অপৰ্ণা বালামুৰলী (ইংৰাজী: Aparna Balamurali; জন্ম: ১১ ছেপ্টেম্বৰ ১৯৯৫১) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নেপথ্য গায়িকা, যিয়ে মূলতঃ মালয়ালম ভাষা আৰু তামিল ভাষা চলচ্চিত্ৰত কাম কৰে। তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু দক্ষিণ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। অপৰ্ণা মহেশিন্তে প্ৰতিকাৰম (২০১৬), চানডে হলিডে (২০১৭), চুৰাৰাই পট্টু (২০২০) আৰু কিস্কিন্ধা কাণ্ডম (২০২৪) আদি ছবিৰ চৰিত্ৰৰ বাবে পৰিচিত। চুৰাৰাই পট্টু ছবিৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।২ ২০২৫ চনত 'ফৰ্বছ এছিয়া'ই তেওঁক তেওঁলোকৰ '৩০ অনূৰ্ধ্ব ৩০' তালিকাত স্থান দিছিল।৩
প্ৰাৰম্ভিক জীৱন
কেৰালাৰ ত্ৰিচুৰত অপৰ্ণাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ কে. পি. বালামুৰলী মেনন এজন সংগীত পৰিচালক আৰু মাতৃ শোভা বালামুৰলী।৪ তেওঁ দেৱমাতা চি.এম.আই. পাব্লিক স্কুলত শিক্ষা গ্ৰহণ কৰিছিল।৫
কেৰিয়াৰ
২০১৫ চনত অপৰ্ণাৰ প্ৰথম ছবি অৰু ছেকেণ্ড ক্লাছ যাত্ৰা মুক্তি লাভ কৰে। তেওঁ মহেশিন্তে প্ৰতিকাৰম (২০১৬) ছবিখনৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰে।৬ তেওঁ অৰু মুথাছি গাধা (২০১৬) নামৰ হাস্যমধুৰ ছবি এখনতো অভিনয় কৰিছিল।৭ ২০১৭ চনত ৮ থোট্টাক্কলৰ জৰিয়তে তেওঁ তামিল ছবিজগতত আত্মপ্ৰকাশ কৰে। তেওঁ চানডে হলিডে (২০১৭) আৰু ত্ৰিচ্ছিভাপেৰুৰ ক্লিপঠাম (২০১৭) ছবিত অভিনয় কৰিছিল। এই দুয়োখন ছবিতে তেওঁ আচিফ আলীৰ বিপৰীতে অভিনয় কৰিছিল।৮ ২০১৮ চনত তেওঁৰ কামুকী আৰু বি. টেক মুক্তি পায়।৯ জি. ভি. প্ৰকাশ কুমাৰ অভিনীত সৰ্বম থালা মায়ম (২০১৯) ছবিত তেওঁক নায়িকা হিচাপে নিৰ্বাচন কৰা হৈছিল।১০ ইয়াৰ পিছত তেওঁৰ মালয়ালম ছবিসমূহ আছিল মিষ্টাৰ এণ্ড মিচেছ ৰাউডী (২০১৯) আৰু জিম বুম ভা (২০১৯)।১১ সূৰ্য অভিনীত চুৰাৰাই পট্টু (২০২০) ছবিত তেওঁ 'বম্মি' চৰিত্ৰত অভিনয় কৰিছিল। তেওঁৰ পৰৱৰ্তী তামিল ছবি আছিল থিথুম নান্দ্ৰুম (২০২১)।১২
তথ্যসূত্ৰ
- ↑ (21 September 2020). Happy Birthday Aparna Balamurali! Fans send out heartfelt wishes for the Kollywood actress. zoomtventertainment.com
- ↑ (22 July 2022). National Film Awards 2022 highlights: Soorarai Pottru and Tanhaji The Unsung Warrior win big. হিন্দুস্তান টাইমছ
- ↑ Forbes India 30 Under 30 2025: Meet our young groundbreakers and trendsetters. Forbes India
- ↑ (15 November 2020). Actress Aparna Balamurali Family Photos with Father, Mother & Biography. Latest Tamil News
- ↑ অজিথ. (12 January 2018). ഇത് നിങ്ങളറിയാത്ത അപർണ ബാലമുരളി!. Malayala Manorama
- ↑ Maheshinte Prathikaram review: Finally, an intelligent comedy. Sify
- ↑ (15 September 2016). Oru Muthassi Gadha Review
- ↑ (5 April 2017). Aparna Balamurali is a scribe in her Tamil debut
- ↑ (5 May 2018). 'B Tech' releases today (May 5). Sify
- ↑ (30 November 2017). Aparna Balamurali signs Sarvam Thaala Mayam. The New Indian Express
- ↑ Mr & Ms Rowdy review:Predictable, but ends up as an average watch. Sify
- ↑ Chandar, Bhuvanesh. (12 March 2021). Theethum Nandrum Movie Review: A simple, neatly bound tale about depravity. Cinema Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অপৰ্ণা বালামুৰলী” প্ৰবন্ধৰ সংশোধন ৬৩৬৭৬৭ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।