ক্ৰিকেট হৈছে আফগানিস্তানৰ সবাতোকৈ জনপ্ৰিয় খেল১৷ ক্ৰিকেট খেলক আফগানিস্তানৰ জাতীয় ক্ৰিকেট দলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰে। টেষ্ট খেলা সীমামূৰীয়া ৰাষ্ট্ৰ পাকিস্তানে আফগানিস্তানত ক্ৰিকেটক উত্থান ঘটোৱাত সহায় কৰিছে। পাকিস্তানৰ প্ৰাক্তন বেটছমেন ইনজামাম উল হকে বিগত সময়ত আফগান জাতীয় দলৰ প্ৰশিক্ষক হিচাপে কাম কৰিছে। ২০১৭ চনৰ ২২ জুনত আফগানিস্তানে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ পূৰ্ণ সদস্য হিচাপে বিবেচিত হয়, যাৰ ফলত ৰাষ্ট্ৰীয় দলটোৱে আনুষ্ঠানিক টেষ্ট মেচত অংশগ্ৰহণ কৰিবলৈ সক্ষম হয়।
আফগানিস্তানৰ খেলৰ বতৰ মে’ৰ পৰা ছেপ্টেম্বৰ মাহলৈকে চলি থাকে। আফগানিস্তানত ৩২০টা ক্ৰিকেট ক্লাব আৰু ৬টা টাৰ্ফ উইকেট আছে।২ ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে (আইচিচি) আফগানিস্তানৰ চাৰিদিনীয়া ঘৰুৱা প্ৰতিযোগিতাক প্ৰথম শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰে।৩ ইয়াৰ উপৰি তেওঁলোকে তেওঁলোকৰ বৰ্তমানৰ টি-২০ ঘৰুৱা প্ৰতিযোগিতাখনক তালিকা 'এ'ৰ মৰ্যাদা প্ৰদান কৰে, কাৰণ আফগানিস্তানত ঘৰুৱা ৫০ অভাৰৰ প্ৰতিযোগিতা নাছিল।৪৫ কিন্তু ২০১৭ চনৰ মে' মাহত আইচিচিয়ে ৫০ অভাৰৰ গাজী আমানুল্লাহ খান আঞ্চলিক এদিনীয়া প্ৰতিযোগিতাখনক তালিকা এৰ মৰ্যাদা প্ৰদান কৰি স্বীকৃতি দিয়ে।৬
তথ্যসূত্ৰ
- ↑ (4 June 2010). Women's Cricket: Afghanistan's Secretive New Sport. Time
- ↑ Profile of Afghanistan. Asian Cricket Council
- ↑ (4 February 2017). Big-Three rollback begins, BCCI opposes. ESPN Cricinfo
- ↑ (4 February 2017). Afghanistan domestic competitions awarded first-class and List A status. ESPN Cricinfo
- ↑ (4 February 2017). In Principle Agreement to Constitutional and Financial Changes to ICC. International Cricket Council
- ↑ ICC Recognizes Afghanistan’s Domestic ODI Tournament As List A League. Bakhtar News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আফগানিস্তানত ক্ৰিকেট খেল” প্ৰবন্ধৰ সংশোধন ৪২৪০০৭ (২৫ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।