ৱায়ানাড বন্যপ্ৰাণী অভয়াৰণ্য (Wayanad Wildlife Sanctuary) হৈছে ভাৰতৰ কেৰালাৰ ৱায়ানাডত ৩৪৪.৪৪ বৰ্গকিলোমিটাৰ (১৩২.৯৯ বৰ্গমাইল) সামৰি বিস্তৃত আৰু ই চাৰিটা পাহাৰ ক্ৰমে চুলথান বাথেৰী, মুথাংগা, কুৰিচিয়াট আৰু থলপেট্টি বিস্তৃত হৈ আছে৷ তাত মেঠোন, ভাৰতীয় হাতী, হৰিণ আৰু ঢেঁকীয়াপতীয়া বাঘ আদি বিভিন্ন ধৰণৰ বন্যপ্ৰাণী পোৱা যায়। অভয়াৰণ্যখনত যথেষ্ট সহজে নোপোৱা চৰাইও আছে। বিশেষকৈ ভাৰতীয় ময়ূৰ অঞ্চলটোত অতি সহজে দৃষ্টিগোচৰ হয়৷ ৱায়ানাড বন্যপ্ৰাণী অভয়াৰণ্য কেৰালাৰ দ্বিতীয় বৃহত্তম বন্যপ্ৰাণী অভয়াৰণ্য। ই ৰসাল সেউজীয়া অৰণ্য আৰু চহকী বন্যপ্ৰাণীৰে সজ্জিত। এই বন্যপ্ৰাণী অভয়াৰণ্যখনত উদ্ভিদ আৰু প্ৰাণী উভয়ৰে কিছু বিৰল আৰু বিলুপ্তপ্ৰায় প্ৰজাতি আছে।
১৯৭৩ চনত স্থাপিত এই অভয়াৰণ্যখন বৰ্তমান নীলগিৰি জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ এক অবিচ্ছেদ্য অংগ। ইয়াৰ উত্তৰ-পূবে কৰ্ণাটকৰ নগৰহোল ৰাষ্ট্ৰীয় উদ্যান আৰু বান্দীপুৰ ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষিত এলেকাৰ নেটৱৰ্ক আৰু দক্ষিণ-পূব দিশত তামিলনাডুৰ মুডুমলাই ৰাষ্ট্ৰীয় উদ্যানে আগুৰি আছে৷ অভয়াৰণ্যখনৰ সকলোকে ধৰি পশ্চিম ঘাট, নীলগিৰি উপ-থুপ (৬,০০০+ বৰ্গকিলোমিটাৰ) বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে নিৰ্বাচনৰ বাবে বিশ্ব ঐতিহ্য সমিতিৰ দ্বাৰা বিবেচনাধীন।১
ই ডেকান মালভূমিৰ অংশ আৰু গছ-গছনি প্ৰধানকৈ দক্ষিণ ভাৰতৰ আৰ্দ্ৰ পৰ্ণপাতী চেগুন অৰণ্যৰে শোভিত৷ লগতে অভয়াৰণ্যখনৰ পশ্চিম উপকূলত অৰ্ধচিৰসেউজ বনাঞ্চল আছে। বন্যপ্ৰাণী অভয়াৰণ্যখন প্ৰজেক্ট এলিফেণ্টৰ অন্তৰ্গত আৰু অঞ্চলটোত ঘূৰি ফুৰা হাতীৰ জাক দেখা যায়। হাতীৰ পিঠিত উঠি অভয়াৰণ্যখন দেখাৰ ব্যৱস্থা কৰে কেৰালাৰ বন বিভাগে।
ইতিহাস
১৯৭৩ চনত ৱায়ানাড বন্যপ্ৰাণী অভয়াৰণ্য গঠন কৰা হয় আৰু ১৯৯১–৯২ চনত প্ৰজেক্ট এলিফেণ্টৰ অধীনলৈ অনা হয়। এই অভয়াৰণ্যৰ আয়তন ৩৪৫ বৰ্গকিলোমিটাৰ। ই কেৰালা ৰাজ্যৰ দ্বিতীয় বৃহত্তম অভয়াৰণ্য৷ অভয়াৰণ্যখন উত্তৰ ৱায়ানাড বন্যপ্ৰাণী অভয়াৰণ্য আৰু দক্ষিণ ৱায়ানাড বন্যপ্ৰাণী অভয়াৰণ্য নামেৰে জনাজাত দুটা বিচ্ছিন্ন অংশত বিভক্ত। দুয়োটা অংশৰ মাজৰ অঞ্চলটো প্ৰথমে বনাঞ্চল আছিল যদিও এতিয়া ইয়াক প্ৰধানকৈ বাগিচাই দখল কৰিছে।
২০১২ চনত ৱায়ানাড বন্যপ্ৰাণী অভয়াৰণ্যৰ প্ৰান্তত থকা কফি বাগিচাত কেৰালাৰ বন বিভাগে এটা বাঘক গুলীয়াই হত্যা কৰিছিল৷ স্থানীয় বহু ৰাজনৈতিক নেতা বাঘটো হত্যা কৰাত উৎফুল্লিত হৈছিল৷ বাঘটোৱে ঘৰচীয়া জীৱ-জন্তু চিকাৰ কৰাৰ ফলত সৃষ্টি হোৱা গণ প্ৰতিবাদৰ পাছত কেৰালাৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেনে বাঘটো হত্যা কৰাৰ নিৰ্দেশ দিয়ে।২
উদ্ভিদ আৰু প্ৰাণী
ৱায়ানাড বন্যপ্ৰাণী অভয়াৰণ্যত থকা ৪৫টা স্তন্যপায়ী প্ৰজাতিৰ ভিতৰত ৬টা পশ্চিম ঘাটৰ স্থানীয় প্ৰজাতিৰ প্ৰাণী।৩ পক্ষীৰ ২০৩টা প্ৰজাতিৰ ভিতৰৰ ১০টা স্থানীয়, ৬টা নিৰ্দিষ্ট অঞ্চলত সীমাৱদ্ধ আৰু ৫টা বিশ্বব্যাপী বিপন্ন প্ৰজাতিৰ।৩
উদ্ভিদ: আৰ্দ্ৰ পৰ্ণপাতী অৰণ্যত মাৰুঠি, কৰিমাৰুথি, গোলাপ কাঠ, ভেণ্টেক, ভেংগাল, চাদাচি, মাঝুকানজিৰাম, বাঁহ অধিক পৰিমাণে পোৱা যায়, আনহাতে অৰ্ধচিৰসেউজ ঠাইবোৰত ভেটেৰিয়া ইণ্ডিকা, লেগাৰষ্ট্ৰ’মিয়া লেন্সেঅ’লেটা, টাৰ্মিনেলিয়া পেনিকুলেটা পোৱা যায়।
প্ৰাণী: ভাৰতীয় হাতী, ঢেঁকীয়াপতীয়া বাঘ, নাহৰফুটুকী বাঘ, হেপা, ৰাংকুকুৰ, মেঠোন, শ্লথ ভালুক, গুঁই আৰু বিভিন্ন ধৰণৰ সাপ পোৱা যায়।
চৰাই: ভাৰতীয় ময়ূৰ, কোকিল, ফেঁচা, বাঢ়ৈটোকা, বনৰীয়া কুকুৰা আদি বিভিন্ন চৰাই পোৱা যায়।
শগুনৰ অৱস্থা
ৱায়ানাড বন্যপ্ৰাণী অভয়াৰণ্য বিভিন্ন প্ৰজাতিৰ শগুন যেনে পাতি শগুন আৰু ৰজা শগুন আশ্ৰয় থলি৷ ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত এই শগুনবোৰৰ সামূহিক সংখ্যা প্ৰায় ১৫০ টা আছিল আৰু ১৭ টা শগুনৰ বাহ গণনা কৰা হৈছিল। ২০১৬ চনৰ মাৰ্চ মাহত প্ৰায় ১১টা শগুনৰ বাহহে দেখা গৈছিল। নিষিদ্ধ ঔষধ ডাইক্ল'ফেনাক শগুণৰ সংখ্যা হ্ৰাসৰ কাৰণ বুলি ধাৰণা কৰা হৈছে।৪
তথ্যসূত্ৰ
- ↑ ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা, World Heritage Sites, Tentative lists, Western Ghats sub cluster, Niligiris. retrieved 20 April 2007 World Heritage sites, Tentative lists
- ↑ Manoj, E. M. (2012-12-03). Tiger gone, but tension simmers. The Hindu
- ↑ Wayanad Wildlife Sanctuary
- ↑ (2016). Vulture nests in WWS decline. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱায়ানাড বন্যপ্ৰাণী অভয়াৰণ্য” প্ৰবন্ধৰ সংশোধন ৬২০৩৬৭ (২৭ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।