অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গীতা ৰামজী

গীতা ৰামজী এফ আৰ চি পি ই (জন্ম পৰেখ; ৮ এপ্ৰিল ১৯৫৬ – ৩১ মাৰ্চ ২০২০) উগাণ্ডাৰ-দক্ষিণ আফ্ৰিকাৰ বিজ্ঞানী আৰু এইচ আই ভি প্ৰতিৰোধৰ গৱেষক আছিল। ২০১৮ চনত ইউৰোপীয় আৰু উন্নয়নশীল দেশৰ ক্লিনিকেল ট্ৰায়েল পাৰ্টনাৰশ্বিপৰপৰা ‘আউটষ্টেণ্ডিং ফিমেল চাইণ্টিষ্ট’ বঁটা লাভ কৰে।

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ৩০০ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

গীতা ৰামজী এফ আৰ চি পি ই (জন্ম পৰেখ; ৮ এপ্ৰিল ১৯৫৬ – ৩১ মাৰ্চ ২০২০) উগাণ্ডাৰ-দক্ষিণ আফ্ৰিকাৰ বিজ্ঞানী আৰু এইচ আই ভি প্ৰতিৰোধৰ গৱেষক আছিল। ২০১৮ চনত ইউৰোপীয় আৰু উন্নয়নশীল দেশৰ ক্লিনিকেল ট্ৰায়েল পাৰ্টনাৰশ্বিপৰপৰা ‘আউটষ্টেণ্ডিং ফিমেল চাইণ্টিষ্ট’ বঁটা লাভ কৰে।১ দক্ষিণ আফ্ৰিকাৰ uMhlanga ত ক'ভিড-১৯ সম্পৰ্কীয় জটিলতাৰ ফলত তেওঁৰ মৃত্যু হয়।২

প্ৰাথমিক জীৱন আৰু শিক্ষা

১৯৫৬ চনৰ ৮ এপ্ৰিলত জন্মগ্ৰহণ কৰা গীতা পাৰেখৰ জন্ম হৈছিলref name="nyt">Genzlinger, Neil. (April 3, 2020). Gita Ramjee, a Leading AIDS Researcher, Dies at 63. The New York Times</ref>৩ আৰু ১৯৭০ চনত ইডি আমিনৰ অধীনত পৰিয়ালক নিৰ্বাসনলৈ খেদি পঠিওৱাৰ পূৰ্বে ঔপনিৱেশিক উগাণ্ডাত ডাঙৰ-দীঘল হৈছিল।৩ ইংলেণ্ডৰ চাণ্ডাৰলেণ্ড বিশ্ববিদ্যালয়ত পঢ়াৰ পূৰ্বে ভাৰতত হাইস্কুলত পঢ়িছিল। ১৯৮০ চনত ৰসায়ন বিজ্ঞান আৰু শৰীৰ বিজ্ঞানত বি এছ চি (অনাৰ্ছ) ডিগ্ৰী লাভ কৰে। দক্ষিণ আফ্ৰিকান-ভাৰতীয় সহপাঠী প্ৰবীণ ৰামজীক বিয়া কৰাই ডাৰবানলৈ গুচি যায় আৰু তাৰপৰাই কোৱাজুলু-নাটাল বিশ্ববিদ্যালয়ৰ মেডিকেল স্কুলৰ শিশু চিকিৎসা বিভাগত কাম কৰিবলৈ আৰম্ভ কৰে। দুজন পুত্ৰৰ জন্মৰ পাছত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে, আৰু তাৰ পিছত ১৯৯৪ চনত পি এইচ ডি ডিগ্ৰী লাভ কৰে।৪

কেৰিয়াৰ

শৈশৱৰ বৃক্কৰ ৰোগত পি এইচ ডি সম্পূৰ্ণ কৰাৰ পাছত ৰামজীয়ে দক্ষিণ আফ্ৰিকান মেডিকেল ৰিচাৰ্চ কাউন্সিলত বিজ্ঞানী হিচাপে যোগদান কৰে।৪ ৰেংকৰ মাজেৰে দ্ৰুতগতিত উঠি-পৰিষদৰ আটাইতকৈ ডাঙৰ ইউনিট এইচ আই ভি প্ৰতিৰোধ গৱেষণা ইউনিটৰ মুৰব্বী হ’ল। তেওঁ ইউনিটটোক ২২ জন বৈজ্ঞানিক কৰ্মচাৰীৰপৰা ৩৫০ জনলৈ সম্প্ৰসাৰণ কৰাত সহায় কৰিছিল আৰু ইয়াৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতি বৃদ্ধি কৰাত সহায় কৰিছিল।৪

মৃত্যুৰ সময়ত ৰামজী এইডছ/যক্ষ্মা ৰোগৰ অলাভজনক সংস্থা ঔৰাম ইনষ্টিটিউটৰ মুখ্য বৈজ্ঞানিক বিষয়া৫ লগতে দক্ষিণ আফ্ৰিকান মেডিকেল ৰিচাৰ্চ কাউন্সিলৰ প্ৰতিৰোধ গৱেষণা ইউনিটৰ সঞ্চালক আছিল। ২০১২ চনত আন্তঃৰাষ্ট্ৰীয় মাইক্ৰ’বাইচাইড সন্মিলনত লাইফটাইম এচিভমেণ্ট বঁটা লাভ কৰে। লণ্ডন স্কুল অৱ হাইজিন এণ্ড ট্ৰপিকেল মেডিচিন, ছিয়াটলৰ ৱাশ্বিংটন বিশ্ববিদ্যালয় আৰু কেপ টাউন বিশ্ববিদ্যালয়ৰ সন্মানীয় অধ্যাপিকা আছিল।৫ তেওঁ দক্ষিণ আফ্ৰিকাৰ বিজ্ঞান একাডেমী (ASSAf) আৰু দক্ষিণ আফ্ৰিকান নেচনেল এইডছ কাউন্সিল (SANAC)কে ধৰি কেইবাখনো স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় সমিতিৰ সদস্য আছিল।৬

গৱেষণা

এইচ আই ভি প্ৰতিৰোধ আৰু চিকিৎসা গৱেষণাৰ বিশেষজ্ঞতাই তেওঁক ক্লিনিকেল ট্ৰায়েল ইউনিটৰ প্ৰধান অনুসন্ধানকাৰী হিচাপে বৃহত্তৰ ডাৰবান অঞ্চলত তৃতীয় পৰ্যায়ৰ এইচ আই ভি প্ৰতিৰোধ আৰু চিকিৎসাৰ ক্লিনিকেল ট্ৰায়েলৰ জৰিয়তে প্ৰথম পৰ্যায়ৰ সম্প্ৰসাৰণৰ নেতৃত্ব দিয়ে।৬ ৰামজীয়ে চিন্তিত আছিল যে কেৱল ক্লিনিকেল ট্ৰায়েলৰ ওপৰত গুৰুত্ব দিয়া উচিত নহয়, এইচ আই ভি প্ৰতিৰোধৰ শিক্ষা আৰু যত্নৰ সৈতে চিকিৎসাৰ ওপৰতো গুৰুত্ব দিয়া উচিত। এক সাক্ষাৎকাৰত তেওঁ কয়, “এই অঞ্চলত এইচ আই ভিৰদ্বাৰা মহিলাসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে, আৰু উন্নয়নশীল দেশসমূহৰ স্বাস্থ্যজনিত সমস্যাসমূহৰ সমাধানৰ বাবে এতিয়াও বহু কাম আছে। এইচ আই ভি প্ৰতিৰোধৰ বাবে [এটা] অধিক সামগ্ৰিক পদ্ধতিৰ প্ৰয়োজন আছে য’ত মহিলাৰ প্ৰজনন স্বাস্থ্যৰ যত্ন অন্তৰ্ভুক্ত হ’ব লাগে।”৪ ৰামজী আছিল দক্ষিণ আফ্ৰিকাৰ প্ৰথম বিজ্ঞানীসকলৰ ভিতৰত এজন যিয়ে মাইক্ৰ'বাইচাইড প্ৰস্তুত কৰাৰ কাম কৰিছিল।

২০১৭ চনৰ এম আৰ চি বৈজ্ঞানিক মেৰিট বঁটাৰ স্বৰ্ণ পদক লাভ কৰে।

এগৰাকী শিক্ষাবিদ হিচাপে তেওঁ ১৭০ টাতকৈও অধিক প্ৰবন্ধ প্ৰকাশ কৰিছিল আৰু কেইবাখনো বৈজ্ঞানিক আলোচনীৰ পৰ্যালোচক আৰু সম্পাদিকা দুয়োটা আছিল।৬

তথ্যসূত্ৰ

  1. ↑ (28 September 2018). Professor Gita Ramjee receives prestigious scientific award. SAMRC
  2. ↑ (1 April 2020). Professor Gita Ramjee, world-renowned HIV scientist, dies of Covid-19 complications. Daily Maverick
  3. ↑ Nordling, Linda. (2007-05-08). Interview: Gita Ramjee. The Guardian
  4. ↑ Professor Gita Ramjee. University of Sunderland Alumni Association
  5. ↑ (1 April 2020). Coronavirus: Top South African HIV scientist Gita Ramjee dies. BBC News
  6. ↑ Gita Ramjee. University of Washington

সম্পৰ্কিত শ্ৰেণী

চিকিৎসাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গীতা ৰামজী” প্ৰবন্ধৰ সংশোধন ৫৯৮৩২২ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।