্টিজেন (PSA)ৰ মাত্ৰা পৰীক্ষা কৰে। তেজত PSA-ৰ মাত্ৰা বেছি থকা লোকসকলৰ প্ৰষ্টেট কেন্সাৰ হোৱাৰ আশংকা বৃদ্ধি পায়।

ৰোগ নিৰ্ণয়ৰ বাবে প্ৰষ্টেটৰ বায়’প্সি কৰাটো প্ৰয়োজনীয়। যদি কেন্সাৰ উপস্থিত থাকে, তেন্তে পেথ’লজিষ্টজনে এটা গ্লীচন স্ক’ৰ প্ৰদান কৰে; উচ্চ স্ক’ৰে অধিক বিপদজনক টিউমাৰক প্ৰতিনিধিত্ব কৰে। প্ৰষ্টেটৰ বাহিৰলৈ বিয়পি পৰা কেন্সাৰ ধৰা পেলাবলৈ মেডিকেল ইমেজিং কৰা হয়। গ্লীচন স্ক’ৰ, PSA-ৰ মাত্ৰা আৰু ইমেজিং ফলাফলৰ ওপৰত ভিত্তি কৰি এটা কেন্সাৰৰ কেছক ১ ৰপৰা ৪ লৈকে পৰ্যায় প্ৰদান কৰা হয়। উচ্চ পৰ্যায়ে অধিক উন্নত, অধিক বিপদজনক ৰোগক সূচায়।

প্ৰায়বোৰ প্ৰষ্টেট টিউমাৰ সৰু হৈ থাকে আৰু ই কোনো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি নকৰে। এইবোৰ সক্ৰিয় নিৰীক্ষণৰ জৰিয়তে পৰিচালনা কৰা হয়, য’ত টিউমাৰটো বৃদ্ধি পোৱা নাই বুলি নিশ্চিত কৰিবলৈ নিয়মীয়া পৰীক্ষাৰদ্বাৰা নিৰীক্ষণ কৰা হয়। অধিক বিপদজনক হ’ব পৰা টিউমাৰসমূহ ৰেডিয়েশ্যন থেৰাপীৰদ্বাৰা ধ্বংস কৰিব পাৰি বা ৰেডিকেল প্ৰষ্টেটেক্টমীৰদ্বাৰা অস্ত্ৰোপচাৰ কৰি আঁতৰাই পেলাব পাৰি। যিসকলৰ কেন্সাৰ প্ৰষ্টেটৰ বাহিৰলৈ বিয়পি পৰে তেওঁলোকক হৰমোন থেৰাপীৰদ্বাৰা চিকিৎসা কৰা হয়, যিয়ে এণ্ড্ৰজেন (পুৰুষত্ব প্ৰদানকাৰী যৌন হৰমোন)ৰ মাত্ৰা হ্ৰাস কৰে, যিবোৰ প্ৰষ্টেট কোষ জীয়াই থাকিবলৈ প্ৰয়োজন হয়। অৱশেষত কেন্সাৰ কোষবোৰ এই চিকিৎসাৰ প্ৰতি প্ৰতিৰোধী হৈ পৰিব পাৰে। এই ৰোগৰ আটাইতকৈ উন্নত পৰ্যায়ক কেষ্ট্ৰেশ্যন-প্ৰতিৰোধী প্ৰষ্টেট কেন্সাৰ বুলি কোৱা হয়, আৰু ইয়াক কেম’থেৰাপী দৰব ড’চিটেক্সেলৰ সৈতে একেলগে ধাৰাবাহিক হৰমোন থেৰাপীৰে চিকিৎসা কৰা হয়।

কিছুমান টিউমাৰ শৰীৰৰ অন্যান্য অংশলৈ, বিশেষকৈ হাড় আৰু লিম্ফ নোডলৈ বিয়পি পৰে (মেটাষ্টেচাইজ)। তাত টিউমাৰবোৰে হাড়ৰ তীব্ৰ বিষ, ভৰিৰ দুৰ্বলতা বা পক্ষাঘাত আৰু অৱশেষত মৃত্যুৰ কাৰণ হয়। প্ৰষ্টেট কেন্সাৰৰ পূৰ্বানুমান নিৰ্ভৰ কৰে ৰোগ নিৰ্ণয়ৰ সময়ত কেন্সাৰ কিমান দূৰলৈ বিয়পি পৰিছে তাৰ ওপৰত। ৰোগ নিৰ্ণয় কৰা বেছিভাগ পুৰুষৰে প্ৰষ্টেটৰ ভিতৰতে সীমাবদ্ধ থকা কম বিপদাশংকাযুক্ত টিউমাৰ থাকে; তেওঁলোকৰ ৯৯% লোক ৰোগ নিৰ্ণয়ৰপৰা ১০ বছৰতকৈ অধিক সময় জীয়াই থাকে। শৰীৰৰ দূৰৱৰ্তী স্থানলৈ মেটাষ্টেচাইজ হোৱা টিউমাৰবোৰ আটাইতকৈ বিপদজনক, যাৰ পাঁচ বছৰ জীয়াই থকাৰ হাৰ (survival rates) ৩০-৪০%।

বয়স বৃদ্ধিৰ লগে লগে প্ৰষ্টেট কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়; ৰোগ নিৰ্ণয়ৰ গড় বয়স হ’ল ৬৭ বছৰ। যিসকলৰ যিকোনো কেন্সাৰৰ পাৰিবাৰিক ইতিহাস আছে তেওঁলোকৰ প্ৰষ্টেট কেন্সাৰ হোৱাৰ সম্ভাৱনা বেছি, বিশেষকৈ যিসকলে BRCA2 জিনৰ কেন্সাৰ-সম্পৰ্কীয় ভেৰিয়েণ্ট উত্তৰাধিকাৰী সূত্ৰে লাভ কৰে। প্ৰতি বছৰে ১.২ নিযুত (১২ লাখ) প্ৰষ্টেট কেন্সাৰৰ কেছ ধৰা পৰে আৰু ৩৫০,০০০ লোক এই ৰোগত মৃত্যুমুখত পৰে,১ যাৰ ফলত ই পুৰুষৰ ক্ষেত্ৰত কেন্সাৰ আৰু কেন্সাৰজনিত মৃত্যুৰ দ্বিতীয় প্ৰধান কাৰণ হৈ পৰে। আঠজন পুৰুষৰ ভিতৰত এজনৰ জীৱনকালত প্ৰষ্টেট কেন্সাৰ ধৰা পৰে আৰু চল্লিছজনৰ ভিতৰত এজনৰ এই ৰোগত মৃত্যু হয়।২

১৯ শতিকাৰ মাজভাগত প্ৰস্ৰাৱৰ বাধা থকা পুৰুষৰ অস্ত্ৰোপচাৰৰ সময়ত প্ৰথমবাৰৰ বাবে প্ৰষ্টেট টিউমাৰৰ বৰ্ণনা কৰা হৈছিল। আৰম্ভণিতে প্ৰষ্টেট কেন্সাৰৰ প্ৰধান চিকিৎসা আছিল প্ৰষ্টেটেক্টমী। ২০ শতিকাৰ মাজভাগলৈ প্ৰষ্টেট কেন্সাৰৰ চিকিৎসাৰ উন্নতি সাধনৰ বাবে ৰেডিয়েশ্যন চিকিৎসা আৰু হৰমোন থেৰাপী বিকশিত কৰা হৈছিল। প্ৰষ্টেট কেন্সাৰৰ হৰমন থেৰাপী আৱিষ্কাৰৰ বাবে ১৯৬৬ চনত চাৰ্লছ হাগিন্সক আৰু ১৯৭৭ চনত আন্দ্ৰজে ডব্লিউ শ্বেলীক নোবেল বঁটাৰে সন্মানিত কৰা হৈছিল।

তথ্য উৎস

Works cited

  • (2022). Metastatic Prostate Cancer: Treatment Options. Oncology. পৃ. 48–59
  • (May 2023). 2022 Update on Prostate Cancer Epidemiology and Risk Factors-A Systematic Review. Eur Urol. পৃ. 191–206
  • (January 2022). Prostate Cancer in Transgender Women: What Does a Urologist Need to Know?. BJU Int. পৃ. 113–122
  • (June 2018). Localized Prostate Cancer: Treatment Options. American Family Physician. পৃ. 798–805
  • (November 2020). Screening for Prostate Cancer. Med Clin North Am. পৃ. 1051–1062
  • (October 2020). Bone Metastases. Nat Rev Dis Primers
  • (March 2020). Considering the Role of Radical Prostatectomy in 21st Century Prostate Cancer Care. Nat Rev Urol. পৃ. 177–188
  • (2023). Current Medical Diagnosis & Treatment 2023. McGraw Hill. ISBN 978-1-264-68734-3
  • (May 2002). A history of prostate cancer treatment. Nature Reviews. Cancer. পৃ. 389–396
  • (May 2021). Hormonal Therapy for Prostate Cancer. Endocr Rev. পৃ. 354–373
  • (February 2020). Biomarkers for Prostate Cancer: Prostate-Specific Antigen and Beyond. Clin Chem Lab Med. পৃ. 326–339
  • (January 2018). Prostate Cancer Grading: a Decade After the 2005 Modified System. Mod Pathol. পৃ. S47–63
  • (December 2021). Epidemiology and Prevention of Prostate Cancer. Eur Urol Oncol. পৃ. 877–892
  • Hessen MT. (August 2022). Prostate Cancer. Clinical Overviews. Elsevier
  • (May 2013). Animal Models of Human Prostate Cancer: the Consensus Report of the New York Meeting of the Mouse Models of Human Cancers Consortium Prostate Pathology Committee. Cancer Res. পৃ. 2718–36
  • (June 2024). Ejaculation Frequency and Prostate Cancer Risk: A Narrative Review of Current Evidence. Clin Genitourin Cancer
  • (April 2021). Advances in the Selection of Patients with Prostate Cancer for Active Surveillance. Nat Rev Urol. পৃ. 197–208
  • (June 2001). Prostate cancer: a brief history and the discovery of hormonal ablation treatment. The Journal of Urology. পৃ. 1859–1862
  • (February 2023). Seminar: Revisiting the Value of PSA-Based Prostate Cancer Screening Essay No 5: Should Men Undergo MRI Before Prostate Biopsy? (Pro). Urol Oncol. পৃ. 88–91
  • (September 2022). Modeling Prostate Cancer: What Does it Take to Build an Ideal Tumor Model?. Cancer Lett
  • (June 2022). Prostate Cancer Risk in Men of Differing Genetic Ancestry and Approaches to Disease Screening and Management in these Groups. Br J Cancer. পৃ. 1366–1373
  • (June 2023). Global Funding for Cancer Research Between 2016 and 2020: a Content Analysis of Public and Philanthropic Investments. Lancet Oncol. পৃ. 636–645
  • (September 2018). Prostate Cancer in Primary Care. Adv Ther. পৃ. 1285–1294
  • (September 2021). The Effectiveness of Psychological Intervention for Depression, Anxiety, and Distress in Prostate Cancer: a Systematic Review of Literature. Prostate Cancer Prostatic Dis. পৃ. 674–687
  • (May 2020). Success of Prostate and Testicular Cancer Awareness Campaigns Compared to Breast Cancer Awareness Month According to Internet Search Volumes: A Google Trends Analysis. Urology. পৃ. 64–70
  • (December 2018). The Epidemiology of Prostate Cancer. Cold Spring Harb Perspect Med
  • (2022). The MD Anderson Manual of Medical Oncology. McGraw Hill. ISBN 978-1-260-46764-2
  • (February 2021). Prostate cancer. Nat Rev Dis Primers
  • (2022). ((Harrison's Principles of Internal Medicine)). McGraw Hill. ISBN 978-1-264-26850-4
  • (2021). Cambell-Walsh-Wein Urology. Elsevier. পৃ. 3457–3477. ISBN 978-0-323-54642-3
  • (September 2021). Prostate cancer. Lancet. পৃ. 1075–1090
  • (January 2019). Treatment of Advanced Prostate Cancer. Annu Rev Med. পৃ. 479–499
  • (2007). Prostate Cancer: Palliative Care and Pain Relief. Br Med Bull. পৃ. 341–354
  • (2016). A History of Prostate Cancer. Springer Nature. পৃ. 15–42. ISBN 978-1-4039-8803-4

তথ্যসূত্ৰ

  1. ↑ Rebello Oing Knudsen
  2. ↑ Scher Eastham 2022

সম্পৰ্কিত শ্ৰেণী

কৰ্কট ৰোগচিকিৎসা বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰষ্টেট কেন্সাৰ” প্ৰবন্ধৰ সংশোধন ৬৩৮৫২৭ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।