অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

সৰ্বভাৰতীয় মহিলা ক্ৰিকেট সন্থা

ভাৰতৰ মহিলা ক্ৰিকেট সন্থা (Women's Cricket Association of India) ভাৰতৰ মহিলা ক্ৰিকেটৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সংস্থা আছিল। ১৯৭৩ চনত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত সন্থাক প্ৰতিষ্ঠা কৰা হয়। ২০০৬ চনৰ নৱেম্বৰ মাহত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (BCCI)ৰ লগত WCAI একত্ৰিত কৰা হয়।

হালনাগাদ: ৯ ফেব্ৰুৱাৰী ২০২৫ ৪১৪ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ভাৰতৰ মহিলা ক্ৰিকেট সন্থা (Women's Cricket Association of India) ভাৰতৰ মহিলা ক্ৰিকেটৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সংস্থা আছিল। ১৯৭৩ চনত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত সন্থাক প্ৰতিষ্ঠা কৰা হয়। ২০০৬ চনৰ নৱেম্বৰ মাহত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (BCCI)ৰ লগত WCAI একত্ৰিত কৰা হয়।

ইয়াৰ অধীনত ভাৰত মহিলা ৰাষ্ট্ৰীয় ক্ৰিকেট দলে মহিলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। এই একত্ৰীকৰণৰ পিছত এতিয়া দলটো বিচিচিআইৰ দ্বাৰা পৰিচালিত হয়।

ইতিহাস

১৯৭০ চনৰ আৰম্ভণিতে ভাৰতৰ বিভিন্ন ঠাইত মহিলাসকলে ক্ৰিকেট খেলিছিল যদিও মহিলা ক্ৰিকেট পৰিচালনা কৰা কোনো সংগঠন নাছিল।১ ভাৰতীয় ক্ৰিকেট ক্লাবৰ সদস্য আলু বামজীয়ে ভাৰতৰ প্ৰথমটো মহিলা ক্ৰিকেট ক্লাব দ্য আলবিজ নামেৰে ১৯৬৯ চনত মুম্বাইত প্ৰতিষ্ঠা কৰিছিল। ১৯৭২ চনলৈকে দ্য এলবিজৰ কোনো প্ৰতিদ্বন্দ্বী নাছিল আৰু ইয়াৰ ৬০ জন সদস্যৰ মাজত মেচৰ আয়োজন হৈছিল।২

লক্ষ্ণৌত মহেন্দ্ৰ কুমাৰ শৰ্মাই মহানগৰীৰ স্কুল-কলেজীয়া ছোৱালীৰ বাবে চফ্টবল আৰু হেণ্ডবল প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ আৰম্ভ কৰে। শৰ্মাই আয়োজন কৰা এটা দলে ১৯৭৩ চনত হায়দৰাবাদৰ এখন চফ্টবল প্ৰতিযোগিতাত খেলিছিল। প্ৰতিযোগিতাখনৰ পিছত ল’ৰাসকলৰ খেল দেখি ছোৱালীসকলে চফটবল বেটৰ সৈতে ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত শৰ্মাক ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰাৰ ধাৰণা আহিল। এই অনুষ্ঠানৰ প্ৰচাৰৰ বাবে তেওঁ ব্যক্তিগতভাৱে মাইক্ৰ’ফোন লৈ এখন অটোৰিক্সাত চহৰখন ঘূৰি ফুৰিছিল। ১৯৭৩ চনত লক্ষ্ণৌৰ কুইনছ এংলো সংস্কৃত মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত প্ৰায় ২০০ জন লোকে অংশগ্ৰহণ কৰে। উপস্থিতিয়ে শৰ্মাক মহিলা ক্ৰিকেট সংস্থা স্থাপন কৰিবলৈ উৎসাহিত কৰে।৩৪

১৯৭৩ চনত লক্ষ্ণৌত ছ'চাইটিজ এক্টৰ অধীনত ভাৰতীয় মহিলা ক্ৰিকেট এছ'চিয়েচন (WCAI) পঞ্জীয়ন কৰা হয়, য'ত শৰ্মা প্ৰতিষ্ঠাপক সম্পাদক আছিল।৫ WCAI ৰ প্ৰথম সভাপতি আছিল হামিদা হাবিবুল্লাহ।৬১ ১৯৭৩ চনৰ এপ্ৰিল মাহত পুনেত ডব্লিউ চি এ আইৰ উদ্যোগত মহিলা আন্তঃৰাজ্যিক ৰাষ্ট্ৰীয় প্ৰতিযোগিতা অনুষ্ঠিত হয়।এইখন আছিল দেশৰ প্ৰথমখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্তঃৰাজ্যিক মহিলা ক্ৰিকেট প্ৰতিযোগিতা। প্ৰতিযোগিতাখনৰ উদ্বোধনী সংস্কৰণত তিনিটা দল - মুম্বাই, মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশে অংশগ্ৰহণ কৰে। মুম্বাই দলটোৰ অধিনায়ক আছিল ডায়েনা এদুলজী।৩ ১৯৭৩ চনৰ ডিচেম্বৰ মাহত বাৰাণসীত অনুষ্ঠিত হোৱা দ্বিতীয় সংস্কৰণত আঠটা দলে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখনৰ পিছত ডব্লিউ চি এ আইৰ কাৰ্যবাহী সমিতিখন পুনৰ সংগঠিত কৰা হয়। চন্দ্ৰ ত্ৰিপাঠী আৰু প্ৰেমলা চাৱন ক্ৰমে ডব্লিউ চি এ আইৰ অধ্যক্ষ আৰু সভানেত্ৰী হয়৷ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে থাকে শৰ্মা। কলিকতাত অনুষ্ঠিত হোৱা মহিলা আন্তঃৰাজ্যিক ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ তৃতীয় সংস্কৰণত ১৪টা দলে অংশগ্ৰহণ কৰে। পৰৱৰ্তী সংস্কৰণসমূহত ভাৰতৰ সকলো ৰাজ্যৰ পৰা অংশগ্ৰহণ কৰা হয়।১

১৯৭৪ চনত ডব্লিউ চি এ আইয়ে নতুন প্ৰতিযোগিতা আৰম্ভ কৰে। কানপুৰত অনুষ্ঠিত হোৱা আন্তঃমণ্ডল সীমিত অভাৰৰ ৰাণী ঝান্সী ট্ৰফী আৰু ৰাজকোটত আন্তঃবিশ্ববিদ্যালয় প্ৰতিযোগিতা অনুষ্ঠিত হয়। ১৫ বছৰৰ তলৰ আৰু ১৯ বছৰৰ তলৰ খেলুৱৈৰ বাবেও চাব-জুনিয়ৰ আৰু জুনিয়ৰ প্ৰতিযোগিতা আৰম্ভ কৰা হৈছিল।.১ ১৯৭৩ চনত ডব্লিউ চি এ আইক আন্তঃৰাষ্ট্ৰীয় মহিলা ক্ৰিকেট পৰিষদৰ সদস্যপদ প্ৰদান কৰা হয় আৰু ১৯৭৮ চনত ভাৰত চৰকাৰে তেওঁলোকক স্বীকৃতি দিয়ে।[1] ভাৰতৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মহিলা ক্ৰিকেট খেল ১৯৭৫ চনৰ ৭ ফেব্ৰুৱাৰীত ভ্ৰমণকাৰী অষ্ট্ৰেলিয়াৰ ২৫ বছৰ অনুৰ্ধ দলৰ বিৰুদ্ধে অনুষ্ঠিত হৈছিল। পুনে, দিল্লী আৰু কলিকতাত ধাৰাবাহিকভাৱে তিনিখন প্ৰথম শ্ৰেণীৰ খেল অনুষ্ঠিত হয়। উজ্ৱালা নিকাম, সুধা শ্বাহ আৰু শ্ৰীৰূপা বসুৱে ভাৰতীয় দলৰ তিনিখন খেলত ক্ৰমে অধিনায়কত্ব কৰিছিল।.১৭

১৯৭৬ চনৰ নৱেম্বৰ মাহত ভাৰতৰ প্ৰথমখন মহিলা টেষ্ট শৃংখলা অনুষ্ঠিত হৈছিল, যেতিয়া ৱেষ্ট ইণ্ডিজে দেশ ভ্ৰমণ কৰিছিল। ১৯৭৬ চনৰ ৩১ অক্টোবৰত বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত ভাৰতে প্ৰথমখন টেষ্ট মেচ খেলিছিল। ১৯ নৱেম্বৰত পাটনাত অনুষ্ঠিত হোৱা চতুৰ্থখন টেষ্টত ২৫ হাজাৰ দৰ্শকৰ সন্মুখত জয়লাভ কৰি ভাৰতে প্ৰথমবাৰৰ বাবে টেষ্ট মেচত জয়লাভ কৰে। ছয়খন টেষ্ট শৃংখলা ১-১ গ'লত ড্ৰ'ত সমাপ্ত হয়।৮১৯৭৭ চনৰ জানুৱাৰী মাহত ভাৰতে নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট খেলি প্ৰথম ভ্ৰমণলৈ যায়।৯ দক্ষিণ আফ্ৰিকাৰ আন্তঃৰাষ্ট্ৰীয় বৰ্জনৰ বাবে ১৯৭৮ চনৰ মহিলা ক্ৰিকেট বিশ্বকাপ ভাৰতলৈ স্থানান্তৰিত কৰা হয়। ডব্লিউ চি এ আইয়ে সফল নিবিদা দিছিল, আৰু প্ৰাথমিক আয়োজক হিচাপে কাম কৰিছিল৷ আই ডব্লিউ চি চিয়ে মাত্ৰ সীমিত তদাৰকীহে প্ৰদান কৰিছিল।১০ শৰ্মা WCAI ৰ অস্তিত্বৰ প্ৰথম পাঁচ বছৰ সচিব আছিল আৰু ১৯৭৮ চনৰ বিশ্বকাপ আয়োজনৰ দায়িত্বত আছিল।১১

২০০৫ চনত আই ডব্লিউ চি চি আন্তৰ্জাতিক ক্ৰিকেট পৰিষদ (আই চি চি)ত একত্ৰিত হোৱাৰ পিছত ২০০৬ চনৰ নৱেম্বৰ মাহত ডব্লিউ চি এ আইক ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড (বি চি চি আই)ৰ লগত একত্ৰিত কৰা হয়।১২একত্ৰীকৰণৰ পূৰ্বে ৰাণী নাৰা আৰু শুভাংগী কুলকাৰ্ণী ক্ৰমে ডব্লিউ চি এ আইৰ সভাপতি আৰু সম্পাদক আছিল।১৩ সুনীল গাভাস্কাৰৰ ভগ্নী নুতন গাভাস্কাৰ ডব্লিউ চি এ আইৰ সন্মানীয় সাধাৰণ সম্পাদক আছিল।১৪

তথ্যসূত্ৰ

  1. ↑ The history of Indian women's cricket. ESPNcricinfo
  2. ↑ (2021-12-19). Beyond boundaries: Remembering the ‘mother hen’ of women’s cricket. The Times of India
  3. ↑ Mani, Sowmya. (2022-09-13). The Unsung Hero Whose Immense Determination Made Cricket a Reality for Women in India. The Better India
  4. ↑ Kumar, P. K. Ajith. (2022-11-09). Mahendra Kumar Sharma, the man who fought for women’s cricket in India, passes away. Sportstar
  5. ↑ Mahendra Kumar Sharma, one of the pioneers of women's cricket in India, dies. ESPNcricinfo
  6. ↑ Guest. (2023-11-17). FEATURE: Tracing the History of the Women’s Cricket Association of India. CRICKETher
  7. ↑ Women's First-Class Matches played by India Women. The Association of Cricket Statisticians and Historians
  8. ↑ When Chennai hosted its first women's Test: 'They came to watch the cricket, not just to see if the girls could play'. ESPNcricinfo
  9. ↑ AUS-W vs IND-W Cricket Scorecard, Only Test at Perth, January 15 - 17, 1977. ESPNcricinfo
  10. ↑ Velija, Philippa. (2015). Women's Cricket and Global Processes: The Emergence and Development of Women's Cricket as a Global Game. Palgrave Macmillan. পৃ. 99. ISBN 9781137323538
  11. ↑ Gupta, Shalini. (15 November 2022). Remembering Indian women’s cricket pioneer Mahendra Sharma. Hindustan Times
  12. ↑ BCCI finally takes full control of India women's cricket. ESPNcricinfo
  13. ↑ WCAI to be disbanded shortly. ESPNcricinfo
  14. ↑ (20 October 2014). BCCI ignores women's cricket: Nutan Gavaskar. The Hindu

সম্পৰ্কিত শ্ৰেণী

ক্ৰিকেট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰ্বভাৰতীয় মহিলা ক্ৰিকেট সন্থা” প্ৰবন্ধৰ সংশোধন ৪৭৩৮৭৭ (৯ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।