লেছলী এন ত্ৰিপাঠী (ইংৰাজী ভাষা: Leslie Ann Tripathy) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰথমে ওড়িয়া ভাষা সংগীত ভিডিঅ' আৰু চলচ্চিত্ৰত আৰু তাৰ পিছত বলীউডত অভিনয় কৰিছিল। ২০১৪ চনত ত্ৰিপাঠীয়ে ডব্লিউ ছবিৰ জৰিয়তে হিন্দী ভাষা চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে।১২
প্ৰাৰম্ভিক জীৱন আৰু পটভূমি
ত্ৰিপাঠী ইংৰাজী বিষয়ৰ অধ্যাপক ড° শৈলেন্দ্ৰ নাৰায়ণ ত্ৰিপাঠী৩ আৰু ইংৰাজী সাহিত্যৰ শিক্ষয়িত্ৰী অশোকা ত্ৰিপাঠীৰ প্ৰথম সন্তান। ত্ৰিপাঠীৰ এজন সৰু ভাতৃ আছে, যাৰ নাম শ্বেইকছপীয়েৰ কিং। তেওঁ এজন মডেলৰপৰা অভিনেতা হোৱা ব্যক্তি আৰু সাধাৰণতে ভাৰতীয় এডাল্ট চলচ্চিত্ৰ উদ্যোগত কাম কৰে। তেওঁ বক্সী জগবন্ধু বিদ্যাধৰ মহাবিদ্যালয়ৰ (বিজেবি কলেজ) এগৰাকী প্ৰাক্তন ছাত্ৰী।৪ তেওঁ চেন্নাইৰ এছিয়ান কলেজ অৱ জাৰ্নালিজমৰপৰা সাংবাদিকতা অধ্যয়ন কৰিছিল। তেওঁ প্ৰবন্ধ লিখাৰ লগতে মহিলাৰ অধিকাৰৰ বাবে প্ৰচাৰ চলাই আহিছে। বলীউড উদ্যোগত প্ৰৱেশ কৰাৰ আগতে ত্ৰিপাঠী ওড়িয়া চলচ্চিত্ৰ উদ্যোগত সক্ৰিয় আছিল আৰু বহুতো সংগীত ভিডিঅ’ তথা ছবিত কাম কৰিছিল।
কেৰিয়াৰ
ত্ৰিপাঠীয়ে ২০১৪ চনৰ ছবি ডব্লিউৰ জৰিয়তে বলীউডত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। এই ছবিত তেওঁ ৰুহী মালিক নামৰ এগৰাকী ধৰ্ষণৰ বলি হোৱা যুৱতীৰ চৰিত্ৰত অভিনয় কৰিছিল।৫ তেওঁ শিৱাজীৰ সৈতে তেওঁৰ প্ৰথম তেলেগু ছবি চুচিনোডিকি চুচিনান্থাত অভিনয় কৰিছিল।৬৭

২০১৭ চনৰ ৪ আগষ্টত মুম্বাইৰ হোটেল ছাহাৰা ষ্টাৰত সত্য ব্ৰহ্মই প্ৰতিষ্ঠা কৰা ইণ্ডিয়া লিডাৰশ্বিপ কনক্লেভত লেছলীক "চাইবাৰস্পেছ ট্ৰোলিং, বডী শ্বেমিং, ষ্টকিং, ধৰ্ষণ আৰু মৃত্যুৰ ভাবুকিৰ বিৰোধিতা" শীৰ্ষক বিষয়ত এগৰাকী বক্তা হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল।৮
বাহ্যিক সংযোগ
- লেছলী ত্ৰিপাঠী OllywoodMovie.com ত
তথ্যসূত্ৰ
- ↑ Ashok Palit. (31 January 2013). Odisha: Leslie Tripathy to act in Hindi cinema
- ↑ Ashok Palit. (1 March 2014). Odia actress Leslie Tripathy upcoming Hindi film scheduled to be released in March
- ↑ Jigsaw Creations. Poesie India International - All About Us!. oocities.org
- ↑ Leslie Ann Tripathy
- ↑ (9 August 2014). Lesly Tripathy in Telegu Movie. My City Bhubaneswar
- ↑ Movie Bytes. The New Indian Express
- ↑ Palit, Ashok. (5 August 2014). Odisha girl Lesly Tripathy in Telegu Movie
- ↑ Agenda – India Leadership Conclave 2017
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লেছলী ত্ৰিপাঠী” প্ৰবন্ধৰ সংশোধন ৬২৯০৯২ (১৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।