অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হান্না কুৰ্ণিয়াৱতী

হান্না কুৰ্ণিয়াৱতী (ইংৰাজী: Hanna Kurniawati) এগৰাকী ইণ্ডোনেছিয়াত জন্মগ্ৰহণ কৰা কম্পিউটাৰ বিজ্ঞানী। তেওঁ ৰবটিক্সৰ বিভিন্ন শাখা যেনে মচন প্লেনিং, সিদ্ধান্ত গ্ৰহণৰ অনিশ্চয়তা আৰু ৰবটিক্সত ৰিনফৰ্চমেণ্ট লাৰ্নিঙৰ প্ৰয়োগ আদি বিষয়ত বিশেষজ্ঞ।

হালনাগাদ: ৭ মাৰ্চ ২০২৬ ১৯৩ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

হান্না কুৰ্ণিয়াৱতী (ইংৰাজী ভাষা: Hanna Kurniawati) এগৰাকী ইণ্ডোনেছিয়াত জন্মগ্ৰহণ কৰা কম্পিউটাৰ বিজ্ঞানী। তেওঁ ৰবটিক্সৰ বিভিন্ন শাখা যেনে মচন প্লেনিং, সিদ্ধান্ত গ্ৰহণৰ অনিশ্চয়তা আৰু ৰবটিক্সত ৰিনফৰ্চমেণ্ট লাৰ্নিঙৰ প্ৰয়োগ আদি বিষয়ত বিশেষজ্ঞ। তেওঁ অষ্ট্ৰেলিয়ান নেচনেল ইউনিভাৰ্ছিটিৰ স্কুল অৱ কম্পিউটিংত এগৰাকী অধ্যাপক আৰু চিষ্টেম অটন’মি, ইণ্টেলিজেন্স এণ্ড ডিচিচন মেকিং বিষয়ৰ স্মাৰ্টছেট চিআৰচি চেয়াৰ হিচাপে কৰ্মৰত। তেওঁ অষ্ট্ৰেলিয়ান ৰবটিক্স এণ্ড অটোমেচন এছ’চিয়েশ্যনৰ প্ৰাক্তন সভাপতি আছিল।১

শিক্ষা আৰু কৰ্মজীৱন

কুৰ্ণিয়াৱতী ইণ্ডোনেছিয়াত ডাঙৰ-দীঘল হৈছিল। জাপানৰ ৰবট কেন্দ্ৰিক এনিমেচন চাই তেওঁ ৰবটিক্সৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল।২ তেওঁ ২০০১ চনত ইণ্ডোনেছিয়া বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে আৰু ২০০৮ চনত ছিংগাপুৰৰ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি ডিগ্ৰী সম্পূৰ্ণ কৰে।৩ তেওঁৰ পিএইচডিৰ উপদেষ্টা আছিল ডেভিদ চিউ।৪

ছিংগাপুৰত পষ্টডক্টৰেল গৱেষণা কৰাৰ পিছত তেওঁ ২০১২ চনত অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ড বিশ্ববিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰে। ২০১৯ চনত তেওঁ জ্যেষ্ঠ প্ৰবক্তা হিচাপে অষ্ট্ৰেলিয়ান নেচনেল ইউনিভাৰ্ছিটিলৈ বদলি হয়। ২০২১ চনত তেওঁ সহযোগী অধ্যাপক হয় আৰু ২০২৩ চনৰ পৰা বৰ্তমানৰ অধ্যাপক পদত কাৰ্যনিৰ্বাহ কৰি আছে।৩

২০২০ চনত তেওঁ অষ্ট্ৰেলিয়ান নেচনেল ইউনিভাৰ্ছিটিত ৩ চশ ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাই থকা অৱস্থাত শৈক্ষিক অসদাচৰণ ধৰা পেলাইছিল। যদিও তেওঁ ব্যাপক প্ৰৱঞ্চনাৰ প্ৰমাণ পাইছিল, তথাপিও প্ৰকৃত অপৰাধীক চিনাক্ত কৰিব পৰা নাছিল। সেই সময়ত তেওঁ গোটেই শ্ৰেণীটোক দণ্ডিত কৰাৰ সিদ্ধান্ত লৈছিল যদিও পিছলৈ সেই সিদ্ধান্ত বাতিল কৰা হয়।৫

স্বীকৃতি

২০০৮ চনত প্ৰকাশিত গৱেষণা পত্ৰ "SARSOP: Efficient Point-Based POMDP Planning by Approximating Optimally Reachable Belief Spaces"-ৰ বাবে ২০২১ চনত ছিংগাপুৰৰ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ হান্না কুৰ্ণিয়াৱতী, ডেভিদ চিউ আৰু লী উই চানে 'ৰবটিক্স ছায়েন্স এণ্ড চিষ্টেম টেষ্ট অৱ টাইম এৱাৰ্ড' লাভ কৰে।৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Hanna Kurniawati. People. Australia National University School of Computing
  2. ↑ (November 1, 2016). E70: Hanna Kurniawati, Research Scientist in Robotics at University of Queensland – Interview. Flyover Labs
  3. ↑ Hanna Kurniawati. ORCiD
  4. ↑ (21 July 2021). NUS Computing professors win Robotics Science and Systems Test of Time Award 2021. NUS Computing. National University of Singapore
  5. ↑ Evans, Jake. (22 December 2020). ANU apologises, reverses penalty for students after lecturer punished class of 300 for alleged plagiarism. ABC News

সম্পৰ্কিত শ্ৰেণী

কম্পিউটাৰ বিজ্ঞানীমহিলা বিজ্ঞানীইণ্ডোনেছিয়াৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হান্না কুৰ্ণিয়াৱতী” প্ৰবন্ধৰ সংশোধন ৫৮৫৫৫৬ (৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।