চুজান ওৱিকি এগৰাকী কম্পিউটাৰ বিজ্ঞানী, এছ'চিয়েচন ফৰ কম্পিউটিং মেচিনেৰী (এচিএম) ফেলো আৰু কম্পিউটিঙত মহিলাসকলৰ বাবে চিষ্টাৰ্চ মেইলিং লিষ্টৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য।১ ২০০০ চনৰ আৰম্ভণিতে কেৰিয়াৰ সলনি কৰি অনুজ্ঞাপত্ৰপ্ৰাপ্ত বিবাহ আৰু পৰিয়াল থেৰাপিষ্ট হয়।
শৈক্ষিক জীৱন
১৯৭৫ চনত কৰ্নেল বিশ্ববিদ্যালয়ৰপৰা কম্পিউটাৰ বিজ্ঞানত পি এইচ ডি লাভ কৰে ওৱিকিয়ে। তেওঁৰ গাইড আছিল ডেভিদ গ্ৰীছ। তেওঁৰ থিছিছত২ তেওঁ ইণ্টাৰফেৰেন্স ফ্ৰিডম উদ্ভাৱন কৰিছিল, যিটো সমকালীন কাৰ্যসূচীসমূহ শুদ্ধ বুলি প্ৰমাণ কৰাৰ পদ্ধতি, যিটো অংশীদাৰী চলকসমূহৰ সৈতে সমান্তৰাল প্ৰগ্ৰেমসমূহ বিকশিত কৰা আৰু সেইবোৰ শুদ্ধ প্ৰমাণ কৰাৰ ওপৰত পৰৱৰ্তী কামৰ বহুখিনিৰ ভিত্তি। তেওঁৰ থিছিছৰপৰা পোনপটীয়াকৈ দুখন গৱেষণা পত্ৰৰ ফল।৩৪
ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু কম্পিউটাৰ বিজ্ঞান বিভাগৰ বাবে ১০ বছৰ ধৰি অধ্যাপক হিচাপে কাম কৰিছিল। তেওঁৰ গৱেষণামূলক আগ্ৰহৰ ভিতৰত বিতৰিত ব্যৱস্থা, পৰিৱেশন বিশ্লেষণ আৰু ইলেক্ট্ৰনিক বাণিজ্যৰ বাবে বিশ্বাসযোগ্য ব্যৱস্থা আদি অন্তৰ্ভুক্ত আৰু তেওঁৰ গৱেষণাৰ ওপৰত বহুতো প্ৰবন্ধ আৰু পেটেণ্ট প্ৰকাশ কৰে।৫
১৯৯৪ চনত ওৱিকিয়ে তেওঁৰ গৱেষণা পত্ৰৰ বাবে এচিএম ফেলো হিচাপে স্বীকৃতি লাভ কৰে।৬
উদ্যোগ কেৰিয়াৰ
ষ্টেনফৰ্ডৰ পিছত চুজান ওৱিকিক ডিজিটেল ইকুইপমেণ্ট কৰ্প’ৰেশ্যন (ডিইচি)ত নিযুক্তি দিয়া হৈছিল।
পিছলৈ তেওঁ ষ্ট্ৰেটেজিক টেকন’লজিছ এণ্ড আৰ্কিটেকচাৰেল ৰিচাৰ্চ লেবৰেটৰী (STAR lab)ত কাম কৰে য’ত তেওঁ সহযোগী সঞ্চালক হিচাপে ভূমিকা পালন কৰে। ডিজিটেল অধিকাৰ ব্যৱস্থাপনা আৰু আনুষংগিক ইলেক্ট্ৰনিক বাণিজ্য প্ৰযুক্তিৰ গৱেষণাৰ বাবে নিবেদিত প্ৰথমটো পৰীক্ষাগাৰ আছিল ষ্টাৰ লেব।৫
চাৰি বছৰ ধৰি এগৰাকী স্বতন্ত্ৰ পৰামৰ্শদাতা হিচাপে ইণ্টাৰেক্টিভ টেলিভিছনৰ পৰিৱেশন আৰু ষ্ট্ৰীমিং ভিডিঅ’ ডেলিভাৰীৰ কাম কৰিছিল।
ব্যক্তিগত জীৱন
ওৱিকিৰ বিবাহ হৈছে জেক ওৱিকিৰ সৈতে আৰু তেওঁৰ দুটা সন্তান আছে।৫
বিবাহ আৰু পৰিয়াল থেৰাপিষ্ট
ওৱিকি এজন অনুজ্ঞাপত্ৰপ্ৰাপ্ত বিবাহ আৰু পৰিয়াল চিকিৎসক।৭ তেওঁ এটা ব্যক্তিগত প্ৰেকটিছ বজাই ৰাখে আৰু ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু কৰ্মচাৰী সহায় কেন্দ্ৰৰ কৰ্মচাৰীৰ ভিতৰত আছে।৮
তথ্যসূত্ৰ
- ↑ Founding Systers » Anita Borg Institute for Women and Technology. Anitaborg.org
- ↑ Owicki, Susan S. (August 1975). Axiomatic Proof Techniques for Parallel Programs. Cornell University
- ↑ Owicki, Susan; Gries, David. (25 June 1976). An axiomatic proof technique for parallel programs I. Acta Informatica. Springer (Germany). পৃ. 319–340
- ↑ Owicki, Susan. (May 1976). Verifying properties of parallel programs: an axiomatic approach. Communications of the ACM. পৃ. 279–285
- ↑ CRA-W. Cra.org
- ↑ ACM: Fellows Award / Susan S Owicki. Fellows.acm.org
- ↑ Ms. Susan Owicki Marriage & Family Therapist, MA. Susan Owicki, Marriage & Family Therapist, Palo Alto, CA 94306 | Psychology Today's Therapy Directory. Therapists.psychologytoday.com
- ↑ Stanford University - Faculty and Staff Help Center - Suggested Books. Helpcenter.stanford.edu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুজান ওৱিকি” প্ৰবন্ধৰ সংশোধন ৬২৪৬০৯ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।