জেমিমাহ কাৰিউকি (Jemimah Kariuki) কেনিয়াৰ এগৰাকী চিকিৎসক যি প্ৰতিৰোধমূলক চিকিৎসা, মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ বিশেষজ্ঞ। ক’ভিড-১৯ মহামাৰীৰ সময়ত তেওঁ এম্বুলেন্স সেৱাৰ আয়োজন কৰিছিল যাৰ ফলত গৰ্ভৱতী মহিলাসকলে প্ৰসূতিৰ যত্ন ল’ব পাৰিছিল। ২০২০ চনত বিবিচিৰ ১০০ গৰাকী মহিলাৰ ভিতৰত অন্যতম হিচাপে তালিকাভুক্ত হৈছিল ছানীয়ে।
কৰ্মজীৱন
কাৰিউকি নাইৰোবি বিশ্ববিদ্যালয়ৰ কেনিয়াটা ৰাষ্ট্ৰীয় চিকিৎসালয়ৰ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞৰ আৱাসী চিকিৎসক।১ ২০০৭ চনত নিৰ্বাচনৰ পিছৰ হিংসাৰ প্ৰতি সঁহাৰি জনাই আৰম্ভ হোৱা পিছ ক্লাব আৰু ছাৰ্ভাইকেল কেন্সাৰ প্ৰতিৰোধ আৰু সজাগতাৰ বাবে উৎসৰ্গিত জনস্বাস্থ্য ক্লাবৰ তেওঁ প্ৰতিষ্ঠাপক।২
কেনিয়াত ক'ভিড১৯ মহামাৰীৰ সময়ত প্ৰসূতি চিকিৎসক হিচাপে তেওঁ মাতৃৰ ৰোগীৰ তীব্ৰ হ্ৰাস লক্ষ্য কৰিছিল, কিন্তু বিশেষকৈ কাৰ্ফিউৰ সময়ত জটিলতা বৃদ্ধি হোৱা লক্ষ্য কৰিছিল।৩৪ বিশেষজ্ঞসকলৰ মতে কেনিয়া হৈছে মাতৃ আৰু শিশু উভয়ৰে মৃত্যুৰ হাৰ সৰ্বাধিক হোৱা দেশসমূহৰ ভিতৰত অন্যতম, যিটো কাৰফিউৰ ফলত বৃদ্ধি পাইছে।[5] কাৰিউকিয়ে উপলব্ধি কৰিছিল যে পৰিবহণৰ বিকল্প সীমিত হোৱাৰ বাবে স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰাত পলম হৈছে।৫ প্ৰথম অৱস্থাত তেওঁ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰ ব্যৱহাৰ কৰি গৰ্ভৱতী পিতৃ-মাতৃক চিকিৎসালয়লৈ লৈ যোৱাৰ বাবে চৰকাৰী সংস্থা আৰু ব্যক্তিগত কোম্পানীসমূহৰ পৰা সহায় বিচাৰিছিল।৬ এই ধাৰণাটোৰ ফলত হুইলছ ফৰ লাইফ নামৰ বিনামূলীয়া এম্বুলেন্স সেৱাৰ সৃষ্টি হয়।৬ ৭
বঁটা
২০২০ চনৰ ২৩ নৱেম্বৰত কাৰিউকি বিবিচিৰ বছৰৰ ১০০ গৰাকী প্ৰভাৱশালী মহিলাৰ তালিকাত অন্তৰ্ভুক্ত হয়।৭
২৫ মে' ২০২১ - বিশ্ব স্বাস্থ্যৰ উন্নতিৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধানৰ বঁটা, ২০২১
তথ্যসূত্ৰ
- ↑ Mwobobia, Judith Mukiri. The repercussions of Covid-19 fight - Standard Health. Health
- ↑ (2020-11-26). Two Kenyan women featured on BBC's most influential list. People Daily
- ↑ Mersie, Ayenat. (2020-07-09). Free ambulance helps save mothers and babies in Kenya lockdown. Reuters
- ↑ 'I couldn't let women die in childbirth'. BBC News
- ↑ Pregnant women at risk of death in Kenya's COVID-19 curfew. AccessWDUN
- ↑ Pregnant women at risk of death in Kenya's COVID-19 curfew. ABC News
- ↑ (2020-11-23). BBC 100 Women 2020: Who is on the list this year?. BBC News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেমিমাহ কাৰিউকি” প্ৰবন্ধৰ সংশোধন ৪৯৭৬২৮ (২৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।