ৰোজালিণ্ড ৰাইট পিকাৰ্ড ( Rosalind Wright Picard; জন্ম ১৯৬২) ১ এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন বৈদ্যুতিক অভিযন্তা আৰু কম্পিউটাৰ বিজ্ঞানী যি এম আই টিৰ স্বাস্থ্য বিজ্ঞান আৰু প্ৰযুক্তিৰ গ্ৰভাৰ এম হাৰ্মান অধ্যাপক, এম আই টি মিডিয়া লেবৰ এফেকটিভ কম্পিউটিং ৰিচাৰ্চ গ্ৰুপৰ প্ৰতিষ্ঠাপক আৰু পৰিচালক আৰু ষ্টাৰ্টআপ এফেক্টিভা২ আৰু এম্পাটিকাৰ সহ-প্ৰতিষ্ঠাপক।৩
এম আই টিত অধ্যাপক সদস্য হিচাপে যোগদান কৰাৰ পূৰ্বে পিকাৰ্ডে ১৯৮৪ চনৰ পৰা ১৯৮৭ চনলৈকে নিউ জাৰ্ছিৰ হোমডেল টাউনশ্বিপৰ এ টি এণ্ড টি বেল লেবছৰ কাৰিকৰী কৰ্মচাৰীৰ সদস্য হিচাপে কাম কৰিছিল; তাত তেওঁ প্ৰথমে ভৱিষ্যতৰ উচ্চ গতিৰ সংকেত প্ৰচেছিং চিপৰ বাবে নতুন ধৰণৰ ভিএলএছআই-স্কেল কম্পিউটাৰ আৰ্কিটেকচাৰ বিকশিত কৰিছিল আৰু পিছলৈ ছবি সংকোচনৰ বাবে নতুন ধৰণৰ এলগৰিদমৰ ওপৰত গৱেষণা কৰিছিল।
তেওঁ গৱেষণা আৰু উদ্ভাৱনৰ বাবে অসংখ্য বঁটা লাভ কৰিছে। ২০০৫ চনত তেওঁ ইমেজ আৰু ভিডিঅ' বিশ্লেষণ আৰু আৱেগিক কম্পিউটিঙত আগবঢ়োৱা অৱদানৰ বাবে ইনষ্টিটিউট অৱ ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰৰ ফেলো হিচাপে নিযুক্তি দিয়া হয়।৪ ২০১৯ চনত তেওঁ অভিযন্তাক প্ৰদান কৰা সৰ্বোচ্চ পেছাদাৰী সন্মান লাভ কৰে, আৱেগিক কম্পিউটিং আৰু ৱেয়াৰেবল কম্পিউটিঙৰ ওপৰত তেওঁৰ অৱদানৰ বাবে নেচনেল একাডেমী অৱ ইঞ্জিনিয়াৰিংলৈ নিৰ্বাচিত হয়।৫ ২০২১ চনত ব্যক্তিগত স্বাস্থ্য আৰু সুস্থতাৰ বাবে শাৰীৰিক সংকেত সংবেদনৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে তেওঁক এচিএমৰ ফেলো হিচাপে নিযুক্তি দিয়া হয়।৬ সেই বছৰতে তেওঁ নেচনেল একাডেমী অৱ ইনভেণ্টাৰছৰ সদস্য নিৰ্বাচিত হয়;৭ এই সংস্থাটোৱে জীৱনৰ মানদণ্ড, অৰ্থনৈতিক উন্নয়ন আৰু সমাজৰ কল্যাণৰ ওপৰত স্পষ্ট আৰু দৃশ্যমান প্ৰভাৱ পেলোৱা অসাধাৰণ উদ্ভাৱনসমূহক স্বীকৃতি দিয়ে। ২০২২ চনত তেওঁ কম্পিউটাৰ বিজ্ঞান গৱেষণাৰ বাবে আন্তঃৰাষ্ট্ৰীয় লম্বাৰ্ডি বঁটা লাভ কৰে। ৮ এই পুৰস্কাৰৰ মূল্য আছিল ১০ লাখ ইউৰো, যিটো তেওঁ ডিজিটেল স্বাস্থ্যসেৱা আৰু স্নায়ুবিজ্ঞানৰ গৱেষণাক সহায় কৰিবলৈ দান কৰিছিল; ইয়াৰ মূল লক্ষ্য আছিল মৃগীৰোগী আৰু হঠাৎ শিশুৰ মৃত্যু চিনড্ৰমৰ আশংকাত থকা শিশুৰ জীৱন ৰক্ষা কৰাত সহায় কৰা।৯১০১১
শৈক্ষিক দিশ
১৯৮৪ চনত পিকাৰ্ডে জৰ্জিয়া ইনষ্টিটিউট অৱ টেকন'লজিৰ পৰা বৈদ্যুতিক অভিযান্ত্ৰিকীত স্নাতক ডিগ্ৰী লাভ কৰে।১৯৮৬ চনত তেওঁ মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন'লজিৰ পৰা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু কম্পিউটাৰ বিজ্ঞান দুয়োটা বিষয়তে বিজ্ঞানত স্নাতকোত্তৰ আৰু ১৯৯১ চনত বিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰে।১২ তেওঁৰ ডক্টৰেট ডিগ্ৰীৰ গৱেষণা পত্ৰখনৰ শিৰোনাম আছিল টেক্সচাৰ মডেলিং: মাৰ্কভ/গিবছৰ ৰেণ্ডম ফিল্ডৰ ওপৰত তাপমাত্ৰাৰ প্ৰভাৱ।১৩
অটিজিম গৱেষণা
ৰবটিক বুদ্ধিমত্তাৰ ওপৰত গৱেষণা কৰাৰ উপৰিও পিকাৰ্ডে অটিজিমৰ ওপৰতো গৱেষণা কৰিছে। তেওঁৰ দলটোৱে এটা "আৱেগিক-সামাজিক বুদ্ধিমত্তাৰ কৃত্ৰিম অংগ" (ESP) প্ৰস্তুত কৰিছিল, ইয়াৰ সহায়ত অটিজিম ৰোগীয়ে নিজৰ মুখৰ অভিব্যক্তি পৰ্যবেক্ষণ কৰিব পাৰিছিল, যাৰ ফলত তেওঁলোকে আনৰ সামাজিক ইংগিতৰ বিষয়ে জানিব পাৰিছিল।১৪ এই যন্ত্ৰটোৱে ব্যক্তিৰ মুখৰ ভাব আৰু মূৰৰ গতিবিধিৰ পৰা আঠটা আৱেগিক অৱস্থাৰ ভিতৰত এটা চিনাক্তকৰণত ৬৫% সঠিকতাৰ হাৰ আছিল।১৫ এই প্ৰযুক্তিৰ কিছু অংশ তেওঁ ১১ সংখ্যক বাৰ্ষিক আন্তৰ্জাতিক ৱেয়াৰেবল কম্পিউটিঙৰ ওপৰত আলোচনা চক্ৰত প্ৰকাশ কৰে।১৬
ধৰ্ম আৰু বিজ্ঞান
পিকাৰ্ড নাস্তিক হিচাপে ডাঙৰ-দীঘল হৈছিল, কিন্তু তেওঁ যুৱাৱস্থাত খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল।১৭ তেখেত এগৰাকী ভক্তিময় খ্ৰীষ্টান।১৮আৰু তেওঁ বিশ্বাস নকৰে যে "ভৌতিক শৰীৰ আৰু অশৰীৰী আত্মা"ৰ পৃথকীকৰণ আছে কিন্তু "আমি এতিয়াও আৱিষ্কাৰ নকৰা আন কিবা এটা আছে", আৰু বিশ্বাস কৰে যে "বিজ্ঞানীসকলে ধৰি ল'ব নোৱাৰে যে তেওঁলোকে জুখিব পৰাৰ বাহিৰে একোৱেই নাই"।১৭ তেওঁৰ মতে জীৱনৰ জটিলতাই "কিবা এটা ধৰণৰ হস্তক্ষেপ" আৰু "আমাৰ অস্তিত্বৰ আঁৰত বহুত ডাঙৰ মন, বহুত ডাঙৰ বিজ্ঞানী, বহুত ডাঙৰ অভিযন্তাৰ" উপস্থিতিৰ দিশলৈ আঙুলিয়াই দিয়ে।১৭ তেওঁৰ মতে তেওঁৰ ধৰ্মীয় বিশ্বাসে তেওঁৰ 'এফেক্টিভ কম্পিউটিং'ৰ ওপৰত কৰা গৱেষণাত ভূমিকা পালন কৰে;১৯ আৰু তেওঁ কয়, "যেতিয়া মই আৱেগ কেনেকৈ কাম কৰে তাৰ বিভিন্ন আৰ্হি বা উপস্থাপনৰ গভীৰতালৈ গ'লে মই দেখিবলৈ পাওঁ যে আমি সৃষ্টি কৰা ধৰণৰ প্ৰতি আৰু সেয়েহে এই সৃষ্টি কৰা সৃষ্টিকৰ্তাৰ প্ৰতি আৰু অধিক ভয় আৰু প্ৰশংসা অনুভৱ কৰো।"১৯
বঁটাসমূহ
- জৰ্জিয়া ইঞ্জিনিয়াৰিং ফাউণ্ডেশ্যন ফেল'শ্বিপ(সমূহ) ১৯৮০, '৮১, '৮২, '৮৩
- ছ'চাইটি অৱ উইমেন ইঞ্জিনিয়াৰ্ছ: "দ্য আউটষ্টেণ্ডিং উইমেন ইঞ্জিনিয়াৰিং ষ্টুডেণ্ট" ১৯৮১, '৮২, '৮৩, '৮৪
- নেচনেল ছায়েন্স ফাউণ্ডেশ্যন ফেলো ১৯৮৪
- এ টি এণ্ড টি বেল লেবৰেটৰীজ "ৱান ইয়েৰ অন কেম্পাছ" ফেলো ১৯৮৪
- জৰ্জিয়া ইনষ্টিটিউট অৱ টেকন'লজি বিভাগৰ বৈদ্যুতিক অভিযান্ত্ৰিক অনুষদৰ বঁটা ১৯৮৪
- ১৯৮৪ চনত অমাইক্ৰন ডেল্টা কাপ্পা, জৰ্জিয়া টেক আৰু দক্ষিণ-পূব আমেৰিকাৰ "বছৰৰ নেতা" হিচাপে ভোটদান কৰে
- AAUW "দ্য আউটষ্টেণ্ডিং জৰ্জিয়া ইনষ্টিটিউট অৱ টেকন'লজি উইমেন গ্ৰেজুৱেট" ১৯৮৪
- আই এ পি আৰ পেটাৰ্ণ ৰেকগনিচন ছ'চাইটিৰ শ্ৰেষ্ঠ গৱেষণা পত্ৰ বঁটা (টম মিংকাৰ সৈতে) ১৯৯১
- জি এ টেক কলেজ অৱ ইঞ্জিনিয়াৰিং "অসাধাৰণ যুৱ অভিযান্ত্ৰিক প্ৰাক্তন ছাত্ৰ বঁটা" ১৯৯৫
- কম্পিউটাৰ আৰু যোগাযোগত এন ই চি কেৰিয়াৰ ডেভেলপমেণ্ট চেয়াৰ ১৯৯২, '৯৬
- এছ’চিয়েচন। অৱ আমেৰিকান পাব্লিচাৰ্ছ, ইনকৰ্পৰেটেড কম্পিউটাৰ বিজ্ঞান বুক এৱাৰ্ড, (মাননীয় উল্লেখ) ১৯৯৭
- আই ই ই ই ২০০০ৰ জ্যেষ্ঠ সদস্য
- ক্ৰিয়েপলৰ কমিটি অৱ অনাৰ (পেৰিছ) ২০০২
- আই ই ই ই ২০০৫ৰ ফেলো
- চেম্বলি হাইস্কুল হল অৱ ফেম ২০০৫
- গ্ৰ'ডেন নেটৱৰ্ক বিশিষ্ট সন্মানীয়, গৱেষণা বঁটা ২০০৮
- নিউয়ৰ্ক টাইমছ "বছৰৰ শ্ৰেষ্ঠ আইডিয়াছ" (w/el Kaliouby) ২০০৬
- ২০১১ চনৰ জনপ্ৰিয় বিজ্ঞান শীৰ্ষ দহটা উদ্ভাৱন: ২০১১ চনৰ গুৰুত্বপূৰ্ণ চিনসমূহ পঢ়া এখন দাপোন (মিং-ঝেৰ প'হ আৰু ডেন মেকডাফৰ সৈতে)
- দশকৰ শ্ৰেষ্ঠ গৱেষণা পত্ৰ, ২০০০–২০০৯ বুদ্ধিমত্তাসম্পন্ন পৰিবহণ ব্যৱস্থাৰ ওপৰত আই ই ই ই লেনদেন (জেনিফাৰ হিলীৰ সৈতে) ২০১৩
- উদ্ভাৱনৰ বাবে চিগমা ছি ৱালষ্টন চুব বঁটা ২০১৪
- এপিলেপ্সি ফাউণ্ডেশ্যন ইনোভেচন ছিল অৱ এক্সেলেন্স (এম্পাটিকাৰ সৈতে) ২০১৫
- ২০১৫ চনত চাবলগীয়া চিএনএনৰ ৭টা টেক ছুপাৰহিৰো
- এছ’চিয়েচন ফৰ চাইক’লজিকেল ছায়েন্স ফেলো ২০১৭
- নেচনেল একাডেমী অৱ ইঞ্জিনিয়াৰিং ২০১৯২০
- এচিএম ফেলো ২০২১২১
- লম্বাৰ্ডিয়া è Ricerca বঁটা ২০২২ ২২
- ইউবিকম্প ১০ বছৰীয়া প্ৰভাৱ বঁটা (এহছান হকে, ইত্যাদিৰ সৈতে) ২০২৩
- টেক্সাছ এ এণ্ড এম বিশ্ববিদ্যালয়ৰ ট্ৰটাৰ বঁটা, ২০২৫ ২৩
- আই ই ই ই মেডেল ফৰ ইনোভেচনছ ইন হেল্থকেয়াৰ টেকন'লজি ২০২৬২৪
লেখক হিচাপে নিৰ্বাচিত ৰচনাসমূহ
কিতাপ
- পিকাৰ্ড, ৰোজালিণ্ড ডব্লি. (১৯৯৭). এফেক্টিভ কম্পিউটিং. এম আই টি প্ৰেছ. ISBN 9780262161701
- জে টাও, টি টান, আৰু আৰ ডব্লিউ পিকাৰ্ড (সম্পাদক), এফেক্টিভ কম্পিউটিং এণ্ড ইনটেলিজেণ্ট ইন্টাৰেকচন ২০০৫, লেকচাৰ নোটছ ইন কম্পিউটাৰ চাইন্স ৩৭৮৪, ২০০৫। স্প্ৰিংগাৰ-ভেৰলাগ, বাৰ্লিন হাইডেলবাৰ্গ ২০০৫।
- এ. পাইভা, আৰ.প্ৰাডা, আৰু আৰ.ডব্লিউ.পিকাৰ্ড (সম্পাদক), এফেক্টিভ কম্পিউটিং এণ্ড ইনটেলিজেণ্ট ইন্টাৰেকচন ২০০৭, লেকচাৰ নোটছ ইন কম্পিউটাৰ চাইন্স ৪৭৩৮, ২০০৭। স্প্ৰিংগাৰ-ভেৰলাগ, বাৰ্লিন হাইডেলবাৰ্গ ২০০৭।
তথ্যসূত্ৰ
- ↑ Rosalind Wright Picard - Faculty Personnel Record, Massachusetts Institute of Technology, November 30, 2017
- ↑ Kerstetter, Jim. (February 2, 2013). Building better Super Bowl ads by watching you watch them. CNET
- ↑ Crowdfunding medical devices raises money — and questions
- ↑ (2005). 2005 Fellows. IEEE Boston
- ↑ National Academy of Engineering elects 86 members and 18 foreign members
- ↑ ACM Names 71 Fellows for Computing Advances that are Driving Innovation
- ↑ National Academy of Fellows List
- ↑ Premio Internazionale Lombardia è Ricerca
- ↑ Rosalind Picard awarded with the Lombardy 'Nobel': Niguarda and Buzzi research projects with artificial intelligence to save lives. La Repubblica
- ↑ (9 November 2022). Lombardia is Research: the scientist Rosalind Picard awarded
- ↑ Lombardia and Research Award to Rosalind Picard:she will collaborate with Buzzi and Niguarda
- ↑ Rosalind Wright Picard – MASSACHUSETTS INSTITUTE OF TECHNOLOGY Faculty Personnel Record. Massachusetts Institute of Technology
- ↑ Texture modeling: Temperature effects on Markov/Gibbs random fields - ProQuest. www.proquest.com
- ↑ Nasr, Susan. (November 2006). Help for Autism: A new device teaches the interpretation of facial cues. MIT
- ↑ Schuessler, Jennifer. (December 2006). The Social-Cue Reader. The New York Times
- ↑ Wertheimer, Linda. (October 8, 2007). Look out, Logan: Software is soft wear. The Boston Globe
- ↑ Petricevic, Mirko. (2007-11-03). A scientist who embraces God. The Record. Metroland Media Group Ltd
- ↑ "An MIT Professor Meets the Author of All Knowledge" ~ Christianity Today
- ↑ Harvey Blume. (1998-04-29). A Function Specific to Joy. The Atlantic Monthly
- ↑ National Academy of Engineering Elects 86 Members and 18 Foreign Members. NAE Website
- ↑ (January 19, 2022). ACM Names 71 Fellows for Computing Advances that are Driving Innovation. Association for Computing Machinery
- ↑ "Lombardy is Research: Scientist Rosalind Picard Award"
- ↑ (January 28, 2025). Trotter Prize Honors Pioneers in Information, Complexity, and Inference – Drs. Rosalind Picard and Richard Dawkins will explore the intersection between science and religion at the annual Trotter Endowed Lecture Series.
- ↑ (December 10, 2025). IEEE's Highest Honors: Meet the 2026 Pioneers Transforming Our World Through Technology. IEEE
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰোজালিণ্ড পিকাৰ্ড” প্ৰবন্ধৰ সংশোধন ৬৩৭৯৮৭ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।