অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জুলি মাকানি

জুলি মাকানি (জন্ম ১৯৭০) এগৰাকী তাঞ্জানিয়াৰ চিকিৎসা গৱেষক। ২০১৪ চনৰপৰা তেওঁ ৱেলকাম ট্ৰাষ্টৰ গৱেষক ফেলো আৰু মুহিম্বিলি ইউনিভাৰ্চিটি অৱ হেল্থ এণ্ড এলাইড ছায়েন্স (MUHAS)ৰ ৰক্তবিজ্ঞান আৰু ৰক্ত সঞ্চালন বিভাগৰ সহযোগী অধ্যাপিকা।

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ২২১ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

জুলি মাকানি (জন্ম ১৯৭০) এগৰাকী তাঞ্জানিয়াৰ চিকিৎসা গৱেষক। ২০১৪ চনৰপৰা তেওঁ ৱেলকাম ট্ৰাষ্টৰ গৱেষক ফেলো আৰু মুহিম্বিলি ইউনিভাৰ্চিটি অৱ হেল্থ এণ্ড এলাইড ছায়েন্স (MUHAS)ৰ ৰক্তবিজ্ঞান আৰু ৰক্ত সঞ্চালন বিভাগৰ সহযোগী অধ্যাপিকা। ইয়াৰ উপৰি অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ নাফিল্ড চিকিৎসা বিভাগৰ ভিজিটিং ফেলো আৰু পৰামৰ্শদাতা, তেওঁৰ ঘৰ তাঞ্জানিয়াৰ দাৰ এছ চালামত।১ ২০১১ চনত তেওঁ ছিকেল চেল ৰোগৰ সৈতে কৰা কামৰ বাবে ৰয়েল ছ'চাইটি ফাইজাৰ বঁটা লাভ কৰে।২

শিক্ষা

তাঞ্জানিয়াৰ আৰুছাৰ ছেইণ্ট কনষ্টেণ্টাইন প্ৰাথমিক বিদ্যালয়ত পঢ়াৰ পিছত৩ মাকানীয়ে তাঞ্জানিয়াৰ মুহিবিলি বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ প্ৰশিক্ষণ লয় আৰু ১৯৯৪ চনত চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰে।৪ ১৯৯৭ চনত তেওঁ কমনৱেলথ বৃত্তিৰে লণ্ডন বিশ্ববিদ্যালয়ৰ ৰয়েল পোষ্টগ্ৰেজুৱেট মেডিকেল স্কুলৰ হামাৰস্মিথ হাস্পতালত অভ্যন্তৰীণ চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ অধ্যয়ন কৰে।৩ তাৰপৰাই তেওঁ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ নাফিল্ড চিকিৎসা বিভাগৰ গৱেষক হিচাপে অক্সফৰ্ডলৈ যায়।১ ২০০৩ চনত ৱেলকাম ট্ৰাষ্টৰপৰা চাৰিবছৰীয়া পি এইচ ডি প্ৰশিক্ষণ ফেল’শ্বিপ লাভ কৰি তাঞ্জানিয়াত ছিকেল চেল ৰোগ অধ্যয়ন কৰে। তেওঁ ক্লিনিকেল এপিডেমিঅ'লজি অৱ ছিকেল চেল ডিজিজ (SCD)ৰ ওপৰত পি এইচ ডি সম্পূৰ্ণ কৰে।৫

জৈৱ চিকিৎসা গৱেষণা

২০০৪ চনত তেওঁ ৱেলকাম ট্ৰাষ্টৰ প্ৰশিক্ষণ ফেল'শ্বিপ লাভ কৰে আৰু মুহিবিলি ইউনিভাৰ্চিটি অৱ হেল্থ এণ্ড এলাইড চাইন্সেছ (MUHAS)ত ছিকেল চেল ডিজিজ (SCD) কাৰ্যসূচী স্থাপন কৰে, য'ত ২০০০ৰো অধিক এছচিডি ৰোগীৰ সম্ভাৱ্য চোৱা-চিতা কৰা হয়।৬ ছিকেল চেল ৰোগত ৰক্তকণিকাবোৰৰ আকৃতি অস্বাভাৱিক হয়, যাৰ ফলত শৰীৰৰ মাজেৰে তেজৰ সোঁত আৰু তাৰ ফলত সমগ্ৰ শৰীৰত অক্সিজেন পৰিবহণত সমস্যাৰ সৃষ্টি হয়। জিনীয় বিকাৰ, এই ৰোগে পুনৰাবৃত্তিমূলক বিষ আৰু অংগসমূহৰ গুৰুতৰ ক্ষতিৰ সৃষ্টি কৰে যাৰ ফলত মৃত্যু হ'ব পাৰে।৭ তাঞ্জানিয়াত বছৰি প্ৰায় আঠৰপৰা এঘাৰ হাজাৰ শিশুৰ জন্ম হয় ছিকেল-চেল ৰোগত।৮ মুহিবিলিত মাকানীৰ প্ৰাৰম্ভিক কামৰ কেন্দ্ৰবিন্দু আছিল মেলেৰিয়া, বেক্টেৰিয়াৰ সংক্ৰমণ আৰু ষ্ট্ৰোকৰ দৰে কাৰকসমূহ পৰীক্ষা কৰা, যিবোৰে হস্তক্ষেপ উপলব্ধ হ'লে অসুস্থতা আৰু মৃত্যুৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগায় বুলি ধৰা হয়।৯

তথ্যসূত্ৰ

  1. ↑ Dr Julie Makani. Nuffield Department of Medicine
  2. ↑ (15 September 2011). Tanzanian scientist wins Royal Society Pfizer Award for Sickle Cell Disease research. The Royal Society
  3. ↑ Mwangi, Tabitha. (6 November 2011). Painful crisis: Dr Julie Makani's fight against sickle cell disease. The East African Magazine
  4. ↑ (2 April 2012). DR JULIE MAKANI: Feeling the pain of sickle cell anaemia. Africa Review
  5. ↑ Dr Julie Makani - Principal Investigator (Haematology). Muhimbili Wellcome Programme
  6. ↑ Muhimbili Wellcome Programme. Muhimbili Wellcome Programme
  7. ↑ Sangare, Nene. FABA (For Africa By Africans): Sickle Cell Disease Research. Africa Strictly Business
  8. ↑ Gribbin, Alice. The NS Interview: Julie Makani, tropical medicine researcher. New Statesman
  9. ↑ Makani, Julie; Kirkham, Fenella J.; Komba, Albert. (May 2009). Risk factors for high cerebral blood flow velocity and death in Kenyan children with Sickle Cell Anaemia: role of haemoglobin oxygen saturation and febrile illness. British Journal of Haematology. পৃ. 529–532

সম্পৰ্কিত শ্ৰেণী

চিকিৎসাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুলি মাকানি” প্ৰবন্ধৰ সংশোধন ৫৯৮৭৯৯ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।