অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

জান বেনডৰ

জান বেনডৰ (জন্ম ১৯৪৬)(Jan BenDor) আমেৰিকাৰ মিচিগানৰ এন আৰ্বাৰ অঞ্চলত বাস কৰা এগৰাকী মহিলা অধিকাৰ কৰ্মী। "মিচিগানৰ ধৰ্ষণ সংকট কেন্দ্ৰ আন্দোলনৰ প্ৰতিষ্ঠাপক মাতৃ" হিচাপে পৰিচিত বেনডৰক ১৯৯১ চনত মিচিগান মহিলাৰ 'হল অৱ ফেম'ত অন্তৰ্ভুক্ত কৰা হয়।

হালনাগাদ: ১৮ মাৰ্চ ২০২৫ ২৩২ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

জান বেনডৰ (জন্ম ১৯৪৬)(Jan BenDor) আমেৰিকাৰ মিচিগানৰ এন আৰ্বাৰ অঞ্চলত বাস কৰা এগৰাকী মহিলা অধিকাৰ কৰ্মী। "মিচিগানৰ ধৰ্ষণ সংকট কেন্দ্ৰ আন্দোলনৰ প্ৰতিষ্ঠাপক মাতৃ" হিচাপে পৰিচিত বেনডৰক ১৯৯১ চনত মিচিগান মহিলাৰ 'হল অৱ ফেম'ত অন্তৰ্ভুক্ত কৰা হয়।১

প্ৰাৰম্ভিক জীৱন

১৯৪৬ চনত জন্মগ্ৰহণ কৰা বেনডৰে মিচিগান বিশ্ববিদ্যালয়ৰ পৰা সামাজিক কামত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ তেওঁ বৰ্তমান মিচিগান বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানৰ ডক্টৰেট ডিগ্ৰী প্ৰগ্ৰেমত এবিডি।২

মহিলা সংকট কেন্দ্ৰ

বেনড’ৰ এন আৰ্বাৰৰ মহিলা সংকট কেন্দ্ৰত সক্ৰিয় আছিল। এই কেন্দ্ৰটো আছিল সমাজৰ মহিলাসকলৰ বাবে আৰু তেওঁলোকৰ দ্বাৰা পৰিচালিত এক অলাভজনক ফোন কাউন্সেলিং সেৱা। মহিলাসকলৰ যিকোনো সমস্যাৰ বাবে টেলিফোন সহায়ৰ উপৰিও, কেন্দ্ৰটোত সম্প্ৰদায়ৰ সম্পদ, অনুষ্ঠান, আৰু সহায়ক গোটৰ বিষয়ে তথ্য আছিল। বেনডৰে সংকট কেন্দ্ৰৰ সৈতে জড়িত দুটা পৰিচিত প্ৰকাশনত অৰিহণা যোগাইছিল। ফ্ৰিডম ফ্ৰম ৰেপ হৈছে এলেকাৰ ধৰ্ষণৰ পৰিসংখ্যা, ধৰ্ষণজনিত মিথ্যা, সম্প্ৰদায় আৰু আইন প্ৰয়োগকাৰীয়ে ধৰ্ষণৰ সংস্কৃতিক কেনেদৰে প্ৰভাৱিত কৰে সেই বিষয়ে তথ্য থকা এখন 'আণ্ডাৰগ্ৰাউণ্ড' কাকত।৩ মহিলা সংকট-সেৱা কেন্দ্ৰ কেনেকৈ সংগঠিত কৰিব পাৰি (How to Organize a Women's Crisis-Service Center) হৈছে এন আৰ্বাৰৰ মহিলা সংকট কেন্দ্ৰৰ বৰ্ণনা আৰু কেন্দ্ৰ গঢ়ি তোলাৰ ধাৰণা সম্পৰ্কে শিকোৱা এখন গাইড।৪৫

মিছিগান ধৰ্ষণ-বিৰোধী নাৰী কৰ্ম বাহিনী

১৯৭০ চনৰ আৰম্ভণিতে বেনডৰে যৌন নিৰ্যাতনৰ সৈতে জড়িত মিচিগান ৰাজ্যৰ আইন সলনি কৰাৰ বাবে ধৰ্ষণ বিৰোধী আন্দোলনৰ অংশ হিচাপে কাম কৰিছিল। ১৯৭৩ চনত স্থাপিত মিচিগান উইমেনছ টাস্ক ফ'ৰ্চ অন ৰেপৰ মূল লক্ষ্য আছিল ধৰ্ষণৰ অপৰাধক "ডি-চেক্সুৱেলাইজ" কৰা আৰু প্ৰমাণৰ বোজা ভুক্তভোগীৰ পৰা অভিযুক্তলৈ লৈ যোৱা।৬ মিচিগানৰ অপৰাধমূলক যৌন আচৰণ বিধি (ৰাজহুৱা আইন নং ২৬৬) ১৯৭৪ চনৰ ১২ আগষ্টত অনুমোদিত হয় আৰু ১৯৭৫ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হয়।

তথ্যসূত্ৰ

  1. ↑ [http://hall.michiganwomen.org/honoree.php?C=19&A=253~20~114~96~172~79~2~62~238~113~263~271~46~280~80~272~3~152~167~74~138~63~92~196~4~242~32~84~48~229~153~231~192~41~129~82~69~109~42~254~93~97~56~175~281~103~273~13~249~260~207~21~126~104~230~5~288~98~131~27~53~38~195~282~139~239~219~106~57~22~147~58~274~107~127~6~255~173~144~286~85~17~148~250~47~261~208~228~49~221~251~43~205~135~168~256~181~33~115~232~176~23~14~75~169~130~162~44~198~204~99~7~118~119~8~136~275~222~50~227~15~157~65~150~108~24~154~170~163~76~9~209~283~110~140~70~264~276~59~51~155~265~16~158~156~241~60~182~191~257~116~190~28~164~243~125~160~197~279~86~270~193~223~29~266~134~39~159~111~61~177~132~87~52~199~54~35~210~211~64~112~200~183~165~277~245~284~258~100~10~122~71~267~262~240~77~94~120~11~259~36~25~244~224~151~178~55~287~88~45~184~128~72~246~78~171~268~233~121~141~180~206~189~269~73~235~123~83~89~145~18~66~26~237~30~212~
  2. ↑ Antracoli, Alexis A. (October 2010). Michigan Historical Collections, Bentley Historical Library, University of Michigan:Finding aid for Jan BenDor papers, 1974-2005. Bentley Historical Library
  3. ↑ Catherine McClary; Lynn Zimmerman; Kaaren Klingel. (1974). Freedom From Rape. Women's Crisis Center of Ann Arbor
  4. ↑ Catherine McClary; Leslie Horst; Margaret Kahn. (1974). How to Organize a Women's Crisis-Service Center. Women's Crisis Center
  5. ↑ Jan BenDor papers. Bentley Historical Society
  6. ↑ Martini, Audrey Z.; Micahel C. Ziolkowski. (1977). Understanding Michigan's Criminal Sexual Conduct Statute. পৃ. 1

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাৰী অধিকাৰ কৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জান বেনডৰ” প্ৰবন্ধৰ সংশোধন ৪৯৩৪৭৩ (১৮ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।