অনিতা দাস (ইংৰাজী ভাষা: Anita Das; ১ অক্টোবৰ ১৯৫৩ – ১১ মে’ ২০১৮) ওড়িয়া ভাষা চিনেমাৰ এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী আছিল।১ তেওঁ নিজৰ কেৰিয়াৰত তিনিবাৰকৈ ওড়িশা ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। ২০১৮ চনৰ ১১ মে’ত ৬৪ বছৰ বয়সত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ দাসৰ মৃত্যু হয়।২
কেৰিয়াৰ
অনিতা দাসে ১৯৭৫ চনত ওড়িয়া চলচ্চিত্ৰ যাযাবৰৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল, য’ত তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। তাৰ পিছৰেপৰা তেওঁ এশখনতকৈও অধিক বোলছবিত অভিনয় কৰিছিল, যিবোৰত তেওঁক প্ৰায়ে মাতৃৰ দৰে সহযোগী চৰিত্ৰত দেখা গৈছিল। ১৯৮০ চনৰ পিছত নিৰ্মিত তেওঁৰ বেছিভাগ চলচ্চিত্ৰতে মাতৃৰ চৰিত্ৰত কৰা বলিষ্ঠ অভিনয়ৰ বাবে তেওঁ যথেষ্ট জনপ্ৰিয় আছিল।৩
দাসে ১৯৮০ চনত তপস্যা বোলছবিখনত কৰা অভিনয়ৰ বাবে ওড়িশা ৰাজ্যিক চলচ্চিত্ৰ বঁটা (শ্ৰেষ্ঠ অভিনেত্ৰী) লাভ কৰিছিল আৰু ১৯৮৩ চনৰ ছবি ভক্ত শালবেগত কৰা মুখ্য চৰিত্ৰৰ বাবে পুনৰ এই সন্মানীয় বঁটা লাভ কৰিছিল। ১৯৮৭ চনত এই ত দুনীয়া বোলছবিখনত আগবঢ়োৱা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ওড়িশা ৰাজ্যিক চলচ্চিত্ৰ বঁটাও লাভ কৰিছিল।
মৃত্যু
২০১৮ চনৰ ১০ মে’ত দাসে তেওঁৰ ভতিজাক আকাশ দাসনায়কৰ ওচৰত নিজৰ স্বাস্থ্যৰ অৱনতিৰ বিষয়ে অভিযোগ কৰিছিল বুলি জানিব পৰা গৈছে।৪ বৃহস্পতিবাৰে নিশা শুবলৈ যোৱাৰ পূৰ্বে তেওঁ বমি কৰাৰ লগতে হৃদযন্ত্ৰ আৰু বুকুত বিষ অনুভৱ কৰিছিল। পাছদিনা যেতিয়া দাসনায়কে চিকিৎসাৰ পৰামৰ্শ ল’বলৈ চিকিৎসক এজনক মাতিবলৈ লৰালৰি কৰিছিল, তেতিয়া তেওঁক মৃত অৱস্থাত পোৱা গৈছিল।৫
তথ্যসূত্ৰ
- ↑ Anita Das - lifetime actress in Odia cinema
- ↑ (12 May 2018). Odia actress Anita Das passes away. The Hindu
- ↑ IANS. Veteran Indian actress Anita Das passes away at 57. m.khaleejtimes.com
- ↑ Veteran Odia film actress Anita Das no more - PRAGATIVADI:LEADING ODIA DAILY. pragativadi.com
- ↑ Veteran actor Anita Das passes away. The New Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনিতা দাস” প্ৰবন্ধৰ সংশোধন ৫৯২৬৬০ (২৩ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।