টেনেচি চেলেষ্ট ক্লাফলিন, মণ্টচেৰাটৰ ভিছকাউণ্টেছ (Tennessee Celeste Claflin, Viscountess of Montserrat (২৬ অক্টোবৰ, ১৮৪৪ – ১৮ জানুৱাৰী, ১৯২৩), টেনি চি নামেৰেও পৰিচিত৷ তেওঁ এগৰাকী আমেৰিকান ভোটাধিকাৰী আছিল আৰু তেওঁৰ ভগ্নী ভিক্টোৰিয়া উডহালৰ সৈতে ৱাল ষ্ট্ৰীটত দালালি সংস্থা মুকলি কৰা প্ৰথমগৰাকী মহিলা হিচাপে বেছি পৰিচিত আছিল৷১২৩
জীৱন
টেনেচি ক্লাফলিনৰ জন্ম তাৰিখৰ সঠিক তথ্য স্পষ্ট নহয় যদিও সাধাৰণতে তেওঁৰ জন্ম ১৮৪৩ চনৰ পৰা ১৮৪৬ চনৰ ভিতৰত হোৱা বুলি কোৱা হয়। জীৱনীকাৰ মাইৰ্না মেকফাৰ্চনে ক্লাফলিনৰ জন্ম তাৰিখ ১৮৪৫ চনৰ ২৬ অক্টোবৰ বুলি উল্লেখ কৰিছে৪আনহাতে সাংবাদিক বাৰ্বাৰা গোল্ডস্মিথে ১৮৪৬ চনত জন্ম হৈছে বুলি উল্লেখ কৰিছে।৫
১৮৭১ চনত ভগ্নীদ্বয়ে পৌৰসভাৰ নিৰ্বাচনত ভোট দিবলৈ চেষ্টা কৰে আৰু নাকচ কৰা হয়।৬
১৮৭১ চনৰ ১১ আগষ্টত টেনেচি ক্লাফলিনে নিউয়ৰ্কৰ অষ্টম কংগ্ৰেছ জিলাৰ বাবে প্ৰাৰ্থীত্ব ঘোষণা কৰে। সেই সময়ত অষ্টম কংগ্ৰেছৰ জিলাখন বহুলাংশে জাৰ্মান-আমেৰিকান আছিল। জাৰ্মান আৰু আমেৰিকাৰ পতাকাৰে আগুৰি থকা আৰভিং প্লাজাত ক্লাফলিনে প্ৰাৰ্থীত্ব ঘোষণা কৰে। তেওঁ জাৰ্মান ভাষাত ভাষণ দিছিল।২৭
১৮৭২ চনৰ ১০ মে'ত নৱগঠিত ইকুৱেল ৰাইটছ পাৰ্টিয়ে উডহালক আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত কৰে।৩৮ফ্ৰেডেৰিক ডগলাছক উপ-ৰাষ্ট্ৰপতি হিচাপে মনোনীত কৰা হয় যদিও তেওঁ মনোনয়নক আওকাণ কৰি ইয়াৰ পৰিৱৰ্তে ইউলিছিছ এছ গ্ৰাণ্টৰ হৈ সক্ৰিয়ভাৱে প্ৰচাৰ চলায়।৯
তথ্যসূত্ৰ
- ↑ Greenspan, Jesse. (23 September 2013). 9 Things You Should Know About Victoria Woodhull. History.com. A&E Television Networks, LLC
- ↑ Gabriel, Mary. (1998-01-01). Notorious Victoria: The Life of Victoria Woodhull, Uncensored. Algonquin Books. পৃ. 52. ISBN 9781565121324
- ↑ Kennedy, Robert C. On This Day: March 5, 1870. The New York Times
- ↑ MacPherson, Myra. (2014-03-04). The Scarlet Sisters: Sex, Suffrage, and Scandal in the Gilded Age. Grand Central Publishing. ISBN 9781455547708
- ↑ Goldsmith, Barbara. (2011-08-17). Other Powers: The Age of Suffrage, Spiritualism, and the Scandalous Victoria Woodhull. Knopf Doubleday Publishing Group. ISBN 9780307800350
- ↑ (2015-08-17). 1872 One Hundred And Twenty-five Years Ago. www.americanheritage.com
- ↑ Cook, Lady Tennessee Claflin. (1890-01-01). The Human Body the Temple of God: Or, The Philosophy of Sociology. [V. Woodhull] 17, Hyde Park Gate, S.W. পৃ. 331
- ↑ Scutts, Joanna. (2014-03-07). 'The Scarlet Sisters: Sex, Suffrage and Scandal in Gilded Age' by Myra MacPherson. The Washington Post
- ↑ (2014-09-02). Victoria and Tennessee Claflin, the sisters' tale continues….. MCNY Blog: New York Stories
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টেনেচি ক্লাফলিন” প্ৰবন্ধৰ সংশোধন ৪৯২৩১৩ (১৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।