জেকলিন জিয়া-কাং ৱাং-পেং ( জন্ম ছেপ্টেম্বৰ ১৯৩২) এগৰাকী টাইৱানীজ-আমেৰিকান চিকিৎসক-বিজ্ঞানী। তেওঁ কেন্সাৰৰ চাইট'জেনেটিক্সৰ লগতে মেডিকেল জেনেটিক্স, জেনেটিক অংক'লজী আৰু জিন মেপিঙৰ বিশেষজ্ঞ। ১৯৬০ চনৰপৰা ১৯৯৩ চনলৈকে নেচনেল কেন্সাৰ ইনষ্টিটিউটৰ গৱেষক হিচাপে কাম কৰিছিল।
প্ৰাথমিক জীৱন আৰু শিক্ষা
জেকলিন জিয়া-কাং ৱাং-পেঙৰ জন্ম হৈছিল চুঝৌত। ১৯৫৬ চনত ৱাং-পেঙে টাইপেই চিকিৎসা বিশ্ববিদ্যালয়ৰপৰা এম.ডি. ডিগ্ৰী লাভ কৰে।১২ ১৯৫৫ চনৰপৰা ১৯৫৭ চনলৈকে নেচনেল টাইৱান ইউনিভাৰ্চিটি হাস্পতালত অস্ত্ৰোপচাৰৰ ইণ্টাৰ্ণ আৰু ফিক্সড ইণ্টাৰ্ণ আছিল। নিউ ইংলেণ্ড হাস্পতালত ইণ্টাৰ্ণ ৰেচিডেণ্ট আৰু অস্ত্ৰোপচাৰৰ মুখ্য ৰেচিডেণ্ট হিচাপে আছিল। তাৰ পিছত তেওঁ কুইন্সি চিটি হাস্পতালত পেথ'লজী আৰু জৰ্জ ৱাশ্বিংটন ইউনিভাৰ্চিটি হাস্পতালত অভ্যন্তৰীণ চিকিৎসাত ৰেচিডেন্সি কাৰ্যনিৰ্বাহ কৰাৰ পাছত ১৯৬০ চনত নেচনেল ইনষ্টিটিউট অৱ হেল্থ (এন আই এইচ)ত যোগদান কৰে।২
কেৰিয়াৰ
১৯৬০ চনত ৱাং-পেঙে নেচনেল কেন্সাৰ ইনষ্টিটিউটৰ (এনচিআই) চিকিৎসা শাখাত যোগদান কৰে।২ ১৯৬৮ চনলৈকে এনচিআইৰ ক্লিনিকেল ট্ৰায়েল এলেকাত জ্যেষ্ঠ তদন্তকাৰী আছিল। ১৯৭২ চনত তেওঁ এনচিআইৰ হিউমেন টিউমাৰ কোষ জীৱবিজ্ঞান শাখাৰ জ্যেষ্ঠ অনুসন্ধানকাৰী আছিল, য'ত তেওঁ মানৱ কৰ্কট ৰোগত কোষীয় নিয়ন্ত্ৰণ ব্যৱস্থাৰ ব্যাখ্যাৰ লক্ষ্যৰে চাইট'জেনেটিক গৱেষণা কৰিছিল।১
ৱাং-পেঙক চাইট'জেনেটিক্সৰ কামৰ বাবে সমগ্ৰ বিশ্বৰ অনুসন্ধানকাৰীয়ে স্বীকৃতি দিছে।১ তেওঁ ২০০ৰো অধিক বৈজ্ঞানিক প্ৰবন্ধ প্ৰকাশ কৰে।২ ৱাং-পেঙে এই ক্ষেত্ৰত কেইবাজনো জ্যেষ্ঠ পেছাদাৰীক নিৰ্দেশনা দিছে। ১৯৭২ চনত তেওঁ জাৰ্নেল অৱ দ্য নেচনেল কেন্সাৰ ইনষ্টিটিউটৰ সহযোগী সম্পাদিকা আছিল।১ ১৯৯৩ চনৰপৰা ৱাং-পেঙে ১৯৮৯ চনৰপৰা জিনছ, ক্ৰম'জম আৰু কেন্সাৰ আলোচনীৰ সম্পাদকীয়মণ্ডলীত কাৰ্যনিৰ্বাহ কৰি আহিছে।২ ৱাং-পেং ৰেটিকুলোএণ্ডোঠেলিয়াল ছ'চাইটি, আমেৰিকান ছ'চাইটি অৱ হেমেট'লজি, আমেৰিকান এছ'চিয়েচন ফৰ দ্য এডভান্সমেণ্ট অৱ চাইন্স আৰু ফাউণ্ডেশ্যন ফৰ এডভান্সড এডুকেচন ইন দ্য চাইন্সেছৰ সদস্য।৩
১৯৯৩ চনৰ ৩১ ডিচেম্বৰত অৱসৰ লোৱাৰ সময়ত এনচিআইৰ মেডিচিন শাখাৰ চাইট’জেনেটিক অংক’লজী বিভাগৰ মুৰব্বী আছিল ৱাং-পেঙ। যকৃত আৰু ছাৰ্ভাইকেল কেন্সাৰৰ ক্লিনিকেল ট্ৰায়েলত সহায় কৰিবলৈ তেওঁ টাইৱানলৈ উভতি যায়।২
তথ্যসূত্ৰ
- ↑ (1972-03-01). Drs. Asofsky and Whang-Peng Presented With Flemming Award for Their Studies. NIH Record
- ↑ (1994-02-01). NCl's Whang-Peng Ends 33-Year Government Career. NIH Record
- ↑ (1968-10-15). Dr. Whang-Peng Honored by Taiwan Daily, Chosen 'Woman of the Year' in Medicine.. NIH Record
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেকলিন ৱাং-পেং” প্ৰবন্ধৰ সংশোধন ৫৯৬১৪৬ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।