অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছউ ছা

ছাউ ছা এফ আৰ চি এছ/এম বি ই, ( Saw Sa; ১ আগষ্ট ১৮৮৪ – ২৮ ফেব্ৰুৱাৰী ১৯৬২) আছিল এগৰাকী বাৰ্মিজ চিকিৎসক, ধাত্ৰী, চিকিৎসালয়ৰ প্ৰশাসক, খ্ৰীষ্টান মিছনেৰী, ভোটাধিকাৰৰ হকে কওঁতা আৰু চৰকাৰী বিষয়া।

হালনাগাদ: ২০ মাৰ্চ ২০২৫ ৩৮১ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ছাউ ছা এফ আৰ চি এছ/এম বি ই, ( Saw Sa; ১ আগষ্ট ১৮৮৪ – ২৮ ফেব্ৰুৱাৰী ১৯৬২) আছিল এগৰাকী বাৰ্মিজ চিকিৎসক, ধাত্ৰী, চিকিৎসালয়ৰ প্ৰশাসক, খ্ৰীষ্টান মিছনেৰী, ভোটাধিকাৰৰ হকে কওঁতা আৰু চৰকাৰী বিষয়া। ডাঃ ছউ ছা আছিল উচ্চ চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী বাৰ্মিজ মহিলা, আৰু ঔপনিৱেশিক সংসদৰ উচ্চ সদনত কাৰ্যনিৰ্বাহ কৰা প্ৰথমগৰাকী মহিলা।

প্ৰাথমিক জীৱন

ছউ ছা বাৰ্মিজ খ্ৰীষ্টান পিতৃ-মাতৃৰ কন্যা আছিল.১। তেওঁৰ পিতৃ প’ ছ প্ৰ’মৰ এজন চৰকাৰী বিষয়া (উণ্ডাউক) আছিল।২ ব্ৰিটিছ বাৰ্মাৰ ৰেংগুনৰ বেপ্টিষ্ট পৰিচালিত জুডছন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী মহিলা। কলিকতাৰ চিকিৎসা মহাবিদ্যালয়ত পঢ়িবলৈ তেওঁ মিছনেৰী বৃত্তি লাভ কৰে,৩ য'ত তেওঁ ১৯১১ চনত চিকিৎসাৰ অনুজ্ঞাপত্ৰ লাভ কৰা প্ৰথমগৰাকী বাৰ্মিজ মহিলা হিচাপে পৰিগণিত হয়।৪ ডাবলিনৰ ৰয়েল কলেজ অৱ ফিজিচিয়ান এণ্ড চাৰ্জনত জনস্বাস্থ্যৰ অধিক প্ৰশিক্ষণ লাভ কৰে, য'ত তেওঁ "ফেল'শ্বিপ লাভ কৰা প্ৰথম বাৰ্মিজ ছাত্ৰী" আছিল।৫

চিকিৎসা কেৰিয়াৰ আৰু মিছন কাৰ্যকলাপ

১৯১৩ চনত ৰেংগুনলৈ উভতি অহাৰ সময়ত ছউ ছা বাৰ্মাৰ একমাত্ৰ মহিলা চিকিৎসক বুলি কোৱা হৈছিল। ১৯১৪ চনৰ পৰা ১৯২১ চনলৈকে তেওঁ ৰেংগুনৰ লেডী ডাফেৰিন প্ৰসূতি চিকিৎসালয়ৰ অধীক্ষক আছিল। চিকিৎসালয়খনৰ নাৰ্ছসকলৰ ভিতৰত তেওঁৰ ভনীয়েক আৰু ভাগিনীয়েক আছিল।৬ তেওঁ মিডৱাইফাৰী (১৯২১) নামৰ এখন পাঠ্যপুথি প্ৰকাশ কৰে।৭ ১৯২১ চনৰ পিছত ৰেংগুনত তেওঁৰ ব্যক্তিগত চিকিৎসালয় আছিল৮ আৰু এখন চেৰিটি হাস্পতাল চলাইছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত যুদ্ধত মৃত্যু হোৱা লোকৰ চিকিৎসা কৰিছিল।৯

১৯২১ চনত ছউ ছাই আমেৰিকা ভ্ৰমণ কৰে। তেওঁ আইঅ’ৱাৰ ডেচ মইনেছত অনুষ্ঠিত হোৱা উইমেনছ আমেৰিকান বেপ্টিষ্ট ফৰেইন মিছনেৰী ছ'চাইটিৰ সমাৱেশত অংশ লৈছিল,১০ ভাৰত আৰু বাৰ্মাত সংস্থাটোৰ কামক প্ৰতিনিধিত্ব কৰিছিল।৩৫ অধিৱেশনলৈ যোৱাসকলে তেওঁক ৰেংগুনৰ মিছন স্কুলৰ ছাত্ৰ-ছাত্ৰীসকললৈ ঘূৰাই নিবলৈ প্ৰায় ৮০০ ইংৰাজী ভাষাৰ খণ্ড আৰু আলোচনীৰ চাবস্ক্ৰিপচনৰ গ্ৰন্থ উপহাৰ (বুক শ্বাৱাৰ) দিছিল।১১ নিউয়ৰ্কৰ লেক মহংকত আন্তৰ্জাতিক মিছনেৰী পৰিষদৰ বৈঠকত তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল১২। জনছ হপকিন্স বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ অধিক অধ্যয়ন কৰে।১৩১৪ কোৱা হয় যে তেওঁ প্ৰথমগৰাকী বাৰ্মিজ মহিলা যিয়ে "বিশ্ব ভ্ৰমণ কৰিছিল"।১৫

ৰাজনীতি

১৯২৬ চনত গঠন হোৱাৰ সময়ত অল-বাৰ্মা বেপ্টিষ্ট উইমেন মিছনেৰী ছ’চাইটিৰ কাৰ্যবাহী সমিতিৰ সদস্য হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।৮ ১৯২৭ চনত তেওঁ ফাৰ ইষ্টাৰ্ন এছ'চিয়েচন অৱ ট্ৰপিকেল মেডিচিনৰ সপ্তম কংগ্ৰেছৰ বাৰ্মা স্থানীয় সমিতিত কাৰ্যনিৰ্বাহ কৰে।১৬ ১৯৩৪ চনত বাৰ্মাত, লণ্ডনৰ উইমেনছ ফ্ৰিডম লীগ ক্লাবত,১৭ আৰু ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ অধীনত বাৰ্মা ভাৰতৰ পৰা প্ৰশাসনিকভাৱে পৃথক হোৱাৰ বিষয়ে সভাত প্ৰতিনিধি হৈ থকাৰ সময়তে তেওঁ বাৰ্মাত বিবাহিত মহিলাৰ ভোটাধিকাৰৰ সপক্ষে কথা কয়।১৮১৯ "আমি অন্য অৰ্হতাৰ ওপৰত ভোট দিয়া সকলো পুৰুষৰ পত্নীৰ বাবে নাৰী ভোটাধিকাৰ দাবী কৰোঁ," তেওঁ ঘোষণা কৰে আৰু লগতে কয় যে "পুৰুষৰ সৈতে সমান মৰ্যাদাৰ নীতিত আমি মহিলাৰ বাবে আসন সংৰক্ষিত কৰাৰ একেবাৰেই পক্ষপাতী নহয়।"২০ ১৯৩৭ চনত ছউ ছা বাৰ্মিজ চেনেটৰ উচ্চ সদনলৈ নিৰ্বাচিত হয়, তেওঁ ইয়াৰ প্ৰথম মহিলা বিধায়িকা।৯২১

১৯৩৫ চনৰ ৩ জুনত ডাঃ ছ' ছাই এম বি ই লাভ কৰে।২২

ব্যক্তিগত জীৱন

১৯৬২ চনৰ ২৮ ফেব্ৰুৱাৰীত ছাউ ছাৰ মৃত্যু হয়; তেওঁৰ বয়স আছিল ৭৭ বছৰ (৭৮ বছৰত)।[9]

তথ্যসূত্ৰ

  1. ↑ McConnell, Alexander; Moody, William Revell; Fitt, Arthur Percy. (1917). The First Burmese Woman to Get a College Education. Record of Christian Work. পৃ. 336
  2. ↑ Howard, Randolph Levi; Northern Baptist Convention. Board of Education. (c. 1931). Baptists in Burma (microform). Philadelphia, Boston: The Judson press. পৃ. 99
  3. ↑ (June 23, 1921). Only Burmese Girl Physician is Here. The Des Moines Register. পৃ. 5
  4. ↑ Crawford, Fred Erastus. (1945). Your grandmother, a memoir of Mattie Coolidge Crawford, by Fred E. Crawford.. [Watertown, Mass.]: Priv. print., 1945. পৃ. 120
  5. ↑ Adams, Belle K. (January 28, 1922). Dr. Ma Saw Sa. The Woman Citizen. পৃ. 10
  6. ↑ Grose, Howard Benjamin. (December 1923). Ma Saw Sa's Hospital and Clinic in Rangoon, Burma. Missions. পৃ. 675
  7. ↑ Schwertner, Siegfried M. Burma Bibliographical Project . p. S30
  8. ↑ Prescott, Nellie G.; Northern Baptist Convention. Board of Education. (1926). The Baptist family in foreign mission fields (microform). Philadelphia, Boston: The Judson Press. পৃ. 19–20, 49–50
  9. ↑ Wei Yan Aung. (2019-02-28). On This Day: Daw Saw Hsa, Myanmar's First Female Surgeon and Lawmaker. The Irrawaddy
  10. ↑ Peabody, Mrs. H. W. (June 1921). Women who are Transforming the Orient. Missionary Review. পৃ. 475–476
  11. ↑ Grose, Howard Benjamin. (April 1923). Letter from Dr. Ma Saw Sa. Missions. পৃ. 237
  12. ↑ Peabody, Mrs. H. W. (1921). Woman's Foreign Mission Bulletin: With One Accord, in One Place. Missionary Review. পৃ. 963
  13. ↑ (November 17, 1921). Receives Degree. Arizona Daily Star. পৃ. 12
  14. ↑ Michels, John. (September 23, 1921). Scientific News and Notes. Science. পৃ. 272
  15. ↑ (September 6, 1922). A Notable Burmese Woman. The Mercury. পৃ. 10
  16. ↑ Thacker Directories Limited. (1927). Guide To The Seventh Congress Of The Far Eastern Association Of Tropical Medicine. পৃ. 60
  17. ↑ (March 1, 1934). Burmese Women, Interesting Facts. The Maitland Daily Mercury. পৃ. 3
  18. ↑ Ingham, Harvey. (January 19, 1934). World in Spots: The Women of Burma. The Des Moines Register. পৃ. 6
  19. ↑ (April 8, 1934). Delegates' Memoranda on Main Problems. Sunday Tribune (Singapore). পৃ. 7
  20. ↑ (May 15, 1934). Wifehood Vote; Burmese Delegates' Claim. The Telegraph (Brisbane). পৃ. 9
  21. ↑ Kolås, Åshild. (2019-06-17). Women, Peace and Security in Myanmar: Between Feminism and Ethnopolitics. Routledge. ISBN 9781000300833
  22. ↑ India Office and Burma Office List 1945: 101

সম্পৰ্কিত শ্ৰেণী

চিকিৎসাবিদপ্ৰথম মহিলা চিকিৎসক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছউ ছা” প্ৰবন্ধৰ সংশোধন ৪৯৪৭১৪ (২০ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।