গ্লেডিছ এলয়ছ বেকউইথ (Gladys Eloise Beckwith; ১৯২৯ – ৮ ডিচেম্বৰ, ২০২০) এগৰাকী আমেৰিকান শৈক্ষিক আৰু মহিলা অধিকাৰ কৰ্মী আছিল। তেওঁ মিচিগান ৱমেনছ ষ্টাডিজ এছ’চিয়েশ্যনৰ সহ-প্ৰতিষ্ঠাপক আৰু মিচিগান ৱমেনছ হল অৱ ফেমৰ প্ৰতিষ্ঠাপক আছিল। বেকৱিথ আমেৰিকাৰ মহিলা অধ্যয়নৰ প্ৰথম অধ্যাপিকাসকলৰ ভিতৰত তেওঁ অন্যতম আছিল৷ তেওঁ মিচিগান ষ্টেট ইউনিভাৰ্চিটিত অধ্যাপনা কৰিছিল। শিক্ষা আৰু মহিলা অধিকাৰৰ ক্ষেত্ৰত তেওঁৰ সাফল্যৰ বাবে ২০১২ চনত মিচিগান মহিলা হল অৱ ফেমত অন্তৰ্ভুক্ত কৰা হয়।১
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯২৯ চনত মিচিগানৰ ফ্লিণ্টত বেকউইথে জন্মগ্ৰহণ কৰিছিল৷ তেওঁ বি.এ. আৰু ইংৰাজীত এম.এ. ডিগ্ৰী আছিল৷ তেওঁ মিচিগান ষ্টেট ইউনিভাৰ্চিটিৰ পৰা শিক্ষাত পি.এইচ.ডি. লাভ কৰে। ইয়াৰ পিছত এম এছ ইউয়ে ১৯৬৭ চনত তেওঁক আমেৰিকান থ’ট এণ্ড লেংগুৱেজ বিভাগত (বৰ্তমান কলেজ অৱ আৰ্টছ এণ্ড লেটাৰছৰ লেখা, অলংকাৰিকতা আৰু আমেৰিকান সংস্কৃতি বিভাগ) অধ্যাপনা কৰিবলৈ নিযুক্তি দিয়ে। ৩২ বছৰৰ পিছত ১৯৯৯ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে।২
মিছিগান ৰাজ্যিক বিশ্ববিদ্যালয় নাৰী অধ্যয়ন
১৯৭০ চনৰ আৰম্ভণিতে তেওঁ এম এছ ইউৰ বাবে লবী কৰিছিল আৰু আন কেইবাজনো এম এছ ইউৰ অধ্যাপকৰ সৈতে আমেৰিকাৰ মহিলাসকলক কেন্দ্ৰ কৰি এম এছ ইউত মহিলা অধ্যয়নৰ শাখাটো স্থাপন কৰিছিল। এই কাৰ্যসূচীৰ প্ৰথম পাঠ্যক্ৰমসমূহৰ ভিতৰত এটাৰ নাম আছিল "আমেৰিকাত মহিলা"; যাৰ দ্বাৰা চুজান বি এন্থনী আৰু এলিজাবেথ কেডি ষ্টেণ্টনৰ দৰে ৰাষ্ট্ৰীয় ব্যক্তিসকলৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।৩
তথ্যসূত্ৰ
- ↑ Michigan Women's Hall of Fame: Gladys Beckwith. Michigan Women's Hall of Fame
- ↑ Cain, Charlie. (2005-05-29). Gladys Beckwith - Educator gives Michigan women - past and present - their historic due. Detroit News
- ↑ Majher, Patricia. (2010). Gladys Beckwith. Michigan History Magazine. পৃ. 10
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গ্লেডিছ বেকউইথ” প্ৰবন্ধৰ সংশোধন ৪৯৫৭৪৮ (২২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।