বিশ্বকাপ ক্ৰিকেট ২০১৯ ২০১৯ চনৰ ৩০ মেৰ পৰা ১৪ জুলাইলৈকে১ ইংলেণ্ড আৰু ৱেলছত অনুষ্ঠিত কৰা হ'ব,২৩ ই হৈছে দ্বাদশ সংখ্যক বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা। ১৯৭৫, ১৯৭৯, ১৯৮৩ আৰু ১৯৯৯ চনৰ সৈতে এইবাৰ ইংলেণ্ড আৰু ৱেলছে পঞ্চমবাৰলৈ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰিব।
অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত অনুষ্ঠিত হোৱা বিশ্বকাপৰ আয়োজকৰ নামৰ পৰা ইংলেণ্ড আৰু ৱেলছে নিজৰ নাম প্ৰত্যাহাৰ কৰাৰ পিছত ২০০৬ চনৰ এপ্ৰিল মাহত ২০১৯ চনৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজক দেশৰ নাম ঘোষণা কৰা হৈছিল। প্ৰতিযোগিতাৰ প্ৰথম খেলখন দি অ'ভেলত আৰু চুড়ান্ত খেলখন লৰ্ডছ্ত খেলুৱা হ'ব। কমসংখ্যক দলকলৈ আয়োজন কৰিবলৈ লোৱা বাবে প্ৰতিযোগিতাখনক সমালোচনা কৰা হৈছে যদিও আইচিচিএ কেৱল ১০টা দলৰ মাজতেই প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে।৪ ২০১৫ চনৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত অষ্ট্ৰেলিয়া বিজয়ী হৈছিল।
খেলৰ স্থানসমূহ
কলিকতাত অনুষ্ঠিত হোৱা এখন সভাত সিদ্ধান্ত কৰা খেলৰ স্থানসমূহ ২৬ এপ্ৰিল ২০১৮ তাৰিখে প্ৰকাশ কৰা হয়।৫৬
| নগৰ | বাৰ্মিংহাম, ইংলেণ্ড | ব্ৰিষ্টল, ইংলেণ্ড | কাৰ্ডিফ, ৱেলছ | চেষ্টাৰ-লে-ষ্ট্ৰীট, ইংলেণ্ড | লিডছ, ইংলেণ্ড |
|---|---|---|---|---|---|
| খেলপথাৰ | Edgbaston | Bristol County Ground | Sophia Gardens | Riverside Ground | Headingley |
| County Team | Warwickshire | Gloucestershire | Glamorgan | Durham | Yorkshire |
| আসন ক্ষমতা | ২৫,০০০ | ১৭,৫০০ | ১৫,৬৪৩ | ২০,০০০ | ১৮,৩৫০ |
| খেল | ৫ (ছেমি-ফাইনেলক ধৰি) | ৩ | ৪ | ৩ | ৪ |
| লণ্ডন, ইংলেণ্ড | লণ্ডন, ইংলেণ্ড | মানচেষ্টাৰ, ইংলেণ্ড | নটিংহাম, ইংলেণ্ড | ছাউডামটন, ইংলেণ্ড | টাউনটন, ইংলেণ্ড |
| লৰ্ডছ | দ্য অভেল | অল্ড ট্ৰেফৰ্ড | ট্ৰেণ্ট ব্ৰীজ | ৰজ বৌল | কাণ্ট্ৰি গ্ৰাউণ্ড |
| মিডলছেক্স | ছুৰী | লেংকাছিৰ | নটিমহামছিৰ | হামছিৰ | ছমেৰছেট |
| ২৮,০০০ | ২৫,৫০০ | ২৬,০০০ | ১৭,৫০০ | ২৫,০০০ | ১২,৫০০ |
| ৫ (ফাইনেলক ধৰি) | ৫ | ৬ (ছেমি-ফাইনেলক ধৰি) | ৫ | ৫ | ৩ |
খেলসমূহৰ তালিকা
২০১৮ চনৰ ২৬ এপ্ৰিলত আইচিচিএ খেলসমূহৰ তালিকা প্ৰকাশ কৰে।৭
তথ্যসূত্ৰ
- ↑ (২৯ জানুৱাৰী ২০১৫). Outcomes from Icc Board and Committee Meetings. International Cricket Council
- ↑ (2006-04-30). England lands Cricket World Cup. BBC Sport
- ↑ England awarded 2019 World Cup. espncricinfo
- ↑ ICC's Richardson wants more teams in World T20
- ↑ (6 December 2016). London Stadium could stage 2019 Cricket World Cup matches. BBC Sport
- ↑ Wigmore, Exclusive by Tim. (5 December 2016). ECB considering using Olympic Stadium to host 2019 Cricket World Cup games. The Guardian
- ↑ (২৬ April ২০১৮). ICC Cricket World Cup 2019 schedule announced. International Cricket Council
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্বকাপ ক্ৰিকেট ২০১৯” প্ৰবন্ধৰ সংশোধন ৩৮২১৩৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।