অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কেথ্ৰিন মুয়েগে

কেথ্ৰিন মুয়েগে এগৰাকী জাৰ্মান চিকিৎসক আৰু আণৱিক জীৱবিজ্ঞানীৰূপে কৰ্মৰত, যিয়ে ভ্ৰূণৰ বিকাশৰ সময়ত আৰু টিউমাৰৰ অগ্ৰগতিৰ সময়ত ক্ৰ’মেটিন সংগঠনৰ ওপৰত গৱেষণা কৰি আছে। তেওঁ ফ্ৰেডেৰিক নেচনেল লেবৰেটৰী ফৰ কেন্সাৰ ৰিচাৰ্চৰ এগৰাকী জ্যেষ্ঠ অনুসন্ধানকাৰী বিষয়া আৰু এপিজেনেটিক্স বিভাগৰ মুৰব্বী।

হালনাগাদ: ২৯ মাৰ্চ ২০২৬ ১৯৬ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

কেথ্ৰিন মুয়েগে এগৰাকী জাৰ্মান চিকিৎসক আৰু আণৱিক জীৱবিজ্ঞানীৰূপে কৰ্মৰত, যিয়ে ভ্ৰূণৰ বিকাশৰ সময়ত আৰু টিউমাৰৰ অগ্ৰগতিৰ সময়ত ক্ৰ’মেটিন সংগঠনৰ ওপৰত গৱেষণা কৰি আছে। তেওঁ ফ্ৰেডেৰিক নেচনেল লেবৰেটৰী ফৰ কেন্সাৰ ৰিচাৰ্চৰ এগৰাকী জ্যেষ্ঠ অনুসন্ধানকাৰী বিষয়া আৰু এপিজেনেটিক্স বিভাগৰ মুৰব্বী।

শিক্ষা

কেথ্ৰিন মুয়েগে হানোভাৰ মেডিকেল স্কুলৰপৰা এম ডি ডিগ্ৰী লাভ কৰে। পোষ্ট ডক্টৰেট গৱেষক হিচাপে তেওঁ নেচনেল কেন্সাৰ ইনষ্টিটিউট (এনচিআই) লেবৰেটৰী অৱ মলিকুলাৰ ইমিউন’ৰেগুলেচন অৱ জুষ্ট জে অপেনহাইম [ডি] আৰু স্কট কে ডুৰামত চাইট’কাইন আৰু টি কোষৰ বিকাশৰ কাম কৰিছিল।১

কেৰিয়াৰ আৰু গৱেষণা

ফ্ৰেডেৰিক নেচনেল লেবৰেটৰী ফৰ কেন্সাৰ ৰিচাৰ্চৰ এগৰাকী প্ৰধান অনুসন্ধানকাৰী বিষয়া হিচাপে তেওঁ ভ্ৰূণৰ বিকাশৰ সময়ত আৰু টিউমাৰৰ অগ্ৰগতিৰ সময়ত ক্ৰ’মেটিন সংগঠনৰ লেবৰেটৰী অৱ কেন্সাৰ প্ৰিভেনচনত অনুসন্ধানৰ কাম কৰে।১ মাউছ কেন্সাৰ জেনেটিক্স প্ৰগ্ৰেমৰ জ্যেষ্ঠ অনুসন্ধানকাৰী বিষয়া আৰু এপিজেনেটিক্স বিভাগৰ মুৰব্বী আছিল তেওঁ।

মুয়েগে আণৱিক ব্যৱস্থাৰ অধ্যয়ন কৰে যিয়ে মাউৰিনৰ বিকাশৰ সময়ত ক্ৰ’মেটিনৰ গঠন আৰু কাৰ্য্যকলাপ সলনি কৰে। নিউক্লিঅ’জ’মেল ৰিমডেলিং আৰু ডি এন এ মিথাইলেচনকে ধৰি ক্ৰ’মেটিন মডিফায়াৰৰ মাজত কেইবাটাও সম্পৰ্ক আৱিষ্কাৰ কৰিছিল। এই কামটোৱে স্বাভাৱিক কোষীয় পাৰ্থক্যৰ সময়ত আৰু নিউক্লিয়াৰ পুনৰ প্ৰগ্ৰেমিঙৰ বিপৰীত প্ৰক্ৰিয়াৰ সময়ত ক্ৰ’মেটিনৰ পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁৰ অধ্যয়নে জিন প্ৰকাশ কেনেকৈ সুস্থিৰ হয়, কোষে কেনেকৈ সঠিক ফেন’টাইপ বজাই ৰাখে আৰু কেন্সাৰকে ধৰি ৰোগজনিত অৱস্থাত এই প্ৰক্ৰিয়া কেনেকৈ বিঘ্নিত হ’ব পাৰে, সেই বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰে।১

তথ্যসূত্ৰ

  1. ↑ (2014-08-12). Kathrin Muegge, M.D.. Center for Cancer Research

সম্পৰ্কিত শ্ৰেণী

চিকিৎসাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেথ্ৰিন মুয়েগে” প্ৰবন্ধৰ সংশোধন ৫৯৬৫৭৩ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।