ৰে এলিনা সামন্তৰায় (ইংৰাজী ভাষা: Elina Samantray) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ ওড়িয়া ভাষা চলচ্চিত্ৰ উদ্যোগত কাম কৰে। তেওঁ ইশ্ক তু হি তু চলচ্চিত্ৰৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰে। তেওঁ তৰঙ্গ টিভিত প্ৰচাৰিত ৰিয়েলিটি টেলিভিছন অনুষ্ঠান কিয়ে হেব মো হিৰ’ইনৰ প্ৰথম ছিজনৰ বিজয়িনী আছিল। ইয়াৰ উপৰি তেওঁ বঙালী চলচ্চিত্ৰ উদ্যোগতো অভিনয় কৰিছে।
অভিনয় জীৱন

এলিনা সামন্তৰায়ে তৰঙ্গ টিভিত প্ৰচাৰিত ৰিয়েলিটি টেলিভিছন অনুষ্ঠান কিয়ে হেব মো হিৰ’ইন জয় কৰাৰ পাছত ওড়িয়া চলচ্চিত্ৰ উদ্যোগ (ওলিউড)ত প্ৰৱেশ কৰে। তেওঁৰ অভিনয় জীৱনৰ প্ৰথম চলচ্চিত্ৰ আছিল ইশ্ক তু হি তু,১২ যিখন ১৯৯১ চনৰ ভদ্ৰক জিলাৰ ধামনগৰ অঞ্চলত সংঘটিত সাম্প্ৰদায়িক দাঙ্গাৰ আধাৰত নিৰ্মিত।
ইয়াৰ পিছত তেওঁৰ পৰৱৰ্তী দুখন চলচ্চিত্ৰ আছিল কেহি নুহে কাহাৰা আৰু জগা হাতৰে পগা। ২০১৬ চনত তেওঁ বাবুশানৰ সৈতে লাভ ষ্টেচন চলচ্চিত্ৰত অভিনয় কৰে। একেই বছৰত তেওঁ ঝিয়টা বিগিডি গলা চলচ্চিত্ৰতো অভিনয় কৰে।
২০১৭ চনত তেওঁ ওড়িয়া অভিনেতা অনুভৱ মহান্তিৰ সৈতে অভয় আৰু কাবুলা বাৰাবুলা চলচ্চিত্ৰত অভিনয় কৰে। তেওঁৰ পৰৱৰ্তী চলচ্চিত্ৰ হেপ্পী লাকী (জ্যোতি ৰঞ্জন নায়ক, সম্বীত আচাৰ্য আৰু কিয়ে হেব মো হিৰ’ইন ছিজন ৩ৰ বিজয়িনী সসমিতা সৈতে) ১৪ জানুৱাৰী ২০১৮ তাৰিখে মুক্তি পায়।
অক্টোবৰ ২০১৮ চনত তেওঁ কিয়ে হেব মো স্ত্ৰী চলচ্চিত্ৰত এটা কৌতুকধৰ্মী চৰিত্ৰত অভিনয় কৰে, য’ত তেওঁ সঘন পেটৰ সমস্যাত ভুগি থকা এগৰাকী ছোৱালীৰ চৰিত্ৰ ৰূপায়ণ কৰে। এই চৰিত্ৰৰ বাবে তেওঁ ব্যাপক প্ৰশংসা লাভ কৰে।
তেওঁ সব্যসাচী মিশ্ৰৰ সৈতে ৪ ইডিয়টছ চলচ্চিত্ৰত মুখ্য চৰিত্ৰত অভিনয় কৰে। ইয়াৰ উপৰি তেওঁ ওড়িয়া কৌতুক চলচ্চিত্ৰ টোকাটা ফছিগলাত সব্যসাচী মিশ্ৰ আৰু পপু পম পমৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰে।৩
তথ্যসূত্ৰ
- ↑ (৩ নৱেম্বৰ ২০১৪). Tarang Cine Production announced its first Odia film titled 'Ishq Tu Hi Tu'. orissadiary.com
- ↑ Tarang Cine Production's first Odia film titled Ishq Tu Hi Tu going to hit theatre in January, 2015. orissadiary.com
- ↑ Elina-Samantray biography
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলিনা সামন্তৰায়” প্ৰবন্ধৰ সংশোধন ৫৭৫৭০৩ (৯ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।