তৰুণ তপসী (নেপালী ভাষা: तरुण तपसी) হ’ল ১৯৫৩ চনত লেখনাথ পৌড়েলৰদ্বাৰা ৰচিত এখন নেপালী মহাকাব্য। ই ১৯৫৩ চনত সাজা প্ৰকাশনৰদ্বাৰা প্ৰকাশিত হৈছিল। এই মহাকাব্যখন ১৯টা সৰ্গত বিভক্ত আৰু ইয়াক শিখৰিণী ছন্দত লিখা হৈছে। কবিয়ে তেওঁৰ মহাকাব্যখনক মহাকাব্যৰ (ধ্ৰুপদী শৈলী) পৰিৱৰ্তে এক নতুন ধৰণৰ মহাকাব্য বা নব্য-কাব্য বুলি অভিহিত কৰিছিল।
সাৰাংশ
মহাকাব্যখন এটা দীঘলীয়া বৰ্ণনামূলক কবিতা। ইয়াৰ কাহিনী এজন কবিক লৈ আৰম্ভ হয় যিয়ে গধূলি সময়ত এখন চৌতাৰীৰ এজোপা গছৰ তলত জিৰণি লয়। কবিয়ে অলপতে তেওঁৰ পত্নীক হেৰুৱাইছে আৰু তেওঁ শোকত ম্ৰিয়মাণ হৈ আছে। কবিয়ে কিবা এটা লিখিবলৈ স্থিৰ কৰে, কিন্তু অন্ধকাৰ হৈ আহে। তেতিয়াই তেওঁৰ সন্মুখত এজন ঋষিৰ আৱিৰ্ভাব হয় যিয়ে গছজোপাৰ আত্মাক প্ৰতিনিধিত্ব কৰে। ঋষিয়ে কবিৰ আগত সেই গছজোপাৰ দৰে ধৰ্মোপদেশ দিয়ে, যিয়ে একে ঠাইতে শিপাই থাকি ঋতুৰ পৰিৱৰ্তন প্ৰত্যক্ষ কৰিছে। ঋষিয়ে তেওঁৰ নিজৰ কষ্ট আৰু তেওঁ দেখা তথা নিৰীক্ষণ কৰা অন্যান্য লোকসকলৰ দুখ-কষ্টৰ বিষয়ে কথা পাতে। বছৰ বছৰ ধৰি কৰা নিৰীক্ষণ আৰু সেই নিৰীক্ষণৰপৰা লাভ কৰা শিক্ষাই সাধুজনক জ্ঞানালোকিত কৰিছিল।১
সৰ্গসমূহ
প্ৰথম সৰ্গত ৩৪টা শ্লোক আছে, যিবোৰ কবিতাটোৰ আৰম্ভণিতে বিষয়-বস্তু হিচাপে পৰিচয় কৰাই দিয়া হৈছে। কবিয়ে ঘূৰি ফুৰোঁতে এটা জনশূন্য ঠাইত উপস্থিত হয়। বাৰিষাৰ সময়ত পশ্চিম আকাশত বেলি মাৰ গৈছে। পৱিত্ৰ নদীখন বৈ আছিল আৰু পাৰত বহুতো শিল দেখা গৈছিল। পত্নীৰ বিয়োগত কবি ব্যথিত হৈ পৰিছিল। তেওঁৰ অন্তৰত তপস্যা কৰাৰ ইচ্ছা জাগ্ৰত হৈছিল। তপস্যাৰ বিষয়ে লিখিবলৈ কলম তুলি লওঁতেই সূৰ্য অস্ত গ'ল আৰু পৃথিৱীখন অন্ধকাৰ হৈ পৰিল। তাৰ পিছত তেওঁৰ সন্মুখত এজন ঋষি আৱিৰ্ভাব হয়। কবিয়ে সাধুজনৰ আগত বিভিন্ন প্ৰশ্ন উত্থাপন কৰে যিবোৰ পৰৱৰ্তী সময়ত কবিতাটোৰ মূল বিষয়-বস্তু হৈ পৰে।
দ্বিতীয় সৰ্গত ২৭টা শ্লোক আছে। এই সৰ্গত সাধুজনে তেওঁৰ জীৱন-কাহিনী বৰ্ণনা কৰিছে।
তৃতীয় সৰ্গত ৩৬টা শ্লোক আছে। ইয়াত ঋষিজন ডাঙৰ-দীঘল হোৱা, জন্তুৰ সৈতে খেলা-ধূলা কৰা, তেওঁৰ চিলা এখন গছত লাগি ধৰা আৰু দিনটো অন্ধকাৰ হৈ অহাৰ লগে লগে বাহত থকা চৰাই এটা নিৰীক্ষণ কৰাৰ কাহিনী বৰ্ণনা কৰা হৈছে।
চতুৰ্থ সৰ্গত ২৬টা শ্লোক আছে, য’ত তপস্বীজনে অতিবাহিত কৰা শীতকালৰ বৰ্ণনা আৰু বসন্তৰ আগমনৰ কথা অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াত তেওঁৰ কৈশোৰ কালত প্ৰৱেশ কৰাৰ কথা কোৱা হৈছে।
পঞ্চম সৰ্গৰ ২৭টা শ্লোকত চৰাইবোৰ একগোট হোৱা আৰু আলোচনা কৰা, চিকাৰীয়ে চৰাই মৰা আদিৰ বৰ্ণনা কৰা হৈছে। চৌতাৰা নিৰ্মাণৰ কথাখিনি অতি আমোদজনকভাৱে উপস্থাপন কৰা হৈছে।
ষষ্ঠ সৰ্গত ৩১টা শ্লোক আছে, য’ত চৰাইৰ বিলাপ প্ৰদৰ্শন কৰা হৈছে।
সপ্তম সৰ্গৰ ২৬টা শ্লোকত তেওঁক হিংসাৰপৰা কৰুণালৈ পৰিৱৰ্তন হ’বলৈ কোৱা হৈছে।
অষ্টম সৰ্গত ৩০টা শ্লোক, নৱম সৰ্গত ২৯টা শ্লোক, দশম সৰ্গত ৩৪টা শ্লোক, একাদশ সৰ্গত ৩৬টা শ্লোক, দ্বাদশ সৰ্গত ২৮টা শ্লোক, ত্ৰয়োদশ সৰ্গত ৩২টা শ্লোক, চতুৰ্দশ সৰ্গত ২৯টা শ্লোক, পঞ্চদশ সৰ্গত ৩৮টা শ্লোক, ষোড়শ সৰ্গত ৩২টা শ্লোক, সপ্তদশ সৰ্গত ২৪টা শ্লোক, অষ্টাদশ সৰ্গত ২৬টা শ্লোক আৰু উনবিংশ সৰ্গত ৩৬টা শ্লোক আছে। এই শ্লোকবোৰত তপস্বীজনৰ অভিজ্ঞতা বৰ্ণনা কৰা হৈছে।২
প্ৰতীকবাদ
কবিতাটো ৰূপক আৰু প্ৰতীকবাদেৰে ভৰ-পূৰ। কবিয়ে স্বয়ং লেখকক প্ৰতিনিধিত্ব কৰে। এই মহাকাব্যখন লিখাৰ পূৰ্বে লেখকে তেওঁৰ প্ৰথমগৰাকী পত্নীক হেৰুৱাইছিল আৰু তেওঁ গভীৰ শোকত ম্ৰিয়মাণ হৈ আছিল। এক দৈৱিক প্ৰেৰণাই তেওঁক এই কবিতাটো লিখিবলৈ উদ্বুদ্ধ কৰিছিল। কবিতাটোৱে মানৱ জীৱনৰ সুখ-দুখ যেনে— ভেম-বিলাস, ৰক্ষণশীলতা, উৎপীড়ন, শোষণ, ধৰ্ম আৰু আচাৰ-অনুষ্ঠানৰ ওপৰত দিব্য তপস্বীজনৰ নিৰপেক্ষ ভাষ্যৰ জৰিয়তে পৃথিৱীখনক আদৰ্শগত আৰু দাৰ্শনিক দৃষ্টিভঙ্গীৰে নিৰীক্ষণ কৰে। ইয়াৰ মূল বিষয়-বস্তু হ’ল প্ৰকৃতিৰ পৰোপকাৰী গছজোপা, যিয়ে তৰুণ তপস্বীৰ বেশত আত্মকেন্দ্ৰিক মানৱজাতিক পৰোপকাৰৰ বাবে সমগ্ৰ জীৱন উৎসৰ্গা কৰে। কবিতাটোত লগতে আলোচনা কৰা হৈছে যে কেনেকৈ মানুহৰ বিসংগতি, অসামঞ্জস্য, বিশৃংখলতা আৰু লোভ— যিবোৰ ঐশ্বৰিক সৃষ্টি বুলি গণ্য কৰা হয় যদিও বিভিন্ন আসোঁৱাহৰ বাবে সৃষ্টি হৈছে— সেইবোৰে সমাজখনক দুৰ্বিষহ কৰি তুলিছে।৩৪ পৌড্যালৰ কবিতা পিঞ্জৰা কো সুগাৰ দৰে ইয়াতো তেওঁ উৎপীড়িতসকলৰ বাবে এটা চৰাইক ৰূপক হিচাপে ব্যৱহাৰ কৰিছে।৫
আদৰণি
নাট্যকাৰ আৰু সাহিত্যিক বালকৃষ্ণ সমই ১৯৬৫ চনৰ ২২ মাৰ্চত গ্ৰন্থখনৰ পৰৱৰ্তী সংস্কৰণ এটাৰ পাতনি লিখিছিল।৬ তেওঁ এই মহাকাব্যখনক নেপালী সাহিত্যৰ এক মাইলৰ খুঁটি বুলি গণ্য কৰিছিল।
কবিতাটোক নেপালী পাঠকসকলে ভূয়সী প্ৰশংসা কৰিছিল। ১৯৫৫ চনৰ ৪ জানুৱাৰীত কবিৰ সোতৰতম জয়ন্তীত নেপালী কবিতা সমাজে লেখকজনক এখন ৰথত বহুৱাই সন্মান জনাইছিল। হাজাৰ হাজাৰ অনুৰাগীয়ে থামেলৰপৰা টুন্দিখেলৰ এক প্ৰাচীন ঘূৰণীয়া গছৰ তললৈ ৰথখন টানি নিছিল। নেপালৰ ৰজা ত্ৰিভুৱনে তেওঁক অভিনন্দন জ্ঞাপন কৰিছিল। তদানীন্তন প্ৰধানমন্ত্ৰী মাত্ৰিকা প্ৰসাদ কৈৰালা, মহাকবি লক্ষ্মী প্ৰসাদ দেৱকোটা, নাট্যকাৰ বালকৃষ্ণ সম, কবি সিদ্ধিচৰণ শ্ৰেষ্ঠ, সেই সময়ৰ গৃহমন্ত্ৰী টংক প্ৰসাদ আচাৰ্য, আমেৰিকান ধৰ্মযাজক ফাদাৰ মৰাণ আদি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে সেই ৰথখন টানিছিল। ৰথখনৰ চকাত সত্যম শিৱম সুন্দৰম বুলি খোদিত কৰা হৈছিল। চাৰিটা স্কাউট গোটৰ এটা দল, আঠগৰাকী মহিলা অশ্বাৰোহী বাহিনী আৰু এটা সামৰিক সংগীত দলে সমদলটোৰ সৈতে গৈছিল।৭
লগতে চাওক
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Himalayan Voices. publishing.cdlib.org
- ↑ तरुण तपसीमा लेखनाथ पौड्याल. News of Nepal
- ↑ तरुण तपसीमा लेखनाथ पौड्याल. News of Nepal
- ↑ कविशिरोमणि सम्झेर. कविशिरोमণি सम्झेर
- ↑ Kafle, Hem Raj. Alternative Readings on Paudyal's "The Parrot in the Cage"
- ↑ Paudyal, Lekhnath. (1953). तरुण तपसी (Tarun Tapasi). সাজা প্ৰকাশন. পৃ. 5–10. ISBN 9789993327554
- ↑ @therecord. "My poems and plays are usually meant for social repair"- Lekhnath Poudel - The Record. www.recordnepal.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তৰুণ তপসী” প্ৰবন্ধৰ সংশোধন ৫৮৯২৯৫ (১৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।