অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

জটায়ু প্ৰকৃতি উদ্যান

জটায়ু আৰ্থছ চেণ্টাৰ, বা জটায়ু প্ৰকৃতি উদ্যান, ভাৰতৰ কেৰালা ৰাজ্যৰ কোল্লাম জিলাৰ চডয়ামংগলামত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান আৰু পৰ্যটন কেন্দ্ৰ। ই সাগৰ পৃষ্ঠৰপৰা গড়ে 350 মিটাৰ উচ্চতাত অৱস্থিত। ইয়াৰ শীৰ্ষলৈ যাবলৈ কেবল কাৰৰ ব্যৱস্থা আছে আৰু এইখন কেৰালাৰ একমাত্ৰ কেবল কাৰ।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৪৮০ শব্দ · ৩ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

জটায়ু আৰ্থছ চেণ্টাৰ, বা জটায়ু প্ৰকৃতি উদ্যান, ভাৰতৰ কেৰালা ৰাজ্যৰ কোল্লাম জিলাৰ চডয়ামংগলামত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান আৰু পৰ্যটন কেন্দ্ৰ। ই সাগৰ পৃষ্ঠৰপৰা গড়ে 350 মিটাৰ উচ্চতাত অৱস্থিত। ইয়াৰ শীৰ্ষলৈ যাবলৈ কেবল কাৰৰ ব্যৱস্থা আছে আৰু এইখন কেৰালাৰ একমাত্ৰ কেবল কাৰ। বিশ্বৰ সৰ্ববৃহৎ চৰাইৰ ভাস্কৰ্য আছে।১

কংক্ৰিট আৰু তীখাৰে নিৰ্মিত এই জটায়ুৰ ভাস্কৰ্যটো 200 ফুট দীঘল, 150 ফুট বহল, 70 ফুট ওখ আৰু ই 15000 sqft মজিয়াৰ কালি আগুৰি আছে। ইয়াক ৰাজীৱ অঞ্চলৰদ্বাৰা খোদিত কৰা হৈছিল।২৩

জটায়ুৰ ভাস্কৰ্য
জটায়ুৰ ভাস্কৰ্যছবি: డా. గన్నవరపు నరసింహమూర్తి · CC0

শিলৰ শৈলীৰ এই প্ৰকৃতি উদ্যানখন আছিল কেৰালা ৰাজ্যত নিৰ্মাণ-পৰিচালনা-হস্তান্তৰ আৰ্হিৰ]] অধীনত প্ৰথমটো ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ পৰ্যটন উদ্যোগ। এই উদ্যানখন কোল্লাম চহৰৰপৰা প্ৰায় 38 কি.মি. আঁতৰত আৰু ৰাজ্যৰ ৰাজধানী তিৰুৱনন্তপুৰমৰপৰা 46 কি.মি. আঁতৰত অৱস্থিত।

সম্পূৰ্ণ হোৱাৰ পিছত, ২০১৮ চনৰ ১৭ আগষ্টত ইয়াক দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হয়।৪৫

উৎপত্তি

ৰ চিত্ৰকলা]]

এই উদ্যানখন চডয়ামংগলাম (জটায়ুমংগলাম) চহৰৰ ওচৰত অৱস্থিত, যাৰ নামকৰণ জটায়ুৰ নামেৰে কৰা হৈছিল। জটায়ু আছিল হিন্দু মহাকাব্য ৰামায়ণৰ এটা শগুনৰূপী উপ-দেৱতা।

মহাকাব্যখনৰ অনুসৰি, ৰাৱণ যেতিয়া সীতাক হৰণ কৰি লংকালৈ লৈ যাবলৈ চেষ্টা কৰিছিল, তেতিয়া জটায়ুৱে তেওঁক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিল। জটায়ুৱে ৰাৱণৰ সৈতে বীৰত্বৰে যুঁজিছিল, কিন্তু জটায়ু অতি বৃদ্ধ হোৱাৰ বাবে ৰাৱণে তেওঁক অতি সোনকালেই পৰাস্ত কৰি ডেউকা কাটি পেলায় আৰু জটায়ু চডয়ামংগলামৰ শিলাখণ্ডত বাগৰি পৰে। ৰাম আৰু লক্ষ্মণই সীতাৰ সন্ধান কৰি থকা অৱস্থাত আঘাতপ্ৰাপ্ত আৰু মৃত্যুমুখী জটায়ুক দেখা পায়। জটায়ুৱে তেওঁলোকক ৰাৱণৰ সৈতে হোৱা যুদ্ধৰ বিষয়ে অৱগত কৰে আৰু কয় যে ৰাৱণ দক্ষিণ দিশলৈ আগবাঢ়িছে।৬৭

উদ্যানখন

মূৰ্তি

এই মূৰ্তিটো এটা কিংবদন্তি – ৰামায়ণ – ৰ প্ৰতিনিধিত্ব স্বৰূপ আৰু ই নাৰীৰ সুৰক্ষা, সন্মান তথা নিৰাপত্তাৰ প্ৰতীক।৮ ইয়াৰ ডিজাইন আৰু নিৰ্মাণ ৰাজীৱ অঞ্চলৰদ্বাৰা কৰা হৈছিল।২৩

মাত্ৰাসমূহ

+বৈশিষ্ট্যজোখ
উচ্চতা২১ মিটাৰ
মজিয়াৰ কালি১,৪০০ বৰ্গ মিটাৰ
দৈৰ্ঘ্য৬১ মিটাৰ
প্ৰস্থ৪৬ মিটাৰ
ডেউকা আৰু নেজৰ পাখিৰ সংখ্যা৫২ খন
কাণৰপৰা কাণলৈ মূৰৰ ডাঠতাঅজ্ঞাত
মূৰৰ উচ্চতাঅজ্ঞাত
চকুৰপৰা চকুলৈ দূৰত্বঅজ্ঞাত
মূৰ্তিটোৰ মুঠ ওজনঅজ্ঞাত
প্ৰতিটো নখৰ দৈৰ্ঘ্যঅজ্ঞাত
ঠোঁটৰ দৈৰ্ঘ্যঅজ্ঞাত
ঠোঁটৰ উচ্চতাঅজ্ঞাত
ঠোঁটৰ প্ৰস্থঅজ্ঞাত
চকুৰ উচ্চতাঅজ্ঞাত

জটায়ু সংগ্ৰহালয়

ইয়াত এটা পাঁচমহলীয়া বিশাল ভাস্কৰ্য, এটা সংগ্ৰহালয় আৰু এটা বহুমাত্ৰিক (multi-dimensional) ছবিগৃহ আছে, য’ত জটায়ু আৰু ৰাৱণৰ মাজত হোৱা মহাকাব্যিক যুদ্ধখন দেখুওৱা এখন এনিমেটেড ছবি প্ৰদৰ্শন কৰা হয়। এই সকলোবোৰৰ উপৰি, জটায়ু আৰ্থছ চেণ্টাৰত এটা সাংস্কৃতিক কেন্দ্ৰও আছে, য’ত পৰম্পৰাগত কলা ৰূপ, প্ৰদৰ্শনী আৰু লোক-পৰিৱেশনসমূহ প্ৰদৰ্শন কৰা হয়।

এডভেন্সাৰ পাৰ্ক

এডভেন্সাৰ ৰক হিলত অৱস্থিত এই উদ্যানখন ২০১৭ চনৰ ৫ ডিচেম্বৰত মুকলি কৰা হয়।

কেভ ৰিজৰ্ট (গুহা ৰিজৰ্ট)

কোৱা হয় যে ৰাৱণৰ সৈতে হোৱা যুদ্ধৰ পিছত জটায়ুৱে এটা গুহাত আশ্ৰয় লৈছিল। বৰ্তমান ইয়াত এটা আয়ুৰ্বেদিক আৰু সিদ্ধ গুহা ৰিজৰ্ট নিৰ্মাণাধীন অৱস্থাত আছে, যিয়ে জটায়ুৰ কাহিনীৰ সৈতে আয়ুৰ্বেদিক আৰোগ্য প্ৰদান কৰিব।৯১০১১

উৎসৰ্গা

২০১৮ চনৰ ৪ জুলাইত এই উদ্যানখন দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হয় আৰু কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰদ্বাৰা ইয়াৰ অনানুষ্ঠানিকভাৱে (soft-inaugurated) উদ্বোধন কৰা হয়।১২১৩ উদ্যানখনৰ প্ৰথম পৰ্যায়ৰ কামৰ ব্যয় আছিল ১০০ কোটি টকা আৰু ইয়াৰ ভিতৰত ৩ কিঃমিঃ ব্যাসাৰ্ধৰ এডভেন্সাৰ জ’ন অন্তৰ্ভুক্ত আছিল।১৪১৫ ২০১৫ চনৰ ২৯ নৱেম্বৰত ডুবাই কৰ্প’ৰেচন ফৰ টুৰিজম এণ্ড কমাৰ্চৰ ষ্টেকহ’ল্ডাৰ ৰিলেচনছৰ সঞ্চালক মজিদ অল মাৰীয়ে কেৰালাৰ তেতিয়াৰ মুখ্যমন্ত্ৰী শ্ৰী উমেন চাণ্ডীৰ সৈতে নিৰ্মাণাধীন জটায়ু প্ৰকৃতি উদ্যান পৰিদৰ্শন কৰিছিল।

প্ৰৱেশ আৰু বৈশিষ্ট্যসমূহ

অৱস্থিতি আৰু প্ৰৱেশাধিকাৰ

এই উদ্যানখন কেৰালাৰ কোল্লাম জিলাৰ এটা পাহাৰৰ শিখৰত অৱস্থিত। উদ্যানখনত প্ৰৱেশ কৰিবলৈ কোনো বিশেষ পৰিবহণৰ প্ৰয়োজন নাই।

জটায়ুৰ ভাস্কৰ্য থকা পাহাৰৰ শীৰ্ষত উপনীত হ’বলৈ দৰ্শনাৰ্থীসকলে হয় ৮২৬টা খোপনি থকা খোজকঢ়া পথ ল’ব পাৰে, নহয় কেবল কাৰৰ সহায় ল’ব পাৰে।

কেবল কাৰৰ যাত্ৰাৰ বাবে এটা অতিৰিক্ত সৰ্বসাধাৰণ টিকটৰ প্ৰয়োজন হয়।

পাহাৰৰ শীৰ্ষলৈ যোৱাৰ পথত সুৰক্ষা পৰীক্ষাৰ (security screening) এক প্ৰক্ৰিয়া থাকে।

কেমেৰা আৰু বেগ লগত নিবলৈ অনুমতি দিয়া হয়। কোনো ধৰণৰ খাদ্যবস্তু নিয়াৰ অনুমতি নাই। খোৱাপানী নিবলৈ অনুমতি দিয়া হয়, কিন্তু প্লাষ্টিকৰ বটলত নহয়।

পাহাৰৰ ওপৰত বিনামূলীয়া পৰিশোধিত খোৱাপানীৰ ব্যৱস্থা আছে। সমগ্ৰ পথছোৱাত কেইবাটাও কেফে (cafes) আছে।

শিলালিপি আৰু ফলক

সংগ্ৰহালয়ৰ বাহিৰত থকা এখন ফলকত আঘাতপ্ৰাপ্ত জটায়ুৰ প্ৰতি শ্ৰদ্ধা নিৱেদন কৰি কে. জয়কুমাৰৰদ্বাৰা অনূদিত এটা কবিতা খোদিত কৰা হৈছে। এই ফলকখন কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰদ্বাৰা উৎসৰ্গা কৰা হৈছিল।

শ্ৰী পিনাৰায়ী বিজয়নৰদ্বাৰা উৎসৰ্গিত জটায়ু প্ৰকৃতি উদ্যানৰ ফলকখন
শ্ৰী পিনাৰায়ী বিজয়নৰদ্বাৰা উৎসৰ্গিত জটায়ু প্ৰকৃতি উদ্যানৰ ফলকখনছবি: ProjAnubhuti Akshay · CC BY-SA 4.0
"পাহাৰৰ এই চূড়াত ক্ষন্তেক থমকি গভীৰ চিন্তাত মগ্ন হোৱা এয়াই সেই স্থান য’ত জটায়ু বাগৰি পৰিছিল নিজৰ নখ আৰু ঠোঁটেৰে বাধা দিবলৈ চেষ্টা কৰি সেই পৰস্ত্ৰী হৰণকাৰী দানৱক, যিয়ে ছলনাৰে হৰণ কৰিছিল এগৰাকী কন্যাক, যি আছিল এক অমূল্য ৰত্নস্বৰূপ..."

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (23 May 2018). Kerala tourism to unveil world's largest bird sculpture. The Quint
  2. ↑ Jatayu Earth's Center Website
  3. ↑ Kerala park to welcome visitors in Jan - Khaleej Times
  4. ↑ (6 December 2017). Adventure Rock Hill open for visitors. The Times of India
  5. ↑ Enjoy a day of adventure at Jatayu Earth's Center. Outlook Traveller
  6. ↑ Jatayuara at Chadayamangalam - Kerala Tourism
  7. ↑ Lepakshi Temple - Lepakshi:: The Treasure House of Art and Sculpture
  8. ↑ Welcome to Jatayu Earth's Center. www.jatayuearthscenter.com
  9. ↑ (29 November 2015). Jatayu park to be opened for public in January - The Hindu. The Hindu
  10. ↑ Phase I of State's First PPP Tourism Project to be Thrown Open in Jan - TNIE
  11. ↑ Jatayu nature park: A new tourist destination of Kerala
  12. ↑ (23 May 2018). Rock theme park to be opened on 4 July. The Hindu
  13. ↑ (23 May 2018). Jatayu Centre to open on 4 July. Deccan Chronicle
  14. ↑ (29 November 2015). Adventure zone at Jatayu park - The Hindu. The Hindu
  15. ↑ (29 November 2015). Kerala's rock-theme Jatayu Park getting ready to woo visitors

সম্পৰ্কিত শ্ৰেণী

কেৰালা পৰ্যটনউদ্যানভাস্কৰ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জটায়ু প্ৰকৃতি উদ্যান” প্ৰবন্ধৰ সংশোধন ৬৩৭১৩৬ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।