মীনচিল নদী বা মীনচিলাৰ (মালয়ালম ভাষা: മീനച്ചിലാർ), যাক কাভাড্ৰপ আৰু ভালঞ্জাৰ নামেৰেও জনা যায়, ভাৰতৰ কেৰালা ৰাজ্যৰ এখন নদী। নদীখনত সৃষ্টি হোৱা আকস্মিক বানপানী, তীব্ৰ পানীৰ সোঁত আৰু পৰ্বতৰ পৰা উটুৱাই অনা কাঠ-আৱৰ্জনাৰ বাবে ইয়াক কেৰালাৰ আটাইতকৈ বিপদজ্জনক নদীসমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। এই নদীখন দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ কোট্টায়ম জিলাৰ মাজেৰে প্ৰবাহিত হৈছে। ৭৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই নদীখনৰ উৎপত্তি পশ্চিম ঘাট পৰ্বতমালাত হৈছে। ইয়াৰ প্ৰধান উপনৈসমূহ হৈছে ভাগামন পাহাৰৰ পৰা অহা থীকয় আৰু, পুঞ্জাৰ আৰু আৰু চিত্তৰ। নদীখন পশ্চিম দিশলৈ গতি কৰি কোট্টায়ম চহৰ আৰু অন্যান্য চহৰ যেনে পুঞ্জাৰ, তীকয়, ঈৰাট্টুপেট্টা, ভৰণংগনম, পালা, মুথোলী, চেৰপুঙ্কল, কিদংগুৰ আৰু কুমাৰাকোমৰ মাজেৰে বৈ গৈ ভাৰত মহাসাগৰৰ তীৰত অৱস্থিত ভেম্বনাড হ্ৰদত পতিত হৈছে।১২
নদী অৱবাহিকাৰ সাধাৰণ উচ্চতা পাৰ্বত্য অঞ্চলত ৭৭ মিটাৰৰ পৰা ১১৫৬ মিটাৰ, ভৈয়াম অঞ্চলত ২ মিটাৰতকৈ কম আৰু মধ্যভাগত ৮ ৰ পৰা ৬৮ মিটাৰ পৰ্যন্ত হয়। মীনচিল নদীৰ জলবিভাজিকাৰ (watershed) মাটিকালি ১২০৮.১১ বৰ্গ কিলোমিটাৰ। নদীখনৰ মুঠ বাৰ্ষিক জলধাৰণ ক্ষমতা ২৩৪৯ নিযুত ঘনমিটাৰ আৰু বাৰ্ষিক ব্যৱহাৰযোগ্য ক্ষমতা ১১১০ নিযুত ঘনমিটাৰ। নদীখনৰ সৰু-বৰ সৰ্বমুঠ ৩৮ খন উপনৈ আছে।
মীনচিল নামটো মাদুৰাইৰ দেৱী মীনাক্ষীৰ নামৰ পৰা আহিছে বুলি বিশ্বাস কৰা হয়। অৰুন্ধতী ৰায়ৰ বুকাৰ বঁটা প্ৰাপ্ত উপন্যাস দ্য গড অৱ স্মল থিংছতো এই নদীখনৰ উল্লেখ পোৱা যায়।৩
পৰিৱেশগত সমস্যাসমূহ
বৰ্তমান মীনচিল নদী অৱবাহিকাৰ পৰিৱেশৰ ওপৰত কেইবাটাও গুৰুতৰ সমস্যাই দেখা দিছে। তাৰে ভিতৰত কেইটামান হ’ল:
- ঈৰাট্টুপেট্টা, পালাই, ইট্টুমানুৰ আৰু কোট্টায়মৰ দৰে নগৰীয়া কেন্দ্ৰসমূহৰ নদীৰ পাৰত পৌৰসভাৰ আৰু ঘৰুৱা আৱৰ্জনা পেলোৱাৰ বাবে পানী প্ৰদূষণ বৃদ্ধি পাইছে।
- অনিয়ন্ত্ৰিত আৰু অবৈধ বালি খননৰ ফলত ভূগৰ্ভস্থ পানীৰ স্তৰ হ্ৰাস পাইছে।
- অবৈধভাৱে অসংখ্য চেক ডেম (চেক বান্ধ) নিৰ্মাণ কৰা হৈছে।
- বাঝিক্কাদাভু মিনি বান্ধৰ পৰা ইদুক্কি বান্ধলৈ নদীৰ উৎসভাগৰ পানী পথ সলনি কৰা হৈছে।
- অবৈধ মৎস্য চিকাৰৰ ফলত জলজ জীৱকুল ধ্বংস হৈছে।
- ইটা আৰু নিৰ্মাণ উদ্যোগৰ বাবে ধানখেতিৰ পথাৰৰ পৰা বোকা মাটি আৰু বালি খন্দা কাৰ্য।
জনপ্ৰিয় সংস্কৃতিত
অৰুন্ধতী ৰায়ৰ বুকাৰ বঁটা বিজয়ী গ্ৰন্থ "দ্য গড অৱ স্মল থিংছ"ত এই নদীখনৰ বিশেষ উল্লেখ আছে। কাহিনীটোৰ পটভূমি আয়মানম গাঁওখনক কেন্দ্ৰ কৰি গঢ়ি উঠিছে, যাৰ মাজেৰে মীনচিল নদী বৈ গৈছে।
ধৰ্মীয় গুৰুত্ব
ইট্টুমানুৰ মহাদেৱ মন্দিৰৰ ভগৱান শিৱৰ বাৰ্ষিক আৰাট্টু (পবিত্ৰ স্নান) মীনচিল নদীৰ পাৰত থকা পেৰুৰ, নীৰিকাডু আৰু তিৰুভানচুৰ গাঁৱত সম্পন্ন কৰা হয়। আন বহুতো দেৱ-দেৱীৰ বাৰ্ষিক আৰাট্টু ৰীতি-নীতিও এই নদীৰ পাৰতে কৰা হয়। কুমাৰনাল্লুৰ মন্দিৰৰো এই নদীৰ সৈতে ঐতিহাসিক সংযোগ আছে। পালাৰ চেন্ট থমাছ কেথেড্ৰেলত মীনচিল নদীৰ পাৰত ৰাকুলি (ডেনহা) পেৰুন্নাল এক ডাঙৰ উৎসৱ হিচাপে পালন কৰা হয়। ভৰণংগনমৰ প্ৰাচীন গীৰ্জাখনৰ পুনৰ্নিৰ্মাণক লৈ নদীৰ কোনটো পাৰত ইয়াক সজা উচিত, সেই বিষয় লৈ এক ঐতিহাসিক সংঘাতৰ সৃষ্টি হৈছিল।
অৰ্থনীতি আৰু সংস্কৃতি
চহৰ]]
মীনচিল নদী কোট্টায়ম জিলাৰ প্ৰধান নদী আৰু লাখ লাখ মানুহৰ লগতে ঈৰাট্টুপেট্টা, পালাই, ইট্টুমানুৰ আৰু কোট্টায়মৰ দৰে বহুতো ডাঙৰ চহৰ খোৱাপানী আৰু বাণিজ্যিক কাৰ্যৰ বাবে এই নদীৰ ওপৰত নিৰ্ভৰ কৰে। পূৰ্বৰ দিনবোৰত যেতিয়া পথ পৰিবহণ উন্নত নাছিল, তেতিয়া 'কেট্টুভাল্লাম' (পৰম্পৰাগত নাও) সমূহৰ জৰিয়তে মীনচিল নদীৰ সহায়ত ঈৰাট্টুপেট্টাৰ ওপৰলৈকে সামগ্ৰী পৰিবহণ কৰা হৈছিল আৰু তাৰ পৰা মছলা, কপাৰা আৰু কাঠ আল্লেপ্পী বন্দৰলৈ নিয়া হৈছিল। হাজাৰ হাজাৰ কৃষকে কৃষিৰ বাবে এই নদীৰ পানী ব্যৱহাৰ কৰে।
বাৰিষা কালত এই নদীখন উফন্দি পৰে আৰু সঘনাই নিম্নভূমি অঞ্চলসমূহ প্লাৱিত কৰে। গছ-গছনি ধ্বংস, খহনীয়া আৰু অত্যাধিক অবৈধ বালি খননৰ বাবে নদীখনৰ পানী ধৰি ৰখাৰ ক্ষমতা হ্ৰাস পোৱাত স্থানীয় ৰাইজ চিন্তিত হৈ পৰিছে। বৰ্তমান খৰাং কালত নদীখনত পানীৰ তীব্ৰ নাটনি হয় আৰু শক্তিশালী নদীখন গ্ৰীষ্মকালত প্ৰায় শুকাই পৰে।
নদীখনৰ প্ৰতি ভাবুকি
মীনচিল নদী বৰ্তমান বালি মাফিয়াৰ ব্যাপক অবৈধ বালি খননৰ ভাবুকিৰ সন্মুখীন হৈছে। যাৰ ফলত নদীৰ গভীৰতা দিনক দিনে বৃদ্ধি পাইছে। ইয়াৰ উপৰিও গ্ৰীষ্মকালত নলা-নৰ্দমাৰ আৱৰ্জনা, প্লাষ্টিক আৰু ৰাসায়নিক সাৰ-ডিটাৰ্জেণ্টৰ ব্যৱহাৰে নদীখনৰ পানী প্ৰদূষিত কৰাৰ লগতে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্য বিনষ্ট কৰিছে।৪
বানপানী
বাৰিষা কালত মীনচিল নদীত প্ৰতিবছৰে বাৰ্ষিক বানপানীৰ সৃষ্টি হয়। ইয়াৰ তীব্ৰ সোঁত আৰু গভীৰতাৰ বাবে বানপানীৰ সময়ত নদীখন অত্যন্ত ভয়ংকৰ ৰূপ ধাৰণ কৰে। কেৱল কেইমিনিটমানৰ বৰষুণতে ই সাধাৰণ সোঁতৰ পৰা বিশাল আকাৰ লব পাৰে। ২০১৮ চনৰ কেৰালাৰ ভয়ংকৰ বানপানীত মীনচিল নদীৰ বানপানীয়েও এক ডাঙৰ ভূমিকা লৈছিল, যিটো ইতিহাসৰ অন্যতম ডাঙৰ মানৱীয় দুৰ্যোগ আছিল।৫
তথ্যসূত্ৰ
- ↑ Hiran, U. (2019-11-10). Revival hopes for river mouth at Pazhukkanila. The Hindu
- ↑ Hiran, U. (2019-03-30). 'Green audit' launched at Meenachil river. The Hindu
- ↑ Roy, Arundhati. (1997). The God of Small Things. IndiaInk. ISBN 8186939024
- ↑ (11 February 2023). Meenachil river is facing an existential crisis. Mathrubhumi
- ↑ Meenachil river stares at death post flood havoc. onmanorama.com. Manorama Online
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মীনচিল নদী” প্ৰবন্ধৰ সংশোধন ৬৩২২৭৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।