ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দল(মহিলা), যাক উইমেন ইন ব্লু বুলিও কোৱা হয়, ই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে।১ ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰদ্বাৰা পৰিচালিত আৰু টেষ্ট, এদিনীয়া আৰু টি-২০ মৰ্যাদা থকা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ সম্পূৰ্ণ সদস্য। এছিয়ান গেমছৰ বৰ্তমানৰ চেম্পিয়নৰ লগতে ২০২৫ চনৰ মহিলা ক্ৰিকেট বিশ্বকাপ চেম্পিয়ন। হৰমনপ্ৰীত কৌৰ অধিনায়ক হোৱাৰ বিপৰীতে স্মৃতি মান্ধানা এই দলৰ উপ-অধিনায়ক।
দলটোৱে ৪১খন টেষ্ট মেচ খেলি ৮খনত জয়, ৬খনত পৰাজয় আৰু ২৭খনত অমীমাংসিত হৈ ৰৈছে। ১৯৭৬ চনৰ ৩১ অক্টোবৰত তেওঁলোকৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় মেচখন আছিল বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট খেল যিখন অমীমাংসিতভাবে সমাপ্ত হয়।২
দলটোৱে ৩৪২খন এদিনীয়া মেচ খেলিছে, ১৮৮খনত জয়, ১৪৭খনত পৰাজয়, ২খন টাই আৰু ৫খন ফলাফল নোহোৱাকৈ শেষ হৈছে। ২০২৫ চনৰ হিচাপত ভাৰত এদিনীয়া দলৰ ৰেংকিঙত তৃতীয় স্থানত আছে। ভাৰতে তিনিবাৰকৈ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে, ২০০৫ চনত অষ্ট্ৰেলিয়াৰ হাতত ৯৮ ৰাণত পৰাস্ত হৈছিল, ২০১৭ চনত ইংলেণ্ডৰ হাতত ৯ ৰানত পৰাস্ত হৈছিল, ২০২৫ চনত দক্ষিণ আফ্ৰিকাক ৫২ ৰানত পৰাস্ত কৰিছিল। ২০০৪, ২০০৫-০৬, ২০০৬, ২০০৮ চনত ৪ বাৰকৈ এদিনীয়া ওমেন এছিয়া কাপ জয় কৰিছে।
দলটোৱে ২০৪খন টি-২০ আই মেচ খেলিছে, ১১১খনত জয়, ৮৬খনত পৰাজয়, ১খনত টাই আৰু ৬খনত কোনো ফলাফল নোহোৱাকৈ শেষ হৈছে। ২০২৫ চনৰ হিচাপত ভাৰতে টি-২০ আই টিম ৰেংকিংত তৃতীয় স্থানত আছে। ২০২৫ চনৰ আইচিচি মহিলা বিশ্বকাপত জয়লাভ কৰি ভাৰতে এবাৰ টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে, ২০২০ চনত অষ্ট্ৰেলিয়াৰ হাতত ৮৫ ৰাণত পৰাস্ত হৈছিল। ২০১২, ২০১৬, ২০২২ চনত ৩ বাৰকৈ টি-২০ আই এছিয়া কাপত জয়লাভ কৰিছে। ইয়াৰ উপৰি ২০২২ চনৰ এছিয়ান গেমছত সোণৰ পদক, আৰু ২০২২ চনৰ কমনৱেলথ গেমছত ৰূপৰ পদক লাভ কৰিছে।
ইতিহাস
১৭০০ চনৰ আৰম্ভণিতে ব্ৰিটিছে ভাৰতলৈ ক্ৰিকেট আনিছিল আৰু ১৭২১ চনত প্ৰথম ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল।৩
গুজৰাটৰ কোলিসকল সাগৰীয় জলদস্যু আছিল আৰু তেওঁলোকক বৃটিছে বে-আইনী ঘোষণা কৰি ৰাখিছিল। পিছত এই খেলৰ প্ৰতি আকৰ্ষিত কৰাত কোলিসকলে ক্ৰিকেট খেল গ্ৰহণ কৰিছিল আৰু বৃটিছ তেওঁলোকৰ উদ্দেশ্যত সফল হৈছিল।৪৫৬ প্ৰথম ভাৰতীয় ক্ৰিকেট ক্লাৱ পাৰ্চী সম্প্ৰদায়ে বোম্বাইত স্থাপন কৰিছিল, ১৮৪৮ চনত; ১৮৭৭ চনত ইউৰোপীয়সকলৰ বিৰুদ্ধে ক্লাৱটোৱে প্ৰথমখন মেচ খেলে।৭ ১৯১১ চনত ভাৰতীয় পুৰুষৰ ক্ৰিকেট দল গঠন কৰি ইংলেণ্ড ভ্ৰমণ কৰে আৰু ইংলেণ্ড কাউণ্টি দলৰ সৈতে খেলে।৮ ১৯৩২ চনত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ পুৰুষ দলটোৱে টেষ্ট ক্ৰিকেটত আত্মপ্ৰকাশ কৰে।৯ ১৯৩৪ চনত ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰথম মহিলা টেষ্ট খেল হৈছিল।১০
ভাৰতত মহিলা ক্ৰিকেট আহিছিল বহু পিছত; ১৯৭৩ চনত ভাৰতীয় ক্ৰিকেট সংস্থা (WCAI) গঠন কৰা হয়।১১ ভাৰতীয় মহিলা দলটোৱে ১৯৭৬ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথম টেষ্ট মেচ খেলিছিল।১২ ১৯৭৮ চনৰ নৱেম্বৰ মাহত পাটনাৰ মইন-উল-হক ষ্টেডিয়ামত শান্থা ৰঙ্গস্বামীৰ অধিনায়কত্বত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে প্ৰথম টেষ্ট জয়ৰ ৰেকৰ্ড গঢ়িছিল।১৩১৪

]]
মহিলা ক্ৰিকেটৰ শাসকীয় সংস্থা ডব্লিউ চি এ আই আন্তঃৰাষ্ট্ৰীয় মহিলা ক্ৰিকেট পৰিষদৰ সৈতে জড়িত আছিল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ মহিলা ক্ৰিকেটৰ বিকাশৰ পদক্ষেপৰ অংশ হিচাপে ভাৰতীয় ক্ৰিকেট সংস্থাক ২০০৬/০৭ চনত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ সৈতে একত্ৰিত কৰা হয়।১৫
২০২১ চনত বিচিচিআইয়ে ঘোষণা কৰে যে ৰমেশ পাৱাৰ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হ’ব।.১৬১৭ ২০২২ চনত ভাৰতীয় মহিলাই ২৩ বছৰৰ ভিতৰত ইংলেণ্ডৰ মাটিত ১ম শৃংখলা জয় কৰি ইতিহাসৰ জয়যাত্ৰা ৰচনা কৰে।১৮
২০২৫ চনৰ জুলাই মাহত ইংলেণ্ডৰ বিৰুদ্ধে মহিলাৰ টি-২০ শৃংখলাত প্ৰথমবাৰৰ বাবে জয়লাভ কৰি ভাৰতে পাঁচখন মেচৰ শৃংখলাত ৩-১ গ’লত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰে। ৱৰ্চেষ্টাৰত অনুষ্ঠিত হোৱা চতুৰ্থ টি-২০ আইত এই গুৰুত্বপূৰ্ণ জয় লাভ কৰে, য’ত ভাৰতীয় স্পিনাৰ ৰাধা যাদৱ, দীপ্তি শৰ্মা, আৰু নৱাগত শ্ৰী সৰণীয়ে ইংলেণ্ডক ১২৬/৭ত সীমাবদ্ধ কৰি ৰাখে। অ’পেনাৰ শেফালী বাৰ্মা আৰু স্মৃতি মান্ধানাই ছয় উইকেটৰ আৰামদায়ক চেজ স্থাপন কৰে, ১৮টা বল বাকী থকা অৱস্থাত অন্ত পেলায়। এই জয় এক ঐতিহাসিক অগ্ৰগতি হিচাপে পৰিগণিত হৈছিল, কিয়নো ইয়াৰ পূৰ্বে ভাৰতে ঘৰুৱা বা বিদেশত ইংলেণ্ডৰ বিৰুদ্ধে কেতিয়াও টি-২০ শৃংখলাত জয়ী হোৱা নাছিল। অনুশাসিত বলিং আৰু চোকা ফিল্ডিঙে উজ্জ্বল কৰি তোলা এই প্ৰদৰ্শনে ২০২৬ চনত ইংলেণ্ডত অনুষ্ঠিত হ’বলগীয়া আইচিচি মহিলা টি-২০ বিশ্বকাপৰ পূৰ্বে এক অতি গুৰুত্বপূৰ্ণ প্ৰস্তুতি হিচাপে কাম কৰিছিল।১৯
নিয়ন্ত্ৰক সংস্থা
- মূল প্ৰবন্ধ:ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড
ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই) ভাৰতীয় ক্ৰিকেট দল আৰু ভাৰতৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ নিয়ন্ত্ৰণকাৰী সংস্থা। ১৯২৮ চনৰ পৰা চলি থকা এই ব’ৰ্ডখনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদত ভাৰতক প্ৰতিনিধিত্ব কৰে। ই বিশ্বৰ আটাইতকৈ ধনী ক্ৰীড়া সংস্থাসমূহৰ ভিতৰত অন্যতম। ২০০৬ চনৰ পৰা ২০১০ চনলৈকে ই ভাৰতৰ মেচৰ সংবাদ মাধ্যমৰ অধিকাৰ ৬১২,০০০,০০০ মাৰ্কিন ডলাৰত বিক্ৰী কৰিছিল।২০ ই ভাৰতীয় দলৰ পৃষ্ঠপোষকতা, ইয়াৰ ভৱিষ্যত ভ্ৰমণ আৰু দল নিৰ্বাচন পৰিচালনা কৰে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ইয়াৰ ভৱিষ্যত ভ্ৰমণ কাৰ্যসূচীৰ জৰিয়তে ভাৰতৰ আগন্তুক খেলসমূহ নিৰ্ধাৰণ কৰে।
বাছনি সমিতি
- অধিক তথ্যঃ ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ নিৰ্বাচক
২০২৫ চনৰ ২৮ ছেপ্টেম্বৰত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (BCCI) নতুন সৰ্বভাৰতীয় মহিলা বাছনি সমিতি নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে।২১ পাঁচজনীয়া বাছনি সমিতিৰ মুৰব্বী ভাৰতৰ প্ৰাক্তন সোঁহাত মধ্যম বেগী বলাৰ অমিতা শৰ্মাই।
- অমিতা শৰ্মা (মুখ্য নিৰ্বাচক)
- শ্যামা দে
- জয়া শৰ্মা
- সুলক্ষণা নাইক
- শ্ৰাৱন্তি নাইডু
তথ্যসূত্ৰ
- ↑ Women in Blue's journey through the T20 Women's World Cup. The New Indian Express
- ↑ IND-W vs WI-W Cricket Scorecard, 1st Test at Bengaluru, October 31 - November 02, 1976. ESPNcricinfo
- ↑ India Cricket API - Cricket Data for all Indian leagues. Sportmonks
- ↑ Downing, Clement. (1978). A History of the Indian Wars. পৃ. 189
- ↑ Drew, John. (6 December 2021). The Christmas the Kolis took to cricket. The Daily Star
- ↑ Drew, John. (21 December 2021). How East India traders brought cricket to Indian shores 300 years ago this fortnight. Scroll.in
- ↑ (1998). Cricket and Politics in Colonial India. Ramachandra Guha
- ↑ India in England, 1911. CricketArchive
- ↑ (30 July 2007). England v India 1932. ESPNcricinfo
- ↑ List of women's Test matches. ESPNcricinfo
- ↑ Stoddart, Brian; Keith A. P. Sandiford. (1998). The imperial game: cricket, culture, and society. Manchester University Press. পৃ. 5. ISBN 978-0-7190-4978-1
- ↑ India women Test matches. ESPNcricinfo
- ↑ One more game, and it can change India's fortunes: Mithali Raj. Icc-cricket.com
- ↑ Full Scorecard of WI Women vs IND Women 4th Test 1976/77 - Score Report. ESPNcricinfo
- ↑ (14 November 2006). Better days for women's cricket?. Rediff
- ↑ (13 May 2021). Ramesh Powar appointed head coach of Indian Women's Cricket Team. SportsTiger
- ↑ (13 May 2021). Ramesh Powar appointed Head Coach of Indian Women's Cricket Team. Hindustan Times
- ↑ InsideSport. Indian Women script history by winning 1st series on England soil in 23 years
- ↑ media, news and. India women register maiden T20 series win against England. www.en.etemaaddaily.com
- ↑ Nimbus Bags Cricket Rights for $612 m. The Hindu
- ↑ "Amita Sharma appointed chairperson of Indian women’s cricket team selection committee". Sportstar
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতৰ ক্ৰিকেট দল (মহিলা)” প্ৰবন্ধৰ সংশোধন ৬৩৬৩৮৬ (২০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।