অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

শকুন্তলা (মহাকাব্য)

শকুন্তলা (মহাকাব্য) (নেপালী: शाकुन्तल (महाकाव्य)) হৈছে ১৯৪৫ চনত লক্ষ্মী প্ৰসাদ দেৱকোটাৰ দ্বাৰা ৰচিত আৰু সাজ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত এটা নেপালী মহাকাব্যিক কবিতা। ইয়াক লক্ষ্মী প্ৰসাদ দেৱকোটা আৰু নেপালী সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ কৃতি হিচাপে গণ্য কৰা হয়।

হালনাগাদ: ৩ এপ্ৰিল ২০২৬ ২০৮ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

শকুন্তলা (মহাকাব্য) (নেপালী ভাষা: शाकुन्तल (महाकाव्य)) হৈছে ১৯৪৫ চনত লক্ষ্মী প্ৰসাদ দেৱকোটাৰ দ্বাৰা ৰচিত আৰু সাজ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত এটা নেপালী মহাকাব্যিক কবিতা।১২ ইয়াক লক্ষ্মী প্ৰসাদ দেৱকোটা আৰু নেপালী সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ কৃতি হিচাপে গণ্য কৰা হয়।৩৪

পৰিচয়

এই মহাকাব্যখন প্ৰাচীন সংস্কৃত কবি কালিদাসৰ ধ্ৰুপদী নাটক অভিজ্ঞানম শকুন্তলমৰ ওপৰত আধাৰিত আৰু ইয়াক নেপালী ভাষাৰ প্ৰথম মৌলিক মহাকাব্য বুলি গণ্য কৰা হয়।৫ যদিও ই এক প্ৰাচীন কৰ্মৰ ওপৰত আধাৰিত, ভানুভক্তীয় ৰামায়ণৰ (যিটো বাল্মীকি ৰামায়ণৰ অনুবাদ আছিল) তুলনাত এই কাব্যখনত যথেষ্ট মৌলিকতা আছে। ১৯৪৫ চনত ই প্ৰকাশ পাইছিল। দেৱকোটাই সমগ্ৰ মহাকাব্যখন সম্পূৰ্ণ কৰিবলৈ মাত্ৰ তিনি মাহ সময় লৈছিল।৩৬

অনুবাদ

লক্ষ্মী প্ৰসাদ দেৱকোটাই নিজেই এই মহাকাব্যখন ইংৰাজী ভাষালৈ অনুবাদ কৰিছিল। তেওঁৰ মৃত্যুৰ পিছত ১৯৯১ চনত এই অনুবাদটো প্ৰকাশ পাইছিল।৭

অভিযোজন

শকুন্তলাক নাটক হিচাপে অভিযোজন কৰা হৈছে আৰু আৰোহ গুৰুকুলৰ পৰিচালক সুনীল পোখৰেলৰ নিৰ্দেশনাত বিদ্যা শংকৰ স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে ইয়াক মঞ্চস্থ কৰিছে।৮

লেখক পৰিচয়

মূল প্ৰবন্ধ: লক্ষ্মী প্ৰসাদ দেৱকোটা'লক্ষ্মী প্ৰসাদ দেৱকোটা (Laxmi Prasad Devkota ) হ'ল এজন নেপালী কবি, নাট্যকাৰ, ঔপন্যাসিক আৰু ৰাজনীতিবিদ। মহাকবি‍' উপাধিৰে তেওঁ নেপালী সাহিত্যত সন্মানিত; তেওঁ সোণালী হৃদয়ৰ কবি হিচাপেও পৰিচিত। তেওঁক নেপালৰ অন্যতম বিখ্যাত সাহিত্যিক হিচাপে গণ্য কৰা হয়।৯১০ তেওঁৰ জনপ্ৰিয় ৰচনাসমূহৰ ভিতৰত আছে সুলোচনা, কুঞ্জিনী, ভিখাৰী আৰু শকুন্তলাৰ লগতে সৰ্বাধিক বিক্ৰী হোৱা মুনা মদন। ৷১১

গ্ৰন্থপঞ্জী

  • “Shakuntala.” A Survey of Nepali Literature in English. (M. Phil. Course Packet. Unit 1: Poetry). Kathmandu: IACER, 2006. 45-57.

তথ্যসূত্ৰ

  1. ↑ साझा प्रकाशका कविताहरू. Sajha.org.np
  2. ↑ Chaturvedi, Namrata. (10 December 2019). Sakuntalā and/in Laxmi Prasad Devkota. La.Lit
  3. ↑ आज महाकवी लक्ष्मीप्रसाद देवकोटाको जन्मजयन्ती, विभिन्न कार्यक्रम गरी मनाइँदै. Avenues.tv
  4. ↑ Sharma, Bal Krishna. (19 June 2019). Culture and Nationalism in Devkota's Shakuntala. Bodhi. পৃ. 205–210
  5. ↑ Chaturvedi, Namrata. (27 October 2019). The genius of Shakuntalā in Nepali. Nepali Times
  6. ↑ Rai, Indra Bahadur. “INDIAN NEPALI NATIONALISM AND NEPALI POETRY.” Journal of South Asian Literature, vol. 29, no. 1, 1994, pp. 149–154. JSTOR
  7. ↑ History of Translation in India. Ntm.org.in
  8. ↑ 'शाकुन्तल' अब नाटकमा. Ujyaaloonline.com
  9. ↑ गिरी, अमर. (2019-10-30). देवकोटा र मानवता: कुन मन्दिरमा जान्छौ यात्री?. Gorkhapatra
  10. ↑ Yuba Nath Lamsal. Poet The Great: Laxmi Prasad Devkota
  11. ↑ Michael Hutt. A voice from the past speaking to the present

সম্পৰ্কিত শ্ৰেণী

কবিতামহাকাব্যনেপালী সাহিত্যনেপালী ভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শকুন্তলা (মহাকাব্য)” প্ৰবন্ধৰ সংশোধন ৫৯৯৭৬৪ (৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।