প্ৰণৱ মিস্ত্ৰী (জন্ম ১৯৮১) এজন ভাৰতীয় কম্পিউটাৰ বিজ্ঞানী। শেহতীয়াকৈ তেওঁ Samsung electronics-ৰ গৱেষণা সঞ্চালক (Director of Research) হিচাপে যোগদান কৰিছে আৰু তেওঁ থিংক টেংক গোট ৰ নেতৃত্ব বহন কৰিছে।১ পূৰ্বতে তেওঁ মাছাছুটেছ ইনষ্টিউট অৱ টেকনল'জি-ৰ MIT Media Lab-ত গৱেষণা সহযোগী আৰু পি এইছ ডি গৱেষক ৰূপে কৰ্মৰত আছিল। মাছাছুটেছ ইনষ্টিউট অৱ টেকনল'জিত ভৰ্তি হোৱাৰ পূৰ্বে প্ৰনৱে মাইক্ৰ'ছফটৰ UX Researcher হিচাপে কৰ্মৰত আছিল। প্ৰণৱ মাছাছুটেছ ইনষ্টিউট অৱ টেকনল'জিৰ পৰা Media Arts and Sciences-ত আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিস্থান, ব'ম্বে Industrial Design Center-ৰ পৰা Master of Design স্নাতকোত্তৰ ডিগ্ৰীধাৰী। তেওঁ নিৰ্মা ইনষ্টিউট অৱ টেকনল'জি-ৰ পৰা কম্পিউটাৰ চায়েন্স আৰু ইঞ্জিনীয়াৰিং বিষয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল। ২ প্ৰণৱ উত্তৰ গুজৰাটৰ পালনপুৰৰ বাসিন্দা। প্ৰণৱ মিস্ত্ৰী তেওঁৰ SixthSense সম্পৰ্কীয় কামৰ বাবে বিখ্যাত।৩৪৫তেওঁৰ অন্যান্য কামৰ ভিতৰত, Mouseless –অদৃশ্য মাউচৰ উদ্ভাৱন, SPARSH – ডিজিটেল ডিভাইছৰ মাজত "ডাটা কপী-পেষ্ট"ৰ ছ'ফটৱেৰ উদ্ভাৱন, Quickies – search, locate কৰিব পৰা আৰু reminder message পঠাব পৰা intelligent sticky notes, Blinkbot - gaze আৰু blink নিয়ন্ত্ৰিত ৰ'বট; ত্ৰিমাত্ৰিক স্থানত অংকন কৰিব পৰা কলম আৰু পৃথিৱীৰ গুগল হিচাপে কাম কৰিব পৰা এখন ৰাজহুৱা মে'প ইত্যাদি উল্লেখনীয়। প্ৰণৱৰ গৱেষণাৰ বিষয়বস্তু হৈছে-Augmented reality, Ubiquitous computing, Gesture recognition,AI, Machine vision, Collective intelligence আৰু Robotics।
SixthSense সম্পৰ্কীয় প্ৰণৱৰ গৱেষণা ২০০৯ চনত Popular Science-ৰ দ্বাৰা Invention Award-ৰে পুৰস্কৃত হৈছিল।৩ তেওঁ মাছাছুটেছ ইনষ্টিউট অৱ টেকনল'জিৰ Technology Review(TR35)-ৰ দ্বাৰা "৩৫ বছৰ অনুৰ্ধৰ বিশ্বৰ ৩৫ জন উদ্ভাৱক"ৰ তালিকাভুক্তও হৈছিল। ৬ ২০১০ চনত Creativity আলোচনীৰ Creativity Magazine's Creativity 50 তালিকাত আছিল প্ৰণৱ মিস্ত্ৰী। ৭ Chris Andersen-এ মিস্ত্ৰীক সাম্প্ৰতিক বিশ্বৰ শ্ৰেষ্ঠ ১০ জন উদ্ভাৱকৰ মাজৰ এজন আখ্যা দিছে।৮ প্ৰণৱ মিস্ত্ৰীক Asian Scientist Magazine-এ ২০১১ চনৰ ১৫ মে'ত এছিয়ান ১৫ জন দৰ্শনীয় বিজ্ঞানীৰ তালিকাত স্থান দিছে। ৯ GQ India-ই প্ৰণৱক সকলোতকৈ প্ৰভাৱশালী ডিজিটেল ভাৰতীয় আখ্যা দিছে।১০১১ ইণ্ডিয়া টুডে'ই 37 Indians of Tomorrow তালিকাত স্থান দিছে। ১২শেহতীয়াকৈ প্ৰণৱ মিস্ত্ৰীক World Economic Forum-এ Young Global Leader 2013 খিতাপ প্ৰদান কৰিছে। ১৩
মিস্ত্ৰী ভাৰতৰ ২১ বছৰৰ অনুৰ্ধ কাবাডী দলৰ দলপতি আছিল আৰু তেওঁৰ নেতৃত্বত ভাৰতে ২১ বছৰৰ অনুৰ্ধ বিশ্বকাপত খিতাপ দখল কৰিছিল।
পুৰস্কাৰ, সফলতা
- Winner of TR35 2009 award, Technology Review৬
- Winner of Invention of the Year award, Popular Science৩
- Winner of Young Indian Innovator 2009 award, Digit Magazine
- Speaker for TED 2009 talk, TED 2009, Long Beach, CA১৪
- 2010 Creativity 50 recipient৭
- Awarded Young Global Leader 2013 - World Economic Forum ১৫
বাহ্যিক সংযোগ
- প্ৰণৱ মিস্ত্ৰীৰ ব্যক্তিগত ৱেবছাইট
- প্ৰণৱ মিস্ত্ৰী মাছাছুটেছ ইনষ্টিউট অৱ টেকনল'জিত।
- থিংক টেংক টীম হ'মপে'জ
তথ্যসূত্ৰ
- ↑ Think Tank Team. Think Tank Team homepage. Retrieved 2013-09-03
- ↑ about Pranav Mistry. Pranavmistry.com
- ↑ Popular Science 2009 Invention Award
- ↑ BBC SixthSense blurs digital and the real
- ↑ CNN Fareed Zakaria GPS: Innovation Nation
- ↑ (2009). 2009 Young Innovators Under 35: Pranav Mistry, 28. Technology Review
- ↑ 2010 Creativity 50 List of 50 most influential and inspiring creative personalities of 2010
- ↑ TEDtalk Pranav Mistry and Chris Andersen discussion at the end
- ↑ (May 15, 2011). The Ultimate List Of 15 Asian Scientists To Watch – Pranav Mistry. AsianScientist.com
- ↑ (April 1, 2011). The World's most powerful digital Indians. gqindia.com
- ↑ (April 1, 2011). The World's most powerful digital Indians - Pranav Mistry. gqindia.com
- ↑ (December 15, 2012). Indians of Tomorrow. indiatoday.com
- ↑ (April 12, 2013). Pranav Mistry- Young Global Leader 2013. World Economic Forum. weforum.org
- ↑ Pattie Maes and Pranav Mistry demo SixthSense | Video on. Ted.com
- ↑ (April 12, 2013). Pranav Mistry- Young Global Leader 2013. World Economic Forum. weforum.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰণৱ মিস্ত্ৰী” প্ৰবন্ধৰ সংশোধন ৩৮৫৩৭০ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।