ৰেইমণ্ড ছেমুৱেল টম্লিনছন (Raymond Samuel Tomlinson; ২০ এপ্ৰিল, ১৯৪১ – ৫ মাৰ্চ, ২০১৬) আছিল এগৰাকী অগ্ৰণী কম্পিউটাৰ প্ৰগ্ৰামাৰ। তেখেতে ইলেকট্ৰনিক মেইল (email) পঠিওৱাৰ প্ৰথমটো পদ্ধতি উদ্ভাৱন কৰিছিল।১২৩৪ তেখেতে ১৯৭১ চনত আৰপানেট (ARPANET) ছিষ্টেমত প্ৰথমটো ইমেইল প্ৰগ্ৰাম কাৰ্যকৰী কৰিছিল। উল্লেখনীয় যে, আৰপানেটক ইণ্টাৰনেটৰ পূৰ্বসুৰী বুলি বিবেচিত কৰা হয়। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতক 'ইমেইলৰ উদ্ভাৱক' বুলি আখ্যায়িত কৰা হয়।৫৬৭৮ এইটো পদ্ধতিত আৰপানেটৰ লগত সংযুক্ত হৈ থকা ব্যৱহাৰকাৰীসকলে পোনপ্ৰথমবাৰৰ বাবে ইজনে আনজনলৈ "বাৰ্তা" প্ৰেৰণ কৰিব পাৰিছিল। ইয়াৰ পূৰ্বতে সেই "বাৰ্তা"টো কেৱল একেটা কম্পিউটাৰ ব্যৱহাৰ কৰা ব্যক্তিসকললৈহে পঠিয়াব পৰা গৈছিল। এই নতুন ব্যৱস্থাটো ৰূপায়ণ কৰিবলৈ ৰেই টমলিনছনে ব্যৱহাৰকাৰীৰ নাম আৰু মেছিনৰ নামৰ মাজত "@" চিনটো ব্যৱহাৰ কৰিছিল। মেইল পঠিওৱাৰ এইটো ব্যৱস্থা আজিৰ তাৰিখতো প্ৰচলিত।৯
"ইণ্টাৰনেট হল অৱ ফেম"-এ টমলিনছনৰ এই অতুলনীয় অৱদানলৈ স্বীকৃতি জনাই কৈছে যে- "টমলিনছনৰ ইমেইল প্ৰগ্ৰামে এটা নতুন বিপ্লৱৰ সৃষ্টি কৰিলে, যিটো পদ্ধতিয়ে যোগাযোগৰ ব্যৱস্থাটোকেই সলাই পেলালে" (Tomlinson's email program brought about a complete revolution, fundamentally changing the way people communicate.)। </small>১০১১
তথ্যসূত্ৰ
- ↑ Email pioneer Ray Tomlinson dead at 74. The Sydney Morning Herald
- ↑ E-mail inventor Ray Tomlinson, who popularized @ symbol, dies at 74. Ars Technica
- ↑ ABC News. Inventor of Modern Email, Ray Tomlinson, Dies. ABC News
- ↑ Claudio Müller. (7 March 2016). E-Mail-Pionier ist tot: Rest @ Peace, Ray Tomlinson. CHIP Online
- ↑ Ray Tomlinson, email inventor and selector of @ symbol, dies aged 74. the Guardian
- ↑ Dante D'Orazio. (6 March 2016). Inventor of email and savior of the @ sign, Ray Tomlinson, is dead at 74. The Verge. Vox Media
- ↑ (6 March 2016). Ray Tomlinson, Inventor Of Modern Email, Dies. NPR.org
- ↑ Email inventor Ray Tomlinson dies at 74. BBC News
- ↑ Ray Tomlinson. The First Network Email
- ↑ www.internethalloffame.org//official-biography-r
- ↑ Alumni/ae Notes - Rensselaer Polytechnic Institute (RPI)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেই টম্লিনছন” প্ৰবন্ধৰ সংশোধন ৩৫২১৮৮ (২ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।