অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ব্লেকপিংক

ব্লেকপিংক (কোৰিয়ান (হাংগুল লিপি): 블랙핑크|ৰোমান লিপ্যন্তৰ: Beullaekpingkeu, বা BLɅϽKPIИK হিচাপে শৈলীভুক্ত) হৈছে ৱাইজি এণ্টাৰটেইনমেণ্টৰ দ্বাৰা গঠিত দক্ষিণ কোৰিয়াৰ এটা ছোৱালী দল। এই দলটো চাৰিজনী গায়িকাৰে গঠিত: জিচু, জেনী, ৰ'জে আৰু লিচা।

হালনাগাদ: ২৮ অক্টোবৰ ২০২৫ ২৭৬ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ব্লেকপিংক (কোৰিয়ান (হাংগুল লিপি): 블랙핑크|ৰোমান লিপ্যন্তৰ: Beullaekpingkeu, বা BLɅϽKPIИK হিচাপে শৈলীভুক্ত) হৈছে ৱাইজি এণ্টাৰটেইনমেণ্টৰ দ্বাৰা গঠিত দক্ষিণ কোৰিয়াৰ এটা ছোৱালী দল। এই দলটো চাৰিজনী গায়িকাৰে গঠিত: জিচু,১ জেনী,২ ৰ'জে৩ আৰু লিচা।৪৫ বিভিন্ন প্ৰকাশনৰ মতে, দলটো "বিশ্বৰ আটাইতকৈ ডাঙৰ ছোৱালী দল" হিচাপে পৰিচিত আৰু কে-পপৰ "গাৰ্ল ক্ৰাছ" ধাৰণাৰ অন্যতম অগ্ৰগামী শক্তি।

ব্লেকপিংকে ২০১৬ চনৰ আগষ্টত তেওঁলোকৰ একক এলবাম স্কুৱেৰ ৱানৰে অভিষেক কৰে, য'ত হুইচল আৰু বুমবায়াহ অন্তৰ্ভুক্ত আছিল। ডু-ডু ডু-ডু (২০১৮) গীতটোৱে দলটোৰ বিশ্বজনীন জনপ্ৰিয়তা অধিক বৃদ্ধি কৰে, যিটো কোৰিয়াৰ মহিলা দলৰ দ্বাৰা প্ৰথমবাৰৰ বাবে ''যুক্তৰাষ্ট্ৰ একক তালিকাত প্ৰৱেশ কৰে আৰু আমেৰিকাৰ ৰেকৰ্ডিং উদ্যোগ সংঘৰ প্ৰমাণীকৰণ লাভ কৰে।

ব্লেকপিংক হৈছে বিলব'ৰ্ড হট হাণ্ড্ৰেটত আটাইতকৈ ওপৰত স্থান লোৱা কোৰিয়াৰ ছোৱালী দল, যাৰ শীৰ্ষ স্থান আইচ ক্ৰীম (২০২০) আছিল। তদুপৰি, তেওঁলোকৰ ব’ৰ্ণ পিংক ৱাৰ্ল্ড টাৱাৰ (২০২২–২৩) হৈছে সৰ্বাধিক আয় কৰা মহিলা গোষ্ঠীৰ সংগীত সফৰ। তেওঁলোক হৈছে কোচেল্লাৰ প্ৰথম এছিয়ান মূল প্ৰতিষ্ঠিত শিল্পী।

তেওঁলোকৰ পুৰস্কাৰ আৰু স্বীকৃতিৰ ভিতৰত আছে গ’ল্ডেন ডিস্ক বঁটা, মামা বঁটা, পিপলছ চয়িছ বঁটা আৰু এমটিভি ভিডিঅ’ মিউজিক বঁটা। ২০২২ চনত টাইম আলোচনীয়ে তেওঁলোকক বৰ্ষশ্ৰেষ্ঠ বিনোদনকাৰী হিচাপে ঘোষণা কৰে।

ডিচক'গ্ৰাফী (ডিস্ক’গ্ৰাফি)

ব্লেকপিংকে তেওঁলোকৰ সংগীত যাত্ৰাত কেইবাখনো সফল এলবাম আৰু ছিংগল মুক্তি দিছে। তেওঁলোকৰ উল্লেখযোগ্য এলবামসমূহ হ’ল:

  • দ্য এলবাম (২০২০)
  • বৰ্ণ পিংক (২০২২)

সংগীত যাত্ৰা আৰু কনচাৰ্ট

ব্লেকপিংকে কেইবাটাও বিশ্বভ্ৰমণ সংগীত যাত্ৰা আৰু বিশেষ কনচাৰ্ট অনুষ্ঠিত কৰিছে। তেওঁলোকৰ উল্লেখযোগ্য সংগীত যাত্ৰাবোৰ হ’ল:

  • ব্লেকপিংক আৰেনা টুৰ (২০১৮)
  • ইন ইওৰ এৰিয়া ৱৰ্ল্ড টুৰ (২০১৮–২০২০)
  • বৰ্ণ পিংক ৱৰ্ল্ড টুৰ (২০২২–২০২৩)

চলচ্চিত্ৰ তালিকা

ব্লেকপিংক বিভিন্ন তথ্যচিত্ৰ আৰু সংগীত ভিডিঅ’ৰ জৰিয়তে তেওঁলোকৰ সংগীত যাত্ৰা প্ৰকাশ কৰিছে। উল্লেখযোগ্য কিছু প্ৰযোজনাসমূহ হ’ল:

  • ব্লেকপিংক: লাইট আপ দা স্কাই (২০২০) – নেটফ্লিক্স তথ্যচিত্ৰ
  • ব্লেকপিংক: দা মুভি (২০২১) – প্ৰেক্ষাগৃহত মুক্তিপ্ৰাপ্ত তথ্যচিত্ৰ

সদস্য

  • জিচু (지수) – গায়িকা
  • জেনী (제니) – ৰেপাৰ, গায়িকা
  • ৰ'জে (로제) – গায়িকা, নৃত্যশিল্পী
  • লিচা (리사) – নৃত্যশিল্পী, ৰেপাৰ, গায়িকা

(তথ্যসূত্ৰ: এমটিভি নিউজ )

ফটো গেলাৰী

২০১৮ চনত ব্লেকপিংক (বাওঁফালৰ পৰা সোঁফাললৈ: জিচু, জেনী, লিচা, ৰ'জে)
২০১৮ চনত ব্লেকপিংক (বাওঁফালৰ পৰা সোঁফাললৈ: জিচু, জেনী, লিচা, ৰ'জে)ছবি: Marie Claire Korea · CC BY 3.0
২০১৯ চনত ব্লেকপিংক (বাওঁফালৰ পৰা সোঁফাললৈ: ৰ'জে, জেনী, লিচা, জিচু)
২০১৯ চনত ব্লেকপিংক (বাওঁফালৰ পৰা সোঁফাললৈ: ৰ'জে, জেনী, লিচা, জিচু)ছবি: Newsen · CC BY 3.0
২০২০ চনত ব্লেকপিংক (বাওঁফালৰ পৰা সোঁফাললৈ: জেনী, লিচা, জিচু, ৰ'জে)
২০২০ চনত ব্লেকপিংক (বাওঁফালৰ পৰা সোঁফাললৈ: জেনী, লিচা, জিচু, ৰ'জে)ছবি: PUBG MOBILE:絕地求生M · CC BY 3.0
২০২১ চনত ব্লেকপিংক (বাওঁফালৰ পৰা সোঁফাললৈ: জিচু, জেনি, ৰ'জে, লিচা)
২০২১ চনত ব্লেকপিংক (বাওঁফালৰ পৰা সোঁফাললৈ: জিচু, জেনি, ৰ'জে, লিচা)ছবি: PUBG MOBILE:絕地求生M · CC BY 3.0
২০২৩ চনত ব্লেকপিংক (বাওঁফালৰ পৰা সোঁফাললৈ: ৰ'জে, জিচু, জেনী, লিচা)
২০২৩ চনত ব্লেকপিংক (বাওঁফালৰ পৰা সোঁফাললৈ: ৰ'জে, জিচু, জেনী, লিচা)ছবি: @aanglerrr (aang) · CC BY 4.0
২০২১ চনত ব্লেকপিংক (বাওঁফালৰ পৰা সোঁফাললৈ: ৰ'জে, জেনী, জিচু, লিচা)
২০২১ চনত ব্লেকপিংক (বাওঁফালৰ পৰা সোঁফাললৈ: ৰ'জে, জেনী, জিচু, লিচা)ছবি: TV10 (티비텐) · CC BY 3.0

তথ্যসূত্ৰ

  1. ↑ Daly, Rhian. (January 4, 2019). A beginner's guide to Blackpink, the all-singing, all-rapping, all-female K-pop band. NME
  2. ↑ Kang, Haeryun. (May 26, 2022). Jennie on Blackpink's Unique Brand of Hip-Hop and What People Get Wrong About Her. Rolling Stone
  3. ↑ Lee, Jung-yeon. (12 August 2016). ko:(블랙핑크 VS 투애니원③) 블랙핑크는 누구?. The Dong-A Ilbo
  4. ↑ Yim Seung-hye. (August 26, 2021). Title of single by Blackpink's Lisa is her real name. Korea JoongAng Daily
  5. ↑ {{cite web|title=Blackpink Lisa Deceiving Other Members with Her Real Name???|url=https://mnews.joins.com/article/22677888?IgnoreUserAgent=y#home|author=Ryu Jae-yeon|website=JoongAng Ilbo|date=July 1, 2018|access-date=March 17, 2021|archive-date=May 26, 2021|archive-url=https://web.archive.org/web/20210526081742/https://mnews.joins.com/article/22677888?IgnoreUserAgent=y#home|url-status=dead

সম্পৰ্কিত শ্ৰেণী

ব্লেকপিংকদক্ষিণ কোৰিয়াসংগীতগায়িকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্লেকপিংক” প্ৰবন্ধৰ সংশোধন ৫৪৫৮৮১ (২৮ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।