আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাৰী অধিকাৰ কৰ্মী
৫৯ প্ৰবন্ধ
-
মেৰী বাৰ ক্লে
মেৰী বাৰ ক্লে (Mary Barr Clay; ১৩ অক্টোবৰ, ১৮৩৯ – ১২ অক্টোবৰ, ১৯২৪) আমেৰিকাৰ মহিলা ভোটাধিকাৰ আন্দোলনৰ এগৰাকী নেত্ৰী আছিল। তেওঁ মেৰী বি ক্লে আৰু মিচেছ জে ফ্ৰেংক হেৰিক নামেৰেও পৰিচিত হৈছিল।
-
অগাষ্টা কালোচ ক্ৰীষ্টি
অগাষ্টা কালোচ ক্ৰীষ্টি (Augusta Kalloch Christie; ২৮ অক্টোবৰ ১৮৮৭ – ২২ জানুৱাৰী ১৯৮১) এগৰাকী আমেৰিকান শিক্ষাবিদ আৰু ৰাজনীতিবিদ আছিল। ১৯৫২ চনৰ পৰা ১৯৬৪ চনলৈকে মেইন হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভ আৰু মেইন চেনেট দুয়োটাতে কাৰ্যনিৰ্বাহ কৰা তেওঁ প্ৰথমগৰাকী মহিলা।
-
ই কিচ চাইল্ডছ
ই কিচ চাইল্ডছ (E. Kitch Childs) এগৰাকী আমেৰিকান ক্লিনিকেল চাইক'লজিষ্ট আছিল৷ ইয়াৰ লগতে তেওঁ উত্তৰ আমেৰিকাৰ মহিলা মুক্তি আন্দোলন; সংখ্যালঘু মহিলা, বেশ্যা, সমকামী আৰু লেছবিয়ানসকলৰ পোষকতা কৰাৰ বাবে পৰিচিত এগৰাকী লেছবিয়ান কৰ্মী।
-
ইডা ক্ৰেডক
ইডা চি ক্ৰেডক (Ida Craddock) আছিল ১৯ শতিকাৰ এগৰাকী আমেৰিকীয় বাক-স্বাধীনতা আৰু মহিলাৰ অধিকাৰৰ সমৰ্থক। যৌনতাক লৈ তেওঁ বিস্তৃতভাৱে লিখিছিল, যাৰ ফলত তেওঁক দোষী সাব্যস্ত কৰা হৈছিল আৰু অশ্লীল কামৰ বাবে কাৰাগাৰত বন্দী কৰা হৈছিল। মুক্তিৰ পিছত তেওঁ অধিক আইনী প্ৰক্ৰিয়াৰ সন্মুখীন হৈ আত্মহত্যা কৰে।
-
এচ কে চান
ডাঃ এছ.কে. চান (S. K. Chan) আমেৰিকাৰ অৰেগনৰ পৰ্টলেণ্ডত থকা চাইনিজ আমেৰিকান ইকুৱেল ভোটাধিকাৰ ছ’চাইটিৰ সভাপতি আছিল।
-
এডি এল বালো
এডি লুচিয়া বালো (Addie L. Ballou; ২৯ এপ্ৰিল, ১৮৩৮ – ১০ আগষ্ট, ১৯১৬)এগৰাকী আমেৰিকান ভোটাধিকাৰী, কবি, শিল্পী, লেখক আৰু প্ৰবক্তা আছিল। বালোৱে আধ্যাত্মিকতাবাদী আন্দোলনত লেখক আৰু প্ৰবক্তা হিচাপে সক্ৰিয় অংশগ্ৰহণ কৰিছিল। তেওঁৰ সংস্কাৰ আৰু দানশীলতাৰ আগ্ৰহৰ ভিতৰত আছিল কাৰাগাৰ, দুৰ্ভগীয়া আৰু পতিত মহিলা।
-
এডেল গুডমেন ক্লাৰ্ক
এডেল গুডমেন ক্লাৰ্ক (Adele Goodman Clark; ২৭ ছেপ্টেম্বৰ, ১৮৮২ – ৪ জুন, ১৯৮৩) এগৰাকী আমেৰিকান শিল্পী আৰু ভোটাধিকাৰী আছিল।
-
এনি এলিজাবেথ ক্লাৰ্ক
এনি এলিজাবেথ ক্লাৰ্ক (Annie Elizabeth Clark; জন্ম: ১৫ জুলাই, ১৯৮৯) আমেৰিকাৰ এগৰাকী মহিলা অধিকাৰ আৰু নাগৰিক অধিকাৰ কৰ্মী। ২০১৩ চনৰ চেপেল হিলত নৰ্থ কেৰ'লিনা বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে দাখিল কৰা টাইটেল নৱম আৰু ক্লেৰী এক্টৰ অভিযোগৰ অন্যতম মুখ্য অভিযোগকাৰী হিচাপে তেওঁ দাবী কৰিছিল যে প্ৰতিষ্ঠানটোৱে যৌন…
-
এনি মৌড নৰ্টন বেটেল
এনি মৌড নৰ্টন বেটেল (Annie Maude Norton Battelle) (২৬ জানুৱাৰী, ১৮৬৫ - ২৩ মাৰ্চ, ১৯২৫) এগৰাকী ভোটাধিকাৰী আৰু লোকহিতৈষী আছিল। ১৯১৮ চনত স্বামীৰ মৃত্যুৰ পিছত ৰিপাব্লিকান দলৰ বেটেলে ৰাজনৈতিকভাৱে অতি সক্ৰিয় হৈ পৰে।
-
এবি স্কট বেকাৰ
এবি পিয়ৰ্চ স্কট বেকাৰ (Abby Scott Baker; ২৪ জুলাই, ১৮৭১ – ১৩ মে', ১৯৪৪) এগৰাকী আমেৰিকান ভোটাধিকাৰী আৰু মহিলা অধিকাৰৰ সমৰ্থক আছিল।তেওঁ নেচনেল ৱমেনছ পাৰ্টিৰ ৰাজনৈতিক অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু আমেৰিকাৰ সংবিধানৰ ঊনবিংশ সংশোধনী অনুমোদনৰ আগৰ মাহকেইটাত এন ডব্লিউ পিক সংবাদ মাধ্যমৰ চৰ্চালৈ…
-
এমিলি বেৰিংগাৰ
এমিলি ডানিং বেৰিংগাৰ (Emily Barringer; ২৭ ছেপ্টেম্বৰ, ১৮৭৬ - ৮ এপ্ৰিল, ১৯৬১) বিশ্বৰ প্ৰথম মহিলা এম্বুলেন্স চাৰ্জন আৰু অস্ত্ৰোপচাৰৰ আৱাস নিশ্চিত কৰা প্ৰথম মহিলা আছিল। নিউয়ৰ্কৰ স্কাৰছডেলত এডউইন জেমছ ডানিং আৰু ফ্ৰান্সিছ গোৰ লেংৰ ঘৰত এমিলি ডানিঙৰ জন্ম হৈছিল।
-
এলিচ কাৰ্ডোনা
এলিচ কাৰ্ডোনা ( Alice Cardona; ১৭ মাৰ্চ, ১৯৩০ – ১ নৱেম্বৰ, ২০১১) এগৰাকী কৰ্মী আৰু সম্প্ৰদায় সংগঠক আছিল৷ পুয়েৰ্টো ৰিকান পিতৃ-মাতৃৰ কন্যা নিউয়ৰ্ক চহৰত জন্মগ্ৰহণ কৰি তাতেই স্পেনিছ হাৰ্লেম চুবুৰীত তেওঁ ডাঙৰ-দীঘল হৈছিল।
-
এলিজাবেথ বাফম চেচ
এলিজাবেথ বাফম চেচ (Elizabeth Buffum Chace) (১৮০৬ চনৰ ৯ ডিচেম্বৰ – ১৮৯৯ চনৰ ১২ ডিচেম্বৰ) ১৯ শতিকাৰ মাজভাগৰ পৰা শেষলৈকে দাসত্ব বিৰোধী, নাৰীৰ অধিকাৰ আৰু কাৰাগাৰ সংস্কাৰ বিৰোধী আন্দোলনৰ এগৰাকী আমেৰিকান কৰ্মী আছিল। ২০০২ চনত তেওঁ ৰোড আইলেণ্ড হেৰিটেজ হল অৱ ফেমত অন্তৰ্ভুক্ত কৰা হয়।
-
এলিন বাৰ্নছডাল
লুইছ এলিন বাৰ্নছডাল (Aline Barnsdall) আমেৰিকাৰ এগৰাকী তেলৰ উত্তৰাধিকাৰী আছিল, যি লছ এঞ্জেলছৰ হলিহক হাউছৰ বাবে ফ্ৰেংক লয়ড ৰাইটৰ ক্লায়েণ্ট হিচাপে বেছিকৈ পৰিচিত আছিল, যিটো এতিয়া চহৰখনৰ বাৰ্নছডাল আৰ্ট পাৰ্কৰ কেন্দ্ৰবিন্দু।
-
এলিন’ৰ মেকউইলিয়ামছ চেম্বাৰলেন
এলিন'ৰ "এলা" কলিয়াৰ মেকউইলিয়ামছ চেম্বাৰলেন (Eleanor McWilliams Chamberlain)( জন্ম ছেপ্টেম্বৰ ১৮৪৮; মৃত্যু জুলাই ১৯৩৪) এগৰাকী আমেৰিকান মহিলা অধিকাৰ কৰ্মী আৰু সাংবাদিক আছিল যি ফ্ল'ৰিডাত মহিলাৰ ভোটাধিকাৰ আন্দোলন আৰম্ভ কৰাৰ কৃতিত্ব লাভ কৰে।
-
এলেন বাৰ্লিনাৰ
এলেন ডব্লিউ বাৰ্লিনাৰ Ellen Berliner (১৯২০–২০১১) এগৰাকী আমেৰিকান কৰ্মী আৰু নাৰীবাদী আছিল যি তেওঁৰ অগ্ৰণী সামাজিক ন্যায়ৰ কাম আৰু এলঝেইমাৰ ৰোগ গৱেষণাৰ পোষকতাৰ বাবে পৰিচিত হৈছিল।
-
কেথলিন বেৰী
কেথলিন বেৰী (Kathleen Barry; জন্ম: ২২ জানুৱাৰী, ১৯৪১) এগৰাকী আমেৰিকান সমাজবিজ্ঞানী আৰু নাৰীবাদী আছিল। আন্তঃৰাষ্ট্ৰীয় মানৱ যৌন সৰবৰাহৰ ওপৰত গৱেষণা আৰু কিতাপ প্ৰকাশ কৰাৰ পিছত তেওঁ ৰাষ্ট্ৰসংঘৰ এন জি অ' ক'লিচন এগেইনষ্ট ট্ৰেফিকিং ইন উইমেন (CATW)ৰ সহ-প্ৰতিষ্ঠাপক হয়।
-
কেৰী উইলিয়ামছ ক্লিফৰ্ড
কেৰী উইলিয়ামছ ক্লিফৰ্ড (Carrie Williams Clifford) আছিল এগৰাকী লেখিকা, ক্লাব মহিলা আৰু আমেৰিকাৰ মহিলা অধিকাৰ আৰু নাগৰিক অধিকাৰ আন্দোলনৰ কৰ্মী।
-
কৰডেল ক্লিয়েৰ
কৰডেল ক্লিয়েৰ (Cordell Cleare; জন্ম:-৫ ডিচেম্বৰ, ১৯৬৫) নিউয়ৰ্ক চহৰৰ হাৰ্লেমৰ এগৰাকী আমেৰিকান কৰ্মী আৰু ৰাজনীতিবিদ। ডেম'ক্ৰেটিক পাৰ্টিৰ সদস্য হিচাপে তেওঁ ১৯৯০ চনৰ শেষৰ ফালৰ পৰা হাৰ্লেমত ৰাজনৈতিকভাৱে সক্ৰিয় হৈ আছিল আৰু বৰ্তমান নিউয়ৰ্কৰ ৩০ সংখ্যক ৰাজ্যিক চেনেট জিলাৰ ৰাজ্যিক চিনেটৰ।
-
গ্লেডিছ বেকউইথ
গ্লেডিছ এলয়ছ বেকউইথ (Gladys Eloise Beckwith; ১৯২৯ – ৮ ডিচেম্বৰ, ২০২০) এগৰাকী আমেৰিকান শৈক্ষিক আৰু মহিলা অধিকাৰ কৰ্মী আছিল। তেওঁ মিচিগান ৱমেনছ ষ্টাডিজ এছ’চিয়েশ্যনৰ সহ-প্ৰতিষ্ঠাপক আৰু মিচিগান ৱমেনছ হল অৱ ফেমৰ প্ৰতিষ্ঠাপক আছিল।
-
ছান্দ্ৰা কাৰ্পেণ্টাৰ
ছান্দ্ৰা কাৰ্পেণ্টাৰ (Sandra Carpenter, ১৯৩৪–২০০৩) আছিল এগৰাকী আমেৰিকান কৰ্পৰেট কাৰ্যবাহী, অভিযন্তা আৰু তথ্য প্ৰযুক্তিৰ পেছাদাৰী। ১৯৮০ চনৰ সময়ছোৱাত কাৰ্পেণ্টাৰে হিল্টন হোটেলত তথ্য ব্যৱস্থাপনা ব্যৱস্থাৰ কৰ্পৰেট উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
জান বেনডৰ
জান বেনডৰ (জন্ম ১৯৪৬)(Jan BenDor) আমেৰিকাৰ মিচিগানৰ এন আৰ্বাৰ অঞ্চলত বাস কৰা এগৰাকী মহিলা অধিকাৰ কৰ্মী। "মিচিগানৰ ধৰ্ষণ সংকট কেন্দ্ৰ আন্দোলনৰ প্ৰতিষ্ঠাপক মাতৃ" হিচাপে পৰিচিত বেনডৰক ১৯৯১ চনত মিচিগান মহিলাৰ 'হল অৱ ফেম'ত অন্তৰ্ভুক্ত কৰা হয়।
-
জুডি বাৰী
জুডিথ বিয়েট্ৰিছ বাৰী (Judith Beatrice Bari; ৭ নৱেম্বৰ, ১৯৪৯ – ২ মাৰ্চ, ১৯৯৭)এগৰাকী আমেৰিকান পৰিৱেশবিদ, নাৰীবাদী আৰু শ্ৰমিক নেত্ৰী আছিল যি মূলতঃ উত্তৰ কেলিফৰ্ণিয়াত সক্ৰিয় আছিল।
-
জেকলিন চেবালছ
জেকলিন "জেকি" মিচোট চেবালছ (জন্ম ৮ ছেপ্টেম্বৰ, ১৯২৫) এগৰাকী আমেৰিকান নাৰীবাদী আৰু সমাজ কৰ্মী। চেবালছ নেচনেল অৰ্গেনাইজেচন ফৰ উইমেনৰ নিউয়ৰ্ক চেপ্টাৰৰ প্ৰাক্তন সভানেত্ৰী আৰু দ্বিতীয় ঢৌৰ নাৰীবাদ আৰু অগ্ৰণী নাৰীবাদীসকলৰ ইতিহাসৰ নথিভুক্ত কৰা ভেটেৰান ফেমিনিষ্টছ অৱ আমেৰিকা সংগঠনৰ প্ৰতিষ্ঠাপক।
-
জেনিফাৰ বেটছ
জেনিফাৰ বেটছ (জন্ম-১৯৭২ বা ১৯৭৩) এগৰাকী আমেৰিকীয় শ্ৰমিক সংগঠক যি বেচেমাৰ আলাবামাৰ আমাজন শ্ৰমিক সংগঠনৰ ভূমিকাৰ বাবে পৰিচিত।
-
জোচেফিন কেছি
জোচেফিন কেছি (Josephine Casey; ১ জানুৱাৰী ১৮৭৮(?) – ২৭ জানুৱাৰী ১৯৫০) এগৰাকী শ্ৰমিক সংগঠক আৰু নেত্ৰী আছিল, আৰু এগৰাকী মহিলা অধিকাৰৰ সমৰ্থক আছিল।
-
টেনেচি ক্লাফলিন
টেনেচি চেলেষ্ট ক্লাফলিন, মণ্টচেৰাটৰ ভিছকাউণ্টেছ (Tennessee Celeste Claflin, Viscountess of Montserrat (২৬ অক্টোবৰ, ১৮৪৪ – ১৮ জানুৱাৰী, ১৯২৩), টেনি চি নামেৰেও পৰিচিত৷ তেওঁ এগৰাকী আমেৰিকান ভোটাধিকাৰী আছিল আৰু তেওঁৰ ভগ্নী ভিক্টোৰিয়া উডহালৰ সৈতে ৱাল ষ্ট্ৰীটত দালালি সংস্থা মুকলি কৰা প্ৰথমগৰাকী মহিলা…
-
ডলৰেছ চাভেজ ডি আৰ্মিজো
ড'ল'ৰেছ এলিজাবেথ "লোলা" চাভেজ ডি আৰ্মিজো (Dolores Chávez de Armijo(ইংৰাজী: ১৮৫৮ চনত নিউ মেক্সিকোৰ আলবাকুৱেৰকত জন্মগ্ৰহণ কৰা, ১৯২৯ চনত নিউ মেক্সিকোৰ চান্টা ফেত মৃত্যু) নিউ মেক্সিকোৰ এগৰাকী ৰাজ্যিক পুথিভঁড়ালী আছিল।
-
ডলৰেছ বাৰ্গ’স্কি
ডলৰেছ বাৰ্গ'স্কি (Dolores Bargowski(১৯৪৩–২০০৮) দ্বিতীয় ঢৌৰ নাৰীবাদৰ প্ৰথম বছৰবোৰত সক্ৰিয় হৈ থকা এগৰাকী আমেৰিকান নাৰীবাদী আৰু লেছবিয়ান কৰ্মী আছিল।
-
ডিনা বাকষ্ট
ডিনা বাকষ্ট (Dina Bakst) এগৰাকী আমেৰিকান অধিবক্তা আৰু শ্ৰমিকৰ অধিকাৰৰ সমৰ্থক। তেখেত এ বেটাৰ বেলেন্স নামৰ এটা ৰাষ্ট্ৰীয় অ-লাভজনক সংস্থাৰ সহ-প্ৰতিষ্ঠাপক আৰু সহ-সভানেত্ৰী; যি শ্ৰমৰ বিষয়সমূহৰ ওপৰত আইনগত পোষকতা আৰু শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে; যিবোৰৰ ভিতৰত বিশেষকৈ গৰ্ভাৱস্থাৰ বৈষম্য, অসুস্থতাৰ ছুটী,…