অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

পূৰম

পূৰম কেৰালাৰ এক বাৰ্ষিক মন্দিৰ উৎসৱ। এই উৎসৱ দুৰ্গা বা কালী দেৱীৰ মন্দিৰত উদ্‌যাপন কৰা হয়। গ্ৰীষ্মকালৰ খেতি চপোৱাৰ পিছত কেৰালা ৰাজ্যৰ পালাক্কাদ, ত্ৰিছূৰ, মালাপ্পুৰম আৰু কোল্লাম জিলাত এই উৎসৱ অনুষ্ঠিত হয়। হৰিমত্তোম পূৰম এৰ্নাকুলাম জিলাৰ এক অন্যতম বিখ্যাত পূৰম উৎসৱ।

হালনাগাদ: ২৪ আগষ্ট ২০২৬ ৩৩১ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ
শ্ৰী পূৰ্ণত্ৰয়েস মন্দিৰৰ উৎসৱৰ সময়ত সজোৱা হাতী।
শ্ৰী পূৰ্ণত্ৰয়েস মন্দিৰৰ উৎসৱৰ সময়ত সজোৱা হাতী।ছবি: Rajesh Kakkanatt, courtesy Suresh Babu · CC BY-SA 3.0

প্ৰদৰ্শন।]]

উৎসৱৰ পাছদিনা অনুষ্ঠিত হয়।]]

পূৰম কেৰালাৰ এক বাৰ্ষিক মন্দিৰ উৎসৱ। এই উৎসৱ দুৰ্গা বা কালী দেৱীৰ মন্দিৰত উদ্‌যাপন কৰা হয়। গ্ৰীষ্মকালৰ খেতি চপোৱাৰ পিছত কেৰালা ৰাজ্যৰ পালাক্কাদ, থ্ৰিচূৰ, মালাপ্পুৰম আৰু কোল্লাম জিলাত এই উৎসৱ অনুষ্ঠিত হয়। হৰিমত্তোম পূৰম এৰ্নাকুলাম জিলাৰ এক অন্যতম বিখ্যাত পূৰম উৎসৱ। আন এক বিখ্যাত উৎসৱ হৈছে তিৰুমান্ধামকুন্নু পূৰম। এই উৎসৱত সমগ্ৰ দেশৰপৰা প্ৰায় ১১ লাখ লোকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। প্ৰায়ভাগ পূৰম উৎসৱতে ধুনীয়াকৈ সজোৱা কমেও এটা হাতী মন্দিৰৰ প্ৰাংগনৰপৰা শোভাযাত্ৰাত উলিওৱা হয়। অৱশ্যে কিছুমান জনাজাত পূৰম উৎসৱত সজোৱা হাতী ব্যৱহাৰ কৰা নহয়। ইয়াৰ ভিতৰত চেল্লাক্কাৰাৰ আন্তীমহাকালনকাভু ভেলা, শ্বোৰানুৰৰ আৰ্যনকাভু পূৰম আৰু ৱাডাক্কানচেৰীৰ ওচৰৰ মাচাদ মামাংগম অন্যতম। এই উৎসৱসমূহত হাতীৰ সলনি কাঠ বা কাপোৰেৰে সজা কৃত্ৰিম ঘোঁৰা বা গৰু ব্যৱহাৰ কৰা হয়। ভেলা নামৰ উৎসৱটোও পূৰমৰ দৰেই হয়। আটাইবোৰ পূৰমৰ ভিতৰত ত্ৰিছূৰ পূৰম আটাইতকৈ বিখ্যাত। এই উৎসৱ ইয়াৰ সুন্দৰ আতচবাজীৰ বাবে জনাজাত। আকৌ কাভাছেৰী পূৰম উৎসৱ দুপৰীয়াৰ আতচবাজীৰ বাবে বিখ্যাত। আন কিছুমান জনাজাত পূৰম উৎসৱ হৈছে আৰাট্টুপুঝা-পেৰুভানাম পূৰম, চালিছেৰী পূৰম, নেম্মাৰা ভাল্লাংগী ভেলা, বৈৰানকোড ভেলা, চিনাকাথুৰ পূৰম, মান্নাৰক্কাড পূৰম, কাভাছেৰী পূৰম, পৰিয়ানম্পাট্টা পূৰম, হৰিমত্তোম পূৰম আৰু কদম চকুৰা পূৰম। পেৰুভানাম-আৰাট্টুপুঝা পূৰমে ২০১৮ চনত ইয়াৰ ১৪৩৬সংখ্যক বৰ্ষ উদ্‌যাপন কৰিছে।১

সংগীতৰ অনুষ্ঠানসমূহ

মেলাম কেৰালাৰ এক পৰম্পৰাগত বাদ্যযন্ত্ৰৰ প্ৰদৰ্শন। ইয়াত বিভিন্ন ধৰণৰ থলুৱা বাদ্যযন্ত্ৰ বজোৱা হয়। আটাইকৈ পৰম্পৰাগত মেলামক পাণ্ডি মেলাম বুলি কোৱা হয়। ইয়াক সাধাৰণতে মন্দিৰৰ বাহিৰত বজোৱা হয়। আন একপ্ৰকাৰৰ মেলাম হৈছে পাঞ্চাৰী মেলাম। ইয়াক মন্দিৰৰ ভিতৰত এক সুকীয়া তালেৰে বজোৱা হয়।

পঞ্চবাদ্যম কেৰালাৰ আন এক শাস্ত্ৰীয় সংগীতানুষ্ঠান। ইয়াত পাঁচবিধ বেলেগ বেলেগ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয়। এই বাদ্য কেইবিধ হৈছে মাদ্দালম, কম্বু, ইডাক্কা, ইলাতালম আৰু তিমিলা।

থায়ামপাকা কেৰালাৰ এক বিশেষ একক চেণ্ডা বাদ্য প্ৰদৰ্শন। ইয়াত মূল বাদ্যকৰজনে কেন্দ্ৰত থাকি বাকী বাদ্যকৰসকলৰ তালৰ সৈতে মিলি চেণ্ডা আৰু ইলাথালাম বজায়। ২

অন্যান্য আকৰ্ষণ

পূৰম উৎসৱৰ কিছুমান আমোদজনক আকৰ্ষণ দেখিবলৈ পোৱা যায়। ইয়াৰ ভিতৰত পৰম্পৰাগত ছায়া পুতলা নাচ অন্যতম। এই অঞ্চলৰ এটা অন্যতম গুৰুত্বপূৰ্ণ মন্দিৰ উৎসৱত কেৰালাৰ বিখ্যাত ১০টা হাতী অংশগ্ৰহণ কৰে। ইয়াত কুডামাট্টম আৰু বিখ্যাত পাণ্ডিমেলাম প্ৰদৰ্শন কৰা হয়। এই সমগ্ৰ উৎসৱটো কেৰালাৰ পৰম্পৰা, বিশ্বাস আৰু সংস্কৃতি অনুসৰি পৰিচালনা কৰা হয়।

ওট্টাপালাম পূৰম উৎসৱ
ওট্টাপালাম পূৰম উৎসৱছবি: CC BY 2.5

লগতে চাওক

  • ত্ৰিছূৰ পূৰম৩৪

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ Peruvanam-Arattupuza pooram
  2. ↑ Arattupuzha Pooram - Oldest of all Poorams · Festivals of Kerala. Kerala Tourism
  3. ↑ Uthralikkavu Pooram - annual festival of Sree Ruthira Mahakalikavu Temple. Kerala Tourism
  4. ↑ Arattupuzha Pooram - Oldest of all Poorams · Festivals of Kerala. Kerala Tourism

সম্পৰ্কিত শ্ৰেণী

কেৰালা পৰ্যটনকেৰালাৰ উৎসৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পূৰম” প্ৰবন্ধৰ সংশোধন ৬৩০৩৭১ (২৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।